সমললৈ যাওক

কপিল বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কপিল বৰা

কপিল বৰা এইড্‌ছ সজাগতামূলক এক ভাষ্য ৰেকৰ্ডিঙত গুৱাহাটীত
জন্ম ৩০ মাৰ্চ
গুৱাহাটী, অসম, ভাৰত
অন্য নাম "কিকু"
পেচা অভিনেতা, ভাষ্য শিল্পী
সক্ৰিয় হৈ থকা সময় ২০০২ - বৰ্তমান

কপিল বৰা (ইংৰাজী: Kopil Bora) অসমৰ এগৰাকী মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা আৰু আকাশবাণীৰ ভাষ্য শিল্পী। তেওঁ অভিনয় জীৱনৰ আৰম্ভ কৰে বিদ্যুৎ চক্ৰৱৰ্তীৰ অসমীয়া চলচ্চিত্ৰ 'গুণ গুণ গানে গানে' ৰ (২০০২) জৰিয়তে।

তেওঁ গুৱাহাটীৰ ডন বস্ক' বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি কটন মহাবিদ্যালয়ৰ পৰা কলেজীয়া শিক্ষা সমাপ্ত কৰে। তেওঁ গুৱাহাটীৰ হেঙেৰাবাৰীত ভাতৃ আৰু পিতৃ-মাতৃৰ সৈতে বসবাস কৰে।[1]

অভিনয় জীৱন

[সম্পাদনা কৰক]

চলচ্চিত্ৰ

[সম্পাদনা কৰক]

কপিল বৰাই বহু সংখ্যক অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ বিদ্যুৎ চক্ৰৱৰ্তীৰ সফল ছবি গুণ গুণ গানে গানে ৰ (২০০২) জৰিয়তে চলচ্চিত্ৰ জগতত খোজ দিয়ে। সেই বছৰেই তেওঁৰ অন্য এখন চলচ্চিত্ৰ বাণী দাস পৰিচালিত মন মুক্তি লাভ কৰে। ইয়াৰোপৰি তেওঁৰ উল্লেখযোগ্য অন্যান্য চলচ্চিত্ৰ সমূহ হৈছে বিধাতা (২০০৩), অস্তৰাগ (২০০৫), অহিৰ ভৈৰৱ (২০০৭), কাদম্বৰী (২০০৮), জীৱন বাটৰ লগৰী (২০০৯), জেতুকা পাতৰ দৰে (২০১১), দুৱাৰ (২০১৩), ৰাগ - দ্য ৰিদম অৱ লাভ (২০১৪), অজেয় (২০১৪) ইত্যাদি। দুৱাৰ ত কৰা সুন্দৰ অভিনয়ৰ বাবে তেওঁ সমালোচকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
ছবি মুক্তিৰ চন পৰিচালক
গুণ গুণ গানে গানে২০০২বিদ্যুৎ চক্ৰৱৰ্তী
মন২০০২বাণী দাস
বিধাতা২০০৩মুনিন বৰুৱা
বুকুৱে বিচাৰে২০০৪দিপাংকৰ কাশ্যপ
অস্তৰাগ২০০৫শিৱ প্ৰসাদ ঠাকুৰ
অহিৰ ভৈৰৱ২০০৭শিৱ প্ৰসাদ ঠাকুৰ
কাদম্বৰী২০০৮বাণী দাস
জীৱন বাটৰ লগৰী২০০৯তিমথী দাস হাঞ্চে
জেতুকা পাতৰ দৰে২০১১যদুমণি দত্ত
দুৱাৰ২০১৩বিদ্যুৎ চক্ৰৱৰ্তী
অজেয়২০১৪জাহ্নু বৰুৱা
ৰাগ - দ্য ৰিদম অৱ লাভ২০১৪ৰজনী বসুমতাৰী
মৰীচিকা২০১৫নিপন ধলুৱা
কথানদী২০১৬ভাস্কৰ হাজৰিকা

মঞ্চ নাটক আৰু টেলিভিজন

[সম্পাদনা কৰক]

তেওঁ মঞ্চ নাটকৰ লগতো জড়িত। তেওঁৰ এখন উল্লেখযোগ্য নাট হৈছে জেৰিফা ৱাহিদৰ সৈতে অভিনীত 'নৰকৰ গোপন কক্ষত'। এই নাটখন ৰবীন্দ্ৰ ভৱনত প্ৰদৰ্শিত হৈছিল। সৰু পৰ্দাতো কপিল বৰাই দুই এখন ধাৰাবাহিকত অভিনয় কৰিছে। তাৰ ভিতৰত গুৱাহাটী দূৰদৰ্শনত প্ৰদৰ্শিত সঞ্জীৱ হাজৰিকাৰ দ্বাৰাৰ পৰিচালিত হিন্দী ধাৰাবাহিক 'মানুষী' আৰু নিউজ লাইভত প্ৰদৰ্শিত অসমীয়া ধাৰাবাহিক 'নিয়ৰৰ ফুল' উল্লেখযোগ্য।

ভ্ৰাম্যমাণ থিয়েটাৰ

[সম্পাদনা কৰক]

তেওঁ ভ্ৰাম্যমাণৰ মঞ্চলৈ আহে আশীৰ্বাদ থিয়েটাৰৰ যোগেদি। তাৰ পিছত তেওঁ ৰাজমহল থিয়েটাৰটো অভিনয় কৰে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Kapil Bora". Rupaliparda.com. Retrieved June 8, 2013.