সমললৈ যাওক

বিধাতা (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিধাতা

বিধাতাৰ পোষ্টাৰ
পৰিচালক মুনীন বৰুৱা
ৰচনা মুনীন বৰুৱা
চিত্ৰনাট্য মুনীন বৰুৱা
কাহিনী মুনীন বৰুৱা
প্ৰযোজক চি এছ নাৰায়ণ,
স্বৰাজ দাস (বাবা)
অভিনয়ত যতীন বৰা
বিষ্ণু খাৰঘৰীয়া
বৰষাৰাণী বিষয়া
চিত্ৰগ্ৰহণকাৰী সুমন দুৱৰা
সম্পাদনা এ শ্ৰীকৰ প্ৰসাদ
সংগীত পৰিচালক জুবিন গাৰ্গ
পৰিবেশক সংগম পিকচাৰ্ছ
মুক্তি
২৮ মাৰ্চ, ২০০৩
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

বিধাতা (ইংৰাজী: Bidhata) ২০০৩ চনত মুক্তিপ্ৰাপ্ত মুনীন বৰুৱা পৰিচালিত এখন অসমীয়া ৰঙীন ড্ৰামা চলচ্চিত্ৰ। সংগম পিকচাৰ্ছ (প্ৰডাকচনছ্)ৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে চি এছ নাৰায়ণ আৰু স্বৰাজ দাসে। সংগীত পৰিচালনা জুবিন গাৰ্গৰ। মূল চৰিত্ৰত অভিনয় কৰিছে যতীন বৰা, বিষ্ণু খাৰঘৰীয়া, মৃদুলা বৰুৱা আৰু বৰষা ৰাণী বিষয়াই।[1][2]

'বিধাতা'ৰ কাহিনীত ১৯৭১ চনত মুক্তিপ্ৰাপ্ত হৃষিকেষ মুখাৰ্জী পৰিচালিত হিন্দী ছবি আনন্দৰ প্ৰভাৱ পৰিছে।

কাহিনীৰ সাৰাংশ

[সম্পাদনা কৰক]

ৰুদ্ৰপ্ৰসাদ বৰুৱা বাহিৰত কঠোৰ, কিন্তু ভিতৰত কোমল প্ৰকৃতিৰ লোক। অতীতৰ বংশগৌৰৱক লৈ তেওঁ অতি সচেতন। ঘৰৰ কোনোৱে তেওঁৰ মতৰ বিৰুদ্ধে যাব নোৱাৰে। তুলনামূলকভাবে বংশ মৰ্যাদাত অলপ তলখাপৰ ছোৱালী বিয়া কৰোঁৱাৰ বাবে ভায়েক হেমন্ত ঘৰৰ পৰা ওলাই গৈ ভাৰঘৰত থাকিবলগীয়া হ’ল। তেনেকৈ বৰপুত্ৰ জয়ন্তয়ো প্ৰতিমাক বিয়া কৰোঁৱাত বৰুৱা বাধা হৈ থিয় দিলে।

এনেতে ঘৰখনত আহি উপস্থিত হ’ল বিজু। বিজু ৰুদ্ৰপ্ৰসাদ আৰু হেমন্তৰ ভাগিনীয়েক। বাহিৰত সি চিনেমাৰ কোৰ্চ এটা কৰিবলৈ গৈছিল। যথেষ্ঠ ৰঙিয়াল, হৈ-হুলস্থুল কৰি ভাল পোৱা ল’ৰা। তাৰ মাক সৰুতে মৰাত মোমায়েক-মামীয়েকৰ মৰম স্নেহতে ডাঙৰ-দীঘল হৈছে। সি আহিয়ে কঠোৰ প্ৰকৃতিৰ মোমায়েকক সৈমান কৰাই জয়ন্তলৈ প্ৰতিমাক বিয়া কৰোৱাই অনালে। সৰু মোমায়েক হেমন্তক ভাৰাঘৰৰ পৰা মূল ঘৰলৈ লৈ আনিবলৈ ৰুদ্ৰপ্ৰসাদ বৰুৱাক বাধ্য কৰালে। বৰুৱাৰ সৰু পুত্ৰ দিগন্তকো ড্ৰাগছ মাফিয়াৰ কবলৰ পৰা কৌশলেৰে বচাই আনিলে।

ঘৰখনত এটা সুখ-শান্তিৰ পৰিৱেশ বিৰাজ কৰাৰ সময়তে ঘৰৰ মানুহবোৰে গম পালে যে বিজু দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত। এই পৃথিৱীত মাত্ৰ কেইদিনমানৰ আলহী। নিজৰ ৰোগৰ বিষয়ে জানিও বিজুয়ে কাকো কষ্ট নিদিয়াৰ উদ্দেশ্যে ৰোগৰ কথা সংগোপনে ৰাখি ঘৰৰ পৰা আঁতৰত জীৱনৰ শেষ দিনকেইটা কটোৱাৰ পৰিকল্পনা কৰিছিল। এদিন বিজুৰ মৃত্যু হ’ল যদিও তেওঁ জীয়াই থাকিল তেওঁৰ ঘনিষ্ঠসকলৰ অন্তৰত।[2]

অভিনয় শিল্পী

[সম্পাদনা কৰক]

কলা-কুশলী

[সম্পাদনা কৰক]
(তথ্যছকত নথকা)
  • ৰুপসজ্জা- যোগেন দাস
  • সাজ-সজ্জা-মঞ্জুলা বৰুৱা
  • কলা নিৰ্দেশনা- মঞ্জুলা বৰুৱা
  • শব্দ- যতীন শৰ্মা
  • মুখ্য সহকাৰী পৰিচালক- ৰাজেশ ভূঞা[2]

বোলছবিখনৰ সংগীত পৰিচালনা জুবিন গাৰ্গৰ । গীত লিখিছিল জুবিন গাৰ্গ, মানস ৰবীন আৰু দিগন্ত ভাৰতীয়ে । কণ্ঠ নিগৰাইছিল জুবিন গাৰ্গ, শাশ্বতী ফুকন, পৰিণীতা আৰু সৌৰিণে ।[3][4]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "আঁতৰি আঁতৰি নৰ'বা"  জুবিন গাৰ্গজুবিন গাৰ্গ, শাশ্বতী ফুকন  
2. "ধুনীয়া ধুনীয়া"  মানস ৰবীনজুবিন গাৰ্গ, শাশ্বতী ফুকন  
3. "যা² যা² আঁতৰি যা"  দিগন্ত ভাৰতীজুবিন গাৰ্গ  
4. "মামা অ’ মামী অ’"  মানস ৰবীনজুবিন গাৰ্গ, সৌৰিণ  
5. "তেতেৰা তেতেৰা টেঙা"  দিগন্ত ভাৰতীজুবিন গাৰ্গ  
6. "শ্যাম কানু"  পৰম্পৰাগতশাশ্বতী ফুকন, পৰিণীতা বৰঠাকুৰ  
7. "আলফুলে সাবতি"  জুবিন গাৰ্গজুবিন গাৰ্গ  

তথ্যউৎস

[সম্পাদনা কৰক]
  1. "Released Assamese Feature Films". enajori.com. Archived from the original on 16 September 2016. https://web.archive.org/web/20160916232427/http://www.enajori.com/?page_id=589 আহৰণ কৰা হৈছে: 2 November 2021.
  2. 1 2 3 4 "Full Movie Bidhata Part-I". youtube.com. https://www.youtube.com/watch?v=0BQGYB0JsuI&t=184s আহৰণ কৰা হৈছে: 3 November 2021.
  3. "Songs From Bidhata". geetsankalan.com. https://geetsankalan.com/albums/Bidhata আহৰণ কৰা হৈছে: 2 November 2021.
  4. "Bidhata Assamese Movie Songs". youtube.com. https://www.youtube.com/watch?v=Ptr63b0CdoU আহৰণ কৰা হৈছে: 2 November 2021.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]