সমললৈ যাওক

পৰিণীতা বৰঠাকুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পৰিণীতা বৰঠাকুৰ
জন্ম ১৯৮৭
বংশদ্ভূত ভাৰতীয়
পেচা অভিনেত্ৰী, গায়িকা
ধৰ্ম হিন্দু

পৰিণীতা বৰঠাকুৰ (জন্ম- ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা।[1] অসমীয়া আৰু হিন্দী ভাষাৰ বহুকেইখন চলচ্চিত্ৰ, দূৰদৰ্শন ধাৰাবাহিকত অভিনয় কৰা পৰিণীতাই কেইবাখনো অসমীয়া চলচ্চিত্ৰ আৰু এলবামৰ গীতত কণ্ঠদান কৰিছে।

জন্ম আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৮৭ চনত অসমত জন্মলাভ কৰা পৰিণীতাই কেন্দ্ৰীয় বিদ্যালয়, দুলিয়াজানৰ পৰা স্কুলীয়া শিক্ষা লাভ কৰি কটন কলেজত অধ্যয়ন কৰে। মুম্বাইছ'ফিয়া কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি তেওঁ মুম্বাই বিশ্ববিদ্যালয়ৰপৰা দৰ্শনশাস্ত্ৰত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[1]

কেৰিয়াৰ

[সম্পাদনা কৰক]

নৱজীৱন নামৰ টেলিফিল্মত অভিনয় কৰি পৰিণীতাই নিজৰ অভিনয় কেৰিয়াৰৰ সূচনা কৰে। প্ৰথম বোলছবি হিচাপে ২০০১ চনত মুনিন বৰুৱা পৰিচালিত নায়ক চলচ্চিত্ৰত তেওঁ অভিনয় কৰে। ইয়াৰ পাছত তেওঁ বাৰুদ (২০০৪), বৰলাৰ সংসাৰ, জীৱন বাটৰ লগৰী (২০০৯), পলে পলে উৰে মন (২০১১) আৰু গানে কি আনে (২০১৬) বোলছবিত অভিনয় কৰে। ইয়াৰ উপৰিও তেওঁ হিন্দী চলচ্চিত্ৰ চল' দিল্লী (২০১১), চাচ বহু ঔৰ চেনচেক্স (২০১১), হৰ পল (মুক্তি হোৱা নাই), কোৰবান (২০০৯) আদিত অভিনয় কৰাৰ সুযোগ পায়। অভিনয়ৰ লগতে পৰিণীতাই নিজৰ সংগীতৰ কেৰিয়াৰো আগবঢ়াই লৈ যায় আৰু দুই-এখন অসমীয়া চলচ্চিত্ৰত গীত গোৱাৰ লগতে তেওঁ পৰিণীতা শীৰ্ষক নিজৰ এক এলবাম উলিয়ায়।[1]

অভিনীত চলচ্চিত্ৰ

[সম্পাদনা কৰক]
চলচ্চিত্ৰবৰ্ষপৰিচালকভাষা
নায়ক২০০১মুনিন বৰুৱাঅসমীয়া
বাৰুদ২০০৪মুনিন বৰুৱাঅসমীয়া
বৰলাৰ সংসাৰঅসমীয়া
চাচ বহু ঔৰ চেনচেক্স২০০৮শ্ব'না উৰ্বশীহিন্দী
কোৰবান২০০৯ৰেন্সিল ডি ছিলভাহিন্দী
জীৱন বাটৰ লগৰী২০০৯তিম'থি দাস হান্সেঅসমীয়া
চল' দিল্লী২০১১শশান্ত শ্বাহহিন্দী
পলে পলে উৰে মন২০১১তিম'থি দাস হান্সেঅসমীয়া
হৰ পলমুক্তি পোৱা নাইজাহ্নু বৰুৱাহিন্দী
গানে কি আনে২০১৬ৰাজেশ যশপালঅসমীয়া
দ্য আণ্ডাৰৱ'ৰ্ল্ড২০১৮ৰাজেশ যশপালঅসমীয়া

টেলিফিল্ম

[সম্পাদনা কৰক]
  • নৱজীৱন (অসমীয়া)

দূৰদৰ্শন ধাৰাবাহিক

[সম্পাদনা কৰক]
  • মমতা
  • চন্দন
  • সোণ পৰী (হিন্দী)
  • চি আই ডি (হিন্দী)
  • স্পেচিয়েল স্কোৱাড
  • আহত
  • কৰমচন্দ
  • য়েহি ত' হে ৱ'
  • বিৰৱালি
  • চোচা না থা
  • উৰ্মিলা (ডি ডি ১)
  • কচমকশ্ব জিন্দগি কি (ডি ডি ১)
  • নাৰ্গিচ (ডি ডি ১)
  • চপনে চাজন কে' (হি্ন্দী, ডি ডি ১)
  • ফিৰ ভি দিল হে হিন্দুস্তানী (ডি ডি ১)
  • কব ক্যো কে'চে' (ডি ডি ১)
  • অট'গ্ৰাফ (ডি ৱাই ৩৬৫, ২০১৩)
  • সাৱধান ইণ্ডিয়া (হিন্দী, লাইফ অ'কে, ২০১৩)
  • ক্ৰাইম পেট্ৰল (হিন্দী, চনী, ২০১৪)
  • প্ৰীতম প্যাৰে ঔৰ ৱ' (হিন্দী, চব টিভি, ২০১৪)
  • স্বৰগ্নি (হিন্দী, কলৰ্চ, ২০১৫)

চুটি ছবি

[সম্পাদনা কৰক]
  • দম দম দিগা দিগা (ডেন্সিং ইন দ্য ৰেইন), ২০১৪

বিজ্ঞাপন ছবি

[সম্পাদনা কৰক]
  • মেককেইন ফুড্‌ছ (২০১৩)
  • চ্যৱনপ্ৰাশ্ব (২০১৩)
  • চফ'লা (২০১৪)

কণ্ঠদান

[সম্পাদনা কৰক]
  • পৰিণীতা (নিজস্ব এলবাম, অসমীয়া, শ্ৰব্য আৰু ভিডিঅ')
  • পলে পলে উৰে মন (২০১১, অসমীয়া চলচ্চিত্ৰ)
  • গানে কি আনে (২০১৬, অসমীয়া চলচ্চিত্ৰ)
  • লিমকা ফ্ৰেশ্ব ফে'চ ৰাণাৰ-আপ, ২০০৫
  • জ্যোতিৰূপা জইণ্ট মেডিয়া এৱাৰ্ড্‌ছ (নায়ক বোলছবিৰ বাবে)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 "Parineeta Borthakur". Indpaedia. Archived from the original on 2015-04-01. https://web.archive.org/web/20150401015320/http://indpaedia.com/ind/index.php/Parineeta_Borthakur আহৰণ কৰা হৈছে: 13 মাৰ্চ 2015.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]