সমললৈ যাওক

বাৰুদ (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাৰুদ
পৰিচালক মুনিন বৰুৱা
চিত্ৰনাট্য মুনিন বৰুৱা
কাহিনী মুনিন বৰুৱা
প্ৰযোজক মেৰী লস্কৰ
অভিনয়ত তপন দাস
যতীন বৰা
ৰবি শৰ্মা
প্ৰস্তুতি পৰাশৰ
চিত্ৰগ্ৰহণকাৰী সুমন দুৱৰা
সম্পাদনা এ শ্ৰীকৰ প্ৰসাদ
সংগীত পৰিচালক জুবিন গাৰ্গ
পৰিবেশক পূজা মোশ্যন পিকচাৰ্ছ
মুক্তি
১৪ এপ্ৰিল, ২০০৪
দেশ  ভাৰত
ভাষা অসমীয়া

বাৰুদ ২০০৪ চনত মুক্তি লাভ কৰা এখন একশ্বন ধৰ্মী অসমীয়া চলচ্চিত্ৰ। মুনিন বৰুৱাই চলচ্চিত্ৰ খন পৰিচালনা কৰিছিল আৰু প্ৰযোজনা কৰিছিল মেৰী লস্কৰে পূজা মোশ্যন পিকচাৰ্ছৰ বেনাৰত। সংগীত পৰিচালনা আছিল জুবিন গাৰ্গৰ। ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছিল তপন দাস, যতীন বৰা, ৰবি শৰ্মা আৰু প্ৰস্তুতি পৰাশৰে[1]

কাহিনীৰ সাৰাংশ

[সম্পাদনা কৰক]

ছবিখনৰ কাহিনীভাগ কিছু দুৰ্নীতি পৰায়ণ ৰাজনৈতিক নেতা আৰু আৰক্ষীৰ মইমতালী আৰু বুজাবুজিৰ ওপৰত কেন্দ্ৰীভূত। ৰবি শৰ্মাই ছবিখনত এগৰাকী ধনী আৰু প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ পুত্ৰৰ চৰিত্ৰত খলনায়কৰ দুৰ্দান্ত অভিনয় কৰিছে।[2]

অভিনয়ত

[সম্পাদনা কৰক]
বাৰুদ
চলচ্চিত্ৰ সংগীত
মুক্তি ২০০৪
শৈলী/ধৰণ বোলছবি সংগীত
ভাষা অসমীয়া
লেবেল পূজা মোশ্যন পিকচাৰ্ছ
জুবিন গাৰ্গ কালক্ৰম
জুমন সুমন (২০০৩) বাৰুদ (২০০৪) ৰং (২০০৪)

চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল জুবিন গাৰ্গে। গীত লিখিছিল হেমন্ত দত্ত, মানস ৰবীন আৰু জুবিন গাৰ্গে। গীতসমূহত কণ্ঠদান কৰিছিল জুবিন গাৰ্গ, পদ্মিনী, শাশ্বতী ফুকন আৰু পামেলা জৈনে।

গীতৰ তালিকা
নং শিৰোনামগীতিকাৰগায়ক/গায়িকা দৈৰ্ঘ্য
1. "পূজোঁ আহাঁ"  জুবিন গাৰ্গজুবিন গাৰ্গ ৫:৩১
2. "দেশখন গ'ল ৰসাতলে"  মানস ৰবীনজুবিন গাৰ্গ ৪:৩৯
3. "দেখোঁ যে স্বপ্ন"  হেমন্ত দত্তজুবিন গাৰ্গ, শাশ্বতী ফুকন ৪:১১
4. "গালিকে পাৰাঁ"  মানস ৰবীনপদ্মিনী ৫:৩৬
5. "হেঁপাহেৰে"  হেমন্ত দত্তজুবিন গাৰ্গ, পামেলা জৈন ৫:২৫

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Released Assamese Feature Films". enajori.com. 23 September 2016. Archived from the original on 16 September 2016. https://web.archive.org/web/20160916232427/http://www.enajori.com/?page_id=589 আহৰণ কৰা হৈছে: 23 September 2016.
  2. "সফল পৰিচালক ও চিত্ৰনাট্যকাৰঃ মুনীন বৰুৱা-". Rupaliparda. http://rupaliparda.com/archives/3195 আহৰণ কৰা হৈছে: ২৪ এপ্ৰিল ২০২০.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]