সমললৈ যাওক

আশা (এলবাম)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আশা
শ্ৰব্য এলবাম
মুক্তি ৩০ জানুৱাৰী ১৯৯৫
শৈলী/ধৰণ অসমীয়া আধুনিক গীত
ভাষা অসমীয়া
লেবেল এন কে প্ৰডাক্‌চন
পৰিচালক জুবিন গাৰ্গ
উৎপল শৰ্মা
জুবিন গাৰ্গ কালক্ৰম
মায়া
(১৯৯৪)
আশা
(১৯৯৫)
জুবিনৰ গান (১৯৯৬)


আশা হৈছে ১৯৯৫[1] চনত এন কে প্ৰডাক্‌চনৰ বেনাৰত[2] মুক্তিলাভ কৰা এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। জুবিন গাৰ্গ আৰু উৎপল শৰ্মাই সংগীত পৰিচালনা কৰা এলবামটিৰ গীতৰ কথা জুবিন আৰু প্ৰশান্ত বৰদলৈৰ। সংগীত ব্যৱস্থাপনা উৎপল শৰ্মাৰ। গীতকেইটিত কণ্ঠদান কৰে জুবিন গাৰ্গ আৰু সবিতা শৰ্মা[3]। জুবিনে সংগীত পৰিচালনা কৰা এইটো তৃতীয় এলবাম। প্ৰথম দুটি এলবাম অনামিকা আৰু মায়াৰ দৰে এই এলবামটিয়েও শ্ৰোতাৰ যথেষ্ট ভাল সঁহাৰি লাভ কৰে।[1][4] জুবিনৰ পূৰ্বৰ এলবাম মায়া মুক্তি পোৱাৰ ২ মাহৰ পিছত, ১৯৯৫ চনৰ ৩০ জানুৱাৰীত মুক্তি পায়।

গীতৰ তালিকা

[সম্পাদনা কৰক]

এলবামটিত মুঠ ৮ টা গীত আছে। 'মেঘৰ বৰণ' গীতটিৰ সুৰ দিয়ে উৎপল শৰ্মাই, বাকীকেইটা গীতৰ সুৰ জুবিনৰ।[3]

গীতৰ তালিকা
নং শিৰোনামগীতিকাৰগায়ক/গায়িকা দৈৰ্ঘ্য
1. "আশা"  জুবিন গাৰ্গজুবিন গাৰ্গ ৪.১৬
2. "তুমি যদি কোৱা"  জুবিন গাৰ্গজুবিন গাৰ্গ, সবিতা শৰ্মা ৪.২৭
3. "মেঘৰ বৰণ"  প্ৰশান্ত বৰদলৈসবিতা শৰ্মা ৫.৪৯
4. "জ্বলিলা পুৰিলা"  জুবিন গাৰ্গজুবিন গাৰ্গ ৫.০৩
5. "আমি যেন দুটি"  জুবিন গাৰ্গজুবিন গাৰ্গ, সবিতা শৰ্মা ৫.১৪
6. "তুমি জানানে"  জুবিন গাৰ্গজুবিন গাৰ্গ ৪.৪৯
7. "মোৰ মন"  জুবিন গাৰ্গজুবিন গাৰ্গ, সবিতা শৰ্মা ৪.৪৬
8. "অভিমানী মন"  জুবিন গাৰ্গজুবিন গাৰ্গ ৪.৪৩
মুঠ দৈৰ্ঘ্য:
৩৯.০৭

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Asha". Future Sound. http://www.futuresounds.in/store/asha/। আহৰণ কৰা হৈছে: 7 মাৰ্চ 2015. 
  2. "Zubeen Garg". Net Library. http://netlibrary.net/articles/zubeen_garg। আহৰণ কৰা হৈছে: 7 মাৰ্চ 2015. [সংযোগবিহীন উৎস]
  3. 3.0 3.1 "Asha". Music India Online. Archived from the original on 2015-03-20. https://web.archive.org/web/20150320004730/http://mio.to/album/Aasha। আহৰণ কৰা হৈছে: 7 মাৰ্চ 2015. 
  4. "Zubeen Garg". Online Sivasagar. http://onlinesivasagar.com/music/zubeen-garg.html। আহৰণ কৰা হৈছে: 7 মাৰ্চ 2015. [সংযোগবিহীন উৎস]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]