আনন্দ (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আনন্দ
পৰিচালক হৃষিকেশ মুখাৰ্জী
ৰচনা বিমল দত্ত
গুলজাৰ
ডি. এন. মুখাৰ্জী
হৃষিকেশ মুখাৰ্জী
বিৰেণ ত্ৰিপাঠী
প্ৰযোজক হৃষিকেশ মুখাৰ্জী
এন. চি. ছিপ্পী
অভিনয়ত ৰাজেশ খান্না
অমিতাভ বচ্চন
সুমিতা সন্যাল
ৰমেশ দেৱ
চিত্ৰগ্ৰহণকাৰী জয়ৱান্ত পাঠাৰে
সম্পাদনা হৃষিকেশ মুখাৰ্জী
সংগীত পৰিচালক সলিল চৌধুৰী
পৰিবেশক ডিজিটেল এণ্টাৰটেইনমেণ্ট
ছীমাৰু ভিডিঅ' প্ৰাইভেট লিমিটেড
মুক্তি
১২ মাৰ্চ ১৯৭১ (1971-03-12)
দৈৰ্ঘ্য
১২২ মিনিট
দেশ ভাৰত
ভাষা হিন্দী[1]
সৰ্বমুঠ আয় ৫.৮ কোটি (০.৮১ মিলিয়ন ডলাৰ)[2]

আনন্দ (ইংৰাজী: Anand) ১৯৭১ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দী ভাষী ভাৰতীয় চলচ্চিত্ৰহৃষিকেশ মুখাৰ্জীৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছে ৰাজেশ খান্নাই। অমিতাভ বচ্চন, সুমিতা সন্যাল, ৰমেশ দেৱ আৰু সীমা দেৱ আছিল সহকাৰী অভিনয় শিল্পী।

১৯৭২ চনত বেষ্ট্ ফিল্মৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰাৰ উপৰিও চলচ্চিত্ৰখনে ভালেমান বঁটা লাভ কৰিবলৈ সক্ষম হয়। ২০১৩ চনত অনুপমা চোপ্ৰাৰ কিতাপ 100 Films To See before You Die তো চলচ্চিত্ৰখনে স্থান দখল কৰে।[3] ১৯৬৯ আৰু ১৯৭১ চনৰ মাজৰ সময়ছোৱাত ৰাজেশ খান্নাৰ একেৰাহে ১৭খন চলচ্চিত্ৰ বক্স অফিচত সফল হয়। ইয়াৰ ভিতৰত আনন্দ চলচ্চিত্ৰখনো এখন বুলি বিবেচনা কৰা হয়।[4][5]

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

অনক'লজিষ্ট ভাস্কৰ বেনাৰ্জীয়ে দুখীয়া মানুহক বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়ায়। তথাপিও তেওঁ সুখী হ'ব পৰা নাছিল কিয়নো তেওঁ আটাইকে বিনামূলীয়াকৈ সম্পূৰ্ণৰূপে চিকিৎসা কৰিবলৈ অসমৰ্থ। তেওঁৰ চাৰিওফালে চলি থকা মানুহৰ অসুখ-বিসুখ, জ্বালা-যন্ত্ৰণা আৰু দৰিদ্ৰতাই তেওঁক এক প্ৰকাৰ নিৰাশাবাদী কৰি তুলিছিল। স্পষ্টবাদী ভাস্কৰ বেনাৰ্জীয়ে এচাম ধনী মানুহৰ কাল্পনিক অসুখবোৰ চিকিৎসা কৰিবলৈ অমান্তি হৈছিল। অৱশ্যে তেওঁৰ বন্ধু ডাক্টৰ কুলকৰ্ণীৰ পথছোৱা তেওঁতকৈ সামান্য পৃথক আছিল। ডাক্টৰ কুলকৰ্ণীয়ে সেই এচাম ধনী মানুহৰ কাল্পনিক অসুখবোৰ ঠিক কৰি টকা কিছু অৰ্জন কৰে আৰু সেই টকাৰে দুখীয়া মানুহক বিনামূলীয়াকৈ চিকিৎসা কৰে।

এদিন ডাক্টৰ কুলকৰ্ণীয়ে ভাস্কৰ বেনাৰ্জীক আনন্দৰ সৈতে চিনাকি কৰাই দিয়ে। আনন্দ অন্ত্ৰৰ লিম্ফ'ছাৰক'মা (Lymphosarcoma of the intestine) নামৰ এবিধ বিৰল কৰ্কট ৰোগৰ দ্বাৰা আক্ৰান্ত। আনন্দ আছিল স্বভাৱতে ফূৰ্ত্তিবাজ। ছয় মাহতকৈ বেছি সময় জীয়াই নাথাকিব বুলি জানিও সি আনৰ আগত উদাসীনভাৱেই আচৰণ কৰিছিল আৰু সদায় নিজৰ আশে-পাশে থকা লোকসকলক সুখী ৰাখিবলৈ চেষ্টা কৰিছিল। লাহে লাহে ভাস্কৰ বেনাৰ্জী আৰু আনন্দৰ মাজত গভীৰ বন্ধুত্ব স্থাপন হয়। প্ৰথম সাক্ষাৎ হোৱা দিন ধৰি আনন্দ‌ই ভাস্কৰ বেনাৰ্জীক বাবুমোশাই বুলি সম্বোধন কৰে। আনন্দ এক বিৰল প্ৰতিভাৰ অধিকাৰী। সি সহজেই মানুহক আকৰ্ষণ কৰি তেওঁলোকৰ লগত বন্ধুত্ব স্থাপন কৰিব পাৰিছিল।

লাহে লাহে আনন্দৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে। তথাপিও সি জীৱনৰ বাকী থকা সময়ছোৱা হাস্পাতালৰ বিছনাত কটাব নিবিচাৰে। ইয়াৰ পৰিৱৰ্তে সি মুক্ত ভাৱে বিচৰণ কৰি ফুৰে আৰু আনক সহায়ৰ হাত আগবঢ়ায়। এদিন সি আৱিষ্কাৰ কৰে যে ৰেণু নামৰ ছোৱালী এজনীৰ প্ৰতি ভাস্কৰ বেনাৰ্জীৰ মনত প্ৰেমৰ বীজ অংকুৰণ হৈছে। ৰেণুক ভাস্কৰ বেনাৰ্জীয়ে এবাৰ নিউম'নিয়াৰ চিকিৎসা কৰিছিল। এই কথা আৱিষ্কাৰ কৰাৰ পাছত আনন্দ‌ই ভাস্কৰ বেনাৰ্জীক নিজৰ মনৰ কথা ৰেণুক খুলি ক'বলৈ সহায় কৰে। আনকি ৰেণুৰ মাককো তেওঁলোকৰ বিবাহৰ বাবে সৈমান কৰায়। এদিন আনন্দ‌ই ভাস্কৰ বেনাৰ্জীক কয় যে প্ৰত্যেকেই তাক এজন কৰ্কট ৰোগীৰ পৰিৱৰ্তে এজন প্ৰাণোচ্ছল ব্যক্তি হিচাপে মনত ৰখা উচিত। পাছলৈ ৰেণুৱে আৱিষ্কাৰ কৰে যে এসময়ত আনন্দ‌য়ো দিল্লীৰ কাৰোবাক ভাল পাইছিল। কিন্তু আনন্দৰ অসুস্থতাৰ বাবে তাই আন কাৰোবাৰ সতে বিবাহপাশত আৱদ্ধ হয়। তাইৰ বিয়াৰ দিনাখনেই আনন্দ‌ই দিল্লী এৰি মুম্বাইলৈ আহে। অৱশ্যে তাইৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ সদায় সি তাৰ কিতাপ এখনৰ মাজত এপাহ ফুল সযতনে ৰাখিছিল।

সময়ৰ লগে লগে আনন্দৰ স্বাস্থ্য বেয়াৰ ফালে ঢাল খায় আৰু ঘৰতেই থাকিবলগীয়া হয়। এদিন আনন্দ‌ই ভাস্কৰে পাঠ কৰা এটা কবিতা ৰেক'ৰ্ড কৰে আৰু নিজেও কিছু কথা যোগ কৰে আৰু সিহঁত দুয়োৰে হাঁহিও টেপটোত একেলগে ৰেক'ৰ্ড কৰে। জীৱনৰ শেষ সময়ছোৱাত তাৰ বন্ধুসকল তাৰ ওচৰতে উপস্থিত আছিল যদিও ঔষধ অনাৰ অৰ্থে ভাস্কৰ ঘৰৰ বাহিৰলৈ গৈছিল। এনেতে আনন্দ‌ই ভাস্কৰক চিঞৰি মাতে আৰু শেষ নিশ্বাস ত্যাগ কৰে। কিছু সময় পাছত ভাস্কৰ উভতি আহে আৰু আনন্দক মাত এষাৰ দিবলৈ কান্দি কান্দি কাকূতি মিনতি কৰে। এনেতে হঠাৎ টেপটো বাজি উঠে আৰু আনন্দ‌ৰ মাত সকলোৱে শুনিবলৈ পায় আৰু আটাইয়ে তাৰ বাবে কান্দিবলৈ ধৰে।

আনন্দৰ জীৱনক লৈ ভাস্কৰ বেনাৰ্জীয়ে এখন কিতাপ লিখি উলিয়ায় আৰু কিতাপখন সাহিত্যৰ এখন মহান ৰচনা হিচাপেও পৰিগণিত হয় যাৰ বাবে ভাস্কৰ বেনাৰ্জীয়ে সৰস্বতী পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।

শেষত ভাস্কৰ বেনাৰ্জীয়ে স্বগোতক্তি কৰি কয় যে “আনন্দ মৰা নহী, আনন্দ মৰতে নহী” (আনন্দ মৰা নাই, আনন্দ নমৰে)।

অভিনয় শিল্পী[সম্পাদনা কৰক]

বঁটা[সম্পাদনা কৰক]

বৰ্ষ বঁটা শ্ৰেণী প্ৰাপক ফলাফল
১৯৭১ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা হিন্দী ভাষাৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ হৃষীকেশ মূখাৰ্জী আৰু এন চি ছিপ্পী বিজয়ী
১৯৭২ বেংগল ফিল্ম জাৰ্ণালিষ্ট্‌ছ এছ'চিয়েশ্যন এৱাৰ্ড্‌ছ শ্ৰেষ্ঠ অভিনেতা (হিন্দী) ৰাজেশ খান্না বিজয়ী
১৯ সংখ্যক ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ চলচ্চিত্ৰ হৃষীকেশ মূখাৰ্জী আৰু এন চি ছিপ্পী বিজয়ী
শ্ৰেষ্ঠ পৰিচালক হৃষীকেশ মূখাৰ্জী মনোনীত
শ্ৰেষ্ঠ কাহিনী বিজয়ী
শ্ৰেষ্ঠ সম্পাদনা বিজয়ী
শ্ৰেষ্ঠ অভিনেতা ৰাজেশ খান্না বিজয়ী
শ্ৰেষ্ঠ সহযোগী অভিনেতা অমিতাভ বচ্চন বিজয়ী
শ্ৰেষ্ঠ সংলাপ গুলজাৰ বিজয়ী

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Aḵẖtar, Jāvīd; Kabir, Nasreen Munni (2002) (en ভাষাত). Talking Films: Conversations on Hindi Cinema with Javed Akhtar. Oxford University Press. পৃষ্ঠা. 49. ISBN 978-0-19-566462-1. https://books.google.com/books?id=_JILAQAAMAAJ. "most of the writers working in this so-called Hindi cinema write in Urdu: Gulzar, or Rajinder Singh Bedi or Inder Raj Anand or Rahi Masoom Raza or Vahajat Mirza, who wrote dialogue for films like Mughal-e-Azam and Gunga Jumna and Mother India. So most dialogue-writers and most song-writers are from the Urdu discipline" 
  2. "আৰ্কাইভ কপি". Archived from the original on 2021-10-28. https://web.archive.org/web/20211028144832/https://bestoftheyear.in/movie/anand/। আহৰণ কৰা হৈছে: 2021-08-09. 
  3. Mazumdar, Arunima (16 October 2013). "Anupama Chopra's 100 favourite films!". The Times of India. http://timesofindia.indiatimes.com/life-style/books/features/Anupama-Chopras-100-favourite-films/articleshow/20662618.cms. 
  4. "Box-office 1971 Bollywood". Archived from the original on 2021-08-17. https://web.archive.org/web/20210817131632/https://muvyz.com/boxoffice/byyear/y2/1971/। আহৰণ কৰা হৈছে: 2021-08-09. 
  5. "BoxOffice India.com". 2009-06-02. Archived from the original on 2009-06-02. https://web.archive.org/web/20090602193030/http://boxofficeindia.com/showProd.php?itemCat=177&catName=MTk3MQ==। আহৰণ কৰা হৈছে: 2021-04-06. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]