সমললৈ যাওক

ললিতা পাৱাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ললিতা পাৱাৰ
জন্ম অম্বা লক্ষ্মণ ৰাও সগুন
১৮ এপ্ৰিল, ১৯১৬
য়েৱলা, নাচিক জিলা, বোম্বে প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত
মৃত্যু ২৪ ফেব্ৰুৱাৰী, ১৯৯৮ (৮১ বছৰ)
পুণে, মহাৰাষ্ট্ৰ, ভাৰত
সক্ৰিয় হৈ থকা সময় ১৯২৮-১৯৯৭
সন্তান
বঁটা, সন্মান, পুৰস্কাৰ আদি ১৯৫৯: শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা, ছবি আনাৰী
১৯৬১: অভিনয়ত সংগীত নাটক একাডেমী বঁটা

ললিতা পাৱাৰ (ইংৰাজী: Lalita Pawar; ১৮ এপ্ৰিল ১৯১৬ – ২৪ ফেব্ৰুৱাৰী ১৯৯৮)[1] এগৰাকী প্ৰতিভাধৰ ভাৰতীয় অভিনেত্ৰী আছিল। পিছলৈ বিখ্যাত চৰিত্ৰাভিনেত্ৰী হিচাপে পৰিগণিত হোৱা পাৱাৰে সাতশতকৈও অধিক হিন্দী, মাৰাঠী আৰু গুজৰাটী চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ জনপ্ৰিয় ছবি, যেনে ভালজী পেন্ধকাৰে নিৰ্মাণ কৰা ‘নেতাজী পালকৰ’ (১৯৩৮), নিউ হেনা পিকচাৰ্চৰ ‘সন্ত দামাজী’, নৱযুগ চিত্ৰপটৰ ‘অমৃত’ (১৯৫৯), ছায়া ফিল্মছৰ ‘গোৰা কুম্ভকাৰ’ আদি ছবিত অভিনয় কৰিছে। তেওঁৰ অন্যান্য স্মৰণীয় ছবিবোৰ হ’ল- ‘আনাৰী’ (১৯৫৯), ‘শ্ৰী ৪২০’ আৰু ‘মিষ্টাৰ এণ্ড মিচেচ ৫৫’; লগতে ৰামানন্দ সাগৰৰ ১৯৮৭ চনত প্ৰথম সম্প্ৰচাৰ হোৱা মহাকাব্যিক টিভি ধাৰাবাহিক ৰামায়ণ, য’ত পাৱাৰে মন্থৰা চৰিত্ৰত অভিনয় কৰিছিল।[2]

হিম্মত-ই-মৰ্দ (১৯৩৫) ছবিৰ মূল ভূমিকাত ললিতা পাৱাৰ

পাৱাৰৰ জন্মৰ নাম আছিল অম্বা লক্ষ্মণ ৰাও সগুন। ১৯১৬ চনৰ ১৮ এপ্ৰিলত ব্ৰিটিছ ভাৰতৰ নাচিক জিলাৰ য়েৱলা গাঁৱত এটা গোৰা পৰিয়ালত তেওঁৰ জন্ম হৈছিল।[3] Her father Laxman Rao Shagun was a rich silk and cotton piecegoods merchant.[4] ৰাজা হৰিশ্চন্দ্ৰ (১৯২৮) চলচ্চিত্ৰ যোগে নবছৰ বয়সতে তেওঁৰ অভিনয় জীৱনৰ সূত্ৰপাত হৈছিল। পিছলৈ তেওঁ নিৰ্বাক ছবি আৰু ১৯৪২ চনলৈকে সবাক ছবিৰ মূল ভূমিকাত অভিনয় কৰে।[5]

তেওঁ নিৰ্বাক ছবি ‘কৈলাশ’ত (১৯৩২) অভিনয় কৰাৰ উপৰিও ইয়াৰ সহযোগী প্ৰযোজক আছিল। ১৯৩৮ চনতো তেওঁ ‘দুনীয়া ক্যা হ্যায়’ নামেৰে সবাক ছবি এখন প্ৰযোজনা কৰে।

১৯৪২ চনত ‘জং-ই-আজাদী’ ছবিৰ শ্বুটিং চলি থাকোঁতে ছবিৰ দৃশ্যৰ এটা অংশ হিচাপেই অভিনেতা ভগৱান দাদাই পাৱাৰক জোৰেৰে চৰ মাৰি দিয়ে। এজন নতুন অভিনেতা হিচাপে ভগৱান দাদাই চৰটো জোৰেৰে মাৰিছিল। ইয়াৰ ফলত তেওঁৰ মুখৰ পক্ষাঘাট হোৱাৰ উপৰিও বাও চকুৰ সৈতে সংযোগী শিৰা এডাল আঘাতপ্ৰাপ্ত হৈছিল। তিনি বছৰৰ চিকিৎসাৰ অন্তত তেওঁ সু্স্থ হৈছিল যদিও বাও চকুটো ত্ৰুটিপূৰ্ণ হৈ গৈছিল। এই দুৰ্ঘটনাৰ বাবে পাৱাৰে নায়িকাৰ ভূমিকাত অভিনয় কৰাৰ পৰা বিৰত থাকিবলগীয়া হ’ল যদিও জীৱনৰ প্ৰায় শেষ সময়লৈ চৰিত্ৰাভিনেত্ৰীৰ ভূমিকাত অভিনয় কৰি গ’ল। চৰিত্ৰাভিনেত্ৰীৰ ভূমিকাই তেওঁক অধিক যশস্যা দিছে। সাতটাকৈ দশক তেওঁ অভিনয়ৰ সৈতে জড়িত আছিল।[6]

তেওঁক বিশেষকৈ কুটিল শাহুৱেকৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত আছিল। ৰাজ কাপুৰে অভিনয় কৰা আৰু হৃষিকেষ মুখাৰ্জীয়ে পৰিচালনা কৰা ‘আনাৰী’ (১৯৫৯) ছবিত পাৱাৰে মুখত কঠোৰ, কিন্তু কোমল অন্তৰৰ এগৰাকী মহিলাৰ ভূমিকাত অভিনয় কৰিছিল; যি অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।[7] ৰামানন্দ সাগৰ পৰিচালিত দূৰদৰ্শনৰ প্ৰথম মেগা ধাৰাবাহিক ৰামায়ণত তেওঁ মন্থৰাৰ চৰিত্ৰত স্মৰণীয় অভিনয় কৰিছিল।[8]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

তেওঁৰ প্ৰথম বিবাহ গণপত ৰাওৰ সৈতে হৈছিল। কিন্তু গণপত ৰাওৰ পাৱাৰৰ ভনীয়েকৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক স্থাপন হোৱাত তেওঁলোকৰ বৈবাহিক জীৱন অশান্তিময় হৈ পৰিল। পিছলৈ তেওঁ চলচ্চিত্ৰ প্ৰযোজক, বোম্বেৰ অম্বিকা ষ্টুডিঅ’ৰ স্বত্বাধিকাৰী ৰাজপ্ৰকাশ গুপ্তক বিয়া কৰায়।[9]

১৯৯০ চনত তেওঁৰ মুখৰ কৰ্কট ৰোগ ধৰা পৰে। সেই ৰোগৰ চিকিৎসাৰ বাবে তেওঁ পুণেলৈ গুছি গৈছিল। তেওঁৰ স্মৃতিশক্তি লাহে লাহে হ্ৰাস হৈ আহিছিল। অৱশেষত ১৯৯৮ চনৰ ২৪ ফেব্ৰুৱাৰীত পুণেতে তেওঁৰ মৃত্যু হয়।[5]

তথ্য উৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]