সমললৈ যাওক

নিৰ্বাক চলচ্চিত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১৯২১-ৰ উচ্চহাৰত উপাৰ্জন কৰা ফোৰ হৰ্চমেন ইন দ্য এপ'কেলিপচৰ এখন স্থিৰচিত্ৰ
চাৰ্লি চেপলিন, নিৰ্বাক যুগৰ এজন তাৰকা অভিনেতা, ১৯১৯

নিৰ্বাক চলচ্চিত্ৰ (ইংৰাজী: Silent Film) হ’ল এনে চলচ্চিত্ৰ য’ত কোনো সুসংগত বাণীবদ্ধ শব্দ নাই (বা অতি সাধাৰণভাৱে ক’বলৈ গ’লে কোনো শ্ৰৱণযোগ্য সংলাপ নাই)। যদিও নিৰ্বাক চলচ্চিত্ৰই আখ্যান আৰু আৱেগক দৃশ্যগতভাৱে প্ৰকাশ কৰে, তথাপিও কাহিনীভাগৰ বিভিন্ন উপাদান, যেনে চেটিং বা যুগ বা সংলাপৰ মূল শাৰীবোৰ প্ৰয়োজন সাপেক্ষে টাইটেল কাৰ্ড ব্যৱহাৰ কৰি প্ৰকাশ কৰিব পাৰি।

"নিৰ্বাক চলচ্চিত্ৰ" শব্দটো কিবা এটা ভুল নাম বুলিব পাৰি, কিয়নো এই চলচ্চিত্ৰবোৰৰ সৈতে প্ৰায়ে জীৱন্ত শব্দ সংলগ্ন হৈ আছিল। ১৮৯০ চনৰ মাজভাগৰ পৰা ১৯২০ চনৰ শেষলৈকে নিৰ্বাক যুগত এজন পিয়ানো বা অৰ্গেন বাদকে আৰু বৃহৎ চহৰবোৰত এটা সৰু বাদকৰ দলে ছবি চলি থকা অৱস্থাত পূৰ্ব নিৰ্ধাৰিত ন’টেচন অনুসৰি যন্ত্ৰসংগীত পৰিবেশন কৰিছিল। আনকি দৰ্শকৰ যাতে কাহিনীভাগ সহজে বোধগম্য হয়, কেতিয়াবা এজন ব্যক্তিয়ে ইণ্টাৰ-টাইটেল কাৰ্ডবোৰ পঢ়ি গৈছিল। যদিও সেই সময়ত চলচ্চিত্ৰৰ সৈতে শব্দৰ সমন্বয়ৰ প্ৰযুক্তিৰ অস্তিত্ব নাছিল, তথাপিও সংগীতক দৰ্শন-অভিজ্ঞতাৰ এক অপৰিহাৰ্য অংশ হিচাপে গণ্য কৰা হৈছিল। "নিৰ্বাক চলচ্চিত্ৰ"ক সাধাৰণতে সুসংগত শব্দ আৱিষ্কাৰৰ পূৰ্বে চলচ্চিত্ৰৰ এটা যুগক বৰ্ণনা কৰিবলৈ ঐতিহাসিক শব্দ হিচাপে ব্যৱহাৰ কৰা হয় যদিও ই কিন্তু চিটি লাইটছ, চাইলেণ্ট মুভী আৰু দ্য আৰ্টিষ্টৰ দৰে সবাক যুগৰ ছবিৰ ক্ষেত্ৰতো প্ৰযোজ্য, যিকেইখন ছবিত সংলাপৰ ঠাইত কেৱল সংগীতৰ চাউণ্ডট্ৰেকহে সংলগ্ন হৈ আছিল।

নিৰ্বাক চলচ্চিত্ৰৰ যুগ[সম্পাদনা কৰক]

ৰাউণ্ডহে বাগানৰ দৃশ্য, ১৮৮৮ চনত দৃশ্যগ্ৰহণ কৰা এই দৃশ্যাংশৰ দৈৰ্ঘ্য দুই চেকেণ্ডমানৰ সামান্যহে বেছি। ইয়াক পৃথিৱীৰ আটাইতকৈ পুৰণি জীৱিত চলচ্চিত্ৰ বুলি বিশ্বাস কৰা হয়। ক’লা পোচাক পিন্ধা বৃদ্ধাগৰাকী চলচ্চিত্ৰ নিৰ্মাতা লুইচ লি প্ৰিন্সৰ শাহু ছাৰাহ হুইটলী। দৃশ্যগ্ৰহণৰ দহদিন পিছত বৃদ্ধাগৰাকীৰ মৃত্যু হৈছিল।

মুইব্ৰিজ, মেৰী আৰু লে প্ৰিন্সৰ কাম-কাজে ভৱিষ্যতে মুভী কেমেৰা, প্ৰজেক্টৰ আৰু স্বচ্ছ চেলুলইড চলচ্চিত্ৰৰ বিকাশৰ আধাৰশিলা স্থাপন কৰে, যিয়ে চিনেমাৰ অগ্ৰগতিত সহায় কৰিছিল। আমেৰিকান উদ্ভাৱক জৰ্জ ইষ্টমেন-এ, যিয়ে প্ৰথমবাৰৰ বাবে ১৮৭৮ চনত ফটোগ্ৰাফিক ড্ৰাই প্লেট সাজি উলিয়ায়। ১৮৮৮ চনত তেওঁ এক স্থিৰ প্ৰকাৰৰ চেলুলইড ফিল্ম তৈয়াৰ কৰিবলৈ সক্ষম হয়।

"নিৰ্বাক যুগ"তে (১৮৯৪ –১৯২৯) চলচ্চিত্ৰীয় কলাই পৰিপক্কতা পায়। নিৰ্বাক যুগৰ ১৯১০ দশকৰ পৰা ১৯২০ দশকৰ শেহলৈকে, বিভিন্ন কলাত্মক উদ্ভাৱন হোৱা এই সময়চোৱা বিশেষভাবে ফলপ্ৰসু সময় আছিল। ক্লাচিকেল হলিউড, ফৰাচী প্ৰভাৱবাদ, জাৰ্মান অভিব্যক্তিবাদ, ছোভিয়েচ মণ্টাজ আদি বিভিন্ন চলচ্চিত্ৰীয় আন্দোলন এই সময়চোৱাতে আৰম্ভ হৈছিল। নিৰ্বাক চলচ্চিত্ৰ নিৰ্মাতাসকলে চলচ্চিত্ৰৰ শিল্পৰূপটোত ইমানে আগভাগ লৈছিল যে কুৰি আৰু একৈশ শতিকাৰ প্ৰায় প্ৰতিটো চলচ্চিত্ৰ নিৰ্মাণৰ শৈলী বিভিন্ন ধাৰাসমূহৰ শিপা নিৰ্বাক যুগতে প্ৰোথিত হৈছিল। কাৰিকৰী দিশৰ পৰাও নিৰ্বাক যুগটো আছিল এক অগ্ৰণী যুগ।থ্ৰী-পইণ্ট লাইটিং, ক্ল'জ-আপ, লং শ্বট, পেনিং, আৰু কন্টিনিউটি এডিটিং আদি সকলোবোৰ ১৯২০ চনৰ শেষৰ ফালে টকী বা সবাক চলচ্চিত্ৰৰ আগমন ঘটাৰ বহু পূৰ্বে প্ৰচলিত হৈছিল। বহুতো বিশেষজ্ঞই দাবী কৰে যে ১৯৩০ৰ দশকৰ আগভাগত চলচ্চিত্ৰৰ কলাত্মক মান হ্ৰাস পাইছিল। কাৰণ নিৰ্বাকৰ পৰা সবাকলৈ গতি কৰা আৰম্ভণিৰ এই সময়চোৱাত বহুতো পৰিচালক, অভিনেতা আৰু প্ৰডাকচনৰ সৈতে জড়িত থকা অন্যান্য কৰ্মীসকলে এই নতুন পদ্ধতিটোৰ সৈতে নিজকে খাপ খুৱাই ল’ব পৰা নাছিল।[1]

নিৰ্বাক ছবিসমূহৰ, বিশেষকৈ ১৯২০ দশকৰ ছবিৰ মান অতি উচ্চস্তৰৰ আছিল যদিও এই ছবিবোৰ তেনেই আদিম স্তৰৰ আছিল বা আধুনিক দৃষ্টিকোণেৰে অতি কষ্টেৰে চাব পৰা যায় বুলি এক ভুল ধাৰণা আছে।[2] এই ভুল ধাৰণাৰ জন্ম হৈছে, সাধাৰণ ৰাইজৰ মাধ্যমটোৰ সৈতে বিশেষ পৰিচিতি নথকা বাবে। চলচ্চিত্ৰ উদ্যাগটোৰ অসাৱধানতাও এই ভুল ধাৰণাৰ বাবে দায়ী। বেছিভাগ নিৰ্বাক ছবিয়ে ভাল ধৰণে সংৰক্ষণ কৰা নহ’ল, যাৰবাবে ইয়াৰ অৱক্ষয় ঘটিল। আনহাতে যিখিনি ভালদৰে সংৰক্ষিত, সেইখিনিও ছবি ভুল গতিৰে প্লেবেক কৰা হয়। তাৰোপৰি চেঞ্চৰশ্বিপৰ কেঁচিৰ প্ৰভাৱ আৰু বহু ছবিৰ ফ্ৰেম আৰু দৃশ্য হেৰাই যোৱাৰ বাবে ছবিসমূহৰ মান অৱনমিত কৰে।[3][4] বৰ্তমানে প্ৰদৰ্শন উপযোগী হৈ থকা বহু নিৰ্বাক ছবি মূল ছবিখনৰ দ্বিতীয় বা তৃতীয় প্ৰজন্মৰ প্ৰতিলিপিহে, যিবোৰ সাধাৰণতে ক্ষতিগ্ৰস্থ আৰু অৱহেলিত চলচ্চিত্ৰ ভাণ্ডাৰৰ পৰা তৈয়াৰ কৰা হৈছে।[5][6][1]

আন এটা বহুলভাৱে প্ৰচলিত ভুল ধাৰণা হ’ল যে নিৰ্বাক ছবিত ৰঙৰ অভাৱ আছিল। আচলতে সবাক চলচ্চিত্ৰৰ প্ৰথম কেইটামান দশকতকৈ নিৰ্বাক ছবিত ৰঙৰ ব্যৱহাৰ বেছিকৈহে হৈছিল। ১৯২০ দশকৰ প্ৰথমৰছোৱা সময়ত ৮০ শতাংশ ছবিতে ৰঙ ব্যৱহাৰ দেখা গৈছিল। ফিল্ম টিনটিং বা টোনিং পদ্ধতিৰে ছবিসমূহ ৰঙীন কৰা হৈছিল। আনকি হাতেৰেও ৰং কৰা হৈছিল। কিনেমাকালাৰ আৰু টেকনিকালাৰৰ দৰে মোটামুটি প্ৰাকৃতিক ৰঙৰ ওচৰ চপা দুইৰঙী প্ৰক্ৰিয়াৰেও ৰঙীন ছবি নিৰ্মাণ কৰা হৈছিল।[7] শব্দ বাণীবন্ধনৰ প্ৰযুক্তি আৰম্ভ হৈ যোৱাৰ লগলেগে চলচ্চিত্ৰৰ পৰম্পৰাগত ৰংকৰণ পদ্ধতিও বন্ধ হৈ গ’ল। পৰম্পৰাগত ফিল্ম ৰং কৰা পদ্ধতিত ব্যৱহৃত ৰংবোৰে শব্দ বাণীবন্ধন প্ৰক্ৰিয়াত প্ৰয়োজনীয় উচ্চ ৰিজ’লিউচনত বাধাৰ সৃষ্টি কৰিছিল আৰু সেইবাবে ফিল্ম ৰংকৰণ পদ্ধতি পৰিত্যাগ কৰা হৈছিল। ১৯৩০ৰ দশকৰ মধ্যমভাগত উদ্ভাৱন হোৱা থ্ৰি-ষ্ট্ৰীপ টেকনিকালাৰ পদ্ধতিটো বহু খৰচী আৰু লগতে ইয়াৰ কিছুমান সীমাবদ্ধতাও আছিল। সেয়েহে পৰৱৰ্তী চাৰিটা দশকত নিৰ্বাক যুগৰ দৰে সবাক চলচ্চিত্ৰত ৰঙৰ প্ৰভাৱ নাথাকিল।

ইণ্টাৰ-টাইটেল[সম্পাদনা কৰক]

বঙালী নিৰ্বাক চলচ্চিত্ৰ জামাইবাবুত (১৯৩১) ব্যৱহৃত এখন টাইটেল কাৰ্ড, য'ত বঙালীৰ উপৰিও ইংৰাজী আৰু হিন্দী ভাষাৰেও বিৱৰণ লিখা হৈছিল।

নিৰ্বাক চলচ্চিত্ৰৰ দৈৰ্ঘ বা চলন সময় ক্ৰমান্বয়ে বৃদ্ধি পোৱাত ছবিখনৰ কিছু অংশ দৰ্শকক বুজাই দিয়া আভ্যন্তৰীণ দোভাষীৰ সলনি অন্য এক ব্যৱস্থা প্ৰতিস্থাপন কৰাৰ প্ৰয়োজন আহি পৰিল। যিহেতু এনে চলচ্চিত্ৰত সুসংগত বাণীবদ্ধ শব্দ নাছিল, সেয়েহে কাহিনীৰ মূল অংশখিনি বৰ্ণনা কৰিবলৈ, গুৰুত্বপূৰ্ণ সংলাপ উপস্থাপন কৰিবলৈ আৰু কেতিয়াবা আনকি ঘটনাক্ৰমৰ ওপৰত মন্তব্য দিবলৈ পৰ্দাৰ ইণ্টাৰ-টাইটেল কাৰ্ড ব্যৱহাৰ কৰা হৈছিল। টাইটেল কাৰ্ড লেখকজন চিত্ৰনাট্য লেখকজনৰ পৰা প্ৰায়ে পৃথক আছিল আৰু তেওঁ নিৰ্বাক চলচ্চিত্ৰৰ এজন মূল পেছাদাৰী ব্যক্তি হৈ পৰিছিল।[8][9]

চলন্ত সংগীত[সম্পাদনা কৰক]

১৮৯৫ টনৰ ২৮ ডিচেম্বৰত পেৰিছত লুমিয়েৰ ভাতৃদ্বয়ে কৰা প্ৰথম ৰাজহুৱা প্ৰদৰ্শনৰ দিনৰে পৰা নিৰ্বাক চলচ্চিত্ৰত চলন্ত সংগীতৰ ব্যৱহাৰ হৈ আহিছিল। ১৮৯৬ চনত নিউয়ৰ্কৰ ‘কষ্টাৰ এণ্ড বিয়ালচ্ মিউজিক হল’ত আমেৰিকাৰ প্ৰথম চলচ্চিত্ৰ প্ৰদৰ্শনে ইয়াক আৰু আগুৱাই লৈ যায়।[10] . এই অনুষ্ঠানত সকলো প্ৰদৰ্শনীৰ সৈতে এটা যে অৰ্কেষ্ট্ৰা থাকিব লাগে, এডিচনে তাৰ দৃষ্টান্ত স্থাপন কৰিছিল। নিৰ্বাক চলচ্চিত্ৰৰ আৰম্ভণিৰ দিনৰে পৰা পৰিবেশত অৰিহণা যোগোৱা আৰু দৰ্শকক গুৰুত্বপূৰ্ণ ইংগিত দিয়াৰ ক্ষেত্ৰত সংগীতক এক অপৰিহাৰ্য অংগৰূপে স্বীকৃতি দিয়া হৈছিল। শ্বুটিঙৰ সময়তো আনকি পৰিবেশ তৈয়াৰ কৰিবলৈ সংগীতজ্ঞসকলে ছবিৰ চেটত বাদ্যযন্ত্ৰ সংগত কৰিছিল। প্ৰদৰ্শনস্থলীৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি সংগীত অনুষংগৰ মানদণ্ডৰ পৰিবৰ্তন হৈছিল।[11] সৰু সৰু চহৰৰ ছবিঘৰত সাধাৰণতে এজন পিয়ানোবাদকহে আছিল। ১৯১০ দশকৰ মাজভাগৰ পৰা মহানগৰৰ ডাঙৰ ডাঙৰ ছবিঘৰত অৰ্কেষ্ট্ৰাৰ দলে সংগীত পৰিবেশনৰ প্ৰবণতা দেখা গৈছিল।[12]

অভিনয় কৌশল[সম্পাদনা কৰক]

লিলিয়ান গিছ, আমেৰিকান চিনেমাৰ প্ৰথম নাৰী, নিৰ্বাক যুগৰ শীৰ্ষস্থানীয় তাৰকা, যিগৰাকী অভিনেত্ৰীয়ে ১৯১২-ৰ পৰা ১৯৮৭-লৈ এক দীঘলীয়া অভিনয় জীৱন অতিক্ৰম কৰিছিল।

নিৰ্বাক চলচ্চিত্ৰৰ অভিনেতাসকলে শৰীৰৰ ভাষা আৰু মুখৰ অভিব্যক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, যাতে দৰ্শকে এজন অভিনেতাই পৰ্দাত কি অনুভৱ কৰিছে আৰু কি চিত্ৰিত কৰিছে সেয়া ভালদৰে বুজিব পাৰে। বহুতো নিৰ্বাক চলচ্চিত্ৰৰ অভিনয় আধুনিক যুগৰ দৰ্শকৰ বাবে সৰল বা সোৱাদবিহীন যেন বোধ হব পাৰে। কিছুমান ক্ষেত্ৰত অভিনেতাসকলৰ মাজত দেখা পোৱা মেলোড্ৰেমেটিক অভিনয় শৈলী তেওঁলোকৰ পূৰ্বৰ মঞ্চ-অভিজ্ঞতাৰ পৰা স্থানান্তৰিত এক অভ্যাস। ‘Vaudeville’ (কুৰি শতিকাৰ আমেৰিকাৰ মনোৰঞ্জনৰ এক জনপ্ৰিয় পদ্ধতি) আছিল বহু আমেৰিকান নিৰ্বাক চলচ্চিত্ৰৰ অভিনেতাৰ বাবে আছল জনপ্ৰিয় উৎস।[11] চলচ্চিত্ৰত মঞ্চ অভিনেতাৰ ব্যপক উপস্থিতিৰ বাবেই ১৯১৭ চনত পৰিচালক মাৰ্শ্বেল নেইলানে এই বিষ্ফোৰক উক্তি কৰিছিল, “চলচ্চিত্ৰ জগতলৈ মঞ্চৰ পৰা অহা মানুহবোৰ যিমান সোনকালে ওলাই যাব, সিমানে চলচ্চিত্ৰৰ বাবে মংগল।” ১৯১৪ চন মানৰ পৰা আমেৰিকাৰ দৰ্শকসকলে যে অভিনয়ত স্বাভাৱিকতা বিচাৰে, সেই বিষয়ে জনাবলৈ আৰম্ভ কৰিছিল।[13][14]

ভাৰতীয় নিৰ্বাক চলচ্চিত্ৰ[সম্পাদনা কৰক]

কুৰি শতিকাৰ আৰম্ভণিৰে পৰা ভাৰতত নিৰ্বাক ছবি নিৰ্মিত হৈ আহিছে। ১৯১২ চনত দাদাচাহেব টৰ্ণে পৰিচালিত প্ৰথম ভাৰতীয় নিৰ্বাক ছবি পুণ্ডলিক মুক্তি পায়। কিন্তু এইখনক বহুতে প্ৰথম ভাৰতীয় ছবি আখ্যা দিব নিবিচাৰে। ইয়াৰ সলনি ১৯১৩ চনত মুক্তি পোৱা দাদাচাহেব ফাল্কেৰাজা হৰিশ্চন্দ্ৰকহে প্ৰথম ভাৰতীয় ছবিৰ আখ্যা দিয়া হয়। ইয়াৰ কাৰণ পুণ্ডলিক এখন জনপ্ৰিয় মাৰাঠী নাটৰ ফটোগ্ৰাফিক ৰেকৰ্ডিংহে আছিল। তাৰোপৰি ইয়াৰ কেমেৰামেনজন এজন ব্ৰিটিছ ব্যক্তি আছিল আৰু ইয়ৰ প্ৰচেচিং ইংলেণ্ডত কৰা হৈছিল।[15] ফাল্কেই আৰু কেইখনমান উল্লেখযোগ্য নিৰ্বাক চলচ্চিত্ৰ, যেনে মোহিনী ভস্মাসুৰ (১৯১৩),সত্যবান সাবিত্ৰী (১৯১৪) আৰু লংকাদহন (১৯১৭) নিৰ্মাণ কৰিছিল। লংকাদহনক ভাৰতৰ প্ৰথম বক্সঅফিচ হিট বুলি গণ্য কৰা হয়।[16]

১৯১৮ চনত দুটা নতুন চলচ্চিত্ৰ কোম্পানী – কহিনুৰ ফিল্ম কোম্পানী আৰু ফাল্কেৰ হিন্দুস্তান চিনেমা ফিল্মছ কোম্পানী – প্ৰতিষ্ঠা কৰা হয়। ১৯২০ চনলৈকে চলচ্চিত্ৰ নিৰ্মাণ এক নিয়মীয়া উদ্যোগলৈ ৰূপান্তৰিত হয় আৰু ১৯৩১ চনত নিৰ্মিত ছবিৰ সংখ্যা ২০৭খন হয়হৈ; যদিও আৰম্ভণিৰ সময়ত এই সংখ্যা ২৭খনহে আছিল। ১৯২১ চনত মুক্তি পোৱা ধীৰেন গাংগুলীবিলাত ফেৰতক প্ৰথম ভাৰতীয় প্ৰেম কাহিনী বুলি ধৰিব পাৰি। ১৯২০ৰ দশক আৰু ১৯৩০ৰ দশকটো চন্দুলাল শ্বাহ, বাবুৰাও পেইণ্টাৰ, ছুচেট সিং, আৰ্দেশিৰ ইৰাণী, ভি শান্তাৰাম আদি বহুকেইজন বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতাৰ উৎত্থানৰ সাক্ষী।[16]

সেই সময়ৰ কেইখনমান উল্লেখযোগ্য নিৰ্বাক ছবি হ’ল- মদনৰ নল দময়ন্তী (১৯২১) আৰু নুৰজাহান; বাবুৰাও পেইণ্টাৰৰ মায়াবাজাৰ; আৰ্দেশিৰ ইৰাণীৰ আনাৰকলি (১৯২৮); ভি শান্তাৰামৰ গোপালকৃষ্ণ (১৯২৯); জগদীশ কোম্পানীৰ চন্দ্ৰমুখী আৰু সেঠ মানেকলাল পেটেলৰ হাতিমতাই[16]

তথ্য উৎস[সম্পাদনা কৰক]

পাদটীকা[সম্পাদনা কৰক]

  1. 1.0 1.1 Dirks, Tim. "Film History of the 1920s, Part 1". AMC. http://www.filmsite.org/20sintro.html। আহৰণ কৰা হৈছে: March 7, 2014. 
  2. Brownlow 1968b, পৃষ্ঠা. 580.
  3. Harris, Paul (December 4, 2013). "Library of Congress: 75% of Silent Films Lost". Variety. https://variety.com/2013/film/news/library-of-congress-only-14-of-u-s-silent-films-survive-1200915020/. 
  4. S., Lea (January 5, 2015). "How Do Silent Films Become 'Lost'?". Silent-ology. https://silentology.wordpress.com/2015/01/05/how-do-silent-films-become-lost/। আহৰণ কৰা হৈছে: July 27, 2017. 
  5. Harris, Paul (December 4, 2013). "Library of Congress: 75% of Silent Films Lost". Variety. https://variety.com/2013/film/news/library-of-congress-only-14-of-u-s-silent-films-survive-1200915020/. 
  6. S., Lea (January 5, 2015). "How Do Silent Films Become 'Lost'?". Silent-ology. https://silentology.wordpress.com/2015/01/05/how-do-silent-films-become-lost/। আহৰণ কৰা হৈছে: July 27, 2017. 
  7. Jeremy Polacek (June 6, 2014). "Faster than Sound: Color in the Age of Silent Film". Hyperallergic. http://hyperallergic.com/129119/faster-than-sound-color-in-the-age-of-silent-film/. 
  8. Vlad Strukov, "A Journey through Time: Alexander Sokurov's Russian Ark and Theories of Memisis" in Lúcia Nagib and Cecília Mello, eds. Realism and the Audiovisual Media (NY: Palgrave Macmillan, 2009), 129-30. আই.এচ.বি.এন. 0230246974; and Thomas Elsaesser, Early Cinema: Space, Frame, Narrative (London: British Film Institute, 1990), 14. আই.এচ.বি.এন. 0851702457
  9. Foster, Diana (November 19, 2014). "The History of Silent Movies and Subtitles". Video Caption Corporation. https://www.vicaps.com/blog/history-of-silent-movies-and-subtitles/। আহৰণ কৰা হৈছে: 24 February 2019. 
  10. Cook 1990.
  11. 11.0 11.1 Lewis 2008.
  12. Miller, Mary K. (April 2002). "It's a Wurlitzer". Smithsonian. https://www.smithsonianmag.com/history/its-a-wurlitzer-61398212/। আহৰণ কৰা হৈছে: February 24, 2018. 
  13. Brownlow 1968a, পৃষ্ঠা. 344–353.
  14. "Lon Chaney" (en ভাষাত). www.tcm.com. http://www.tcm.com/tcmdb/person/32060%7C100215/Lon-Chaney/। আহৰণ কৰা হৈছে: 2022-06-04. 
  15. Damle, Manjiri (21 April 2012). "Torne's 'Pundlik' came first, but missed honour". The Times of India. Archived from the original on 2013-05-30. https://web.archive.org/web/20130530104400/http://articles.timesofindia.indiatimes.com/2012-04-21/pune/31378416_1_english-films-subtitles-bourne। আহৰণ কৰা হৈছে: 2022-10-29. 
  16. 16.0 16.1 16.2 [www.culturopedia.com/silent-films/#:~:text=The%20first%20silent%20feature%20film,'Raja%20Harishchandra'%20in%201913 "Silent Films of India"]. Culturopedia. www.culturopedia.com/silent-films/#:~:text=The%20first%20silent%20feature%20film,'Raja%20Harishchandra'%20in%201913। আহৰণ কৰা হৈছে: 29 October 2022. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]