জামছেদজী ফ্ৰেমজী মদন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
জামছেদজী ফ্ৰেমজী মদন
Jamshedji Framji Madan
জন্ম ১৮৫৬
মুম্বাই
মৃত্যু ১৯২৩

জামছেদজী ফ্ৰেমজী মদন (ইংৰাজী: Jamshedji Framji Madan), (যাক সাধাৰণতে জে এফ মদন বুলিয়েই জনা যায়) ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাণৰ এগৰাকী পথপ্ৰদৰ্শক আছিল৷ ভাৰতীয় চলচ্চিত্ৰৰ নিৰ্মাণ, বিতৰণ আৰু প্ৰযোজনাত আগৰণুৱাসকলৰ এজন ৰূপে তেওঁ চলচ্চিত্ৰ জগতত প্ৰখ্যাত৷ ১৮৯০ৰ দশকত বম্বে'ত তেওঁৰ মালিকীস্বত্ত্বত থকা দুটাকৈ থিয়েটাৰ কম্পেনী আছিল৷ [1]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

জামছেদজী ফ্ৰেমজী মদনৰ জন্ম হৈছিল ১৮৫৬ চনত বম্বেৰ এটা পাৰ্ছী পৰিয়ালত৷ তেওঁৰ জন্ম এটা পাৰ্চী পৰিয়ালত হৈছিল। বোম্বেৰ সাতটা দ্বীপপুঞ্জৰ ভূমি পুনৰুদ্ধাৰৰ দায়িত্বত থকা বোম্বে ৰিক্লেইমেচন বেংক ব্যৰ্থ বোৱাৰ পিছত মদনৰ পিতৃ এক বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন হৈছিল। সেয়েহে পঢ়া আধাতে সামৰি তেওঁ এলফিনষ্টোন ড্ৰেমেটিক কোম্পানীত ১৮৬৮ত প্ৰপ বয় বিচাপে কামত সোমাইছিল। এই এমেচাৰ কোম্পানীটো ১৮৭৫ৰ পিনে এটা পেচাদাৰী কোম্পানীলৈ ৰূপান্তৰ হৈছিল আৰু ভাৰতৰ বিভিন্ন ঠাইত নাট মঞ্চস্থ কৰি ফুৰিছিল।[2]

কৰ্মজীৱন[সম্পাদনা কৰক]

১৮৮২ চনত জামছেদজী ফ্ৰেমজী মদনে থিয়েটাৰ কোম্পানী এৰিছিল আৰু কৰাচীত ব্যৱসায় আৰম্ভ কৰিছিল। ব্যৱসায়ত সফল হৈছিল যদিও অতি চমু সময়ৰ বাবেহে তেওঁ কৰাচীত আছিল। ১৮৮৩ত তেওঁ কলিকতালৈ গুছি আহে। আৰ্মি কেণ্টনমেণ্টত সামগ্ৰী যোগান ধৰি তেওঁ ভালেমান ধন ঘটিছিল আৰু সেই ধনেৰে কৰিন্থিয়ান হল (Corinthian Hall) কিনি লয়, য'ত নাটক আদি মঞ্চস্থ হৈছিল। আনহাতে জীৱনৰ প্ৰথম কৰ্মস্থলী এনফিনষ্টোন থিয়েটাৰ কোম্পানীৰ স্বত্বও কুৱাৰ্জী নাজিৰৰ পৰা কিনি লয়।[2] কৰিন্থিয়ান হলক কৰিন্থিয়ান থিয়েটাৰলৈ ৰূপান্তৰিত কৰা হয়। এই থিয়েটাৰ জাকজমকতা পূৰ্ণ পাৰ্চী নাট মঞ্চস্থৰ বাবে বিখ্যাত হৈ পৰিছিল, য'ত মহিলা অভিনয় শিল্পীয়েও অভিনয় কৰিছিল আৰু এয়া আছিল সেই সময়ৰ এক বিৰল পৰিঘটনা।

১৯০২ চনত তেওঁ তম্বু কৰি কলকাতাৰ ময়দানত আৰু সমান্তৰালভাবে কৰিন্থিয়ান থিয়েটাৰত পেৰিচৰ Pathé Frères কোম্পানীৰ পৰা অনা সৰঞ্জামেৰে বায়স্কোপৰ প্ৰদৰ্শনী আৰম্ভ কৰিছিল। এই এলফিনষ্টোন বায়স্কোপ কোম্পানীৰ বেনাৰত মদনে প্ৰদৰ্শন কৰা বেছিভাগ ছবিয়ে আছিল Pathé Frères কোম্পানীৰ প্ৰযোজনা।[2] এলফিনষ্টোন বায়স্কোপ কোম্পানীয়ে বহুসংখ্যক চুটি ছবি নিৰ্মাণ কৰিছিল।[3] সেই একে বছৰতে ক্ৰয় কৰা আলফ্ৰেড থিয়েটাৰতো ছবি প্ৰদৰ্শন আৰম্ভ কৰিছিল।

১৯০৭ চনত তেওঁ এলফিনষ্টোন পিকচাৰ পেলেচ (বৰ্তমানৰ চেপলিন পেলেচ) স্থাপন কৰে, যিটো কলকাতৰ প্ৰথম স্থায়ী চিত্ৰগৃহ আছিল। বৰ্তমান এলিট চিনেমা বুলি জনাজাত, "মদন থিয়েটাৰ এণ্ড পেলেচ অৱ ভেৰাইটিজ"ৰো স্থাপনা তেওঁ কৰিছিল।[2]

প্ৰথম বিশ্বযুদ্ধৰ পাছত তেওঁৰ ব্যৱসায় ক্ৰমশঃ বৃদ্ধি পাবলৈ ধৰে। ১৯০৯ চনত তেওঁৰ ছবি নিৰ্মাণ ব্যৱসায় মদন থিয়েটাৰচ্ লিমিটেড নামেৰে যৌথ মূলধনী ব্যৱসায়লৈ (Joint Stock Company) ৰূপান্তৰ হয়। সেই সময়চোৱাত মূলতঃ মদন থিয়েটাৰ আৰু ইয়াৰ সহযোগী প্ৰতিষ্ঠানবিলাকৰ দ্বাৰাই ভাৰতৰ চিত্ৰগৃহসমূহ নিয়ন্ত্ৰিত হৈছিল। ১৯১৯ত মদনে প্ৰথম বাংলা কাহিনী ছবি বিল্বমঙ্গলৰl প্ৰযোজনা কৰিছিল। এই ছবিখন প্ৰথম কৰ্ণৱালিচ থিয়েটাৰত (আজিৰ শ্ৰীচিনেমা) প্ৰদৰ্শিত হৈছিল।

দ্য ইলেক্ট্ৰিক খিয়েটাৰ (বৰ্তমানৰ ৰিগেল থিয়েটাৰ), গ্ৰেণ্ড অপেৰা হাউচ (বৰ্তমানৰ গ্লোৱ চিনেমা আৰু ক্ৰাউন চিনেমা (বৰ্তমানৰ উত্তৰা চিনেমা)- এই আটাইবোৰে মদন থিয়েটাৰৰ মালিকানাধীন আছিল। মদন ১৯০২ চনত কলকাতালৈ আহি এলফিনষ্টোন বায়স্কোপ কোম্পানী স্থাপন কৰিছিল আৰু নিৰ্বাক ছবি নিৰ্বাক ছবি নিৰ্মাণ আৰু প্ৰদৰ্শন কৰিবলৈ লৈছিল। জ্যোতিষ সৰকাৰে নিৰ্মাণ কৰা ১৯০৫ চনত হোৱা বঙ্গ বিভাজনৰ ছবিও তেওঁ প্ৰদৰ্শন কৰিছিল।[1] Pathé Frères Films ৰ স্বত্ব লাভ কৰাৰ পিছত তেওঁৰ ব্যৱসায়িক সাম্ৰাজ্যৰ বিস্তাৰ হৈছিল। এলফিনষ্টোন বায়স্কোপ কোম্পানীয়ে ১৯১৯ত প্ৰথম বাংলা কাহিনী ছবি বুলি স্বীকৃতি পোৱা বিল্বমঙ্গল নিৰ্মাণ কৰিছিল।[1] ১৯১৯ত এলফিনষ্টোনক মদন থিয়েটাৰৰ সৈতে চামিল হৈ যায়; যিটো একীভূত কোম্পানীয়ে বহুতো জনপ্ৰিয় বাংলা সাহিত্য-কৰ্মৰ মঞ্চ-অভিযোজনা কৰিছিল।[1]

সফলতাৰ সচাৰকাঠি[সম্পাদনা কৰক]

তেওঁৰ ছবিবোৰত অতি উচ্চ পৰ্যায়ৰ কাৰিকৰী নিপুণতা দেখা যায়; যাৰবাবে তেওঁ Eugenio De Liguoro, Camille Le Grand and Georgio Mannini আদি অভিজ্ঞ বিদেশী পৰিচালকক নিযুক্তি দিছিল। বিশাল বিশাল চেটৰ ব্যৱহাৰ, জনপ্ৰিয় পৌৰাণিক কাহিনীৰ আধাৰত ছবিৰ কাহিনী নিৰ্মাণ আদি বিশিষ্ট গুণৰাজিৰ বাবে তেওঁৰ ছবিয়ে উচ্চহাৰত ধন আৰ্জিবলৈ সক্ষম হৈছিল। ইয়াৰে বহু চিনেমা আছিল ইতিমধ্যে প্ৰদৰ্শিত হৈ যোৱা জনপ্ৰিয় মঞ্চনাটৰ চলচ্চিত্ৰীয় ৰূপ। Liguoroই নিৰ্মাণ কৰিছিল নল দময়ন্তী (১৯২০) আৰু ধ্ৰুৱ চৰিত্ৰ। Le Grand-এৰত্নাৱলী (১৯২২) আৰু Mannini-এ সাবিত্ৰী-সত্যৱান (১৯২৩) পৰিচালনা কৰিছিল। ভাৰতীয় চিনেমাৰ আৰম্ভণী কালচোৱাৰ তাৰকা অভিনেতা পেচেঞ্চ কুপাৰে মদন থিয়েটাৰ নিৰ্মিত বহুকেইখন ছবিত অভিনয় কৰিছিল।

মদনে চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ বাংলা সাহিত্যৰ শীৰ্ষস্থানীয় সাহিত্যিক বঙ্কিংচন্দ্ৰ চেতাৰ্জী, ৰবীন্দ্ৰনাথ ঠাকুৰ আাদিৰ সাহিত্যকৰ্মৰ স্বত্ব লাভ কৰিবলৈ সক্ষম হৈছিল। মদন থিয়েটাৰে বঙ্কিমচন্দ্ৰৰ সাহিত্যৰ আধাৰত বিষবৃক্ষ (১৯২২ আৰু ১৯২৮), দূৰ্গেশ নন্দিনী (১৯২৭) আৰু ৰাধাৰাণী (১৯৩০), ৰবীন্ৰনাথৰ সাহিত্যকৰ্মৰ আধাৰত গিৰিবালা (১৯২৯) প্ৰযোজনা কৰিছিল।

কিংবদন্তী[সম্পাদনা কৰক]

মদন আৰু তেওঁৰ সম্পৰ্কীয়সকল সুৰা ৰপ্তানী, খাদ্য, দৰৱ উৎপাদন, ৰিয়েল ইষ্টেট, বীমা আদি বিভিন্ন ব্যৱসায়ত জড়িত আছিল যদিও 'মদন থিয়েটাৰ'হে বেছি জনাজাত আৰু সু-প্ৰতিষ্ঠিত আছিল। ইয়াৰ কাৰ্য-কলাপ সেইসময়ৰ বৃটিছ ভাৰতৰ অংশ বাৰ্মা, শ্ৰীলংকা আদিলৈকেও বিয়পি পৰিছিল।[4]

জে এফ মদনৰ ১৯২৩ চনত মৃত্যু হোৱাৰ পিছত তেওঁৰ তৃতীয় পুত্ৰ জে জে মদনে মদন খিয়েটাৰৰ পৰিচালন সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰিছিল। মদন থিয়েটাৰে ১৯২০ চনৰ শেহৰ পিনে সাফল্যৰ চূড়ান্ত শিখৰত উপনীত হৈছিল, যেতিয়া এই প্ৰতিষ্ঠানটো ১২৭ টা চিত্ৰগৃহৰ মালিক হৈছিল আৰু দেশৰ ৫০% বক্স অফিচ নিয়ন্ত্ৰণ কৰিছিল।[5] মদন খিয়েটাৰে ১৯৩৭ চনলৈ বহুকেইখন জনপ্ৰিয় আৰু বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজনা কৰিছিল।

আমেৰিকান অভিনেতা এৰিক আৱাৰী জে জে মদনৰ নাতি।[6]

তথ্যসুত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 Abel, Richard (12 January 2005). Encyclopedia of Early Cinema. Taylor & Francis. পৃষ্ঠা. 580. ISBN 978-0-415-23440-5. http://books.google.com/books?id=9cc71Uekc_EC&pg=PA580। আহৰণ কৰা হৈছে: 3 October 2012. 
  2. 2.0 2.1 2.2 2.3 pp 17-20, The Gramophone Company's First Indian Recordings, 1899-1908, Michael Kinnear, Popular Prakshan, 2004, ISBN 81-7154-728-1
  3. IMDb page on Elphinstone Bioscope Company
  4. BFJA page on five pillars of Indian Cinema
  5. p 520, The SAGE Handbook of Media Studies, John H Downing et al., SAGE, 2004, ISBN 0-7619-2169-9
  6. Erick Avari সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]