সমললৈ যাওক

পেৰিছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Paris
Map
স্থানাংক: 48°51′24″N 2°21′08″E / 48.856613°N 2.352222°E / 48.856613; 2.352222স্থানাংক: 48°51′24″N 2°21′08″E / 48.856613°N 2.352222°E / 48.856613; 2.352222
জনসংখ্যা
২১৬৫৪২৩

পেৰিছ হৈছে ফ্ৰান্সৰ আটাইতকৈ জনবহুল তথা ৰাজধানী চহৰ। ইয়াৰ মাটিকালি প্ৰায় ১০৫ বৰ্গ কিলোমিটাৰ (৪১ বৰ্গ মাইল)। ২০১৯ চনৰ তথ্যমতে পেৰিছৰ জনসংখ্যা আনুমানিক ২,১৬৫,৪২৩ জন।[1] ২০২০ চনত ই বিশ্বৰ ৩৪ সংখ্যক আটাইতকৈ ঘন জনবসতিপূৰ্ণ চহৰ হিচাপে পৰিগণিত হৈছিল।[2] ১৭ শতিকাৰ পৰাই পেৰিছ বিশ্বৰ বিত্ত, কূটনীতি, বাণিজ্য, ফেশ্বন, গেষ্ট্ৰ’নমি, বিজ্ঞান, আৰু কলাৰ অন্যতম প্ৰধান কেন্দ্ৰ হিচাপে পৰিগণিত হৈ আহিছে আৰু বহুসময়ত ইয়াক বিশ্বৰ ৰাজধানী বুলিও উল্লেখ কৰা হৈছে।

বিংশ শতিকাৰ আৰম্ভণিতে পেৰিছ আছিল বিশ্বৰ আটাইতকৈ ডাঙৰ কেথলিক চহৰ।[3] ফৰাচী লোকপিয়লৰ তথ্যত ধৰ্মীয় জনগাঁঠনিৰ বিষয়ে কোনো তথ্য নাই।[4] ফ্ৰান্সৰ জনমত গৱেষণা সংস্থা Institut français d’opinion publique (IFOP)ই ২০১১ চনত কৰা এক সমীক্ষা অনুসৰি পেৰিছ অঞ্চলৰ ৬১ শতাংশ বাসিন্দাই নিজকে ৰোমান কেথলিক বুলি পৰিচয় দিছে। একেটা সমীক্ষাতে ৭ শতাংশ বাসিন্দাই নিজকে মুছলমান, ৪ শতাংশই প্ৰটেষ্টেণ্ট, ২ শতাংশই ইহুদী আৰু ২৫ শতাংশই ধৰ্মহীন বুলি পৰিচয় দিছে।

INSEE সমীক্ষা মতে, বিশেষকৈ আলজেৰিয়া, মৰক্কো আৰু টিউনিছিয়াত ৪ৰ পৰা ৫০ লাখ ফৰাচী বাসিন্দাৰ পূৰ্বজ অথবা অন্ততঃ এজন পিতৃ-মাতৃ মুছলমান প্ৰধান দেশীয় আছিল। ২০০৮ চনত IFOPৰ এক সমীক্ষাত প্ৰকাশ পাইছিল যে, এই মুছলমান প্ৰধান দেশসমূহৰ পৰা অহা অনুপ্ৰৱেশকাৰীৰ ভিতৰত ২৫ শতাংশই নিয়মীয়াকৈ মছজিদলৈ গৈছিল; ৪১ শতাংশই ধৰ্ম পালন কৰিছিল, আৰু ৩৪ শতাংশ লোক বিশ্বাসী আছিল যদিও ধৰ্ম পালন কৰা নাছিল।[5][6] ২০১২ আৰু ২০১৩ চনত পেৰিছ চহৰত প্ৰায় ৫ লাখ মুছলমান, আইল ডি ফ্ৰান্স অঞ্চলত ১৫ লাখ মুছলমান আৰু ফ্ৰান্সত ৪ৰ পৰা ৫০ লাখ মুছলমান আছিল বুলি অনুমান কৰা হৈছিল।[7][8]

পেৰিছ অঞ্চলৰ ইহুদী জনসংখ্যা ২০১৪ চনত ২ লাখ ৮২ হাজাৰ বুলি অনুমান কৰা হৈছিল, এয়া ইজৰাইল আৰু আমেৰিকাৰ বাহিৰে বিশ্বত যিকোনো দেশত থকা ইহুদীৰ সৰ্বাধিক জনঘনত্ব।[9]

হোটেলত থকাৰ তথ্য অনুসৰি ২০২০ চনত পেৰিছলৈ ১ কোটি ২৬ লাখ দৰ্শনাৰ্থী আহিছিল, যিটো ক’ভিড-১৯ ভাইৰাছৰ বাবে ২০১৯ চনৰ তুলনাত ৭৩ শতাংশ কম আছিল।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Populations légales 2019: Commune de Paris (75056)". INSEE. 29 December 2021. https://www.insee.fr/fr/statistiques/6005800?geo=COM-75056 আহৰণ কৰা হৈছে: 3 February 2022.
  2. "The World's Most Densely Populated Cities" (en-US ভাষাত). WorldAtlas. 2020-10-04. https://www.worldatlas.com/articles/the-world-s-most-densely-populated-cities.html আহৰণ কৰা হৈছে: 2022-03-04.
  3. Ivereigh, Austen (2016). Catholicism and Politics in Argentina, 1810-1960. Springer. পৃষ্ঠা. 76. ISBN 978-1-349-13618-6. "Buenos Aires was the second largest Catholic city in the world (after Paris)"
  4. Burchardt, Marian; Michalowski, Ines (26 November 2014) (en ভাষাত). After Integration: Islam, Conviviality and Contentious Politics in Europe. Springer. ISBN 978-3-658-02594-6. https://books.google.com/books?id=mPibBQAAQBAJ&pg=PA188 আহৰণ কৰা হৈছে: 30 September 2017.
  5. "que pese l'Islam en France" (fr ভাষাত). Le Monde. 21 January 2015. http://www.lemonde.fr/les-decodeurs/article/2015/01/21/que-pese-l-islam-en-france_4559859_4355770.html.
  6. "How does France count its muslim population?". Le Figaro. http://plus.lefigaro.fr/note/how-does-france-count-its-muslim-population-20110407-435643 আহৰণ কৰা হৈছে: 30 October 2015.
  7. "Interview with Dalil Boubakeur" (fr ভাষাত). Le Soir. Archived from the original on 28 January 2015. https://web.archive.org/web/20150128112504/http://archive.francesoir.fr/actualite/societe/dalil-boubakeur-%E2%80%9Cil-faut-doubler-nombre-mosquees-en-france%E2%80%9D-54083.html আহৰণ কৰা হৈছে: 13 November 2015.
  8. Riou, Mathilde (29 April 2013). "Le manque de mosquée en Ile-de-France". France 3. http://france3-regions.francetvinfo.fr/paris-ile-de-france/2013/04/29/le-manque-de-mosquee-en-ile-de-france-243225.html.
  9. Berman Jewish Databank. "World Jewish Population 2014". http://www.jewishdatabank.org/Studies/details.cfm?StudyID=776 আহৰণ কৰা হৈছে: 13 November 2015.