জীনত আমান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জিনাত আমানৰ পৰা পুনঃনিৰ্দেশিত)
জীনত আমান

২০১৮ চনত আমান
জন্ম জীনত খান
১৯ নৱেম্বৰ, ১৯৫১ (৭২ বছৰ)
বোম্বাই, বোম্বাই ৰাজ্য, ভাৰত
শিক্ষানুষ্ঠান দক্ষিণ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়
পেচা
  • অভিনেত্ৰী
  • মডেল
সক্ৰিয় হৈ থকা সময় ১৯৭০–বৰ্তমান
পদবী
দাম্পত্যসঙ্গী
  • সঞ্জয় খান,১৯৭৮-১৯৭৯,বাতিল

  • মজহৰ খান, ১৯৮৫-১৯৯৮, মৃত্যু
সন্তান
আত্মীয়-স্বজন ৰাজা মুৰাদ (ভতিজা)

জীনত খান (ইংৰাজী: Zeenat Khan, জন্ম: ১৯ নৱেম্বৰ ১৯৫১)ৰ জনপ্ৰিয় নাম হৈছে জীনত আমান। তেখেত হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। হিন্দী ছবিজগতত তেখেতে জীৱনৰ পঞ্চাছটা বছৰ অতিবাহিত কৰিছে।[1] দুটা ফিল্মফেয়াৰ আৰু এটা BFJAকে ধৰি একাধিক বঁটা-সন্মান পাবলৈ জিনাত আমান সক্ষম হৈছে। ১৯ বছৰ বয়সতে মডেলিঙৰ জৰিয়তে তেখেতে পৰিচিতি লাভ কৰে আৰু ইয়াৰ পিছত তেখেতে ১৯৭০ চনত 'ফেমিনা মিছ ইণ্ডিয়া' আৰু 'মিছ ইণ্ডিয়া পেচিফিক ইণ্টাৰনেশ্যনেল'ৰ খিতাপ লাভ কৰে।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৫১ চনৰ ১৯ নৱেম্বৰত জীনত আমানে বোম্বাইত জন্মলাভ কৰে।[2][3] পিতৃ আছিল মুছলমান সম্প্ৰদায়ৰ আৰু মাতৃ আছিল এগৰাকী মহাৰাষ্ট্ৰীয় হিন্দু। পিতৃ আমানুল্লাহ খান আছিল[2][4] এগৰাকী চিত্ৰনাট্যকাৰ। তেখেতে 'মুগল-ঈ-আজম' আৰু 'পাকিজা'ৰ দৰে ছবিত কাম কৰিছে। লিখা-মেলা কৰোঁতে তেখেতে প্ৰায়েই 'আমান' নামটো ব্যৱহাৰ কৰিছিল। সেইটো নামকেই জিনাত আমানে পৰৱৰ্তী সময়ত ব্যৱহাৰ কৰে।

শিক্ষা[সম্পাদনা কৰক]

জীনত আমানৰ কিশোৰী কালতেই তেখেতৰ পিতৃ-মাতৃৰ মাজত বিবাহ-বিচ্ছেদ হয়।[5] ১৩ বছৰ বয়সত তেখেতৰ পিতৃৰ দেহাৱসান ঘটে।[6] আমানে পঞ্চগনিৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে আৰু লছ এঞ্জেলছত থকা দক্ষিণ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত পঢ়িবলৈ যায়। অৱশ্যে তেখেতে স্নাতকৰ শিক্ষা সমাপ্ত কৰিব নোৱাৰিলে।

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৭০ চনত, জীনত আমানে 'ফেমিনা মিছ ইণ্ডিয়া'ত অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাত তেখেতে দ্বিতীয় স্থান দখল কৰে আৰু 'প্ৰথম ৰাজকুমাৰী'ৰ সন্মান পায়।[7] ইয়াৰ পিছত তেখেতে 'মিছ ইণ্ডিয়া পেচিফিক ইণ্টাৰনেশ্যনেল'তো অংশ লয় আৰু বিজয়ীৰ খিতাপ লাভ কৰে। এইটো বিজয়মুকূট পিন্ধা তেখেত ফেমিনা মিছ ইণ্ডিয়াৰ প্ৰথমগৰাকী খিতাপদখলকাৰী আছিল।[8]

দু্যোখন সন্মানজনক প্ৰতিযোগিতাতে বঁটা লাভ কৰা জীনত আমানে ইয়াৰ পিছত অভিনয়ৰ জগতত খোজ পেলায়। তেখেতে অভিনয় কৰা প্ৰথমখন ছবি ১৯৭০ চনত মুক্তিপ্ৰাপ্ত 'দ্য এভিল উইথিন'। ছবিখনত তেখেতৰ সৈতে অভিনয় কৰিছিল দেৱানন্দে। ছবিখন ব্যৱসায়িকভাৱে বিফল হয়।[9]

১৯৭১ চনত, আমানে অ.পি. ৰালহানৰ দ্বাৰা নিৰ্মিত ছবি 'হালচাল'ত এটি সৰু ভূমিকাত অৱতীৰ্ণ হয়। একেটা বছৰতে তেখেতে ৰালহানৰ অইন এখন ছবি 'হাংগামা'তো অভিনয় কৰে। এইখন ছবিত বিনোদ খান্না আৰু কিশোৰ কুমাৰ, হেলেন আদিয়ে অভিনয় কৰিছিল। দুয়োখন ছবিয়েই বক্স অফিচত ফ্লপ হিচাপে বিবেচিত হয়।[10][11][12]

জিনাত আমানে প্ৰথমটো সফলতা লাভ কৰে ১৯৭১ চনত। ছবিখনৰ নাম আছিল-'হৰে ৰাম হৰে কৃষ্ণ'। অভিনেতা আৰু পৰিচালক দেৱানন্দে এইখন ছবিত অভিনয় কৰিবলৈ অভিনেত্ৰীগৰাকীক অনুৰোধ কৰিছিল। পূৰ্বতে এই প্ৰস্তাৱটো অভিনেত্ৰী জাহিদাক দিয়া হৈছিল যদিও তেখেতে নাকচ কৰে।[13] ছবিখন দৰ্শক-সমালোচকে আদৰি লয়। ছবিখনৰ জৰিয়তে জিনাত আমানৰ কেৰিয়াৰেও গতি লাভ কৰিলে।[14][15] ছবিখনত অতি সবল অভিনয় কৰা জিনাতে ফিল্মফেয়াৰৰ পৰা 'শ্ৰেষ্ঠ সহ-অভিনেত্ৰী'ৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।[16] ইয়াৰ লগতে তেখেতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে BFJA বঁটাও লাভ কৰে।[17]

১৯৭০ দশকত, 'চিনে ব্লিটজ' নামৰ আলোচনীখন উন্মোচন কৰা হয়। আলোচনীখনৰ প্ৰথমটো সংখ্যাৰ প্ৰচ্ছদত জিনাত আমানক ঠাই দিয়া হয়।[18][11] ১৯৭৩ চনত আমানে 'য়াদো কি বাৰাত' নামৰ সমাদৃত ছবিখনত অভিনয় কৰে। একছনধৰ্মী ছবিখনত আমানে সুনীতা নামৰ চৰিত্ৰটো ৰূপায়ণ কৰে। এইখন ছবিক চিনে পণ্ডিত কৌশিক ভৌমিকে "the first quintessential Bollywood film" হিচাপে অভিহিত কৰে।[19] এইখন ছবিত জিনাত আমান দৃশ্যমান হোৱা "চুৰালিয়া হেয় তুমনে জ দিলকো" গীতটোৱে দৰ্শকৰ মাজত প্ৰচুৰ আলোড়নৰ সৃষ্টি কৰে। তেখেতে "গীটাৰ লৈ থকা বগা সাজ পৰিহিতা যুৱতী" হিচাপে জনাজাত হয়।[20] ১৯৭৮ চনত জিনাত আমানে জনপ্ৰিয় 'ডন' ছবিখনত ৰোমা নামৰ চৰিত্ৰটো ৰূপায়ণ কৰে।[21]

২০২০ চনৰ ফেব্ৰুৱাৰিত ঘোষণা কৰা হয় যে, জিনাত আমানে থিয়েটাৰৰ জৰিয়তে পুনৰাগমন ঘটাব। তেখেতে কস্তুৰবা গান্ধীৰ আধাৰত এখন নাট মঞ্চস্থ কৰাৰ পৰিকল্পনা কৰে।[22] ২০২১ চনৰ জানুৱাৰীত ঘোষণা কৰা হয় যে, তেখেতে 'মাৰগাঁও: দ্য ক্লজড ফাইল' নামৰ মাৰ্ডাৰ-মিষ্ট্ৰী ছবিখনত শীৰ্ষ চৰিত্ৰত অভিনয় কৰিব। ১৯৮০ৰ দশকত পিছত এইখনেই হ'ব তেখেতে শীৰ্ষ চৰিত্ৰত অভিনয় কৰা প্ৰথম ছবি।[23] ছবিখন পৃথিৱীৰ বহুল জনপ্ৰিয় লেখিকা আৰু সাহিত্যিক আগাথা ক্ৰিষ্টিলৈ উৎসৰ্গা কৰা হ'ব।[24]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Zeenat Aman completes 50 years in Bollywood; celebrates with the cast and crew of Margaon The Closed File - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/others/zeenat-aman-completes-50-years-in-the-bollywood-industry-celebrates-with-the-cast-and-crew-of-margaon-the-closed-file/articleshow/81468955.cms। আহৰণ কৰা হৈছে: 2021-03-13. 
  2. 2.0 2.1 "Birthday special: Zeenat Aman marriage controversy you did not know". Free Press Journal - Latest India News, Live Updates, Breaking news from Mumbai. https://www.freepressjournal.in/entertainment/birthday-special-zeenat-aman-marriage-controversy-you-did-not-know/974202। আহৰণ কৰা হৈছে: 29 November 2018. 
  3. "Happy Birthday Zeenat Aman: Accidental actor who redefined Indian film heroine but was unlucky in love" (en ভাষাত). Hindustan Times. 19 November 2019. https://www.hindustantimes.com/bollywood/happy-birthday-zeenat-aman-accidental-actor-who-redefined-indian-film-heroine-but-was-unlucky-in-love/story-t7haEwxtyftxNcaOajZaRM.html। আহৰণ কৰা হৈছে: 16 December 2019. 
  4. "Zeenat Aman seeks recognition as an actress". India Today. https://www.indiatoday.in/magazine/cover-story/story/19771115-zeenat-aman-seeks-recognition-as-an-actress-823475-2014-09-05। আহৰণ কৰা হৈছে: 29 November 2018. 
  5. "Accidental Star who Redefined Indian Film Herione". The Hindustan Times. https://www.hindustantimes.com/bollywood/happy-birthday-zeenat-aman-accidental-actor-who-redefined-indian-film-heroine-but-was-unlucky-in-love/story-t7haEwxtyftxNcaOajZaRM.html। আহৰণ কৰা হৈছে: 8 February 2020. 
  6. https://www.imdb.com/name/nm0023868/bio
  7. "Miss Veena Sajnani, Fashion Photo, Radiant young Veena Sajnani is...". timescontent.com. https://timescontent.com/syndication-photos/reprint/fashion/264716/miss-veena-sajnani.html। আহৰণ কৰা হৈছে: 12 January 2021. 
  8. Simeon (9 March 2017). "The Bold and Beautiful: Zeenat Aman Miss Asia Pacific 1970" (en ভাষাত). Indian and World Pageant. https://indianandworldpageant.com/2017/03/09/the-bold-and-beautiful-zeenat-aman-miss-asia-pacific-1970/। আহৰণ কৰা হৈছে: 24 April 2020. 
  9. "Did you know Dev Anand acted in a Hollywood movie in 1970? - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/did-you-know/did-you-know-dev-anand-acted-in-a-hollywood-movie-in-1970/articleshow/63974886.cms। আহৰণ কৰা হৈছে: 16 December 2019. 
  10. "Happy 68th Birthday, Zeenat Aman! Meet The Glamour Icon Who Broke All Rules in Bollywood" (en ভাষাত). indiatimes.com. 19 November 2019. https://www.indiatimes.com/entertainment/celebs/happy-68th-birthday-zeenat-aman-meet-the-glamour-icon-who-broke-all-rules-in-bollywood-500253.html। আহৰণ কৰা হৈছে: 16 December 2019. 
  11. 11.0 11.1 World, Republic. "Zeenat Aman: Here is a look at the Yaadon Ki Baarat actor's journey". Republic World. https://www.republicworld.com/entertainment-news/bollywood-news/zeenatamanhereisalookattheyaadonkibaaratactorsjourney। আহৰণ কৰা হৈছে: 10 November 2019. 
  12. Ramasubramanian, Uma (31 August 2019). "I am not a feminist, I am a humanist: Zeenat Aman". The Asian Age. https://www.asianage.com/entertainment/bollywood/300819/i-am-not-a-feminist-i-am-a-humanist-zeenat-aman.html। আহৰণ কৰা হৈছে: 16 December 2019. 
  13. "Mid-Day". http://www.mid-day.com/specials/2009/jun/140609-Second-Lead-Nalini-Jaywant-Zeenat-Aman-Hare-Rama-Hare-Krishna-Bollywood-Quotes-Play.htm. 
  14. "When Dev Anand met the Dum Maro Dum girl Zeenat Aman - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/When-Dev-Anand-met-the-Dum-Maro-Dum-girl-Zeenat-Aman/articleshow/43215981.cms। আহৰণ কৰা হৈছে: 16 December 2019. 
  15. "Happy Birthday Zeenat Aman: Satyam Shivam Sundaram to Don, 5 Must-Watch Movies of the Glamour Queen". News18. 19 November 2019. https://www.news18.com/news/movies/happy-birthday-zeenat-aman-satyam-shivam-sundaram-to-don-5-must-watch-movies-of-the-actress-2392281.html। আহৰণ কৰা হৈছে: 16 December 2019. 
  16. "1st Filmfare Awards 1953". Archived from the original on 12 June 2009. https://web.archive.org/web/20090612065210/http://deep750.googlepages.com/FilmfareAwards.pdf। আহৰণ কৰা হৈছে: 29 November 2018. 
  17. "Archived copy". http://www.bfjaaward.com/award-winners.php?year=1973। আহৰণ কৰা হৈছে: 10 February 2014. 
  18. "Protima's naked run: Cine Blitz Profile". Hindustan Times. Archived from the original on 30 July 2014. https://web.archive.org/web/20140730182407/http://www.hindustantimes.com/news/specials/proj_tabloid/protimastory.shtml। আহৰণ কৰা হৈছে: 30 July 2014. 
  19. Chaudhuri, Diptakirti (1 October 2015) (en ভাষাত). Written by Salim-Javed: The Story of Hindi Cinema's Greatest Screenwriters. Penguin UK. ISBN 9789352140084. https://books.google.com/books?id=Cri9CgAAQBAJ&pg=PT58. "Film scholar Kaushik Bhaumik calls it 'the first masala classic as well as the first Bollywood film'." 
  20. Dinesh Raheja (12 November 2002). "The A to Z of Zeenat Aman". Rediff.com. http://www.rediff.com/entertai/2002/nov/12dinesh.htm। আহৰণ কৰা হৈছে: 14 January 2011. 
  21. "The perfect Zeenat". 22 June 2006. http://www.indiafm.com/features/2005/7/20/623/index.html। আহৰণ কৰা হৈছে: 16 December 2019. 
  22. PTI (8 January 2020). "Zeenat Aman To Make Theatre Comeback with a Play On Mahatma Gandhi And Wife Kasturba". NDTV. https://www.ndtv.com/entertainment/zeenat-aman-to-make-theatre-comeback-with-a-play-on-mahatma-gandhi-and-wife-kasturba-2160773। আহৰণ কৰা হৈছে: 8 February 2020. 
  23. Menezes, Gladwin (7 January 2021). "Zeenat Aman to be back on screen in new avatar with 'Margaon: The Closed File'" (en ভাষাত). Republic World. https://www.republicworld.com/entertainment-news/bollywood-news/zeenat-aman-to-be-back-on-screen-in-new-avatar-with-margaon-the-closed-file.html। আহৰণ কৰা হৈছে: 11 January 2021. 
  24. Ramsay, Amit; D'Souza, Caroline Esther (10 January 2021). "Zeenat Aman to feature in murder mystery ‘Margaon: The Closed File'" (en ভাষাত). Zee News. https://zeenews.india.com/bollywood/zeenat-aman-to-feature-in-murder-mystery-margaon-the-closed-file-2335154.html। আহৰণ কৰা হৈছে: 12 January 2021.