ৱিকিপিডিয়া:ৱিকিপিডিয়া এছিয়ান মাহ ২০২৩
পটভূমি
[সম্পাদনা কৰক]২০১৫ চনত প্ৰথমটো সংস্কৰণ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনৰ প্ৰতি বছৰে প্ৰবন্ধৰ সংখ্যা বৃদ্ধি পাই আহিছে আৰু বৈচিত্ৰ্যময় তথা সম্প্ৰসাৰিত সদস্যৰ অংশগ্ৰহণ দেখা গৈছে।
অসমীয়া ৱিকিপিডিয়াত প্ৰতিযোগিতাখনৰ বিগত ২০১৫, ২০১৬ আৰু ২০২১ চনৰ সংস্কৰণৰ পাছত ২০২৩ চনত পুনৰ ৱিকিপিডিয়া এছিয়ান মাহ এডিটাথন অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে।
নিয়মাৱলী
[সম্পাদনা কৰক]সংক্ষেপে: ২০২৩ চনৰ নৱেম্বৰ মাহত এছিয়া বিষয়ক (ব্যক্তি, স্থান, সংস্কৃতি আদি) ৩,০০০ বাইট আৰু কমেও ৩০০টা শব্দ থকা, তথ্য উৎসৰ সৈতে নতুন প্ৰবন্ধ সৃষ্টি কৰক। কেৱল তালিকা থকা প্ৰবন্ধ গ্ৰহণযোগ্য নহয়।
- প্ৰবন্ধটো ভাৰতক বাদ দি এছিয়াৰ আন কোনো দেশৰ যিকোনো বিষয়ৰ ওপৰত হ'ব লাগিব।
- প্ৰবন্ধটো অংশগ্ৰহণকাৰীৰ দ্বাৰা ১ নৱেম্বৰ ২০২৩-ৰ পৰা ৩০ নৱেম্বৰ ২০২৩-ৰ মাজত নতুনকৈ সৃষ্টি কৰা হ'ব লাগিব। সম্প্ৰসাৰিত কৰা প্ৰবন্ধ গ্ৰহণযোগ্য নহয়।
- প্ৰবন্ধটোত কমেও ৩,০০০ বাইট আৰু কমেও ৩০০টা শব্দ থাকিব লাগিব (তথ্যপেৰা, সাঁচ আদি বাদ দি)।
- প্ৰবন্ধটো তথ্যপূৰ্ণ হ'ব লাগিব। প্ৰবন্ধটোত কোনো গুৰুত্বপূৰ্ণ সমস্যা থাকিব নালাগিব (যেনে: কপিৰাইট উলংঘন, উল্লেখযোগ্যতাৰ প্ৰশ্ন, বিজ্ঞাপনধৰ্মীতা আদি)।
- প্ৰবন্ধটোৱে অসমীয়া ৱিকিপিডিয়াত নিৰ্ধাৰিত উল্লেখযোগ্যতাৰ মানদণ্ডসমূহ পূৰণ কৰিব লাগিব।
- প্ৰবন্ধটো ৱিকিপিডিয়াৰ নীতি অনুসৰি সঠিক তথ্যসূত্ৰ সহকাৰে সৃষ্টি কৰিব লাগিব।
- প্ৰবন্ধটো কেৱল এখন তালিকা হ'ব নোৱাৰিব।
- প্ৰবন্ধটো সম্পূৰ্ণৰূপে যান্ত্ৰিকভাৱে অনূদিত হ’ব নালাগিব। যান্ত্ৰিকভাৱে অনুবাদ কৰাৰ পাছত অনুলিপি-সম্পাদনা কৰা প্ৰয়োজনীয়।
- প্ৰবন্ধটো প্ৰতিযোগিতাৰ উদ্দেশ্যে তৈয়াৰ কৰা ফাউনটেইন সঁজুলিৰ বিশেষ লিংকত জমা দিব লাগিব।
- প্ৰতিটো ভাষাৰ ৱিকিপিডিয়াৰ বিচাৰকে নিৰ্ধাৰণ কৰিব যে কোনো এক প্ৰবন্ধ সেই ভাষাৰ ৱিকিপিডিয়াৰ প্ৰতিযোগিতাৰ বাবে গ্ৰহণযোগ্য হয় নে নহয়।
- বিচাৰকৰ দ্বাৰা দাখিল কৰা প্ৰবন্ধবোৰ আন বিচাৰকৰ দ্বাৰা পৰীক্ষা কৰা প্ৰয়োজন।
যদি আপুনি প্ৰবন্ধটো ইংৰাজী ৱিকিপিডিয়াৰ পৰা অনুবাদ কৰিব বিচাৰে, তেন্তে সংশ্লিষ্ট ইংৰাজী প্ৰবন্ধলৈ গৈ বাঁওকাষৰ পাৰ্শ্বদণ্ডৰ 'Languages' শিতানত 'অসমীয়া' সন্ধান কৰক। যদি তাত অসমীয়া ভাষা তালিকাভুক্ত কৰা আছে, তেন্তে বুজিব যে প্ৰবন্ধটো ইতিমধ্যে অসমীয়া ৱিকিপিডিয়াত সৃষ্টি কৰা হৈছে।
পুৰস্কাৰ
[সম্পাদনা কৰক]- অসমীয়া ৱিকিপিডিয়াত কমেও এটা গৃহীত হোৱা প্ৰবন্ধ সৃষ্টি কৰা অংশগ্ৰহণকাৰীক বাৰ্ণষ্টাৰ প্ৰদান কৰা হ'ব।
অংশগ্ৰহণ
[সম্পাদনা কৰক]অংশগ্ৰহণ কৰক
[সম্পাদনা কৰক]- চন্দন চিৰিং ফুকন ✉️ 16:07, 2 November 2023 (ইউ.টি.চি.)
- দিব্য দত্ত (বাৰ্তা) 17:07, 2 November 2023 (ইউ.টি.চি.)
- Nayan j Nath (বাৰ্তা) 17:07, 2 November 2023 (ইউ.টি.চি.)
- হানিফ আলী (বাৰ্তা) 17:18, 2 November 2023 (ইউ.টি.চি.)
- Joli Rumi (বাৰ্তা) 19:29, 2 November 2023 (ইউ.টি.চি.)
- KHI-LAN-TZI 01:55, 3 November 2023 (ইউ.টি.চি.)
- Medhi jyoti (বাৰ্তা) 06:49, 3 November 2023 (ইউ.টি.চি.)
- JyotiPN (বাৰ্তা) 11:01, 3 November 2023 (ইউ.টি.চি.)JyotiPN
- দিপাংকৰ দাস (বাৰ্তা) 17:30, 3 November 2023 (ইউ.টি.চি.)
- প্ৰণামিকা অধিকাৰী: Pranamikaadhikary (বাৰ্তা) 13:49, 3 November 2023 (ইউ.টি.চি.)
- চাণক্য (বাৰ্তা) 13:54, 3 November 2023 (ইউ.টি.চি.)
- IKHazarika (বাৰ্তা) 14:29, 3 November 2023 (ইউ.টি.চি.)
- ঈশান জ্যোতি বৰা (বাৰ্তা) 06:45, 4 November 2023 (ইউ.টি.চি.)
- গীতাশ্ৰী গগৈ আপ্তে (বাৰ্তা ) 15:30,8 November 2023 (ইউ.টি.চি.)
- BhuyanBhaskar (বাৰ্তা) 15:11, 10 November 2023 (ইউ.টি.চি.)
- Jonali Baruah (বাৰ্তা) 06:18, 12 November 2023 (ইউ.টি.চি.)
- - অজয় কথা-বতৰা 07:04, 13 November 2023 (ইউ.টি.চি.)
প্ৰবন্ধ জমা কৰক
[সম্পাদনা কৰক]প্ৰবন্ধ জমা দিবৰ বাবে ফাউনটেইন সঁজুলি প্ৰস্তুত কৰা হৈছে। আপুনি সৃষ্টি কৰা প্ৰবন্ধসমূহ তলৰ "প্ৰবন্ধ জমা কৰক" লিংকত ক্লিক কৰি জমা দিব পাৰিব।
সৃষ্টি কৰা প্ৰবন্ধসমূহ
[সম্পাদনা কৰক]এই এডিটাথনত সৃষ্টি কৰা প্ৰবন্ধসমূহ ৱিকিপিডিয়া এছিয়ান মাহ ২০২৩ নামৰ শ্ৰেণীত তালিকাভুক্ত কৰা হৈছে। বৰ্তমানলৈ প্ৰতিযোগিতাৰ অংশ হিচাপে ১২১টা প্ৰবন্ধ সৃষ্টি কৰা হৈছে।
বিচাৰক
[সম্পাদনা কৰক]এই প্ৰতিযোগিতাখনৰ বিচাৰকসকল হৈছে:
প্ৰতিযোগিতাখনৰ বিষয়ে আপোনাৰ কোনো প্ৰশ্ন বা প্ৰস্তাৱ থাকিলে আলোচনা পৃষ্ঠাত লিখিব পাৰে মেটা-ৱিকিৰ গোলকীয় প্ৰকল্প পৃষ্ঠাত বাৰ্তা দিব পাৰে।
| ||||||||||||||||||||||||||||||||
