সদস্য:Chiring chandan
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
দীৰ্ঘজীৱী হওক অসম আৰু অসমীয়া ভাষা
যি স্বৰ্ণিম ইতিহাসে আলফুলে আঙুলিত ধৰি বাট বুলি আনিলে[সম্পাদনা কৰক]
“ | এয়া একো একোটা জীৱন্ত সাধুকথা। আজিৰ পৰা ৫-৬ হাজাৰ বছৰ আগৰ কাহিনী। আমাৰ উপৰি পুৰুষৰ কাহিনী। সেইসকল উপৰি পুৰুষ যি সুখ-দুখ, দুৰ্যোগ-আনন্দৰ মাজেৰে জীৱনক উদযাপন কৰিব জানিছিল। তেওঁলোকে নৃত্য কৰিছিল, হেঙুল-হাইতাল ছবি আঁকিছিল, কপালৰ ঘাম মাটিত পেলাই পৰিশ্ৰম কৰিছিল, যুঁজ-বাগৰত ভাগৰি পৰিছিল আৰু সেউজীয়া এডৰা শস্যমালাৰ সপোন দেখিছিল। নদীৰ বুকুৱেদি দিগন্ত বিচাৰি মেলি দিছিল বণিকৰ নাও। কপাহী কাপোৰত নিজৰ পছন্দৰ ৰঙেৰে বোলাব জানিছিল তেওঁলোকে। মৌন ওঁঠ আৰু হাতৰ মৈলামেৰে তামবৰণীয়া কথাবোৰ লিখি ৰাখিছিল ভৱিষ্যৎ প্ৰজন্মৰ বাবে। পিতামহ-প্ৰপিতামহৰ স্মৃতিক মৃণ্ময় পাত্ৰত সাৱটি কঢ়িয়াই ফুৰিছিল দিনৰ পিছত দিন। বৃষ্টিহীনতাৰ শৈল-কঠোৰ আঙুলিকো তেওঁলোকে চুমা দি সাজিছিল শীতল পানীৰ ঘৰ। হয়। এই সকলোবোৰ সঁচা আছিল। প্ৰস্তৰৰ কাল অতিক্ৰমি সিন্ধু নদীৰ পাৰত পৃথিৱীৰ এক প্ৰাচীনতম সভ্যতাক হাজাৰ বছৰ ধৰি গঢ় দিছিল তেওঁলোকে। এই গৌৰৱময়, প্ৰাচুৰ্যৰে ভৰা, সমৃদ্ধ সভ্যতা। কিন্তু সেয়া স্থায়ী নাছিল। কোনোৱেই কেতিয়াও স্থায়ী নাছিল। তথাপিও ইতিহাসত তেওঁলোকৰ নিৰ্ভীক পদচিহ্নই আমাক বিস্মিত কৰে। এতিয়াও!! পুৰাতাত্বিক খননকাৰ্যত উদ্ধাৰ হোৱা সিন্ধু সভ্যতাৰ অৱশেষসমূহৰ বিষয়ে পঢ়িলে ভাব হয় যেন সেই প্ৰাচীন মহাসিন্ধুৰ পাৰতে থিয় দি আছোঁ। সন্মুখত স্থিতপ্ৰজ্ঞ মহেঞ্জোদাৰো। | ” |
হেইমডালৰ বাইফ্ৰ'ষ্ট[সম্পাদনা কৰক]
অসমীয়া ৱিকিপিডিয়াত সৃষ্টি কৰা প্ৰবন্ধ | ৱিকিমিডিয়া কমন্সত আপলোড কৰা আলোকচিত্ৰ | বাৰ্ষিক সম্পাদনাৰ পৰিসংখ্যা |
ইটো-সিটো[সম্পাদনা কৰক]
|