সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২১

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২১

ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২১ হৈছে ৱিকিপিডিয়াত লৈংগিক ব্যৱধানৰ উন্নতি কৰা আৰু দক্ষিণ এছিয়াৰ নাৰীৰ বিষয়ে জীৱনীমূলক প্ৰবন্ধ সৃষ্টি কৰাৰ বাবে আয়োজন কৰা এক অনলাইন প্ৰবন্ধ ৰচনা প্ৰতিযোগিতা। প্ৰতিটো ভাষাৰ নিৰ্দিষ্ট সমন্বয়কৰ সহায়ত দক্ষিণ এছিয়াৰ ৱিকিপিডিয়া সম্প্ৰদায়সমূহত প্ৰবন্ধ ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই বছৰ প্ৰকল্পটি ১ ছেপ্টেম্বৰ ২০২১-ৰ পৰা ৩০ ছেপ্টেম্বৰ ২০২১-লৈ চলিব।

সময়সীমা: ১ ছেপ্টেম্বৰ ২০২১ - ৩০ ছেপ্টেম্বৰ ২০২১

বিষয়বস্তু

ৱিকি লাভ্‌ছ ৱুমেনৰ এই সংস্কৰণত লোক উৎসৱ, প্ৰেমৰ অনুষ্ঠান তথা লৈংগিক ব্যৱধানৰ উন্নতিৰ বাবে নাৰীবাদ, নাৰীৰ জীৱনী, এলজিবিটি আৰু লিঙ্গ কেন্দ্ৰিক বিষয়ত আলোকপাত কৰা হ'ব।

নিয়মাৱলী

  • প্ৰবন্ধটোত কমেও ৩,০০০ বাইট আৰু কমেও ৩০০ টা শব্দ থাকিব লাগিব।
  • প্ৰবন্ধসমূহ যান্ত্ৰিকভাৱে অনূদিত হ'ব নালাগিব।
  • প্ৰবন্ধসমূহ ১ ছেপ্টেম্বৰ ২০২১-ৰ পৰা ৩০ ছেপ্টেম্বৰ ২০২১-ৰ ভিতৰত সৃষ্টি কৰিব লাগিব।
  • প্ৰবন্ধসমূহৰ বিষয়বস্তু লিংগ বৈষম্য, নাৰীবাদ, মহিলা সৱলীকৰণ আৰু ইয়াৰ সৈতে সম্পৰ্ক থকা হ'ব লাগিব।
  • প্ৰবন্ধসমূহ ৱিকিপিডিয়াৰ নীতি অনুসৰি সঠিক তথ্যসূত্ৰ সহকাৰে সৃষ্টি কৰিব লাগিব।
  • প্ৰবন্ধত কোনোধৰণৰ কপিৰাইট উলংঘন তথা উল্লেখনীয় সমস্যা থাকিব নালাগিব।

অংশগ্ৰহণ

অংশগ্ৰহণ কৰক

প্ৰবন্ধ জমা কৰক

আপুনি নিশ্চিত নে যে আপুনি সৃষ্টি কৰা প্ৰবন্ধই ন্যূনতম ৩০০ শব্দ আৰু ৩,০০০ বাইট অতিক্ৰম কৰিছে?

পুৰস্কাৰ

প্ৰতিটো ভাষাৰ ক্ষেত্ৰত পুৰস্কাৰসমূহ হ'ব এনেধৰণৰ-

  • প্ৰতিগৰাকী অংশগ্ৰহণকাৰী আৰু বিচাৰকৰ বাবে প্ৰমাণপত্ৰ
  • কমেও চাৰিটা প্ৰবন্ধ জমা দিয়া প্ৰতিযোগীলৈ বাৰ্ণষ্টাৰ পদক আগবঢ়োৱা হ'ব৷

শীৰ্ষ প্ৰতিযোগীৰ বাবে পুৰস্কাৰসমূহ

  • প্ৰথম পুৰস্কাৰ : ১২ আমেৰিকান ডলাৰ
  • দ্বিতীয় পুৰস্কাৰ : ১০ আমেৰিকান ডলাৰ
  • তৃতীয় পুৰস্কাৰ : ৮ আমেৰিকান ডলাৰ

আন্তৰ্জাতিক পৰ্যায়ত শীৰ্ষ প্ৰতিযোগীৰ পুৰস্কাৰ

  • প্ৰথম পুৰস্কাৰ : ২৫০ আমেৰিকান ডলাৰ
  • দ্বিতীয় পুৰস্কাৰ : ১৫০ আমেৰিকান ডলাৰ
  • তৃতীয় পুৰস্কাৰ : ১০০ আমেৰিকান ডলাৰ

ফলাফল

অসমীয়া ৱিকিপিডিয়া
স্থান ইউজাৰ নেইম গ্ৰহণ কৰা প্ৰবন্ধ
Nayan j Nath ৬৩
অজয় দাস ৬০
ঈশান জ্যোতি বৰা ৩০
Babulbaishya ২১
JyotiPN ১৮
Chiring chandan ১৬
অনামিকা(চুমু) বড়া ১২
Pranabnlp ১০
JonaliB
১০ Kuldhar Rabha
১০ দিব্য দত্ত
১১ chanakyakdas
১১ Bhaskarjyoti Bhuyan
১২ Gitartha.bordoloi
১২ ৰাজদ্বীপ ৰাজবংশী
১৩ Drnayanjyoti
১৪ MS Sakib
১৪ SlowPhoton

প্ৰবন্ধৰ তালিকা

তলৰ তালিকাত ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২১-ৰ বাবে কিছু প্ৰবন্ধৰ প্ৰস্তাৱ দিয়া হৈছে। আপুনি এইখন তালিকাৰ পৰা বা বিষয়বস্তুৰ অন্তৰ্ভুক্ত হোৱাকৈ আন যিকোনো প্ৰবন্ধ সৃষ্টি কৰিব পাৰে।