সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপিডিয়া এছিয়ান মাহ ২০২১

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপিডিয়া এছিয়ান মাহ ২০২১

ৱিকিপিডিয়া এছিয়ান মাহ হৈছে বিভিন্ন ভাষাৰ ৱিকিপিডিয়াত এছিয়া বিষয়ক সমলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰত কেন্দ্ৰীভূত এক বাৰ্ষিক প্ৰতিযোগিতা। প্ৰতিটো অংশগ্ৰহণকাৰী সম্প্ৰদায়ে তেওঁলোকৰ ভাষাৰ ৱিকিপিডিয়াত প্ৰতি বছৰৰ নৱেম্বৰত নতুন সমল সৃষ্টি কৰিবলৈ বা তেওঁলোকৰ নিজৰ দেশৰ বাহিৰে এছিয়াৰ বিষয়বোৰৰ বিষয়ে বিদ্যমান প্ৰবন্ধ উন্নত কৰিবলৈ এমাহজোৰা অনলাইন এডিটাথন চলায়।

সময়সীমা: ১ নৱেম্বৰ, ২০২১ - ৩০ নৱেম্বৰ, ২০২১ সমাপ্ত

পটভূমি

২০১৫ চনত প্ৰথমটো সংস্কৰণ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনৰ প্ৰতি বছৰে প্ৰবন্ধৰ সংখ্যা বৃদ্ধি পাই আহিছে আৰু বৈচিত্ৰ্যময় তথা সম্প্ৰসাৰিত সদস্যৰ অংশগ্ৰহণ দেখা ঘৈছে। ৫ বছৰ অতিক্ৰম কৰা ৱিকিপিডিয়া এছিয়ান মাহত এতিয়ালৈকে ৬৩ টাতকৈও অধিক ভাষাৰ ৱিকিপিডিয়াত ২,৯০০ তকৈও অধিক ৱিকিপিডিয়া সম্পাদকে ৩৭,৫০০ তকৈও অধিক উচ্চ মানদণ্ডৰ প্ৰবন্ধ সৃষ্টি কৰিছে।

ৱিকিপিডিয়া এছিয়ান সম্প্ৰদায়সমূহৰ মাজত বন্ধুত্ব আৰু সাংস্কৃতিক আদান-প্ৰদানৰ অংশ হিচাপে, কমেও চাৰিটা প্ৰবন্ধ সৃষ্টি কৰা অংশগ্ৰহণকাৰীয়ে আন এক অংশগ্ৰহণকাৰী সম্প্ৰদায়ৰ পৰা এটা বিশেষ ৱিকিপিডিয়া এছিয়ান মাহ পোষ্টকাৰ্ড লাভ কৰিব। প্ৰতিখন ৱিকিপিডিয়াত সৰ্বাধিক প্ৰবন্ধ সৃষ্টি কৰা ৱিকিপিডিয়ানগৰাকীক "ৱিকিপিডিয়া এছিয়ান এম্বেচাডৰ" হিচাপে সন্মানিত কৰা হ'ব।

অসমীয়া ৱিকিপিডিয়াত প্ৰতিযোগিতাখনৰ বিগত ২০১৫ আৰু ২০১৬ চনৰ সংস্কৰণৰ পাছত ২০২১ চনত পুনৰ ৱিকিপিডিয়া এছিয়ান মাহ এডিটাথন অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে।

নিয়মাৱলী

সংক্ষেপে: ২০২১ চনৰ নৱেম্বৰ মাহত এছিয়া বিষয়ক (ব্যক্তি, স্থান, সংস্কৃতি আদি) ৩,০০০ বাইট আৰু কমেও ৩০০টা শব্দ থকা, তথ্য উৎসৰ সৈতে নতুন প্ৰবন্ধ সৃষ্টি কৰক। কেৱল তালিকা থকা প্ৰবন্ধ গ্ৰহণযোগ্য নহয়।

  • প্ৰবন্ধটো ভাৰতক বাদ দি এছিয়াৰ আন কোনো দেশৰ যিকোনো বিষয়ৰ ওপৰত হ'ব লাগিব।
  • প্ৰবন্ধটো অংশগ্ৰহণকাৰীৰ দ্বাৰা ১ নৱেম্বৰ ২০২১-ৰ পৰা ৩০ নৱেম্বৰ ২০২১-ৰ মাজত নতুনকৈ সৃষ্টি কৰা হ'ব লাগিব। সম্প্ৰসাৰিত কৰা প্ৰবন্ধ গ্ৰহণযোগ্য নহয়।
  • প্ৰবন্ধটোত কমেও ৩,০০০ বাইট আৰু কমেও ৩০০টা শব্দ থাকিব লাগিব (তথ্যপেৰা, সাঁচ আদি বাদ দি)।
  • প্ৰবন্ধটো তথ্যপূৰ্ণ হ'ব লাগিব। প্ৰবন্ধটোত কোনো গুৰুত্বপূৰ্ণ সমস্যা থাকিব নালাগিব (যেনে: কপিৰাইট উলংঘন, উল্লেখযোগ্যতাৰ প্ৰশ্ন আদি)।
  • প্ৰবন্ধটোৱে অসমীয়া ৱিকিপিডিয়াত নিৰ্ধাৰিত উল্লেখযোগ্যতাৰ মানদণ্ডসমূহ পূৰণ কৰিব লাগিব।
  • প্ৰবন্ধটো ৱিকিপিডিয়াৰ নীতি অনুসৰি সঠিক তথ্যসূত্ৰ সহকাৰে সৃষ্টি কৰিব লাগিব।
  • প্ৰবন্ধটো কেৱল এখন তালিকা হ'ব নোৱাৰিব।
  • প্ৰবন্ধটো সম্পূৰ্ণৰূপে যান্ত্ৰিকভাৱে অনূদিত হ’ব নালাগিব। যান্ত্ৰিকভাৱে অনুবাদ কৰাৰ পাছত কপি-সম্পাদনা কৰা প্ৰয়োজনীয়।
  • প্ৰবন্ধটো প্ৰতিযোগিতাৰ উদ্দেশ্যে তৈয়াৰ কৰা ফাউনটেইন সঁজুলিৰ বিশেষ লিংকত জমা দিব লাগিব।
  • প্ৰতিটো ভাষাৰ ৱিকিপিডিয়াৰ বিচাৰকে নিৰ্ধাৰণ কৰিব যে কোনো এক প্ৰবন্ধ সেই ভাষাৰ ৱিকিপিডিয়াৰ প্ৰতিযোগিতাৰ বাবে গ্ৰহণযোগ্য হয় নে নহয়।
  • বিচাৰকৰ দ্বাৰা দাখিল কৰা প্ৰবন্ধবোৰ আন বিচাৰকৰ দ্বাৰা পৰীক্ষা কৰা প্ৰয়োজন।

যদি আপুনি প্ৰবন্ধটো ইংৰাজী ৱিকিপিডিয়াৰ পৰা অনুবাদ কৰিব বিচাৰে, তেন্তে সংশ্লিষ্ট ইংৰাজী প্ৰবন্ধলৈ গৈ বাঁওকাষৰ পাৰ্শ্বদণ্ডৰ 'Languages' শিতানত 'অসমীয়া' সন্ধান কৰক। যদি তাত অসমীয়া ভাষা তালিকাভুক্ত কৰা আছে, তেন্তে বুজিব যে প্ৰবন্ধটো ইতিমধ্যে অসমীয়া ৱিকিপিডিয়াত সৃষ্টি কৰা হৈছে।

পুৰস্কাৰ

  • ওপৰোক্ত নিয়মাৱলী পূৰণ কৰি চাৰিটা প্ৰবন্ধ সৃষ্টি কৰা প্ৰত্যেক অংশগ্ৰহণকাৰীয়ে আন এছিয়ান ৱিকি সম্প্ৰদায়ৰ পৰা এখন ৱিকিপিডিয়া এছিয়ান মাহৰ পোষ্টকাৰ্ড লাভ কৰিব।
  • অসমীয়া ৱিকিপিডিয়াত সৰ্বাধিক প্ৰবন্ধ সৃষ্টি কৰা ৱিকিপিডিয়ানগৰাকীক "ৱিকিপিডিয়া এছিয়ান এম্বেচাডৰ" হিচাপে সন্মানিত কৰি এখন প্ৰমাণপত্ৰ আৰু এটা অতিৰিক্ত পোষ্টকাৰ্ড প্ৰেৰণ কৰা হ'ব।

অংশগ্ৰহণ

অংশগ্ৰহণ কৰক

প্ৰবন্ধ জমা কৰক

প্ৰবন্ধ জমা দিবৰ বাবে ফাউনটেইন সঁজুলি প্ৰস্তুত কৰা হৈছে। আপুনি সৃষ্টি কৰা প্ৰবন্ধসমূহ তলৰ "প্ৰবন্ধ জমা কৰক" লিংকত ক্লিক কৰি জমা দিব পাৰিব।

বিচাৰক

এই প্ৰতিযোগিতাখনৰ বিচাৰকসকল হৈছে:

প্ৰতিযোগিতাখনৰ বিষয়ে আপোনাৰ কোনো প্ৰশ্ন বা প্ৰস্তাৱ থাকিলে আলোচনা পৃষ্ঠাত লিখিব পাৰে মেটা-ৱিকিৰ গোলকীয় প্ৰকল্প পৃষ্ঠাত বাৰ্তা দিব পাৰে। ইয়াৰোপৰি আন কোনো সহায়ৰ বাবে অসমীয়া ৱিকিপিডিয়াৰ সমন্বয়ৰক্ষক SlowPhoton-ৰ সৈতে যোগাযোগ কৰিব পাৰে।