এই প্ৰতিযোগিতাৰ মূল লক্ষ্য হৈছে মানৱ সাংস্কৃতিক বিবিধতাৰ বিষয়ে ৱিকিপিডিয়া আৰু ইয়াৰ ভগ্নী প্ৰকল্পসমূহত লেখা সংগ্ৰহ কৰা। এই বছৰ বিষয় হিচাপে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোক সংস্কৃতিৰ লগতে লৈংগিক ব্যৱধানৰ উন্নতি কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। বিশ্বৰ সাংস্কৃতিক ঐতিহ্য আৰু লোকগাথাৰ মহিলাসকলৰ বিষয়ে জীৱনীমূলক প্ৰবন্ধ সৃষ্টি কৰাই এই প্ৰকল্পৰ উদ্দেশ্য। এই বছৰ প্ৰতিযোগিতাখন ১ ফেব্ৰুৱাৰী ২০২২-ৰ পৰা ৩১ মাৰ্চ ২০২২-লৈ চলিব। বিগত বৰ্ষৰ সংস্কৰণসমূহৰ বাবে ২০১৯, ২০২০ আৰু ২০২১ সংস্কৰণৰ পৃষ্ঠা চাওক।
এই বছৰ নাৰীবাদ আৰু লোকগাথা এডিটাথনে ৱিকিপিডিয়াত ৱিকি লাভ্ছ ফকল’ৰ প্ৰকল্পৰ লোক-সংস্কৃতিৰ বিষয়ৰ সৈতে সংগতি ৰাখি লিংগ ব্যৱধান কম কৰাৰ উদ্দেশ্যেৰে নাৰীবাদ, নাৰীৰ জীৱনী আৰু লিংগ-কেন্দ্ৰিক বিষয়ৰ ওপৰত গুৰুত্ব দিব।
লোকগাথা – বিশ্বৰ বিভিন্ন অঞ্চলৰ লোকগাথা, যাৰ ভিতৰত আছে লোকউৎসৱ, লোকনৃত্য, লোকসংগীত, লোকাচাৰ, লোকখেল, লোকখাদ্য, লোক পৰিধান, সাধুকথা, লোকনাট্য, লোককলা, লোকধৰ্ম, শ্ৰুতিকথা আদি, যদিও ই এইসমূহৰ ভিতৰতে সীমাবদ্ধ নহয়।
লোকগাথাত নাৰী – যাৰ ভিতৰত আছে লোকগাথা আৰু লোক-সংস্কৃতিত নাৰী আৰু কুইয়াৰ ব্যক্তিত্ব (যেনে: লোক শিল্পী, লোক নৃত্যশিল্পী, লোক গায়ক, লোক সংগীতজ্ঞ, লোক খেলুৱৈ, উপাখ্যানত নাৰী, লোক-কাহিনীত যোদ্ধা নাৰী, ডাইনী আৰু ডাইনী হত্যা, সাধুকথা ইত্যাদি), যদিও ই এইসমূহৰ ভিতৰতে সীমাবদ্ধ নহয়।
গোলকীয় পৰ্য্যায়ত সকলো ৱিকিপ্ৰকল্পক সামৰি শীৰ্ষৰ তিনিজন অৱদানকাৰীক ক্ৰমে ৩০০, ২০০, আৰু ১০০ আমেৰিকান ডলাৰৰ পুৰস্কাৰ আগবঢ়োৱা হ’ব। লগতে ১০ আমেৰিকান ডলাৰকৈ ১৫টা নিচুকণি বঁটা। অধিক তথ্যৰ বাবে মেটা-ৱিকিৰ এই পৃষ্ঠা চাওক।
স্থানীয় পৰ্যায়ত অসমীয়া ৱিকিপিডিয়াৰ শীৰ্ষৰ তিনিজন অৱদানকাৰীক ক্ৰমে ১০০০, ৭০০, আৰু ৫০০ ভাৰতীয় টকাৰ কুপন প্ৰদান কৰা হ’ব।