বে-দেইন্-খলাম
বে-দেইন্-খলাম উত্তৰ পূৰ্বাঞ্চলৰ ’স্কটলেণ্ড’ বুলি অভিহিত শ্বিলঙৰ জয়ন্তীয়া জনগোষ্ঠীৰ লোকসকলে চাৰিদিন ধৰি পালন কৰা এক কৃষিভিত্তিক উৎসৱ। [1] ই জয়ন্তীয়াসকলৰ জাতীয় উৎসৱ। শীতলা দেৱীক পূজা কৰিলে বসন্ত ৰোগ ভাল হোৱা বিশ্বাসৰ দৰে এই উৎসৱ পালন কৰিলে প্লেগ বেমাৰ নাশ হয় বুলি জনবিশ্বাস প্ৰচলিত হৈ আছে। ঘাইকৈ মেঘালয়ৰ জোৱাই চহৰত এই উৎসৱ পালন কৰা হয় আৰু উত্তৰ পূৰ্বাঞ্চলৰ নানা ঠাইৰ জয়ন্তীয়া লোকসকল আহি মিলিত হৈ এই উৎসৱ পালন কৰে। ’বে-দেইন-খলাম’ উৎসৱ কৃষিকাৰ্যৰ সামৰণি পৰাৰ পাছত জুলাই মাহত পালন কৰে। পূৰ্বৰ উত্তৰ কাছাৰ জিলাৰ জয়ন্তীয়া লোকসকলেও এই এই উৎসৱ পালন কৰে।[2]
পৰম্পৰা
[সম্পাদনা কৰক]বে-দেইন্-খলাম উৎসৱত আৰম্ভণিতে প্ৰধান পুৰোহিত বা লিংডোই পুৱাই মানুহৰ বসতিপ্ৰধান অঞ্চললৈ গৈ কাঠৰ টাঙোন এডালেৰে প্লেগ বেমাৰ খেদাৰ প্ৰতীক হিচাপে মানুহৰ ঘৰৰ চালত কোবায়। ই অসমৰ ম’হ খেদা, মিছিং সকলৰ ’আৰৃগ দবুৰ’ আৰু কামৰূপৰ ’ভেল দিয়া’ উছৱৰ সৈতে সামঞ্জস্য ৰাখিছে। বাঁহ আৰু কাঠৰ বিভিন্ন ৰোগ নিৰাময়ৰ শক্তি আছে বুলি জনবিশ্বাস প্ৰচলিত। ’বে-দেইন্-খলাম’ত ঘৰৰ চালত কোবাই উঠি টাঙোনডাল পানীত পেলাই দিয়া হয়। ’বে-দেইন্-খলাম’ উছৱত কৃষিক্ষেত্ৰত উৎপাদন বৃদ্ধি আৰু বছৰটোলৈ অপায়-অমঙ্গল দূৰ কৰাৰ বাবে আৰাধ্য দেৱতাৰ আগত ছাগলী বলি দি প্ৰাৰ্থনা কৰা হয়। এই উছৱৰ আন এক আমোদজনক বৈশিষ্ট্য হ’ল, কাঠ আৰু বাঁহেৰে নিৰ্মিত ৰথ প্ৰদৰ্শন কৰা। জয়ন্তীয়া বসতিপ্ৰধান সকলো ঠাইৰ লোকে স্থানীয়ভাৱে নিজা নিজা ৰথ সাজি নানা ৰঙচঙীয়া কাগজ আৰু ফুলেৰে সুসজ্জিত কৰি কেইজনমান যুৱকে ৰথখন কান্ধত তুলি নি ৰাইজক প্ৰদৰ্শন কৰায়। ই ’জগন্নাথৰ ৰথযাত্ৰা’ৰ সৈতে মিল থকা পৰ্ব। ’বে-দেইন্-খলাম’ত জোৱাই চহৰৰ প্ৰতিটো অঞ্চলৰ লোকে অঞ্চলভিত্তিক একোখন ৰথ সাজি প্ৰদৰ্শন কৰাৰ পিছত সেই ৰথত হাবিৰ পৰা ’দেইন। খলাম’ নামৰ এবিধ গছ সংগ্ৰহ কৰি কঢ়িয়াই আনে আৰু জোৱাই চহৰৰ মুছিয়াং নামে ঠাইত ৰাখে। পিছদিনা সেই গছবোৰ নিজৰ নিজৰ ঠাইলৈ নি ৰাজহুৱা ঠাইত পুতি তাৰ চাৰিওফালে ৰাইজে মিলি নাচ-গান কৰে। উছৱৰ শেষদিনা পূজা এভাগ কৰি গছবোৰ পানীত বিসৰ্জন কৰে। বিসৰ্জনৰ আগতে গছজোপা স্পৰ্শ কৰিলে, কৰোঁতাৰ মংগল হয় বুলি এক বিশ্বাসৰ প্ৰচলন আছে। ’বে-দেইন্-খলাম’ৰ আন এক আমোদজনক পৰম্পৰা হ’ল, শহুৰ আৰু জোঁৱাইৰ মাজত হোৱা খেল। পৰম্পৰামতে সমাজৰ শহুৰ আৰু জোঁৱাইসকল উত্তৰ আৰু দক্ষিণ নামেৰে দুটা ভাগত বিভক্ত হৈ মুকলি ঠাইত এখন কাঠৰ থাল লৈ ফুটবল খেলাৰ দৰে খেলে। ইয়াৰ ফলত শহুৰ আৰু জোঁৱাইৰ মাজত আন্তৰিকতা বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়।[3]