জগমোহন কৌৰ
জগমোহন কৌৰ ਜਗਮੋਹਣ ਕੌਰ | |
|---|---|
| জন্ম নাম | ਜਗਮੋਹਣ ਕੌਰ |
| অন্য নাম | মাই মহনো |
| জন্ম | ১৬ এপ্ৰিল, ১৯৪৮ পাঠনকোট পঞ্জাব, ভাৰত |
| মৃত্যুৰ তাৰিখ | ৬ ডিচেম্বৰ, ১৯৯৭ (৪৯ বছৰ) লুধিয়ানা, পঞ্জাব, ভাৰত |
| সংগীতৰ ধৰণ | পঞ্জাবী লোকসংগীত, দ্বৈতসংগীত, কৌতুক |
| পেচা | কণ্ঠশিল্পী, অভিনেতা, শিক্ষক, কৌতুক অভিনেতা |
জগমোহন কৌৰ (১৬ এপ্ৰিল ১৯৪৮ – ৬ ডিচেম্বৰ ১৯৯৭) এগৰাকী পঞ্জাবী কণ্ঠশিল্পী আছিল।[1][2] তেখেত 'বাপু ভে এড হুনি আইন', 'ঘৰা ৱাজদা, ঘড়োলি ৱাজদীৰ' নিচিনা গীতৰ বাবে পৰিচিত।
পেচা
[সম্পাদনা কৰক]তেখেত তেওঁৰ পতী, কণ্ঠশিল্পী কে দীপৰ লগত ষ্টুডিঅ’ত গৈছিল আৰু এই দুয়োজনে তেওঁলকৰ কৌতুক চৰিত্ৰ 'মাই মোহনো' আৰু 'পোস্তিৰ' বাবে সুপৰিচিত হৈছিল। দুয়োজনৰ আন এটা উল্লেখযোগ্য গীত 'পুড়না'। তেখেত 'দাজ' (১৯৭৬), 'মতিয়াৰ' (১৯৭৯) আৰু 'দুশমণি দি এজ' (১৯৯০)-ৰ নিচিনা কিছুমান পঞ্জাবী চলচ্চিত্ৰিত অভিনয় কৰিছিল। তেখেত 'সুখী পৰিবাৰ' (১৯৮০) আৰু 'দো জাতিয়া' সহ আৰু বহুতৰ প্ৰতি প্লেবেক গায়িকা হিচাপে পৰিচিত।
জীৱন
[সম্পাদনা কৰক]কৌৰ ১৯৪৮ চনৰ ১৬ এপ্ৰিল পঞ্জাবৰ পাঠানকোটত জন্ম হয়। পিতা 'গুৰবচন সিং কং' আৰু মাক 'প্ৰকাশ কৌৰ কং'। তেখেত তেওঁৰ জন্ম গাওঁ 'বুৰ মাজৰা' (বৰ্তমানত ৰোপা জিলা) আৰু তেওঁ প্ৰাথমিক শিক্ষা গাঁৱৰ স্কুলৰ পৰা লাভ কৰে। ইয়াৰ পিছত তেখেত 'খালচা উচ্চ বিদ্যালয়', কুৰালিয়াণ্ডৰ পিছত আকৌ প্ৰশিক্ষণ স্কুল, 'খাৰাৰত' যোগদান কৰে আৰু জে.বি.টি. আৰু চণ্ডীগড়ৰ ওচৰত মণি মাজৰাত শিক্ষক হিচাপেও কাম কৰিছে।
পিছত, 'কানৱাৰ এচ মহিন্দৰ সিং বেদীৰ' পৰা সংগীত শিকিছিল,[1] তেখেত চাকৰি এৰি গীত গোৱা আৰম্ভ কৰিছিল।
কলকাতাৰ এখন প্ৰ’গ্ৰামত তেখেত কণ্ঠশিল্পী কে দীপৰ লগত সাক্ষাৎ কৰিছিল। তেওঁলক তেওঁলকৰ নিজস্ব দল গঠন কৰিছিল আৰু পিছত ১৯৭১ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখত বিবাহ কৰে; যিটো আছিল প্ৰেমৰ বিবাহ।[1] এই দম্পতীৰ এগৰোকী জীয়েক আছে, নাম "বিলি" গুৰপ্ৰীত কৌৰ মদা।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 ਥੂਹੀ, ਹਰਦਿਆਲ (14 March 2015). "‘ਬਾਪੂ ਵੇ ਅੱਡ ਹੁੰਨੀ ਆਂ’ ਵਾਲੀ ਜਗਮੋਹਣ ਕੌਰ". Punjabi Tribune. http://punjabitribuneonline.com/2015/03/%E0%A8%AC%E0%A8%BE%E0%A8%AA%E0%A9%82-%E0%A8%B5%E0%A9%87-%E0%A8%85%E0%A9%B1%E0%A8%A1-%E0%A8%B9%E0%A9%81%E0%A9%B0%E0%A8%A8%E0%A9%80-%E0%A8%86%E0%A8%82-%E0%A8%B5%E0%A8%BE%E0%A8%B2%E0%A9%80-%E0%A8%9C। আহৰণ কৰা হৈছে: 1 May 2015.
- ↑ "K. Deep & Jagmohan Kaur". Last.fm. http://www.last.fm/music/K.+Deep+&+Jagmohan+Kaur। আহৰণ কৰা হৈছে: 1 May 2015.