বুঢ়া ডাঙৰীয়া
অসমত প্ৰচলিত লোকবিশ্বাসমতে বুঢ়া ডাঙৰীয়া (ইংৰাজী: Burha dangoria) ভয় ভক্তি আৰু সন্মানবোধ জড়িত থকা এক প্ৰকাৰৰ ডাঙৰীয়া ৷[1] পৃথিৱীৰ প্ৰায় সকলো দেশতে বিভিন্ন ৰূপত কিছুমান অলৌকিক শক্তি আছে বুলি বিশ্বাস কৰা হয়৷ অসম আদিৰে পৰা তন্ত্ৰ মন্ত্ৰৰ দেশ বুলি জনাজাত৷ তন্ত্ৰ মন্ত্ৰৰ লগতে অসমতো কিছুমান অলৌকিক শক্তি থকাৰ কথা লোকবিশ্বাসত প্ৰচলিত৷ সেই অলৌকিক শক্তিৰ কোপদৃষ্টিৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন মন্ত্ৰ পুৰণি কালৰ পৰাই প্ৰচলিত হৈ আহিছে৷ এই অলৌকিক শক্তিসমূহৰ ভিতৰত বুঢ়া ডাঙৰীয়া নামৰ এই অলৌকিক শক্তিৰ প্ৰভাৱ অসমৰ জনজীৱনত গভীৰভাৱে সোমাই আছে৷ বুঢ়া ডাঙৰীয়াক বহুতে পৌৰাণিক চৰিত্ৰ শিৱৰ সৈতে সাঙুৰিব খোজে৷[2] অন্যান্য অলৌকিক শক্তিৰ দৰে বুঢ়া ডাঙৰীয়াই সহজে আনৰ অপকাৰ নকৰে বুলি বিশ্বাস৷[3]
বুঢ়া ডাঙৰীয়াৰ বৈশিষ্ট
[সম্পাদনা কৰক]অন্যান্য ভূত-প্ৰেত বা অলৌকিক শক্তিবোৰৰ দৰে বুঢ়া ডাঙৰীয়া ভয়ংকৰ চেহেৰাৰ নহয়৷ প্ৰচলিত ধাৰণামতে, বুঢ়া ডাঙৰীয়া দেখাত শুৱনি এজন সুপুৰুষৰ আকৃতিৰ অলৌকিক শক্তি৷[3] বট, আঁহত, জৰী আদি ওখ গছত বুঢ়া ডাঙৰীয়াৰ বাস৷[4] বুঢ়া ডাঙৰীয়াই বগা ধুতী, কামিজ পিন্ধি গাত চেলেং চাদৰ লয় আৰু মূৰত মথুৰা পাগ মাৰি ঘোঁৰাত উঠি ফুৰে৷[3] বুঢ়া ডাঙৰীয়া কোনো সম্ভ্ৰান্ত, সৎ আৰু শ্ৰদ্ধেয় মৃতলোকৰ প্ৰতীক৷ অসমত প্ৰচলিত নৱ-বৈষ্ণৱ ধৰ্মৰ সাত্বিকতাৰ প্ৰভাৱ এই বুঢ়া ডাঙৰীয়াৰ ক্ষেত্ৰত পৰিলক্ষিত হয়৷[5] অন্যান্য অশৰীৰী শক্তিৰ দৰে বুঢ়া ডাঙৰীয়াই সততে আনৰ অনিষ্ট নকৰে যদিও তেওঁক অসন্মান কৰিলে ব্যক্তিগৰাকী বুঢ়া ডাঙৰীয়াৰ ৰোষত পৰে বুলি বিশ্বাস কৰা হয়৷
বুঢ়া ডাঙৰীয়াৰ কোপ
[সম্পাদনা কৰক]সততে বুঢ়া ডাঙৰীয়াই কাৰো অনিষ্ট নকৰে বুলি বিশ্বাস প্ৰচলিত থকাতো কেতিয়াবা এই শক্তিৰ ৰোষত পৰিবলগীয়া হয়৷ জনবিশ্বাসমতে, বুঢ়া ডাঙৰীয়া থকা বুলি বিশ্বাস কৰা গছ কাটিলে বা তেওঁৰ প্ৰভাৱ সম্পৰ্কে তুচ্ছ তাচ্ছিল্য কৰিলে বুঢ়া ডাঙৰীয়াৰ ৰোষত পৰে৷[6] সাধাৰণতে পূৰ্ণিমাৰ ৰাতি বুঢ়া ডাঙৰীয়া গছৰ পৰা নামি শুকুলা ঘোঁৰাত উঠি গাওঁ পৰিভ্ৰমণ কৰে৷ গাওঁ পৰিভ্ৰমণ কৰিলে গাঁওলৈ কোনো অপায়-অমঙ্গল নাহে৷ তেনেকৈ ঘূৰি ফুৰা অৱস্থাত কোনোৱে দেখা পালে বা তেওঁৰ যাত্ৰাপথত হেঙাৰ হ’লে আৰু বুঢ়া ডাঙৰীয়া থকা বুলি বিশ্বাস কৰা গছৰ গুৰিত মল-মূত্ৰ ত্যাগ কৰিলে, ব্যক্তিগৰাকী বুঢ়া ডাঙৰীয়াৰ কোপত পৰে৷ কোপত পৰা ব্যক্তিৰ দীৰ্ঘদিনীয়া জ্বৰ, গাৰ বিষ আদি হয়৷ তেতিয়া বুঢ়া ডাঙৰীয়াৰ কোপ পৰা বুলি বেজে নিৰ্ণয় কৰে আৰু বগা কোমোৰা বৰালি মাছ আৰু আৰৈ চাউলেৰে ৰাইজক ভোজ খুৱাবৰ দিহা দিয়ে৷[6]
কোপ খণ্ডনৰ বিধান
[সম্পাদনা কৰক]বুঢ়া ডাঙৰীয়াৰ কোপ খণ্ডন কৰিবলৈ মঙলতিয়ে মঙল চাই প্ৰকৃত দোষ ধৰা পেলালে, বুঢ়া ডাঙৰীয়াৰ নামত ভকতক চাউল একথা খুৱাবৰ বিধান দিয়ে৷[6] বহুতে সেই গছৰ গুৰিত বৃহস্পতিবাৰে নাম-কীৰ্তন কৰে, আৰু সদায় গছৰ গুৰি পৰিস্কাৰ কৰি ৰাখে৷ বুঢ়া ডাঙৰীয়াক সন্মান সহকাৰে মনতে তুতি-নতি কৰিলেও তেওঁ সন্তুষ্ট হয় বুলি বিশ্বাস৷
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "বুঢ়া-ডাঙৰীয়া". শব্দ ডট অৰ্গ. http://www.xobdo.org/dic/%E0%A6%AC%E0%A7%81%E0%A7%9D%E0%A6%BE-%E0%A6%A1%E0%A6%BE%E0%A6%99%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A6%BE.
- ↑ "জনজাতীয় উপাস্য দেৱতা শিৱ জতাধাৰী...". অসমীয়া প্ৰতিদিন. ১৮ ফেব্ৰুৱাৰী ২০২৩. https://www.asomiyapratidin.in/editorial-desk/special-writing/special-writing-on-shiva-by-tushar-pratim.
- ↑ 3.0 3.1 3.2 Khanna Bhairav, Rakesh , J. Furcife (2023). Ghosts, Monsters and Demons of India. https://www.google.co.in/books/edition/Ghosts_Monsters_and_Demons_of_India/ACq6EAAAQBAJ?hl=en.
- ↑ Black Magic, Witchcraft and Occultism Secret Cultural Practices in India. ISBN 9781000905267. https://www.google.co.in/books/edition/Black_Magic_Witchcraft_and_Occultism/8GO1EAAAQBAJ?hl=en.
- ↑ নগেন শইকীয়া. অসমীয়া মানুহৰ ইতিহাস. পৃষ্ঠা. ৩০৩.
- ↑ 6.0 6.1 6.2 নিৰ্মলপ্ৰভা বৰদলৈ. অসমৰ লোক সংস্কৃতি. পৃষ্ঠা. ৬৩, ৬৬.