ৰংখেৰ
ৰংখেৰ বা ৰংকেৰ অসমৰ অন্যতম জনগোষ্ঠী কাৰ্বিসকলৰ কৃষিৰ আৰম্ভণিতে পতা এক পৱিত্ৰ উৎসৱ। বছৰৰ কৃষিকৰ্ম আৰম্ভ কৰাৰ আগে আগে শস্যৰ আৰু গাঁৱৰ ৰাইজৰ মঙ্গল কামনা কৰি কাৰ্বিসকলে ৰংখেৰ উৎসৱ পালন কৰে। আচলতে ৰংখেৰ এক ধৰ্মীয় পূজা অনুষ্ঠান।
প্ৰকাৰ
[সম্পাদনা কৰক]কাৰ্বি জনগোষ্ঠীৰ লোক অসমৰ নানা ঠাইত সিঁচৰতি হৈ আছে। ৰংখেৰ উৎসৱ সকলো অঞ্চলতে একে নহয়। পাহাৰ ভৈয়াম আদি অঞ্চলভেদে ইয়াৰ কেইবাটাও প্ৰকাৰ আছে; যেনে- পিৰ্দা ৰংকেৰ, আজ’ ৰংকেৰ, ৱফং ৰংকেৰ আদি। এই পূজাবোৰত হেম্ফু, মুক্ৰা, ৰাচিনজা, থানক্ৰেহিনী আদি দেৱতাক পূজা কৰা হয়।[1]
ৰীতি-নীতি
[সম্পাদনা কৰক]বেলেগ বেলেগ ৰংকেৰ উৎসৱ বেলেগ বেলেগ সময়ত পতা হয়। দিনৰ ভাগত এই পূজা হ’লে, তাক ’পিৰ্দাৰ ৰংকেৰ’ বোলা হয় আৰু ই এদিনীয়াকৈ পতা হয়। নিশাৰ ভাগত অনুষ্ঠিত হোৱা পূজাক ’অজ’ ৰংকেৰ’ বোলে আৰু একোটা অঞ্চলৰ ৰাইজে পাঁচ বছৰৰ মূৰে মূৰে মিলি সমজুৱাকৈ পতা এই উৎসৱক ’ৱফং ৰংকেৰ’ বোলা হয়। এই উৎসৱ দুদিনীয়াকৈ পালন কৰা হয়। ৱফং ৰংকেৰৰ দ্বিতীয় দিনা লক্ষ্মীদেৱীক উদ্দেশ্যি পূজা কৰা হয় আৰু সেইদিনা ৰাইজে পূজাৰ বাবে আগবঢ়োৱা ধান সকলোৰে মাজত ভগাই দিয়া হয়। খেতিয়কসকলে সেই ধান আন বীজৰ লগত মিহলাই খেতিত সিঁচিলে খেতিৰ উৎপাদন ভাল হয় বুলি বিশ্বাস কৰা হয়। লক্ষ্মীক উদ্দেশ্যি কৰা পূজাক ’লখি কেকুৰ’ বোলে।[1] কাৰ্বি জনগোষ্ঠীৰ লোকসকলে সমাজ আৰু ব্যক্তিগত জীৱনৰ মঙ্গলৰ বাবে বিভিন্ন পূজা-পাতল কৰে যদিও এইবোৰ কোনো মন্দিৰ বা মঠত নকৰে। লোকালয়ৰ পৰা আঁতৰত বা গাঁৱৰ মুকলি ঠাইত এই পূজাসমূহ কৰা হয়। কেতিয়াবা মূৰ্তিও প্ৰতিষ্ঠা কৰা দেখা যায়।[2] ৰংকেৰ কাৰ্বি জনগোষ্ঠীৰ ৰাইজে মিলি সমূহীয়াকৈ পালন কৰি অহা এক ধৰ্মীয় অনুষ্ঠান। প্ৰত্যেকখন কাৰ্বি গাঁৱত এই পূজা কৰাটো বাধ্যতামূলক হিচাপে পৰিগণিত হৈ আহিছে। ইয়াৰ প্ৰধান উদ্দেশ্য গাঁওবাসীৰ মঙ্গল কামনা কৰা। এই পূজাৰ বাবে প্ৰায় ১৯-২০ মিটাৰ বেদী নিৰ্মাণ কৰি[2] পূজাৰ আয়োজন কৰা হয়। এই পূজাত দেৱতাক সন্তুষ্ট কৰিবলৈ বলি দিয়া হয়। ৰংকেৰ পূজাৰ প্ৰধান দায়িত্ব থাকে চাৰ্থে(গাঁওবুঢ়া) আৰু ছাপং(পুৰোহিত)ৰ ওপৰত। বাকী দেউৰী আৰু সাধাৰণ ৰাইজে সকলো কামতে সহযোগ কৰে। এই পূজাত বলি দিবলৈ প্ৰতিঘৰে কুকুৰা আগবঢ়ায়।[2] হৰলাং বা লাউপানী আন আন উৎসৱৰ দৰে ৰংকেৰ উৎসৱৰো অন্যতম লাগতিয়াল দ্ৰব্য।[3] অতীজতে ৰংকেৰ পূজা উপলক্ষে নৰবলি দিয়া হৈছিল।[1] আজিকালি এই প্ৰথা বন্ধ হৈছে। ৰংকেৰ পূজাত ছাগলী আৰু কুকুৰাই প্ৰধানকৈ বলি দিয়া হয়। এই পূজাত দিয়া বলিৰ মাংস ৰান্ধি হৰলাং(স্থানীয় মদ) আৰু ভাতৰ লগত পূজাৰ শেষত খোৱা হয়। মহিলাসকলে এই পূজাত অংশ গ্ৰহণ কৰিব নোৱাৰে।[1] আজিকলি এই পূজা সৰ্বজনীন হিচাপে পালন কৰা হয়। অৱশ্যে নাৰী আৰু পুৰুষৰ পূজাত সমাৱেশ হোৱাৰ স্থান বেলেগ বেলেগ হয়।