সমললৈ যাওক

তৰোৱাল নৃত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ঢাল আৰু তৰোৱাল লৈ কৰা জৰ্জিয়াৰ আখৰা-যুদ্ধৰ তৰোৱাল নৃত্য
মেৰ দাণ্ডিয়া, ছৌৰাষ্ট্ৰৰ নৃত্যশিল্পীসকলে কৰা তৰোৱাল নৃত্যৰ দৃশ্য

তৰোৱাল নৃত্য (ইংৰাজী: Sword dance) হৈছে হাতত তৰোৱাললৈ কৰা এক প্ৰকাৰৰ অস্ত্ৰ নৃত্য। তৰোৱাল বা অনুৰূপ অস্ত্ৰ অন্তৰ্ভুক্ত কৰা অস্ত্ৰ নৃত্য সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তত দেখা পোৱা যায়।[1] আফ্ৰিকা[2], এছিয়া[3] আৰু ইউৰোপৰ[4] বিভিন্ন অঞ্চলত তৰোৱাল নৃত্যৰ একক আৰু আখৰা-যুদ্ধ (Pyrrhic)ৰ বিভিন্ন পৰম্পৰা পৰিলক্ষিত হয়। কিছুমান পৰম্পৰাত ধাৰাল অস্ত্ৰৰ সলনি লাঠি বা অন্য বস্তু ব্যৱহাৰ কৰা হয়, আনহাতে বেছিভাগ আধুনিক অভিনেতাই আঘাতৰ পৰা হাত সাৰিবলৈ ধাৰহীন নকল তৰোৱাল ব্যৱহাৰ কৰে।

বিভিন্ন প্ৰকাৰৰ তৰোৱাল নৃত্য আছে। তৰোৱাল নৃত্যৰ সাধাৰণ প্ৰকাৰসমূহ হ’ল-

  • একক তৰোৱাল নৃত্য – যেনে পৰম্পৰাগত স্কটিছ তৰোৱাল নৃত্য। তৰোৱাল নৃত্যৰ এই সাধাৰণ প্ৰকাৰটোত তৰোৱালবিহীন নৃত্যও অন্তৰ্ভূক্ত কৰা হয়, যেনে ইংলেণ্ডৰ তৰোৱালবিহীন পৰম্পৰাগত মৰিছ নৃত্য[5]
  • আখৰা-যুদ্ধৰ নৃত্য – তৰোৱালবিহীন পৰম্পৰাৰ লাঠি নৃত্য আৰু ১৫৮৮ চনত থয়নোট আৰ্ব'ৱে বৰ্ণনা কৰা ব'ফন বা মেটাচিনৰ দৰে সাধাৰণ মহাদেশীয় নৃত্য।[6]
  • হিল্ট-এণ্ড-পইণ্ট তৰোৱাল নৃত্য – নৃত্যশিল্পীসকলে তেওঁলোকৰ তৰোৱালেৰে এটা শৃংখলৰ সৃষ্টি কৰে। এই নৃত্যত সাধাৰণ তৰোৱাল আৰু দীঘল তৰোৱাল ব্যৱহাৰ কৰা হয়।[7]

চীন আৰু ভিয়েটনাম

[সম্পাদনা কৰক]

চীন আৰু ভিয়েটনামৰ এবিধ তৰোৱাল নৃত্যক জিয়ান ৱু (jian wu) বা মুয়া কিম (múa kiếm) নামেৰে জনা যায়। তৰোৱাল আৰু বৰশীৰলৈ কৰা এই নৃত্য প্ৰথমে সামৰিক প্ৰশিক্ষণৰ অনুশীলন হিচাপে আৰম্ভ হৈছিল আৰু পিছলৈ সৃজনীমূলক এক্ৰ'বেটিক নৃত্যলৈ বিকাশ ঘটিছিল।[8] চীন আৰু ভিয়েটনামী অপেৰাত ব্যৱহৃত চাৰিটা ধ্ৰুপদী নৃত্যৰ ভিতৰত জিয়ান ৱু আছিল অন্যতম। এই নৃত্যসমূহৰ প্ৰতিটোৱেই অপেৰাৰ পৰিবেশনৰ ভিতৰত অতি অৰ্থপূৰ্ণ আছিল আৰু ইয়াক প্ৰায়ে কাহিনীৰ বৰ্ণনা আৰু চৰিত্ৰায়নৰ বাবে ব্যৱহাৰ কৰা হৈছিল।[9] চীন আৰু ভিয়েটনামী সংস্কৃতিত অলৌকিকতাৰ সৈতে সংযোগ স্থাপনৰ দিশতো তৰোৱাল নৃত্যৰ ব্যৱহাৰ পোৱা গৈছিল; ঘৰ এখনত ব্যাঘাত জন্মাব পৰা মৃত আত্মাবোৰৰ লগত অনুভৱৰ যোগাযোগৰ প্ৰয়াস কৰিবলৈ তৰোৱাল নৃত্য পৰিৱেশন কৰা হৈছিল।[10]

তৰোৱাল নৃত্য কলাৰ বিভিন্ন শৈলী দেখা পোৱা যায়। প্ৰথম শৈলীত শিথিলতা আৰু নমনীয়তাৰ ওপৰত গুৰুত্ব দিয়া হয় আনহাতে আনটো শৈলীত গতি আৰু শক্তিৰ ওপৰত গুৰুত্ব দিয়া হয়।[8] প্ৰতিটো নৃত্যৰ সময়তো বিভিন্ন ধৰণৰ তৰোৱাল আৰু অস্ত্ৰ ব্যৱহাৰ কৰা হয়। দীঘল তৰোৱাল সাধাৰণতে একক পৰিবেশনৰ সময়ত লেহেমীয়া নাটকীয় গতিৰে ব্যৱহাৰ কৰা হয় আৰু দুজন বা তাতকৈ অধিক লোকৰ মাজত তৰোৱাল নৃত্যৰ সময়ত চুটি তৰোৱাল অতি উচ্চ গতিৰে ব্যৱহাৰ কৰা হয়।[8] প্ৰতিটো শৈলীৰ বাবে কিছুমান বিশেষ গতিবিধিৰ প্ৰয়োজন হয় যাৰ বাবে নৃত্যশিল্পীজন অতি চঞ্চল আৰু এথলেটিক হ’ব লাগে।

দক্ষিণ এছিয়া

[সম্পাদনা কৰক]

দক্ষিণ এছিয়াৰ বহু দেশতো তৰোৱাল-নৃত্য দেখা পোৱা যায়। এই অঞ্চলসমূহত যুদ্ধ পৰম্পৰাৰ পৰাই তৰোৱাল-নৃত্যৰ উৎপত্তি হৈছিল, শিখ ধৰ্মৰ ঐশ্বৰিক সামৰিককৰণৰ নীতিৰ পৰা উদ্ভৱ হোৱা জনপ্ৰিয় গটকা পৰম্পৰাত ইয়াৰ উদাহৰণ পোৱা যায়। পূৰ্বে উৰিষ্যাৰ যোদ্ধাসকলক প্ৰশিক্ষণ দিয়াৰ বাবে ব্যৱহাৰ কৰা পাইক আখাড়াই এতিয়া উৎসৱৰ সময়ত ৰাজপথত অস্ত্ৰ নৃত্য প্ৰদৰ্শন কৰে। মেৰ ডাণ্ডিয়া (mer dandiya)ৰ দৰে কিছুমান নৃত্যত কেৱল যুদ্ধৰ বিৱৰণ পৰিৱেশন কৰা হয়, আনহাতে কুমাওন প্ৰদেশত প্ৰচলিত ছোলিয়াৰ দৰে কিছুমান নৃত্য অশুভ আত্মা আৰু অসুৰৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। ভাৰতীয় উপমহাদেশত আজিও বিয়া আৰু অন্যান্য অনুষ্ঠানৰ বাবে তৰোৱাল নৃত্য সচৰাচৰ পৰিৱেশন কৰা হয়।

ভাৰত উপমহাদেশত ছৌ তৰোৱাল নৃত্য[11], ফিৰকাল তৰোৱাল নৃত্য[12], খাচী জনজাতীয় তৰোৱাল নৃত্য[13], ভোটিয়া জনগোষ্ঠীৰ তৰোৱাল নৃত্য[14], লখাৰু-লি তৰোৱাল নৃত্য, খাইজামা-ফনাই তৰোৱাল নৃত্য, গুজৰাটৰ তৰোৱাল নৃত্য আৰু খট্টক তৰোৱাল নৃত্য উৎসৱৰ সময়ত পৰিবেশন কৰা হয়।

মধ্য পূৱ

[সম্পাদনা কৰক]
এগৰাকী বেদুইন মহিলাই তৰোৱাল নৃত্য প্ৰদৰ্শন কৰিছে।

আৰব তৰোৱাল নৃত্য (raqs al-saïf) মানুহৰ মাজত হোৱা তৰোৱাল যুদ্ধৰ পৰাই ইজিপ্ত আৰু তুৰস্ক উভয়তে বিকশিত হৈছিল। আনকি অট্টোমান শাসনৰ সময়ত চুলতানে তৰোৱাল নৃত্য নিষিদ্ধ কৰিছিল, কিয়নো বিশ্বাস কৰা হৈছিল যে নৃত্যশিল্পীসকলে সৈন্যৰ পৰা তৰোৱাল লৈ নৃত্য প্ৰদৰ্শনৰ শেষত “হত্যা” কৰাৰ অভিনয়ৰ যোগেদি তৰোৱালসমূহ সংগ্ৰহ কৰি সেনাৰ বিৰুদ্ধে প্ৰতিৰোধ আৰম্ভ কৰিছিল। এই তৰোৱালবোৰ কেতিয়াও ঘূৰাই দিয়া নহৈছিল। পশ্চিম এছিয়াত মহিলাৰ তৰোৱাল নৃত্যৰ প্ৰচলন নাছিল। ইজিপ্তৰ পুৰুষসকলে উত্থিত তৰোৱাল লৈ এল আৰ্ড (el ard) নামৰ নৃত্য প্ৰদৰ্শন কৰিছিল, যদিও মহিলাসকলে ৰাজহুৱা স্থানত তৰোৱাল লৈ নৃত্য কৰা নাছিল। কিন্তু ফৰাচী শিল্পী জিন-লিয়ন জেৰ’মৰ (যিজনে ১৮ শতিকাত ইজিপ্ত ভ্ৰমণ কৰিছিল) চিত্ৰ আৰু খোদিত শিল্পকৰ্মত তৰোৱাল নৃত্যশিল্পীসকলে মূৰত তৰোৱালৰ ভাৰসাম্য ৰক্ষা কৰা দেখা গৈছে। বুৰ্ছাৰ তুৰ্কী কিলিচ কালকান নৃত্য তৰোৱাল আৰু ঢাল লৈ কেৱল পুৰুষসকলেহে পৰিৱেশন কৰে আৰু ই চহৰখনৰ অট্টোমান বিজয়ক প্ৰতিনিধিত্ব কৰে। নৃত্য-শিল্পীসকলে আৰম্ভণিৰ অট্টোমান যুদ্ধ-পোছাক পিন্ধে আৰু সংগীত অবিহনে তৰোৱাল আৰু ঢালৰ সংঘৰ্ষত সৃষ্টি হোৱা শব্দৰ তালত নৃত্য কৰে।

সমগ্ৰ ইউৰোপতে হিল্ট-এণ্ড-পইণ্ট তৰোৱাল নৃত্য পৰিবেশন কৰা হয়, বা কৰা হৈছিল। এই নৃত্যসমূহ প্ৰায় ১৪০০-১৫০০ খ্ৰীষ্টাব্দৰ পবিত্ৰ ৰোমান সাম্ৰাজ্যৰ সীমাৰ সৈতে সম্পৰ্কীত অঞ্চলসমূহত কেন্দ্ৰীভূত হৈ আছে আৰু এই পৰম্পৰাগত নৃত্যসমূহ এতিয়াও ইংলেণ্ড[15], চেক গণৰাজ্য, জাৰ্মানী, অষ্ট্ৰিয়া, উত্তৰ ইটালী, ফ্ৰান্স, ফ্লেণ্ডাৰছ আৰু আইবেৰিয়ান উপদ্বীপৰ বাস্ক দেশ, গালিচিয়া আৰু আন্দালুছিয়াত[16][17] পৰিবেশন কৰা হয়।

১৩৫০ চনত নুৰেমবাৰ্গৰ স্মিথ আৰু কাটলাৰৰ গিল্ডে কৰা তৰোৱাল নৃত্যত তথ্য পোৱা যায়। ১৬ শতিকাৰ তৰোৱাল নৃত্যৰ তথ্য সমগ্ৰ জাৰ্মানীত দেখা পোৱা যায়। স্কটলেণ্ডত ১২৮৫ চনত তৰোৱাল নৃত্য পৰিবেশন কৰা বুলি লিপিবদ্ধ কৰা হৈছিল যদিও ১৪৪০ চনৰ এখন নথিতহে এই নৃত্যৰ তথ্য পোৱা গৈছিল। ৰোমানিয়াত মৰিছ নৃত্যৰ দৰেই উৰ্বৰতা অনুষ্ঠান আৰু ঘোঁৰা পূজনৰ সৈতে জড়িত কেলোছ (Căluș) নামৰ এক জটিল পৰম্পৰাগত তৰোৱাল নৃত্য পৰিৱেশন কৰা হয়।

ইংলেণ্ডৰ পৰম্পৰাগত হিল্ট-এণ্ড-পইণ্ট তৰোৱাল নৃত্যত ৰেপাৰ তৰোৱাল আৰু দীঘল তৰোৱাল ব্যৱহাৰ কৰা হয়। বৰ্তমান এই নৃত্য তেওঁলোকৰ নিজৰ পৰম্পৰাগত অঞ্চলৰ বাহিৰৰ ইংৰাজী ভাষী বিশ্বৰ বিভিন্ন অঞ্চলত পৰিবেশন কৰা হয়। নিউয়ৰ্ক চহৰত ৰাষ্ট্ৰপতি দিৱসৰ সময়ত শ্বাৰ্ড এলি (Sword Ale) নামৰ এক বাৰ্ষিক সমাৱেশ অনুষ্ঠিত কৰা হয় আৰু এই অনুষ্ঠানত পূব উপকূল আৰু সমগ্ৰ বিশ্বৰ এক ডজনৰো অধিক তৰোৱাল নৃত্যৰ দল একত্ৰিত হয়।

ৰুগোভা যুদ্ধ নৃত্য[18] (আলবেনিয়ান: Vallja me shpata e Rugovës বা Loja Luftarake e Rugovës)[19] হৈছে ক’ছ’ভ’ৰ ৰুগোভা অঞ্চলৰ নামেৰে নামকৰণ কৰা[20] এটা পৰম্পৰাগত আলবেনিয়ান তৰোৱাল নৃত্য। এই নৃত্যক যুদ্ধ নৃত্যৰ (আলবেনিয়ান: valle luftarake) ধ্বংসাৱশেষ বুলি গণ্য কৰা হয়, যিবোৰ যুদ্ধৰ পুনৰ অভিনয় বা প্ৰস্তুতিত কৰা পেণ্টোমিমিক নৃত্যৰ অৱশিষ্ট।[20] এই নৃত্য দুজন পুৰুষ নৃত্যশিল্পীয়ে পৰিবেশন কৰে আৰু দুয়ো এগৰাকী কণ্যাৰ পাণি গ্ৰহণৰ বাবে যুদ্ধৰ আখৰা কৰে।[21][22]

চিত্ৰসম্ভাৰ

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Dance History - The Sword Dance (Ghillie Callum)". www.toeandheel.com. http://www.toeandheel.com/celticspiritdance/dances/swords.htm। আহৰণ কৰা হৈছে: 2019-10-07. 
  2. Taylor, Bayard (1862) (en ভাষাত). A Journey to Central Africa: Or, Life and Landscapes from Egypt to the Negro Kingdoms of the White Nile. G.P. Putnam and Son. পৃষ্ঠা. 199. https://archive.org/details/ajourneytocentr02taylgoog. "sword dances, africa." 
  3. "Dances of Asia" (en-US ভাষাত). KET Education. https://www.ket.org/education/resources/dances-of-asia/। আহৰণ কৰা হৈছে: 2019-10-07. 
  4. "Sword dance" (en ভাষাত). Encyclopedia Britannica. https://www.britannica.com/art/sword-dance। আহৰণ কৰা হৈছে: 2019-10-07. 
  5. "Longsword Dancing | The Morris Ring". themorrisring.org. https://themorrisring.org/about-morris/longsword। আহৰণ কৰা হৈছে: 2019-10-07. 
  6. "Sword, Sabre, Rapier Dance History Archives - Main1". www.streetswing.com. https://www.streetswing.com/histmain/z3sword1.htm। আহৰণ কৰা হৈছে: 2019-10-07. 
  7. "Chasing the Star of Swords: Sword Dancing on a Watson Fellowship" (en ভাষাত). Chasing the Star of Swords: Sword Dancing on a Watson Fellowship. https://starofswords.wordpress.com/। আহৰণ কৰা হৈছে: 2019-10-07. 
  8. 8.0 8.1 8.2 Cohen, Selma Jean (1998). Cohen, Selma Jeanne. ed. "China". The International Encyclopedia of Dance খণ্ড 1: 382–386. doi:10.1093/acref/9780195173697.001.0001. ISBN 9780195173697. https://archive.org/details/internationalenc0000unse_q4s8/page/382। আহৰণ কৰা হৈছে: 14 Oct 2012. 
  9. Pong, David (2009). "Dance". Encyclopedia of Modern China খণ্ড 1: 382–386. http://go.galegroup.com/ps/i.do?id=GALE%7CCX1837900135&v=2.1&it=r&p=GVRL&sw=w। আহৰণ কৰা হৈছে: 14 Oct 2012. 
  10. Sprenger, Guido (2010), "From Power to Value: Ranked Titles in an Egalitarian Society, Laos", The Journal of Asian Studies (ABI/INFORM Complete) খণ্ড 69 (2): 403–425, doi:10.1017/s0021911810000069, সাঁচ:ProQuest 
  11. Devi, Ragini (1990). Dance dialects of India (2nd rev. সম্পাদনা). প্ৰকাশক Delhi: Motilal Banarsidass. ISBN 9788120806740. https://archive.org/details/dancedialectsofi0000ragi। আহৰণ কৰা হৈছে: 7 November 2016. "sword dance in india." 
  12. "The last frontier of Firkal martial art of Chotanagpur area – Jharkhand | Tribal Cultural Heritage in India Foundation". indiantribalheritage.org. https://indiantribalheritage.org/?p=5383#gsc.tab=0। আহৰণ কৰা হৈছে: 2022-09-30. 
  13. (en ভাষাত) Meghalaya (1. সম্পাদনা). প্ৰকাশক New Delhi: Mittal Publ.. 2001. পৃষ্ঠা. 99. ISBN 9788170997917. https://books.google.com/books?id=7BTlEgnhHtcC&q=sword+dance+in+india। আহৰণ কৰা হৈছে: 7 November 2016. 
  14. Massey, Reginald (2004). India's dances : their history, technique and repertoire (1. publ. in India. সম্পাদনা). প্ৰকাশক New Delhi: Abhinav Publ.. পৃষ্ঠা. 234. ISBN 9788170174349. https://books.google.com/books?id=t6MJ8jbHqIwC&q=sword+dance+in+india। আহৰণ কৰা হৈছে: 7 November 2016. 
  15. Corrsin, Stephen D. (1997-01-01) (en ভাষাত). Sword Dancing in Europe: A History. Hisarlik Press. ISBN 9781874312253. https://books.google.com/books?id=HgXgAAAAMAAJ। আহৰণ কৰা হৈছে: 2019-12-08. 
  16. Pelinski, Ramón (2011). La danza de Todolella. Memoria, historia y usos políticos de la danza de espadas. Valencia: Institut Valencià. ISBN 9788448256548. Archived from the original on 2019-12-28. https://web.archive.org/web/20191228154306/http://www.ramonpelinski.com/textos/la-danza-de-todolella-memoria-historia-y-usos-politicos-de-la-danza-de-espadas-2011। আহৰণ কৰা হৈছে: 2017-03-17. 
  17. García Gallardo, F.; Arredondo, H.. "DANZAS DE ESPADAS Y TOQUES DE TAMBORIL EN LA SIERRA Y EL ANDÉVALO ONUBENSES (PDF Download Available)" (en ভাষাত). ResearchGate. https://www.researchgate.net/publication/302588608। আহৰণ কৰা হৈছে: 2017-03-17. 
  18. Daubeny, Peter (1952). Stage by stage. J. Murray. পৃষ্ঠা. 141. https://books.google.com/books?id=b_o1AQAAIAAJ. "THE WARRIOR DANCE OF RUGOVO." 
  19. Halimi, Kadri (1971) (sq ভাষাত). Vendi i Lojës së Rugovës në Vallet Luftarake Shqiptare [The place of the Rugova Dance in Albanian War Dances]. প্ৰকাশক Pristina. 
  20. 20.0 20.1 UCLA Journal of Dance Ethnology. 13. UCLA Department of Dance. 1989. পৃষ্ঠা. 34–39. https://books.google.com/books?id=pEf0AAAAMAAJ. 
  21. Nebojša Tomašević (1968). Yugoslavia in Colour. "Review," Yugoslav Illustrated Monthly. পৃষ্ঠা. 34. https://books.google.com/books?id=qqYrAAAAMAAJ. 
  22. Journal of the International Folk Music Council. Published with the assistance of the International Music Council, under the auspices of United Nations Educational Scientific and Cultural Organisation for the International Folk Music Council by W. Heffer. 1951. https://books.google.com/books?id=njXYAAAAMAAJ. "A dance by two men of the Albanian minority from Rugova (Pec) represents a mock battle to obtain possession of a young girl."