সমললৈ যাওক

ছোলিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছোলিয়া

ছোলিয়া নৃত্যৰ শিল্পী
স্থানীয় নাম छोलिया
हुड्केली
শৈলী লোকনৃত্য
উৎপত্তিমূল ভাৰত উপমহাদেশ (ভাৰত আৰু নেপাল)

ছোলিয়া (ইংৰাজী: Chholiya) বা হুডকেলী হ’ল ভাৰতীৰ উত্তৰাখণ্ড ৰাজ্য আৰু নেপালৰ সুদুৰপশ্চিম প্ৰদেশৰ কুমাওন প্ৰদেশত সৃষ্টি হোৱা এক পৰম্পৰাগত লোকনৃত্য।[1] আজি ই কুমাওনী আৰু সুদুৰপশ্চিমীৰ(মূলতঃ দোটি, বৈতাদী আৰু দাৰ্চুলা জিলাত) সংস্কৃতিৰ প্ৰতীক হৈ পৰিছে। মূলতঃ ই বিবাহ শোভাযাত্ৰাৰ লগত পৰৱেশন কৰা তৰোৱাল নৃত্য যদিও এতিয়া ইয়াক আন বহু শুভ অনুষ্ঠানত প্ৰদৰ্শন কৰা হয়।[2]

বিশেষকৈ কুমাওন সংমণ্ডলৰ আলমোৰা, বাগেশ্বৰ, চম্পাৱত আৰু পিথোৰাগড় জিলাত আৰু নেপালৰ দোটি, বইতাদি আৰু দাৰ্চুলা জিলাত ইয়াৰ জনপ্ৰিয়তা দেখা যায়। এই তৰোৱাল নৃত্যৰ ইতিহাস হাজাৰ বছৰতকৈও অধিক পুৰণি আৰু ইয়াৰ শিপা বিচাৰি পোৱা হয় কুমাওনী জনগোষ্ঠী আৰু খাছ জনগোষ্ঠীৰ যুদ্ধ পৰম্পৰাত৷

উৎপত্তি

[সম্পাদনা কৰক]

ছোলিয়া নৃত্য হাজাৰ বছৰতকৈও অধিক পুৰণি, এই নৃত্যৰ উৎপত্তি কুমাওনৰ যুদ্ধ পিপাসু ক্ষত্ৰিয়সকল যেনে, খাছা আৰু কাত্যুৰীৰ পৰাই হৈছে, যেতিয়া তেওঁলোকৰ মাজত তৰোৱালৰ আগত বিবাহ সম্পন্ন কৰা হৈছিল।

দশম শতিকাত দৃশ্যপটত উপস্থিত হোৱা চান্দ ৰজাসকলে থলুৱা ক্ষত্ৰিয়সকলক একত্ৰিত কৰিছিল । থলুৱা ক্ষত্ৰিয়ক ক্ষুদ্ৰ সংখ্যালঘু কৰি তোলা অনুপ্ৰৱেশকাৰী ৰাজপুতসকলেও পাহাৰীয়া ৰীতি-নীতি গ্ৰহণ কৰি নিজৰ পৰম্পৰা আৰু ভাষাৰে পাহাৰী সংস্কৃতিক প্ৰভাৱিত কৰিছিল। তৰোৱালৰ আগত হোৱা বিয়াৰ দিন শেষ হ’ল যদিও ইয়াৰ লগত জড়িত পৰম্পৰাবোৰ পিছলৈ চলি থাকিল।

সেইবাবেই নেপালত আজিও দৰাক কোঁৱৰ বা ৰজা বুলি কোৱা হয়। বিবাহ শোভাযাত্ৰাত তেওঁ ঘোঁৰাত উঠি কঁকালৰ বেল্টত খুকৰি গুজি লয়।[3]

গুৰুত্ব

[সম্পাদনা কৰক]
নেপালৰ হুডকেলী নৃত্যশিল্পী

কুমাওঁবাসীৰ যুদ্ধ পৰম্পৰাৰ পৰা উৎপত্তি হোৱাৰ উপৰিও ছোলিয়াৰ ধৰ্মীয় তাৎপৰ্যও আছে। এই শিল্পৰূপটো মূলতঃ ৰাজপুত সম্প্ৰদায়ে তেওঁলোকৰ বিবাহ শোভাযাত্ৰাত পৰিৱেশন কৰে।[4] ছোলিয়া বিবাহত পৰিৱেশন কৰাৰ কাৰণ হ’ল ইয়ে অশুভ আত্মা আৰু অসুৰৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ বাবে শুভ বুলি বিশ্বাস কৰা হয়। অশুভ আত্মা এনে বিবাহ শোভাযাত্ৰাৰ প্ৰতি দুৰ্বল বুলি বিশ্বাস কৰা হৈছিল, যিয়ে সুখ বিঘ্নিত কৰাক লক্ষ্য কৰি লয়। অশুভ শক্তি বা অসুৰে বিবাহ শোভাযাত্ৰা বা বৰযাত্ৰীক অনুসৰণ কৰি নৱবিবাহিতসকলক মোহিত কৰিবলৈ কৰা চেষ্টাক ছোলীয়াৰ পৰিবেশনে ইয়াক ৰোধ কৰিব পাৰে বুলি বিশ্বাস কৰা হয়৷

বাদ্যযন্ত্ৰ

[সম্পাদনা কৰক]

পিতলৰ বাদ্যযন্ত্ৰ পৰিয়ালৰ অন্তৰ্গত টুৰি (তুৰী), নাগফানী আৰু ৰানছিং কুমাওন শাখাৰ পৰম্পৰাগত বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয় যি পূৰ্বতে সৈন্যৰ মনোবল বৃদ্ধিৰ বাবে যুদ্ধত ব্যৱহাৰ কৰা হৈছিল৷

কুমাউনৰ স্থানীয় ঢোল, দামাউ আদি অনৱদ্ধ বাদ্যযন্ত্ৰ ঢোলি নামেৰে জনাজাত পেছাদাৰী সংগীতজ্ঞসকলে বজায়।

মাৰ্চিং বেণ্ডত বজোৱা বাদ্যযন্ত্ৰ মাচাকবীন কুমাউনত ব্ৰিটিছে প্ৰৱৰ্তন কৰা সুষিৰ বাদ্য, যি পিছলৈ নানা সুষিৰ বাদ্যৰ উদ্ভাৱনে বিলুপ্তপ্ৰায় কৰিছিল৷

কাঠৰ বতাহৰ বাদ্যযন্ত্ৰ যেনে, নাউছুৰিয়া মুৰুলি নটা সুৰ ওলোৱা এক প্ৰকাৰৰ বাঁহী আৰু জ্যোন্যা (দ্বৈত সুুৰৰ বাঁহী) কুমাউনৰ স্থানীয় এক প্ৰকাৰৰ দ্বৈত বাঁহীও বজোৱা হয়।[5]

নৃত্যশিল্পীসকলে পৰম্পৰাগত কুমাউনী সাজ-পোছাক বগা চুৰিদাৰ পায়জামা পিন্ধি, মূৰত টানকা, চোলা, মুখখন চন্দন কাঠৰ লেপনেৰে বোলাই লয়, যেন তৰোৱাল আৰু কাঁহৰ ঢালেৰে সজ্জিত হৈ যুদ্ধৰ বাবে সাজু হৈ আছে। তেওঁলোকৰ সাজ-পোছাক আৰু কুমাউনত বাস কৰা প্ৰাচীন ৰণ সৈনিকৰ সাজ-পোছাকৰ সৈতে মিল আছে।[6]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. नागरिक. "संकटमा हुड्केली नाच" (ne ভাষাত). nagariknews.nagariknetwork.com. https://nagariknews.nagariknetwork.com/social-affairs/173654-1552705440.html আহৰণ কৰা হৈছে: 2022-11-01.
  2. "Folk Dances Of North India". Culturalindia.net. Archived from the original on 2012-07-18. https://web.archive.org/web/20120718052314/http://www.culturalindia.net/indian-dance/folk-dances/north-india.html আহৰণ কৰা হৈছে: 2010-06-12.
  3. "Choliya Dance - Folk Dances of Kumaon". Euttaranchal.com. Archived from the original on 2014-07-02. https://web.archive.org/web/20140702172355/http://www.euttaranchal.com/uttaranchal/music_cinema/choliya_dance.php আহৰণ কৰা হৈছে: 2010-06-12.
  4. musetheplace.com. "Choliya Dance – Folk Dances of Kumaon". musetheplace.com. Archived from the original on 2016-03-03. https://web.archive.org/web/20160303213423/http://musetheplace.com/choliya-dance-folk-dances-of-kumaon/ আহৰণ কৰা হৈছে: 2013-01-21.
  5. "Welcome to Chhaliya Mahotsava, Pithoragarh". Chhaliyamahotsava.com. Archived from the original on 2011-01-23. https://web.archive.org/web/20110123060934/http://www.chhaliyamahotsava.com/home.htm আহৰণ কৰা হৈছে: 2010-06-12.
  6. "Choliya Dance - Choliya Dance Uttarakhand, Cholia Dance Uttaranchal". Himalaya2000.com. http://www.himalaya2000.com/uttarakhand/dances/choliya.html আহৰণ কৰা হৈছে: 2010-06-12.