সমললৈ যাওক

বাৰ্তা:কোমোৰা খেল

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

বাৰ্তা :: কোমোৰা খেল

[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়াৰ পৰাকোমোৰা খেল অসমৰ অতি পুৰণি খেল। কোনো খেলৰ সামগ্ৰী নোহোৱাকৈ এই খেল খেলা হয়। সচৰাচৰ এই খেল গৰু চৰাবলৈ যোৱা গৰখীয়াৰ ল’ৰাৰ জাকে সময় পাৰ কৰিবলৈ খেলিছিল। এই খেলত যথেষ্ট ধৈৰ্য আৰু শাৰীৰিক শক্তিৰ প্ৰয়োজন হয়। কোমোৰা খেল খেলিবলৈ ৬/৭ জনৰ পৰা ১০/১২জন ল’ৰা বা তাতকৈ বেছি হ’ব লাগে, কিন্তু তাতকৈ কম হ’লে খেল নজমে।খেলৰ নিয়মখেল আৰম্ভ হ’লে, খেলুৱৈ কেইজনৰ দুজনৰ বাদে বাকীকেইজনে ইজনে সিজনৰ ভৰিত হাতেৰে জোৰকৈ খামুচি ধৰি মাটিত শুই থাকে। প্ৰথমজনে বাঁহৰ খুঁটি বা আন কোন আধাৰত ধৰি থাকে। বাকী দুজনৰ এজনে কিছু দূৰত বহি থাকে আৰু আনজনে এচাৰি এডাল হাতত লৈ কাষচাপি আহি বহি থকাজনক কোমোৰা খোজে। “চিৰিকি মিৰিকি বাঁহৰ শলা, গোঁসাই পদূলিত বান্ধিছোঁ ঘোঁৰা, ৰজাই চিকাৰ কৰিবলৈ যাওঁতে পহু এটা পালে। সেয়ে কোমোৰা এটা দিয়া। ’’ বহি থকাজনে উত্তৰ দিয়ে, “আৰ জুৰিছে, কোমোৰা হোৱাই নাই। ’’ এনেদৰে ক’লে তেওঁ গুচি যায় আৰু পিছপাকতে আকৌ আহে আৰু প্ৰথমবাৰ খোজাৰ দৰে কোমোৰা খোজে। এইদৰে কেইবাবাৰো খোজা হয় আৰু বহি থকাজনে উত্তৰ দি থাকে, মাটি চহাইছে, গুটি সিঁচিছে, পুলি গজিছে, লতা বগাইছে, ফুল ফুলিছে, জালি ওলাইছে আদি কৈ। শেষৰ বাৰ “চিঙি লৈ যা’’ বুলি কোৱাৰ লগেলগে ভৰিত ধৰাধৰি কৰি মাটি শুই থকা কেইজনৰ শেষৰজনক ভৰিত ধৰি টানে। সিজনেও এৰা নাখাবলৈ প্ৰাণে-পণে খামুচি ধৰে। এনে কৰাত যদি শেষৰজনৰ হাত আগৰজনৰ ভৰিৰপৰা এৰাই যায়, তেন্তে কোমোৰা পায়, অৰ্থাৎ কোমোৰা চিঙাজন জিকে আৰু কোমোৰা হোৱাজন হাৰে। এনেদৰেই প্ৰতিজনকে টানি এৰুৱাব পাৰিলে, তেওঁ জিকে। পুনৰ আগৰদৰে খেল হয়।[1] অসমৰ কিছুমান ঠাইত এই খেলৰ নিয়ম কিছু বেলেগ আৰু কোৱা কথাখিনিও সমান্য পৃথক হয়। খেলুৱৈসকল মাটিত শোৱাৰ সলনি থিয় হৈ খেলে আৰু ভৰিত ধৰাৰ সলনি কঁকালত ধৰে। এনে অৱস্থাত খেলুৱৈসকল দুটা দলত ভাগ হৈ খেলে। ভৰিত বা কঁকালত ধৰি টনাটনি কৰা সময়ত যথেষ্ট উত্তেজনাৰ সৃষ্টি হয় আৰু খেলপথাৰ চিঞৰ-বাখৰেৰে ভৰি পৰে। কোকৰাঝাৰ, শিৱসাগৰ আদিত এই খেল থিয় হৈ খেলা দেখা যায়।খেলৰ শিকণীয় বিষয়“কোমোৰা খেল’’ৰ পৰা খেলুৱৈয়ে ধৈৰ্য আৰু একাগ্ৰতাৰ বিষয়ে শিক্ষা পোৱাৰ লগতে শাৰীৰিক শক্তিৰ অনুশীলন হয়। এই খেলত গোৱা ছন্দৱদ্ধ কথাখিনি বা গীতটিত ব্যৱহৃত কথাখিনিয়ে জাতীয় আহাৰৰ একোটা ইঙ্গিতো দি যায়। যেনে, কোমোৰাৰ লগত পহুৰ মঙহ ৰান্ধি খোৱাটো।[2]তথ্য সংগ্ৰহঅসমৰ লোক-সংস্কৃতি, দ্বিতীয় খণ্ড; চাও লোকেশ্বৰ গগৈ অসমৰ লোক-সংস্কৃতি, পৃ, নং, ৫৬; নিৰ্মলপ্ৰভা বৰদলৈ[ফেইচবুকত প্ৰচাৰ কৰক!][টুইটাৰত প্ৰচাৰ কৰক!][সংক্ষিপ্ত ইউ.আৰ.এল. প্ৰতিলিপি কৰক] ~2025-30527-66 (talk) 03:47, 30 October 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক