মটকি নৃত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মাটকি নৃত্যৰ পৰা পুনঃনিৰ্দেশিত)
জল মহোৎসৱত মটকি নৃত্য, ২০১৬

মাটকি নৃত্য (ইংৰাজী: Matki Dance) মধ্যপ্ৰদেশৰ মালৱা জনগোষ্ঠীৰ মহিলাসকলৰ মাজত প্ৰচলিত এক নৃত্য৷ সাধাৰণতে বিবাহ অনুষ্ঠানত এই নৃত্য প্ৰদৰ্শন কৰা হয়৷ নৃত্যত ভাগ লোৱা মহিলাসকলে মুখত দীঘল ওৰণী লৈ মূৰত মাটিৰে নিৰ্মিত পানী অনা কলহ লৈ নৃত্য কৰে৷ এই নৃত্যৰ “আড়া’’ আৰু “খাড়া নাচ’’ নামৰ দুটা প্ৰকাৰ আছে৷ [1]মাটকি শব্দৰ অসমীয়া প্ৰতিশব্দ কলহ৷ এই মাটকি শব্দৰ পৰাই মাটকি নৃত্য নামটো হৈছে বুলি অনুমান কৰিব পাৰি৷ মাটকি নৃত্য বিবাহ অনুষ্ঠানৰ বাহিৰে জন্মদিন বা তেনে কোনো শুভ কামতো নচা হয়৷ সাধাৰণতে অকলশৰীয়া নাচনীয়ে এটা কলহ মূৰত লৈ নৃত্য কৰে যদিও কেতিয়াবা একাধিক কলহো একেলগে মূৰত তুলি লোৱা দেখা যায়৷ কেতিয়াবা একেলগে কেইবাগৰাকী নাচনীয়ে ৰং- বিৰঙৰ সাজ পিন্ধি নাচ প্ৰদৰ্শন কৰে৷ যদিও এই নৃত্য মধ্যপ্ৰদেশৰ বুলি কোৱা হয়, এই নৃত্য প্ৰকৃততে মালৱাসকলেহে পৰিৱেশন কৰে৷ মালৱা অঞ্চলত জনজাতীয় মহিলাসকলে খোৱা পানী সংগ্ৰহৰ বাবে প্ৰায়ে কলহ মূৰত লৈ ঘূৰি ফুৰে৷ তেনেদৰেই ঘূৰোঁতে এই নৃত্যৰ উৎপত্তি হ’ল বুলি ভাবিবৰ থল আছে৷ জাকজমকীয়া শাৰী বা লেহেংগা পিন্ধি নচা নাচনীসকলে নাচৰ সময়ত দীঘল ওৰণী পৰম্পৰা হিচাপেই মূৰত টানি ল’ব লাগে৷ মাটকি নৃত্য নাচিবলৈ মাটিৰ কলহ অত্যাৱশ্যকীয়৷ কলহটো নানা চিত্ৰৰে সজাই লোৱা হয়৷ নৃত্যৰ আৰম্ভণিত বৰ সাৱধানে তলৰ পৰা ওপৰলৈ শৰীৰটি পোন কৰোঁতে নাচনীসকলে সমতা ৰক্ষা কৰাত গভীৰ অনুশীলন আৰু মনোযোগ দিব লগীয়া হয়৷ এই নৃত্য শিকাবলৈ বহুতো স্কুল আৰু নৃত্য কেন্দ্ৰ সেই অঞ্চলত আছে৷ যিসকলৰ এই নৃত্য শিকিবলৈ আগ্ৰহ থাকে, তেওঁলোকে এই শিক্ষাকেন্দ্ৰবোৰত মাটকি নৃত্যৰ আখৰা কৰে৷[2] মালৱা অঞ্চলত প্ৰচলিত এই লোকনৃত্যত ব্যৱহাৰ কৰা সাজ-পোছাক ৰংচঙীয়া তথা নানা ধৰণৰ থলুৱা গহণা পিন্ধি নৃত্য কৰে বাবে ই অতি আকৰ্ষণীয় হৈ পৰে৷ জনজাতীয় প্ৰচলিত লোকগীত গোৱা হয় আৰু ইয়াৰ একমাত্ৰ বাদ্যযন্ত্ৰ হ’ল ঢোল৷ ই মালৱাৰ এক খিলঞ্জীয়া লোকসংস্কৃতি৷ এই নৃত্যৰ জৰিয়তেই মহিলা তথা পুৰুষসকলে সমূহীয়া আনন্দ প্ৰকাশ কৰে৷ মাটকি নৃত্যত পুৰুষসকলে ঢোল বজোৱাত অংশগ্ৰহণ কৰে৷[3] মাটকি নৃত্যৰ প্ৰকাৰ হিচাপে আড়া আৰু কাড়া নাচ জন্ম, চূড়াকৰণ আৰু বিবাহৰ অনুষ্ঠানত পৰিৱেশন কৰা হয়৷ দুজনী বা চাৰিজনী মহিলাই আঁঠু তল-ওপৰ কৰি কঁকাল নচুৱাই নৃত্যৰ গতি অনুধাৱন কৰি ঢোল বাদ্যৰ তালে তালে আগুৱাই যায়৷ মধ্যপ্ৰদেশৰ খাজুৰাহোত থকা আদিবাসী লোক কলা অকাডেমীয়ে সময়ে সময়ে এই লোকনৃত্যানুষ্ঠানসমূহ অনুষ্ঠিত কৰি আহিছে৷

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. https://www.india9.com/i9show/Matki-Dance-43181.htm
  2. https://www.gosahin.com/places-to-visit/matki-dance/
  3. https://www.auchitya.com/matki-dance-of-madhya-pradesh/