শাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
মাৰাঠী সকলৰ শাৰী পিন্ধা কৌশলেৰে শাৰী পৰিহিত এগৰাকী ছোৱালী আৰু এগৰাকী মহিলা।

শাৰী[note 1] ভাৰত, বাংলাদেশ সহ ভাৰতীয় উপমহাদেশৰ নাৰী সকলৰ ঐতিহ্যবাহী তথা নিত্যনৈমিত্তিক পৰিধেয় বস্ত্ৰ।[1] শাৰী কোনো আকাৰ নোহোৱাকৈ নিছিলোৱা এক দীঘলীয়া কাপোৰ। সাধাৰণতে শাৰী এখনৰ দৈঘ্য ১৮ ফুট (৫.৫ মি) ৰ পৰা ২১ ফুট (৬.৪ মি)[2] আৰু প্ৰস্থ ৬০ৰ পৰা ১২০ চেণ্টিমিটাৰ (২ৰ পৰা ৪ ফুট)।[3] শাৰী এখন দীঘলীয়াকৈ ভাঁজ দি জাপি জাপি পিন্ধা হয়। ইয়াৰে এটা অংশ কঁকালত মেৰিয়াই কোচ দি খোচনী মৰা হয় আৰু আন এটা অংশ বাওঁ কান্ধত ওলমাই ৰখা হয়। ওলমাই ৰখা অংশক আচল বুলি কোৱা হয়।[4][5][6] শাৰী সাধাৰণতে পেটিকোটৰ (উত্তৰ ভাৰতত লেহেঙ্গা/ঘাগৰা আৰু বাংলাদেশ সহ পূব ভাৰতত চায়া নামেও পৰিচিত) ওপৰত পিন্ধা হয়।[7][8] ওপৰৰ অংশৰ পোচাক হিচাপে ব্লাউজ পিন্ধা হয়।

ভাৰতীয় ইতিহাসত শাৰীৰ স্থান অত্যন্ত গুৰুত্বপূৰ্ণ।[9] ঠাই ভেদে শাৰী পৰিধানৰ কৌশল বেলেগ বেলেগ। সংস্কৃতিৰ গোলকীয় সমাহাৰৰ ফলত শাৰী পিন্ধাৰ কৌশল পৰিৱৰ্তন হৈ আহিছে। ভাৰত, বাংলাদেশ, নেপাল আৰু শ্ৰীলংকাৰ বিভিন্ন অনুষ্ঠানত সাধাৰণত‍ শাৰীক সকলোতকৈ সাধাৰণ আৰু উপযোগী মহিলাৰ বস্ত্ৰ হিচাপে ধৰা হয়।

ব্যুৎপত্তি[সম্পাদনা কৰক]

শাৰী শব্দটি সংস্কৃতৰ শাটী[10][11] शाटी śāṭī ৰ পৰা উদ্ভৱ হোৱা। যাৰ অৰ্থ হৈছে কাপোৰৰ টুকুৰা।[12] অৰ্থাৎ শাৰী তথা পালি শব্দটো शाडी śāḍī বা साडी sāḍī, আৰু আধুনিক ভাৰতীয় ভাষাত sāṛī হিচাপে পৰিণত হৈছে।[13] 'সাত্ত্বিক' শব্দটোক সংস্কৃত সাহিত্য আৰু জাতক নামৰ বৌদ্ধ সাহিত্যত প্ৰাচীন ভাৰতৰ মহিলাৰ বস্ত্ৰ হিচাপে বৰ্ণনা কৰা হৈছে[14] ই আধুনিক সময়ত 'শাৰী'ৰ সমাৰ্থক বা সমতুল্য হ'ব পাৰে।[14] নাৰীৰ ঊৰ্ধাঙ্গৰ পোচাকৰ বৰ্ণনাত প্ৰাচীন স্তনপাট্টা শব্দটি ব্যবহৃত হৈছে আৰু ইয়াৰ পৰাই চোলি শব্দটোৰ উদ্ভৱ হৈছিল।[15][16] কলহনাৰ দশম শতাব্দীৰ সাহিত্যকৰ্ম ৰজনাঙ্গিনী (অৰ্থ 'ৰজাসকলৰ নদী')ৰ মতে কাশ্মীৰত ৰাজকীয় আদেশ অনুসৰি ডেকান (দক্ষিণাপথ)ৰ পৰা অহা চোলিৰ প্ৰচলন হৈছিল।[8]

মাৰাঠীত পেটিকোটক পাৰ্কাৰ (परकर) বুলি কোৱা হয়, হিন্দু-উৰ্দুত sari (साड़ी, ساڑی)[10], তামিল ভাষাত উলপাবাৰাই (உள்பாவாடை) (দক্ষিণ ভাৰতৰ অন্যান্য প্ৰান্তত যেনে মালায়ালম: പാവാട, তেলুগু: పావడ,pāvāḍai, কন্নড়: ಪಾವುಡೆ,pāvuḍe)আৰু পূব ভাৰতত বাংলাত সায়া বোলা হয়। কঁকালত পিন্ধা পেটিকোটক পেটিকোটৰ বাদেও "ভিতৰৰ স্কাৰ্ট" বুলিও কোৱা হয়।[17]

ইতিহাস[সম্পাদনা কৰক]

খ্ৰীষ্টপূৰ্ব ২০০-১০০ৰ শাৰীৰ দৰে বস্ত্ৰ পৰিহিত এটি টেৰাকতা
ত্ৰিখণ্ডিত শাৰীৰ দৰে বস্ত্ৰ পৰিহিত তাৰা
শাৰী পৰিহিত এগৰাকী মহিলাক মদ্যপানৰ বাবে মদ আগবঢ়োৱা দৃশ্য

শাৰী উৎপত্তিৰ ইতিহাস স্পষ্ট নহয়।[18] শাৰী বস্ত্ৰৰ ধাৰণাটিৰ উৎপত্তি চিলাইবিহীন বস্ত্ৰখণ্ডৰ পৰা উৎপত্তি হোৱা। নীহাৰৰঞ্জন ৰায়ৰ মতে, আদিতে পূৰ্ব, দক্ষিণ আৰু পশ্চিম ভাৰতত চিলাই কৰা কাপোৰ পৰিধানৰ প্ৰচলন নাছিল। চিলাই নকৰাকৈ বহল আৰু দীঘল কাপোৰ পুৰুষে ধুতি আৰু মহিলা সকলে শাৰী হিচাপে পৰিধান কৰিছিল। মূলত বয়নশিল্পৰ প্ৰচলন ঘটাৰ পৰাই শাৰীৰ প্ৰচলন ঘটা বুলি ধাৰণা কৰা হয়। শাৰীৰ দৰে কাপোৰৰ বিষয়ে সিন্ধু সভ্যতাৰ ইতিহাসত পোৱা যায়। যাৰ প্ৰতিষ্ঠা ভাৰত উপমহাদেশেৰ উত্তৰ-পশ্চিম অংশত খ্ৰীষ্টপূৰ্ব ২৮০০-১৮০০ সময়ত হোৱা বুলি ধৰা হয়।[4][5][6] খ্ৰীষ্টাব্দ ৫ম শতিকাৰ ওচৰে পাজৰে ভাৰতীয় উপমহাদেশত প্ৰথম কপাহৰ খেতি কৰা হৈছিল।[19] সেই সময়ত ব্যৱহৃত ৰঞ্জক পদাৰ্থ সমূহ বৰ্তমানো ব্যৱহাৰ হয়। বিশেষলৈ নীল, লাহ, ৰুবিয়া কৰ্ডিফোলিয়া আৰু হালধি।[20] ৰেচম শিল্পৰ প্ৰচলন হৈছিল খ্ৰীষ্টপূৰ্ব ২৪৫০ৰ পৰা ২০০০ ৰ ভিতৰত।[21][22]

'শাৰী' শব্দটো পৌৰাণিক হিন্দু সাহিত্যত মহিলাৰ বস্ত্ৰ হিচাপে উল্লিখিত 'সাত্ত্বিক' শব্দৰ পৰা উদ্ভৱ হৈছে।[23][14] শাৰী বা সাত্ত্বিক বুলিলে ত্ৰিখণ্ডিত কাপোৰ হিচাপে কঁকালৰ তলৰ অংশত পৰিধান কৰা, কান্ধ বা মূৰত লোৱা উত্তৰীয় আৰু স্তনপাট্টা বা বুকবন্ধনীৰ সমন্বয়ক বুজা যায়। খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ শতাব্দীৰ সংস্কৃত আৰু বৌদ্ধ পালি সাহিত্যত শাৰীৰ উল্লেখ আছে।[24] এই সম্পূৰ্ণ তিনি টুকুৰা কাপোৰ এক পূৰ্ণাঙ্গ পৰিধেয় পোচাক হিচাপে পৰিচিত।[25] পুৰণি কালত ধুতি সদৃশ এবিধ কাপোৰ কঁকালৰ তলত মাছৰ ফিচাৰ দৰে ভাঁজ দি পৰিধান কৰা হৈছিল। ইয়াক দুই ভৰিত ধিলাকৈ পাক খুৱাই সন্মুখৰ ফালে আলংকাৰিক পৰিধান শৈলীত পিন্ধা হয়।[4][26][27] কালক্ৰমে ই ভৈৰনিবাসানী স্কাৰ্টলৈ বিৱৰ্তিত হয়, যি বৰ্তমান যুগত ঘাগড়া তথা লেহেঙ্গা নামে পৰিচিত।[28] উত্তৰিয়, কান্ধ বা মূৰৰ ওপৰত লোৱা পৰ্দাৰ দৰে কাপোৰবিধ বৰ্তমান ওৰণি বা উৰ্ণালৈ পৰিৱৰ্তন হয়।[29] একেদৰে স্তনপাট্টা প্ৰথম শতাব্দীত ব্লাউজলৈ বিৱৰ্তিত হয়।[15][16][30][31] খ্ৰিষ্টপূৰ্ব দ্বিতীয় শতাব্দী আৰু প্ৰথম শতাব্দীৰ মধ্যত, অন্ত্ৰিয় আৰু উত্তৰিয় কাপোৰ দুবিধ একীভূত হৈ পালি সাহিত্যত উল্লিখিত শাৰী নামৰ এবিধ বস্ত্ৰলৈ পৰিৱৰ্তন হয় যিয়ে দুবিধ বস্ত্ৰৰ উদ্দেশ্য পূৰণ কৰে।

পৰিধানশৈলী[সম্পাদনা কৰক]

১৯২৮ চনৰ এটি প্ৰদৰ্শনত শাৰীৰ বিভিন্ন পৰিধান শৈলী বৰ্ণিত হৈছে

শাৰী পিন্ধাৰ প্ৰায় ৮০ টাৰো অধিক নথিভুক্ত উপায় প্ৰচলিত আছে।[32] কঁকালৰ চাৰিওফালে শাৰী মেৰিয়াই পিন্ধাৰ আটাইতকৈ সহজ উপয়াটো হ'ল শাৰীৰ এটা আগ কঁকালত কেইবাবাৰো মেৰিয়াই আনটো আগ বাওঁ কান্ধত ওলমাই ৰখা হয়। ওলোমাই ৰখা এই অংশটোক আচল বুলি কোৱা হয়।[33] কিছুমান বিশেষ শৈলীৰ বাবে শাৰীৰ দীঘ আৰু প্ৰস্থ নিৰ্দিষ্ট দৈঘ্যৰ হয়। শাৰীৰ ইতিহাসবিদ তথা স্বীকৃত বস্ত্ৰশিল্প পণ্ডিত ৰতা কাপুৰে তেওঁ ৰচনা শাৰীছ: ট্ৰেডিচন এণ্ড বিয়ণ্ড গ্ৰন্থত শাৰী পৰিধানৰ ১০৮টি পদ্ধতি নথিভুক্ত কৰিছে। এই গ্ৰন্থত গুজৰাত, মহাৰাষ্ট্ৰ, গোৱা কৰ্ণাটক, কেৰেলা, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, পশ্চিমবঙ্গ, ঝাড়খণ্ড, বিহাৰ, ছত্তীচগঢ়, মধ্যপ্ৰদেশ, আৰু উত্তৰপ্ৰদেশ মুঠ ১৪খন ৰাজ্যৰ শাৰী পৰিধানৰ পদ্ধতিৰ উল্লেখ আছে।[34] ফৰাছী সাংস্কৃতিক নৃতাত্ত্বিক তথা শাৰী গৱেষক চ্যাণ্টাল বোলঞ্জাৰে তলৰ পৰিধান পদ্ধতি সমূহ শ্ৰেণিবদ্ধ কৰিছে:[5]


নিভি – মূলত অন্ধ্ৰপ্ৰদেশত এই পৰিধান শৈলীত শাৰী পিন্ধা হয়; আধুনিক নিভি শৈলীৰ দৰে কেঁচা নিভি নামে আন এটি শৈলী উদ্ভৱ হৈছে, য'ত শাৰীৰ এটা আগ দুই ভৰিৰ মাজেৰে পোন্ধ মৰাৰ দৰে পিছফালে নি কঁকালত গুজি দিয়া হয়। এইদৰে পৰিধান কৰিলে খোজ কঢ়াত সুবিধা হয়।

বঙালী আৰু ওড়িয়া শৈলী - এই পদ্ধতিত কোনো ভাঁজ বা কোচ নিদিয়াকৈ শাৰী পিন্ধা হয়[35]। এই শৈলীত শাৰীৰ এটা আগ কঁকালৰ চাৰিওফালে ঘড়ীৰ কাটাৰ বিপৰীত দিশত মেৰ দি লোৱা হয়। ওপৰৰ দীঘল অংশটো সাধাৰণতে বাওঁ কান্ধৰ ওপৰে পিছলৈ নি ওলোমাই ৰখা হয়। এই অংশটোৰে ওৰণি লোৱা হয়।

ঐতিহাসিক আলোকচিত্ৰ আৰু স্থানীয় শৈলী[সম্পাদনা কৰক]


লগতে চাওক[সম্পাদনা কৰক]

টোকা[সম্পাদনা কৰক]

  1. The name of the garment in various regional languages include:

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Lynton, Linda (1995). The Sari. প্ৰকাশক New York: Harry N. Abrams, Incorporated. ISBN 978-0-8109-4461-9. 
  2. Boulanger, Chantal (1997). Saris: An Illustrated Guide to the Indian Art of Draping. প্ৰকাশক New York: Shakti Press International. ISBN 978-0-9661496-1-6. 
  3. Boulanger, Chantal (1997). Saris: An Illustrated Guide to the Indian Art of Draping. প্ৰকাশক New York: Shakti Press International. পৃষ্ঠা. 6. 
  4. 4.0 4.1 4.2 Alkazi, Roshan (1983) "Ancient Indian costume", Art Heritage
  5. 5.0 5.1 5.2 Boulanger, Chantal; (1997) Saris: An Illustrated Guide to the Indian Art of Draping, Shakti Press International, New York.
  6. 6.0 6.1 Ghurye (1951) "Indian costume", Popular book depot (Bombay); (Includes rare photographs of 19th century Namboothiri and nair women in ancient sari with bare upper torso)
  7. The sari is worn with a fitted bodice commonly called a choli (ravike or kuppasa in southern India, and cholo in Nepal) and a petticoat called ghagra, parkar, or ul-pavadai
  8. 8.0 8.1 Katiyar, Vijai Singh (2009). Indian saris : traditions, perspectives, design. প্ৰকাশক New Delhi: Wisdom Tree in association with National Institute of Design, Ahmedabad. পৃষ্ঠা. 211. ISBN 9788183281225. https://books.google.com/books?id=8RjgPQAACAAJ। আহৰণ কৰা হৈছে: 31 October 2015. 
  9. "Sari, Always in Vogue". Hinduism Today. https://www.hinduismtoday.com/modules/smartsection/item.php?itemid=4605। আহৰণ কৰা হৈছে: 2018-03-09. 
  10. 10.0 10.1 Annandale, Charles (1892) (en ভাষাত). The Imperial Dictionary and Encyclopedia of Knowledge Unabridged. Belford Publishing Company. পৃষ্ঠা. 792. 
  11. R. S. McGregor, ed (1997). The Oxford Hindi-English Dictionary. Oxford University Press. পৃষ্ঠা. 1003. ISBN 978-0-19-864339-5. 
  12. Monier-Williams, Monier (1995). A Sanskrit-English Dictionary. প্ৰকাশক Delhi: Motilal Banarsidass. পৃষ্ঠা. 1063. ISBN 978-81-208-0065-6. http://www.sanskrit-lexicon.uni-koeln.de/monier/index.html। আহৰণ কৰা হৈছে: 4 July 2010. 
  13. Kapoor, Subodh (2002). The Indian encyclopaedia: biographical, historical, religious, administrative, ethnological, commercial and scientific. Reunion-Satya Yauvana, Volume 20. Genesis Publishing Pvt Ltd. পৃষ্ঠা. 6422 (pg no. starts from 6130). ISBN 978-81-7755-257-7. https://books.google.com/books?id=Ieypjy0k2TsC&pg=PA6422. "The etymology of the word sari is from the Sanskrit 'sati', which means strip of cloth. This evolved into the Prakriti 'sadi', and was later anglicised into sari" 
  14. 14.0 14.1 14.2 Sachidanand, Sahay (1975) Indian costume, coiffure, and ornament. Chapter 2 'Female Dress', Munshiram Manoharlal publishers Pvt Ltd. pp 31–55
  15. 15.0 15.1 Prachya Pratibha, 1978 "Prachya Pratibha, Volume 6", p.121
  16. 16.0 16.1 Agam Kala Prakashan, 1991 "Costume, coiffure, and ornaments in the temple sculpture of northern Andhra", p.118
  17. "How to wear saree perfectly - Glowpink". 26 March 2015. http://stylish.in/blog/wear-saree-perfectly/. 
  18. Lynton, Linda (1995). The Sari. প্ৰকাশক New York: Harry N. Abrams, Incorporated. ISBN 978-0-8109-4461-9. 
  19. Stein, Burton (1998). A History of India. Blackwell Publishing. আই.এচ.বি.এন. 0-631-20546-2, p. 47
  20. "What did the Indus people wear and what material were their clothes made of?". Harappa.com. http://a.harappa.com/content/what-did-indus-people-wear-and-what-material-were-their-clothes-made। আহৰণ কৰা হৈছে: 26 December 2015. 
  21. Abbott, Phill (19 February 2009). "Rethinking silk's origins : Nature News". Nature খণ্ড 457 (7232): 945. doi:10.1038/457945a. PMID 19238684. 
  22. Good, I.L.; Kenoyer, J.M.; Meadow, R.H. (2009). "New evidence for early silk in the Indus civilization". Archaeometry খণ্ড 50 (3): 457. doi:10.1111/j.1475-4754.2008.00454.x. https://dash.harvard.edu/bitstream/1/14117751/1/287832.pdf. 
  23. Mohapatra, R. P. (1992) "Fashion styles of ancient India", B. R. Publishing corporation, আই.এচ.বি.এন. 81-7018-723-0
  24. Prasad Mohapatra, Ramesh (1992). Fashion Styles of Ancient India: A Study of Kalinga from Earliest Times to Sixteenth Century Ad. B.R. Publishing Corporation. পৃষ্ঠা. 35. ISBN 9788170187233. https://books.google.com/books?id=QO2BAAAAMAAJ&q=Stanapatta. 
  25. Bhandari, Vandana (2005). Costume, textiles and jewellery of India: traditions in Rajasthan. Mercury Books. পৃষ্ঠা. 84. ISBN 9780811810845. https://books.google.com/books?id=nckSAQAAIAAJ. 
  26. Linda Lynton (1995) "The Sari: Styles, Patterns, History, Techniques.", p.170
  27. Prof. Dipak Sharma (2012) "SOUVENIR of 2nd International Science Congress (ISC-2012).", p.282
  28. J. Correia-Afonso, (1984) "Indica, Volume 21, Issue 2", p.126
  29. Chintaman Vinayak Vaidya, (2001) "Epic India : India as Described in the Mahabharata and the Ramayana", p.144
  30. Roshen Alkazi, 1996 "Ancient Indian Costume", p.48
  31. Levick, Melba; Crites, Mitchell; Nanji, Ameeta (2008). IndiaColor: Spirit, Tradition, and Style. Chronicle Books. পৃষ্ঠা. 47. ISBN 978-0-8118-5316-3. https://books.google.com/books?id=dApCPMobDlAC. 
  32. Anita Rao Kashi. "How to Wear a Sari in India". World Hum. http://www.worldhum.com/features/how-to/wear_a_sari_20071025/। আহৰণ কৰা হৈছে: 18 March 2012. 
  33. "The History of Indian Sarees - Hatena Blog". nidhishekhawat.hatenablog.com. https://nidhishekhawat.hatenablog.com/entry/2020/02/13/170702। আহৰণ কৰা হৈছে: 20 March 2020. 
  34. Chishti, R̥ta Kapur; Singh, Martand (2010) (en ভাষাত). Saris of India: Tradition and Beyond. Roli Books, Lustre Press. ISBN 9788174363749. https://books.google.com/books?id=M6PgPwAACAAJ&q=saris+of+india+++rta+kapur. 
  35. "Regional Styles of Wearing A Sari By Indian Women". http://www.eslarrenterprise.co.in/blog/ladies-fashion-garments/sarees/regional-styles-of-wearing-a-sari-by-indian-women/.