সমললৈ যাওক

সিন্ধু সভ্যতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সিন্ধু সভ্যতা
Indus Valley Civilization
ভৌগোলিক বিস্তৃতি এচিয়া
সময়সীমা ব্ৰঞ্জ যুগ
তাৰিখ ৩৩০০ খ্ৰীষ্টপূৰ্ব –১৭০০ খ্ৰীষ্টপূৰ্ব[1][2]
পৰৱৰ্ত্তী সভ্যতা বৈদিক যুগ
বিভিন্ন অনুষ্ঠানত ব্যৱহৃত পাত্ৰ, হৰপ্পা, ২৬০০–২৪৫০ খ্ৰীষ্টপূৰ্ব

সিন্ধু সভ্যতা (ইংৰাজী: Indus Valley Civilization) হৈছে ব্ৰঞ্জ যুগত (৩৩০০–১৩০০ খ্ৰীষ্টপূৰ্ব; পূৰ্ণতা প্ৰাপ্তি ২৬০০–১৯০০ খ্ৰীষ্টপূৰ্ব, প্ৰাক-হৰপ্পা সংস্কৃতিৰ আৰম্ভণি ৭৫০০ খ্ৰীষ্টপূৰ্ব[3][4]) ভাৰত উপমহাদেশৰ উত্তৰ-পশ্চিম প্ৰান্ত, বৰ্তমানৰ পাকিস্তান[5]) আৰু আফগানিস্তানৰ উত্তৰ-পূবৰ কিছু অংশ সামৰি বিৰাজিত এক সভ্যতা।[6][1] প্ৰাচীন ইজিপ্ট আৰু মেচ'পটেমিয়াকে ধৰি সিন্ধু সভ্যতা বিশ্বৰ তিনিটা প্ৰাচীনতম সভ্যতাৰ অন্যতম আৰু ১২,৫০,০০০ কিঃমিঃ জুৰি প্ৰসাৰিত এই সভ্যতা আটাইকেইটাৰ ভিতৰতে অধিক বিস্তাৰিত।[7][8] এই প্ৰাচীন সভ্যতা এচিয়াৰ এক অন্যতম প্ৰধান নদ সিন্ধু আৰু বৰ্তমান শুকাই যোৱা সৰস্বতী নদীৰ পাৰত গঢ় লৈ উঠিছিল।[9][10] সৰস্বতী নদী আৰু ইয়াৰ উপনৈসমূহ পূৰ্বতে পূব পাকিস্তান আৰু ভাৰতৰ উত্তৰ-পশ্চিম কোণেদি ঘাগৰ-হাকৰা নদীৰ সৈতে প্ৰৱাহিত হৈছিল।[6][11][12][13] সিন্ধু আৰু সৰস্বতী দুয়োখন নদীৰ পাৰতে সিন্ধু সভ্যতা বিস্তাৰিত হোৱাৰ বাবে ইয়াক সিন্ধু-সৰস্বতী সভ্যতা (ইং: Indus-Sarasvati Civilisation) বুলিও অভিহিত কৰা হয়।[14]

চৰম শিখৰ প্ৰাপ্তিৰ সময়ত সিন্ধু সভ্যতাৰ মুঠ জনসংখ্যা সম্ভৱতঃ ৫০ লাখতকৈয়ো বেছি আছিল।[15] সিন্ধু সভ্যতাৰ নিবাসীসকলে হস্তশিল্প আৰু ধাতুবিদ্যাৰ (তাম, ব্ৰঞ্জ, সীহ আৰু টিন) নতুন পদ্ধতিৰ বিকাশ ঘটাইছিল। ইয়াৰোপৰি সিন্ধু নগৰসমূহ গ্ৰাম পৰিকল্পনা, পোৰা ইটাৰে সজা ঘৰ, বিস্তাৰিত নলা, পানী যোগান ব্যৱস্থা আৰু বৃহৎ অট্টালিকাসমূহৰ বাবে জনাজাত।[16]

১৯২০ৰ দশকত চলোৱা খননকাৰ্যত প্ৰথমে হৰপ্পা উদ্ধাৰ হোৱাৰ পিছৰে পৰা এই সভ্যতাক হৰপ্পা সভ্যতা বুলিও অভিহিত কৰা হয়। ব্ৰিটিছ শাসনকালত হৰপ্পা পঞ্জাবত অন্তৰ্ভুক্ত আছিল। বৰ্তমান ই পাকিস্তানৰ অন্তৰ্ভুক্ত।[17] ১৮৬১ চনতে আৰম্ভ হোৱা কাৰ্যসমূহে হৰপ্পা আৰু মহেঞ্জোদাৰোৰ আৱিষ্কাৰৰ পিছত ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ প্ৰতিষ্ঠাৰ লগতে পূৰ্ণতা লাভ কৰে।[18] হৰপ্পাৰ থলীসমূহৰ খননকাৰ্য ১৯২০ চনৰ পৰাই চলি আছে। ১৯৯৯ চনত হৰপ্পাত কিছু প্ৰাচীন লিখনি উদ্ধাৰ কৰা হয়।[19] হৰপ্পা সভ্যতাৰ একেডোখৰ ঠাইতে সময়ৰ ভিত্তিত হৰপ্পা সংস্কৃতিৰ তিনিটা ভাগ চিহ্নিত কৰা হয় আৰু ইয়াক ক্ৰমে প্ৰাৰম্ভিক, শেষ আৰু প্ৰাক-হৰপ্পা সংস্কৃতি হিচাপে জনা যায়। হাৰিয়ানাৰ ভিৰানা সম্ভৱতঃ আটাইতকৈ পুৰণি প্ৰাক-হৰপ্পা থলী (৭৫৭০-৬২০০ খ্ৰীষ্টপূৰ্ব)।[3][20]

১৯৯৯ চনলৈকে সিন্ধু আৰু সৰস্বতী তথা ইহঁতৰ উপনৈসমূহৰ পাৰত ১,০৫৬খন নগৰ আৰু প্ৰতিষ্ঠাপন আৱিষ্কৃত হোৱাৰ লগতে ইয়াৰে ৯৬ খনৰ খনন কৰা হৈছে।[21][22] এইসমূহৰ ভিতৰত প্ৰধান নগৰ কেন্দ্ৰ হৰপ্পা, মহেঞ্জোদাৰো, ঢোলাভিৰা, ক’লিস্তানৰ গনেৰিৱালা আৰু হাৰিয়ানাৰ ৰাখীগাঢ়ি সৰ্ববৃহৎ সিন্ধু সভ্যতা থলী আৰু ইয়াৰ মাটিকালি ৩৫০ হেক্টৰ।[23][3][24][25][26]

সিন্ধু লিপিসমূহৰ এতিয়ালৈকে পাঠোদ্ধাৰ হোৱা নাই বাবে হৰপ্পাৰ ভাষাৰ মূল সম্পৰ্কে কোনো নিশ্চিতি নাই। কোনো কোনো গৱেষকে দ্ৰাবিড় ভাষা বা ইলেম’-দ্ৰাবিড় ভাষাৰ পৰিয়ালৰ সৈতে ইয়াৰ সম্পৰ্ক থকা বুলি মত পোষণ কৰাৰ বিপৰীতে[27][পৃষ্ঠা নং প্ৰয়োজন][28] কিছুসংখ্যকে মুণ্ডা ভাষাৰ সৈতে সম্পৰ্কিত এক অ’ষ্ট্ৰ’এচিয়াতিক ভাষাৰ বিষয়ে কয়।[29]

আৱিষ্কাৰ আৰু খননৰ ইতিহাস

[সম্পাদনা কৰক]
সন্মুখত বৃহৎ স্নানাগাৰৰ সৈতে মহেঞ্জোদাৰোৰ ভগ্নাৱশেষ
প্ৰাৰম্ভিক হৰপ্পা কাল, ৩৩০০-২৬০০ খ্ৰী:পূ:
পূৰ্ণাংগ হৰপ্পা কাল, ২৬০০-১৯০০ খ্ৰী:পূ:
শেষ হৰপ্পা কাল, ১৯০০-১৩০০ খ্ৰী:পূ:

চাৰ্লছ মেছন নামৰ এজন লোকে ১৮৪২ চনত নেৰেটিভচ অফ ভেৰিয়াচ জাৰ্ণীছ ইন বেলুচিস্তান, আফগানিস্তান, এণ্ড দ্য পঞ্জাব নামৰ গ্ৰন্থত পোনপ্ৰথমবাৰৰ কাৰণে হৰপ্পাৰ ভগ্নাৱশেষসমূহৰ কথা বৰ্ণনা কৰে। ইয়াৰ বিপৰীতে থলুৱা লোকসকলে হৰপ্পা সন্দৰ্ভত ১৩ কচজোৰা (প্ৰায় ২৫ মাইল) এখন প্ৰাচীন নগৰৰ বিষয়ে আলচ কৰিছিল। কিন্তু এটা শতিকালৈকে কোনো পুৰাতত্ত্ববিদ এই বিষয়ত আগবাঢ়ি অহা নাছিল।[note 1][30] মন কৰিবলগীয়া কথা এই যে বৈদিক যুগৰ পৰা মোগল যুগলৈকে দূৰত্বৰ জোখ-মাপৰ একক কচৰ ব্যৱহাৰ কৰা হৈছিল।

১৮৫৬ চনত জেনেৰেল আলেকজেণ্ডাৰ কানিঙহামে (পিছলৈ উত্তৰ ভাৰতৰ পুৰাতত্ত্ব অনুসন্ধানৰ সাধাৰণ পৰিচালক) কৰাচীৰ পৰা লাহোৰলৈ ইণ্ডিয়ান ৰে’লৱে কোম্পানীৰ লাইন বহাবৰ বাবে ইংৰাজ অভিযন্তাজন আৰু উইলিয়াম ব্ৰাণ্টনৰ সৈতে হৰপ্পা পৰিদৰ্শন কৰে। এই বিষয়ে জনে লিখিছে, “মই মনতে ভাবি আছিলো যে ৰে’ল লাইনৰ বাবে বেলাষ্টসমূহ আমি ক’ৰ পৰা পাম।” তেওঁলোকক কোৱা হৈছিল যে ৰে’ল লাইনৰ কাষতে ব্ৰাহ্মিণাবাদ নামৰ এখন ধ্বংসপ্ৰাপ্ত প্ৰাচীন নগৰ আছে। এই নগৰখন ভ্ৰমণ কৰাৰ পিছত জনে যথেষ্ট পৰিমাণৰ কঠিন পোৰা ইটাৰ সন্ধান পায় আৰু তেওঁ বিচৰা বেলাষ্টৰ খনি পোৱা বুলি পতিয়ন যায়।[31] কিছু মাহৰ পিছত ইয়াৰ কিছুদূৰ উত্তৰে যোৱা জনৰ ভ্ৰাতৃ উইলিয়াম ব্ৰাটনে লিখে, “ৰে’ল লাইনৰ এটা ভাগ আন এক ধ্বংসপ্ৰাপ্ত নগৰৰ মাজেদি গৈছে, হৰপ্পাৰ কাষৰীয়া গাঁৱৰ লোকসকলে ইতিমধ্যে এই ইটাবোৰ ব্যৱহাৰ কৰি আছে। এই ইটাসমূহে এতিয়া কৰাছীৰ পৰা লাহোৰলৈ যোৱা ৯৩ মাইল পথত বেলাষ্টৰ যোগান ধৰিছে।”[31]

১৮৭২-৭৫ চনত কানিঙহামে প্ৰথমটো হৰপ্পান মোহৰৰ (ছীল) কথা সদৰী কৰে (ব্ৰাহ্মী আখৰৰ ভুল চিনাক্তকৰণৰ সৈতে)।[32]১৯১২ চনত জে. ফ্লীটে অধিক মোহৰ আৱিষ্কাৰ কৰে আৰু ১৯২১-২২ চনত জন হিউবাৰ্ট মাৰ্শ্বেলৰ অধীনত এক খনন প্ৰচাৰ অভিযানত নামে। ফলস্বৰূপে জন মাৰ্শ্বেল, ৰায় বাহাদুৰ দয়াৰাম সাহনী আৰু মাধ স্বৰূপ ভাটৰ দ্বাৰা হৰপ্পাৰ সভ্যতা আৰু ৰাখাল দাস বেনাৰ্জী, ই. জে. এইচ. মেককে আৰুজন মাৰ্শ্বেলৰ দ্বাৰা মহেঞ্জোদাৰো আৱিষ্কৃত হয়। ১৯৩১ চনলৈ মহেঞ্জোদাৰোৰো প্ৰায়ভাগ খননকাৰ্য সম্পূৰ্ণ হৈ উঠে যদিও মৰ্টিমাৰ হুইলাৰৰ নেতৃত্বত এই খনন অব্যাহত থাকে। স্বাধীনতাৰ আগলৈকে চলোৱা খননকাৰ্যত আহমেদ হাচান দানী, বি বি লাল, ননী গোপাল মজুমদাৰ আৰু মাৰ্ক ষ্টেইন জড়িত আছিল৷

স্বাধীনতা-উত্তৰ কালত (১৯৪৯ চন) পাকিস্তান চৰকাৰৰ পুৰাতত্ত্ব উপদেষ্টা মৰ্টিমাৰ হূইলাৰৰ নেতৃত্বত পাকিস্তানৰ অন্তৰ্গত অঞ্চলত খনন অব্যাহত থাকে। পশ্চিমে বেলুচিস্তানৰ ছুটকাগন ড’ৰ, উত্তৰে আফগানিস্তানৰ আমু দৰিয়া (পুৰণি নাম অক্সাচ নদী), পূবে ঊত্তৰ প্ৰদেশৰ আলমগীৰপুৰ আৰু দক্ষিণে মালৱানলৈকে (বৰ্তমানৰ ছুৰাট) সিন্ধু সভ্যতাৰ সীমাৰ সন্ধান পোৱা হয়।[33]

২০১০ চনত হাৰিয়ানাত হোৱা সুতেজ যমুনা সংযোগী সুঁতিৰ অতিৰিক্ত প্ৰবাহৰ ফলত উদ্ভৱ হোৱা প্ৰচণ্ড বানে ৫,০০০ বছৰ পুৰণি তামৰ কমাৰশাল সম্বলিত যজ্ঞক্ষেত্ৰৰ পুৰাতন থলীসমূহৰ ক্ষতি সাধন কৰে।[34]

সময়পঞ্জী

[সম্পাদনা কৰক]
সিন্ধু উপত্যকাৰ মৃৎশিল্প, খ্ৰী:পূ: ২৫০০–১৯০০
ষাড়গৰু, হাতী আৰু গঁড়ৰ প্ৰতিকৃতিৰে সিন্ধু সভ্যতাৰ ছীল মোহৰ, খ্ৰী:পূ: ২৫০০–১৯০০

হৰপ্পা সভ্যতাৰ পূৰ্ণাংগ ভাগটো ২৬০০-ৰ পৰা ১৯০০ খ্ৰী:পূ:লৈকে বৰ্ত্তি আছিল। প্ৰাক আৰু শেষ হৰপ্পা সংস্কৃতিৰে সৈতে একগোট কৰি সমগ্ৰ সিন্ধু সভ্যতাৰ কাল আছিল সম্ভৱতঃ ৩৩০০-ৰ পৰা ১৪০০ খ্ৰী:পূ:লৈকে। ২০১৪ চনৰ ডিচেম্বৰত ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান শাখাই সদৰী কৰা প্ৰতিবেদন মতে প্ৰাৰম্ভিক হৰপ্পাৰ পিছতেই মেহৰগড় (৭০০০-৩৩০০ খ্ৰী:পূ:) আৰু ভিৰানা (৭৫৭০-৬২০০ খ্ৰী:পূ:) সংস্কৃতিৰ আৰম্ভণি হৈছিল।[3][4]

সিন্ধু সভ্যতাৰ কালপঞ্জীত স্তৰ (phase) আৰু যুগ (era), এই শব্দ দুটা ব্যৱহাৰ কৰা হয়।[35][36] প্ৰাৰম্ভিক হৰপ্পা, পূৰ্ণাংগ হৰপ্পা আৰু শেষ হৰপ্পাৰ স্তৰকেইটাক যথাক্ৰমে আঞ্চলিকীকৰণ, একত্ৰীকৰণ আৰু থলুৱাকৰণৰ যুগ বুলি অভিহিত কৰা হয়। ইয়াৰে আঞ্চলিকীকৰণ যুগটো প্ৰত্ন প্ৰস্তৰ যুগৰ মেহৰগড় ২ৰ সময়লৈকে ব্যাপ্ত আছিল। ইচলামাবাদৰ কাইদ-ই-আজম বিশ্ববিদ্যালয়ৰ অধ্যাপক আহমেদ হাচান দানীৰ মতে ইয়াৰ আৱিষ্কাৰে “সিন্ধু সভ্যতাৰ সমগ্ৰ ধাৰণাটোকে সলাই পেলালে” আৰু “ইয়াৰ প্ৰতিষ্ঠিত গ্ৰাম্য জীৱনৰ পৰাই আমি সমগ্ৰ সূচীখন পাওঁ।”[37]

বৰ্ষ (খ্ৰী:পূ:) স্তৰ যুগ
৭৫৭০–৬২০০ প্ৰাক হৰপ্পা ভিৰানা (মৃৎ প্ৰত্ন প্ৰস্তৰ)[3] প্ৰাৰম্ভিক খাদ্য-উৎপাদনৰ যুগ
৭০০০–৫৫০০ মেহৰগড় ১ (মৃৎ প্ৰত্ন প্ৰস্তৰ)
৫৫০০–৩৩০০ মেহৰগড় ২-৬ (মৃৎ প্ৰত্ন প্ৰস্তৰ) আঞ্চলিকীকৰণৰ যুগ
৩৩০০–২৮০০ প্ৰাথমিক হৰপ্পা হৰপ্পা ১ (ৰবি স্তৰ)
২৮০০–২৬০০ হৰপ্পা ২ (ক’ট দিজি স্তৰ, নৌশ্বাৰ’ ১, মেহৰগড় ৭)
২৬০০–২৪৫০ পূৰ্ণাংগ হৰপ্পা (সিন্ধু সভ্যতা) হৰপ্পা ৩ক (নৌশ্বাৰ’ ২) একত্ৰীকৰণ যুগ
২৪৫০–২২০০ হৰপ্পা ৩খ
২২০০–১৯০০ হৰপ্পা ৩গ
১৯০০–১৭০০ শেষ হৰপ্পা (সমাধি এইচ); হেঙুল-হাইতাল মৃৎশিল্প হৰপ্পা ৪ থলুৱাকৰণৰ যুগ
১৭০০–১৩০০ হৰপ্পা ৫
১৩০০–৩০০ হৰপ্পাৰ পৰৱৰ্ত্তী কাল মটীয়া ৰঙৰ চিত্ৰিত মৃৎশিল্প, উত্তৰীয় ক’লা প্ৰলেপৰ মৃৎশিল্প (লৌহ যুগ), গংগা-ভাৰতীয় সংস্কৃতি বৈদিক যুগ

ভৌগোলিক বিৱৰণ

[সম্পাদনা কৰক]

সিন্ধু সভ্যতা পশ্চিমে পাকিস্তানৰ বেলুচিস্তানৰ পৰা আৰম্ভ কৰি পূবে উত্তৰ প্ৰদেশ, উত্তৰে উত্তৰ-পূব আফগানিস্তান আৰু দক্ষিণে মহাৰাষ্ট্ৰলৈকে বিস্তাৰিত আছিল।[38]সিন্ধু উপত্যকাৰ ভৌগোলিক অৱস্থানে পাহাৰ, মৰুভূমি আৰু সমুদ্ৰই আগুৰি ৰখা সাৰুৱা কৃষিভূমিৰ সৈতে ইজিপ্ট আৰু পেৰুৰ দৰে সভ্যতা গঢ়ি উঠিবৰ বাবে অনুকূল পৰিৱেশ প্ৰদান কৰিছিল। আফগানিস্তান, তুৰ্কমেনিস্তান আৰু গুজৰাটত সিন্ধু সভ্যতাৰ অধিক থলী থকাৰ সম্ভাৱনা আছে। উপকূলীয় অঞ্চলসমূহ পশ্চিম বেলুচিস্তানৰ চুটকাগন ড’ৰৰ পৰা[39]গুজৰাটৰ ল’থাললৈকে বিস্তৃত আছিল।[40] উত্তৰ আফগানিস্তানৰ অক্সাচ নদী,[41]উত্তৰ-পশ্চিম পাকিস্তানৰ গোমাল নদী উপত্যকা,[42]জম্মুৰ ওচৰৰ বিজ নদীৰ মান্দা আৰু[43]দিল্লীৰ পৰা মাত্ৰ ২৮ কি:মি: দূৰৰ আলমগীৰপুৰৰ হিন্দন নদীতো সিন্ধু সভ্যতাৰ থলী উদ্ধাৰ হৈছে।[44]সিন্ধু উপত্যকাৰ থলীসমূহ ঘাইকৈ নদীসমূহৰ লগতে প্ৰাচীন সাগৰীয় উপকূলসমূহ,[45] উদাহৰণস্বৰূপে বালাকোট,[46] আৰু দ্বীপসমূহত, উদাহৰণস্বৰূপে ঢোলাভিৰা, পোৱা গৈছে।[47]

পাকিস্তানৰ হাকৰা সুঁতি আৰু ভাৰতৰ ঘাগৰ নদীত শুকাই যোৱা নদীভূমিৰ প্ৰমাণ পোৱা গৈছে।[48]ইয়াৰ ভিতৰত আছে ৰূপাৰ, ৰাখিগাঢ়ী, চোঠী, কলিবঙ্গন আৰু গণৱাৰীৱালা।[49] জে.জি. শ্বেফাৰ আৰু ডি. এ. লিকটেনষ্টাইনৰ মতে,[50] হৰপ্পা সভ্যতা “বাগৰ, হাকৰা, আৰু কতি দিজ সংস্কৃতি বা ভাৰত আৰু পাকিস্তানৰ সীমান্তৰ ঘাগৰ-হাকৰা উপত্যকাৰ ‘পৰম্পৰাগত গোট’ৰ এক মিশ্ৰিত ৰূপ।”[48]

কিছুসংখ্যক পুৰাতত্ত্ববিদৰ মতে ঘাগৰ-হাকৰা নদী আৰু ইয়াৰ উপনৈসমূহৰ শুষ্ক নদীভূমিৰ পৰা ৫ শতাধিক হৰপ্পা থলী উদ্ধাৰ কৰাৰ[51] বিপৰীতে সিন্ধু নদ আৰু ইয়াৰ উপনৈসমূহৰ পৰা প্ৰায় ১০০টা মান থলীহে উদ্ধাৰ হৈছে।[52]

প্ৰাক-হৰপ্পা

[সম্পাদনা কৰক]

কাষৰীয়া ৰবি নদীৰ নাম অনুসৰি ৰখা প্ৰাক হৰপ্পাৰ ৰবি স্তৰ ৩৩০০ ৰ পৰা ২৮০০ খ্ৰী:পূ:লৈকে বৰ্ত্তি আছিল। পশ্চিমৰ ঘাগৰ-হাকৰা উপত্যকাত চিনাক্ত হোৱা হাকৰা স্তৰৰ সম্পৰ্কিত আৰু ক'ট দিজি স্তৰতকৈ (২৮০০-২৬০০ খ্ৰী:পূ:)পুৰণি। আৰম্ভণিৰ সিন্ধু লিপিৰ নমুনা খ্ৰীষ্টপূৰ্ব তৃতীয় সহস্ৰাব্দ পুৰণি।[53][54]

২০১২ চনৰ পিছৰেপৰা হাৰিয়ানাৰ ভিৰানাত পুৰাতত্ত্ববিদ কে.এন. দীক্ষিতৰ আৱিষ্কাৰসমূহে সূচায় যে এই ঠাইৰ হাকৰা মৃৎশিল্প ৭৫০০ খ্ৰী:পূ: পুৰণি।[1][2][4] ইয়াৰ পৰা প্ৰমাণ হয় যে ভিৰানা এই আটাইবোৰৰ ভিতৰত সবাতোকৈ পুৰণি থলী।[3]

পূৰ্ণাংগ হৰপ্পা

[সম্পাদনা কৰক]
মহেঞ্জোদাৰো
হৰপ্পাৰ গড়ৰ পৰা শস্য ভঁৰালৰ দৃশ্য

২৬০০ খ্ৰী:পূ:লৈ প্ৰাৰম্ভিক হৰপ্পা সমাজবোৰ একোখন বৃহৎ নগৰ কেন্দ্ৰলৈ পৰিণত হয়। এইসমূহৰ ভিতৰত আছে আধুনিক পাকিস্তানৰ হৰপ্পা, গনেৰিৱালা আৰু মহেঞ্জোদাৰো আৰু আধুনিক ভাৰতৰ ঢোলাভিৰা, কলিবঙ্গন, ৰাখীগাঢ়ী, ৰূপাৰ আৰু ল’থাল।[55] এতিয়ালৈকে ১,০৫২খন নগৰ আৰু প্ৰতিষ্ঠাপন উদ্ধাৰ কৰা হৈছে।

নগৰসমূহ

[সম্পাদনা কৰক]

হৰপ্পা, মহেঞ্জোদাৰো আৰু ৰাখীগাঢ়ীৰ নগৰ পৰিকল্পনাত পৃথিৱীৰ আদিমতম নগৰ নিষ্কাষণ ব্যৱস্থা দেখা পোৱা যায়। নাগৰিকসকলে নগৰৰ নাদসমূহৰ পৰা পানী সংগ্ৰহ কৰিছিল। গা-ধোৱা ঘৰৰ বৰ্জিত পানী মূল পথৰ কাষেদি যোৱা ঢাকনিযুক্ত নলাৰে পৰিবাহিত কৰি নিয়াৰ ব্যৱস্থা আছিল। বাসগৃহসমূহ ভিতৰুৱা চোতাল আৰু উপপথসমূহৰ সৈতে সংযুক্ত আছিল। এতিয়াও কোনো কোনো গাঁৱত এনে পদ্ধতিৰ ঘৰ সজা দেখা যায়।[56] ইয়াৰে প্ৰত্যেকটো ঘৰতে পানী যোগান আৰু নলাৰ সুবিধা আছিল। ই সিন্ধু সভ্যতাৰ নিম্ন ধনকেন্দ্ৰিক আৰু সামাজিক সমতাৰ কথাকে সূচায়।

হৰপ্পাৰ বন্দৰ, শস্যৰ ভঁৰাল, পণ্যাগাৰ, ইটাৰে সজা মঞ্চ আৰু দেৱালসমূহৰ পৰাই হৰপ্পাৰ লোকসকলৰ উন্নত কাৰিকৰী দিশটোৰ উমান পোৱা যায়। নগৰসমূহৰ বৃহদাকাৰ দেৱালসমূহে সম্ভৱতঃ বান আৰু শত্ৰুৰ আক্ৰমণৰ পৰা নগৰখন ৰক্ষা কৰিছিল।[57]

তথাকথিত "পুৰোহিত ৰজা"ৰ প্ৰতিমূৰ্ত্তি, মহেঞ্জোদাৰো, শেষভাগৰ পূৰ্ণাংগ হৰপ্পা কাল, জাতীয় সংগ্ৰহালয়, কৰাছী, পাকিস্তান

দুৰ্গসমূহ নিৰ্মাণৰ উদ্দেশ্য সম্বন্ধে ঐকমতত উপনীত হোৱা নাই। সমসাময়িক মেচ’পটেমিয়া আৰু প্ৰাচীন ইজিপ্টৰ সভ্যতাৰ বিপৰীতে নগৰসমূহত কোনো বৃহৎ কীৰ্ত্তিচিহ্ন সজা হোৱা নাছিল। প্ৰাসাদ, মঠ-মন্দিৰ, ৰজআ, সৈন্যবাহিনী বা পুৰোহিতৰো কোনো পতিয়নযোগ্য প্ৰমাণ পোৱা হোৱা নাই। মহেঞ্জোদাৰোত এক বৃহৎ স্নানাগাৰ আৱিষ্কৃত হৈছে যাক প্ৰথমে শস্যভাণ্ডাৰ বুলি ধাৰণা কৰা হৈছিল।

নগৰবাসীসকলৰ বেছিভাগেই বণিক অথবা কুটীৰ শিল্পী আছিল। দূৰৰ ঠাইসমূহৰ পৰা অনা কেঁচামালেৰে ছীল মোহৰ, মণি আৰু অন্যান্য সামগ্ৰী সজা হৈছিল। ভাস্কৰ্যসমূহৰ ভিতৰত মণি, জন্তু, মানুহ (হয়তো দেৱ-দেৱী) আদিৰ প্ৰতিকৃতি আৰু আখৰ (পাঠোদ্ধাৰ হোৱা নাই) খোদিত কৰা ছীল মোহৰ আদি উল্লেখনীয়।

শাসন আৰু কাৰ্যপালিকা

[সম্পাদনা কৰক]

পুৰাতত্ত্ব বিভাগৰ তথ্যৰ পৰা হৰপ্পান সমাজৰ ক্ষমতাৰ কেন্দ্ৰ নাইবা ক্ষমতাত অধিষ্ঠিত লোকৰ বিষয়ে কোনো তাৎক্ষণিক উত্তৰ পোৱা নাযায়। সেয়ে হ’লেও কিছুমান জটিল সিদ্ধান্ত লোৱাৰ আৰু ইয়াক কাৰ্যক্ষেত্ৰত পৰিণত কৰাৰ উদাহৰণ পোৱা যায়, যেনে মৃৎশিল্প, ছীল মোহৰ, ওজন আৰু ইটাৰ সমতুল ব্যৱস্থা। এই বিষয়ে কৰা ধাৰণাৰ প্ৰধান সূত্ৰকেইটা হ’ল এনেধৰণৰ:

  • ই এখন একক ৰাজ্য আছিল।
  • প্ৰত্যেক ৰাজ্যৰে (হৰপ্পা, মহেঞ্জোদাৰো আদি) ভিন্ন শাসনকৰ্ত্তা আছিল।
  • কোনো শাসনকৰ্ত্তা নাছিল আৰু সকলোৱে সমান মৰ্যাদা উপভোগ কৰিছিল।

প্ৰযুক্তিবিদ্যা

[সম্পাদনা কৰক]
ইউনিকৰ্ন ছীল, ভাৰত সংগ্ৰহালয়
হাতী ছীল, ভাৰত সংগ্ৰহালয়
অন্যান্য ছীল, ব্ৰিটিছ সংগ্ৰহালয়

সিন্ধু সভ্যতাৰ লোকসকলে ওজন, ভৰ আৰু সময় সঠিকভাৱে নিৰূপণ কৰাৰ লগতে জোখ-মাপৰ সমতুল পদ্ধতিৰ বিকাশ ঘটাইছিল। গুজৰাটৰ ল’থালত আৱিষ্কৃত হাতীদাঁতৰ এডাল মাপকাঠিত অংকিত প্ৰায় ১.৭ মিলিমিটাৰেই হৈছে এতিয়ালৈকে পোৱা ব্ৰঞ্জ যুগৰ আটাইতকৈ সৰু জোখ। হৰপ্পান অভিযন্তাসকলে প্ৰায়োগিক ক্ষেত্ৰত জোখ-মাপৰ দশমিক পদ্ধতিৰ ব্যৱহাৰ কৰিছিল।[58]

কৌটিল্যঅৰ্থশাস্ত্ৰত (খ্ৰী:পূ: ৪ৰ্থ শতিকা) বৰ্ণিত জোখ-মাপসমূহ ল’থালত ব্যৱহৃত জোখ-মাপৰ সৈতে একে।[59]

হৰপ্পানসকলে ধাতুবিদ্যাৰ নতুন পদ্ধতিৰ উদ্ভাৱন কৰাৰ লগতে তাম, ব্ৰঞ্জ, সীহ আৰু টিন উৎপাদন কৰিছিল।

২০০৬ চনৰ এপ্ৰিল মাহত নেচাৰ নামৰ বিজ্ঞান পত্ৰিকাত আদি প্ৰস্তৰ যুগৰ মেহৰগড়ত জীৱন্ত মানুহৰ দাঁতত বিন্ধা কৰাৰ প্ৰমাণ পোৱাৰ কথা প্ৰকাশ পায়।[60]

বানাৱলীত সোণৰ বিশুদ্ধতা পৰীক্ষা কৰা এডাল দণ্ডৰো সন্ধান পোৱা গৈছে।[61]

শিল্পকলা

[সম্পাদনা কৰক]
"মহেঞ্জোদাৰোৰ নৃত্যৰতা যুৱতী"
ৰঙা-ক’লা নক্সাৰে ডাঙৰ বাচনৰ টুকুৰা, ২৫০০ খ্ৰী:পূ:

খননস্থলীত বিভিন্ন ভাস্কৰ্য, ছীল, মৃণ্ময় পাত্ৰ, সোণৰ অলংকাৰ আৰু টেৰাকোটা, ব্ৰঞ্জ আৰু ষ্টেটাইটৰ মানৱ দেহৰ সূক্ষ্ম প্ৰদৰ্শনযুক্ত কিছুমান মূৰ্ত্তি পোৱা গৈছে।

নৃত্যৰ ভংগিমাৰে সোণ, টেৰাকোটা আৰু শিলৰ নাৰীমূৰ্ত্তিসমূহে সেই সময়ত কিছুমান নৃত্যৰূপ থকাৰ কথাকে সূচায়। টেৰাকোটাৰ মূৰ্ত্তিসমূহৰ ভিতৰত গৰু, ভালুক, বান্দৰ আৰু কুকুৰৰ মূৰ্ত্তিও আছে। সৰহসংখ্যক ছীলত অংকিত জন্তুসমূহ চিনাক্ত কৰিব পৰা হোৱা নাই। প্ৰকাণ্ড শিঙযুক্ত আধা বলদ, আধা জেব্ৰাৰ আকৃতিৰ জন্তুসমূহ নিৰীক্ষণ কৰিবলগীয়া। এতিয়ালৈকে এই প্ৰতিকৃতিসমূহৰ কোনো ধাৰ্মিক বা কাল্টিক গুৰুত্ব থকাৰো প্ৰমাণ পোৱা হোৱা নাই।[62]

শংখ, চিৰামিক, ষ্টেটাইট আদি আটাইকেইটা হৰপ্পা স্তৰতে মণিহাৰ, খাৰু আৰু আন অলংকাৰসমূহ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।[63] প্ৰসাধন আৰু প্ৰাতঃকৃত্যৰ কিছুমান যাৱতীয় সামগ্ৰী (যেনে ফণী)হৰপ্পাত পোৱা গৈছে।[64][64]

কিছুমান ছীলত লেপেটা কাঢ়ি বহা মানুহৰ প্ৰতিকৃতি পোৱা গৈছে। বহু লোকে ইয়াক যোগাসনত থকা পশুপতি আখ্যা দিছে। ইয়াৰ বিপৰীতে কিছুসংখ্যক লোকে হিন্দু দেৱতা শিৱৰ সৈতে ইয়াৰ সাদৃশ্য দৰ্শাইছে।[65]

ছীলসমূহত অংকিত হাৰ্প’ৰ দৰে বাদ্যযন্ত্ৰ আৰু আৱিষ্কৃত শংখসমূহে বাদ্যযন্ত্ৰৰ ব্যৱহাৰ সূচায়। মহেঞ্জোদাৰোত বৰ্গাকাৰ ডাইচৰো (পিঠিবোৰত একৰ পৰা ছয়লৈ বিন্ধাযুক্ত) সন্ধান পোৱা গৈছে।[66]

ব্যৱসায় আৰু পৰিবহণ

[সম্পাদনা কৰক]
প্ৰাচীন ল’থালৰ বন্দৰসমূহৰ বৰ্তমানৰ ৰূপ

সিন্ধু সভ্যতাৰ অৰ্থনীতি ঘাইকৈ বাণিজ্যৰ ওপৰত নিৰ্ভৰশীল আছিল যেন অনুমান হয়। উন্নত পৰিৱহণ ব্যৱস্থাই ব্যৱসায়-বাণিজ্যত সুবিধা প্ৰদান কৰিছিল। সম্ভৱতঃ সিন্ধু সভ্যতাই চকা ব্যৱহাৰ কৰা প্ৰথমটো সভ্যতা।[67] এই ব্যৱস্থাসমূহৰ ভিতৰত গৰুগাড়ী আৰু নাও অন্যতম আছিল।

তাম্ৰ যুগৰ ৪৩০০–৩২০০ খ্ৰী:পূ:ৰ ভিতৰত দক্ষিণ তুৰ্কমেনিস্তান আৰু উত্তৰ ইৰাণৰ সৈতে সিন্ধু সভ্যতাৰ কিছু মিল দেখা যায়। ইয়াৰ পৰা এই ঠাইসমূহৰ মাজত আহ-যাহ আৰু বাণিজ্যিক সম্পৰ্কৰ ধাৰণা কৰিব পাৰি। প্ৰাৰম্ভিক হৰপ্পা কালৰ (প্ৰায় ৩২০০-২৬০০ খ্ৰী:পূ:) সৈতে মধ্য এচিয়া আৰু ইৰাণী মালভূমিৰ মৃৎশিল্প, ছীল মোহৰ, মূৰ্ত্তি, আ-অলংকাৰ আদিৰ সাদৃশ্যই মৰুপথেদি বেপাৰ-বাণিজ্যৰ প্ৰচলনৰ কথা সূচায়।[68]

বাণিজ্য ক্ষেত্ৰসমূহে আফগানিস্তানৰ একাংশ, ইৰানৰ উপকূলীয় অঞ্চল, ভাৰতৰ উত্তৰ-পশ্চিম অংশ আৰু মেচ’পটেমিয়াকে ধৰি এক বৃহৎ অঞ্চল সংযোগ কৰিছিল। হৰপ্পাত সমাধিস্থ কৰা লোকৰ দাঁতৰ অৱশেষ পৰীক্ষা কৰি পোৱা গৈছে যে নগৰ নিবাসীসকলৰ কিছুসংখ্যক আন ঠাইৰ পৰা প্ৰব্ৰজন কৰি আহি ইয়াত থিতাপি লৈছিলহি।[69] ক্ৰীট আৰু ইজিপ্টলৈকে বাণিজ্য ক্ষেত্ৰসমূহ বিস্তাৰিত হোৱাৰ প্ৰমাণ পোৱা গৈছে।[70] মধ্য হৰপ্পা কালত হৰপ্পা আৰু মেচ’পটেমিয়াৰ মাজত বাণিজ্যিক সম্পৰ্ক আছিল আৰু পাৰ্চীয়ান উপসাগৰৰ বাহৰেইন আৰু ফৈলাকাৰ একাংশ মধ্যভোগীয়ে এই সম্পৰ্কৰ পৰিচালনা কৰিছিল।[71]

বিভিন্ন অধ্যয়নে সূচায় যে সিন্ধু সভ্যতা থলীত বিভিন্ন প্ৰকাৰৰ খাদ্যশস্যৰ খেতি কৰা হৈছিল। জনা যায় যে মেহৰগড় নিবাসী লোকসকলে ঘৰুৱাভাৱে উৎপাদন কৰা ঘেঁহু আৰু বাৰ্লি ব্যৱহাৰ কৰিছিল।[72]

প্ৰত্নতাত্ত্বিক আৱিষ্কাৰ অনুসৰি সিন্ধু উপত্যকাৰ সভ্যতাত গৰু, ম'হ, ছাগলী, গাহৰি, কুকুৰা আদি প্ৰাণীৰ মাংসৰ প্ৰাধান্য আছিল।

যথাসম্ভৱ লেখন পদ্ধতি

[সম্পাদনা কৰক]

সিন্ধু সভ্যতা থলীসমূহত উদ্ধাৰ হোৱা ছীল, পাত্ৰ, সম্ভৱতঃ ঢোলাভিৰাৰ দুৰ্গৰ দুৱাৰত অঁৰা এখন দুৱাৰ আৰু অন্যান্য সামগ্ৰীসমূহত ৪০০-ৰ পৰা ৬০০টা স্পষ্ট চিহ্ন উদ্ধাৰ হৈছে।[73]

সিন্ধু চিহ্ন

সিন্ধু সভ্যতাক এক শিক্ষিত সভ্যতা বুলি কোৱা হয় যদিও কিছুসংখ্যক ইতিহাসবিদৰ মতে তেওঁলোকৰ মাজত লিপিৰ পৰিৱৰ্ত্তে চিহ্ন ব্যৱস্থা এটাৰহে প্ৰচলন আছিল।[74]

২০০৯ চনত পি. এন. ৰাৱে চলোৱা এক অধ্যয়নত কোৱা হয় যে সিন্ধু লিপিসমূহ কথিত শব্দসমূহৰ ওচৰ-পাজৰৰ।[75][76]

উত্থিত যৌনাংগসহিত জন্তুৰে আগুৰি থকা প্ৰতিকৃতিৰ সৈতে তথাকথিত পশুপতি ছীল

মূলতঃ সিন্ধু লিপিসমূহৰ পাঠোদ্ধাৰ নোহোৱাৰ বাবে সিন্ধু সভ্যতাৰ লোকসকলৰ ধৰ্মবিশ্বাসৰ বিষয়ে কোনো সঠিক সিদ্ধান্তত উপনীত হ’ব পৰা নাই।[77][78] হৰপ্পাৰ পুৰাতাত্ত্বিক চিহ্নসমূহৰ হিন্দু ব্যাখ্যাৰ ভিতৰত[79] ১৯৩১ চনত পুৰাতত্ত্ববিদজন মাৰ্শ্বেলে দিয়া ব্যাখ্যা উল্লেখনীয়। তেওঁ সিন্ধু ধৰ্মবিশ্বাসৰ তলত উল্লিখিত বৈশিষ্ট্যসমূহ চিনাক্ত কৰিছিল:

  • এক পুৰুষ দেৱতা আৰু এক মাতৃদেৱীৰ উপস্থিতি
  • পশু আৰু বৃক্ষৰ প্ৰতি সন্মান
  • লিংগ আৰু যোনিৰ সাঙ্কেতিক উপস্থাপন আৰু
  • ধৰ্মীয় কাম-কাজত স্নান আৰু পানীৰ ব্যৱহাৰ[80][81]

এটা ছীলত পশুৰে আগুৰি থকা, তিনিশিৰীয়া, উথিত যৌনাংগসহিত মানৱ মূৰ্ত্তি এটা অংকিত পোৱা গৈছে। মাৰ্শ্বেলে ইয়াক সংযম, যোগ আৰু লিংগৰ সৈতে সম্পৰ্কিত, হিন্দু দেৱতা পশুপতি শিৱ বা ৰূদ্ৰৰ সৈতে তুলনা কৰিছে। এই ছীলটো পশুপতি ছীলৰূপে জনাজাত।[80][82] হাৰ্বাৰ্ট ছালিভান আৰু এলফ হিল্টবেইটে মাৰ্শ্বেলৰ যুক্তিৰ বিপৰীতে যথাক্ৰমে কয় যে এই মূৰ্ত্তিটো এক নাৰীৰহে, আৰু এয়া পশু আৰু চাৰিওদিশৰ দেৱতাৰ বাহনেৰে আগুৰি থকা এক মহিষ দেৱতাৰ মূৰ্ত্তি।[83][84]

কোনো কোনো ইতিহাসবিদে জৈন তীৰ্থংকৰ ঋষভ আৰু সিন্ধু সভ্যতাৰ যোগসূত্ৰ থকা বুলি দাবী কৰে।[85][86]

পতন আৰু শেষ হৰপ্পা

[সম্পাদনা কৰক]
দৈমাবাদত শেষ হৰপ্পাৰ চিহ্নসমূহ

১৮০০ খ্ৰী:পূ:ৰ পৰাই সিন্ধু সভ্যতাৰ পতন আৰম্ভ হয় আৰু ১৭০০ খ্ৰী:পূ:লৈ ইয়াৰ প্ৰায়ভাগ নগৰেই বৰ্জিত হৈ পৰে। ১৯৫৩ চনত মৰ্টিমাৰ হুইলাৰে মধ্য এচিয়াৰ আৰ্যসকলৰ আগমনেই সিন্ধু সভ্যতাৰ পতনৰ কাৰক হোৱাৰ সম্ভাৱনীয়তাৰ কথা ব্যক্ত কৰে। ইয়াৰ প্ৰমাণস্বৰূপে তেওঁ মহেঞ্জোদাৰোৰ বিভিন্ন ঠাইত আৱিষ্কাৰ হোৱা ৩৭টা কংকাল আৰু বেদসমূহত বৰ্ণিত যুদ্ধ আৰু দুৰ্গসমূহৰ কথা উল্লেখ কৰে। অৱশ্যে ইতিহাসবিদসকলে এই সম্ভাৱনীয়তা নুই কৰে, কিয়নো এই কংকালসমূহৰ কাল নগৰসমূহ বৰ্জিত হোৱাৰ সময়তকৈ পিছৰ আৰু এইসমূহ দুৰ্গৰ কাষতে পোৱা গৈছে। ১৯৯৪ চনৰ গৱেষণাই দেখুৱায় যে কংকালসমূহৰ লাওখোলাসমূহৰ ক্ষতি জহি যোৱাৰ ফলতহে হৈছে, কোনো আঘাতৰ ফলত নহয়।[87] বহুতো গৱেষকে মত পোষণ কৰে যে খৰাং আৰু ইজিপ্ট তথা মেচ’পটেমিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কৰ অৱনতি ঘটাৰ ফলতহে সিন্ধু সভ্যতা ধ্বংস হয়।[88] কোৱা হয় যে নতুন লোকৰ অনুপ্ৰৱেশ, নিৰ্বনানীকৰণ, বানপানী বা নদীৰ সুঁতি সলনি ইত্যাদি কাৰকে এই বিশাল সভ্যতাৰ পতনত অৰিহণা যোগাইছিল।[89]

সিন্ধু সভ্যতাৰ পতনৰ সৈতে জলবায়ু পৰিৱৰ্ত্তনৰো সম্পৰ্ক থকা বুলি কৰা হয়।[90] পৰিৱৰ্ত্তিত জলবায়ুৰ ফলত নিম্নগামী হোৱা বৰষুণে পৰ্যাপ্ত পানী যোগান ধৰিব নোৱাৰাৰ কাৰণে সম্ভৱতঃ সেই সময়ৰ বিশাল সৰস্বতী নদী শুকাই যায়।[91]

পৰৱৰ্ত্তী কাল

[সম্পাদনা কৰক]

সিন্ধু সভ্যতাৰ পতনৰ পিছত বিভিন্ন আঞ্চলিক সংস্কৃতিসমূহে গা-কৰি উঠে। এই সংস্কৃতিসমূহ ভিন্ন পৰিমাণে সিন্ধু সভ্যতাৰদ্বাৰা প্ৰভাৱিত হোৱাৰ উমান পোৱা যায়। হৰপ্পাৰ সমাধি এইচত মৃতদেহ দাহ কৰাৰ প্ৰমাণ পোৱা গৈছে যি প্ৰথা বৰ্তমান হিন্দু ধৰ্মত প্ৰচলিত। ৰাজস্থানৰ পৰা গংগা সমভূমিলৈকে হেঙুল-হাইতাল বৰণীয়া মৃৎশিল্পৰ চিন পোৱা গৈছে।

  1. Masson: "A long march preceded our arrival at Haripah, through jangal of the closest description.... When I joined the camp I found it in front of the village and ruinous brick castle. Behind us was a large circular mound, or eminence, and to the west was an irregular rocky height, crowned with the remains of buildings, in fragments of walls, with niches, after the eastern manner.... Tradition affirms the existence here of a city, so considerable that it extended to Chicha Watni, thirteen cosses distant, and that it was destroyed by a particular visitation of Providence, brought down by the lust and crimes of the sovereign."

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "Archeologists confirm Indian civilization is 2000 years older than previously believed, Jason Overdorf, Globalpost, 28 November 2012". http://www.globalpost.com/dispatch/news/regions/asia-pacific/india/121116/indus-civilization-2000-years-old-archaeologists. 
  2. 2.0 2.1 "Indus Valley 2,000 years older than thought". Archived from the original on 2015-09-09. https://web.archive.org/web/20150909090345/http://www.hindustantimes.com/newdelhi/indus-valley-2-000-years-older-than-thought/article1-954601.aspx। আহৰণ কৰা হৈছে: 2015-08-12. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 "Haryana's Bhirrana oldest Harappan site, Rakhigarhi Asia's largest: ASI". http://timesofindia.indiatimes.com/city/chandigarh/Haryanas-Bhirrana-oldest-Harappan-site-Rakhigarhi-Asias-largest-ASI/articleshow/46926693.cms. 
  4. 4.0 4.1 4.2 "History What their lives reveal". http://www.livemint.com/Leisure/ljfXtPZHUSi5eG8Di1n9YO/History--What-their-lives-reveal.html. 
  5. "What did Harappans eat, how did they look? Haryana has the answers". Archived from the original on 2015-06-23. https://web.archive.org/web/20150623172810/http://www.hindustantimes.com/india-news/what-did-harappans-eat-how-did-they-look-rakhigarhi-has-the-answers/article1-1348101.aspx। আহৰণ কৰা হৈছে: 2015-08-09. 
  6. 6.0 6.1 Wright 2009, পৃষ্ঠা. 1.
  7. Wright 2009.
  8. Blanc De La, Paul. "Indus Epigraphic Perspectives: Exploring Past Decipherment Attempts & Possible New Approaches 2013 Pg 11". University of OttawaUniversity of Ottawa Research. http://www.ruor.uottawa.ca/bitstream/10393/26166/1/Leblanc_Paul_2013_thesis.pdf। আহৰণ কৰা হৈছে: 11 August 2014. 
  9. http://164.100.47.132/LssNew/psearch/QResult15.aspx?qref=138704 | "The work on delineation of entire course of river 'Saraswati' in North West India was carried out using Indian Remote Sensing Satellite data along with digital elevation model. Satellite images are multi-spectral, multi-temporal and have advantages of synoptic view, which are useful to detect palaeochannels. The palaeochannels are validated using historical maps, archaeological sites, hydro- geological and drilling data. It was observed that major Harappan sites of Kalibangan (Rajasthan), Banawali and Rakhigarhi (Haryana), Dholavira and Lothal (Gujarat) lie along the River Saraswati ."- Ministry of Space, Government of India.
  10. http://www.iisc.ernet.in/currsci/oct25/articles20.htm Archived 2004-09-19 at the Wayback Machine | A.V.Shankaran.:"Saraswati – The ancient river lost in the desert."
  11. http://164.100.47.132/LssNew/psearch/QResult15.aspx?qref=138704 | " Indian Space Research Organization (ISRO) has studied the palaeochannels in North West India and related them to the channels of River Saraswati."
  12. http://www.iisc.ernet.in/currsci/oct25/articles20.htm Archived 2004-09-19 at the Wayback Machine | A.V.Shankaran.:"Saraswati was believed to have had three tributaries, Shatadru (Sutlej) arising from Mount Kailas, Drishadvati from Siwalik Hills and the old Yamuna. Together, they flowed along a channel, presently identified as that of the Ghaggar river, also called Hakra River in Rajasthan and Nara in Sindh."
  13. Michel Danino: The Lost River - On the trail of the Sarasvati (Penguin Books, 2010). ISBN 978-0-14-306864-8
  14. B. B. Lal, Keynote Address. Webpages.uidaho.edu. Retrieved on 12 July 2013.
  15. Charles Kahn (2005). World History: Societies of the Past. Portage & Main Press. 
  16. Wright 2009, পৃষ্ঠা. 115–125.
  17. Beck, Roger B.; Linda Black, Larry S. Krieger, Phillip C. Naylor, Dahia Ibo Shabaka, (1999). World History: Patterns of Interaction. প্ৰকাশক Evanston, IL: McDougal Littell. ISBN 0-395-87274-X. 
  18. Wright 2009, পৃষ্ঠা. 2.
  19. "'Earliest writing' found". BBC News. 4 May 1999. http://news.bbc.co.uk/1/hi/sci/tech/334517.stm। আহৰণ কৰা হৈছে: 5 January 2010. 
  20. Akhilesh Pillalamarri (18 April 2015). "Exploring the Indus Valley's Secrets". The diplomat. http://thediplomat.com/2015/04/exploring-the-indus-valleys-secrets/। আহৰণ কৰা হৈছে: 18 April 2015. 
  21. Morrison, Kathleen D. (Ed.); Junker, Laura L. (2002). Forager-traders in South and Southeast Asia : long term histories ([Online-Ausg.] সম্পাদনা). প্ৰকাশক Cambridge [u.a.]: Cambridge Univ. Press. পৃষ্ঠা. 62. ISBN 9780521016360. http://books.google.co.in/books?id=6IAUKE7xv_cC&dq=oriyo+timbo&q=oriyo+timbo#v=onepage&q=sutkagen-dor&f=false. 
  22. http://164.100.47.132/LssNew/psearch/QResult15.aspx?qref=138704 | "It was observed that major Harappan sites of Kalibangan (Rajasthan), Banawali and Rakhigarhi (Haryana), Dholavira and Lothal (Gujarat) lie along the River Saraswati."- Ministry of Space, Government of India.
  23. Wright 2009, পৃষ্ঠা. 107.
  24. Archana Khare Ghose (3 June 2012). "Can Rakhigarhi, the largest Indus Valley Civilisation site be saved?". Economic Times. http://articles.economictimes.indiatimes.com/2012-06-03/news/32006465_1_heritage-sites-mound-archaeological-survey। আহৰণ কৰা হৈছে: 3 June 2012. 
  25. Ishtiyaq Sibtian Joo (18 April 2015). "Can 'national heritage' Rakhigarhi survive for long". Hindustan Times. Archived from the original on 20 April 2015. https://web.archive.org/web/20150420181419/http://www.hindustantimes.com/haryana/can-national-heritage-rakhigarhi-survive-for-long/article1-1338542.aspx। আহৰণ কৰা হৈছে: 18 April 2015. 
  26. "Haryana to set up museum at Rakhigarhi". Archived from the original on 2015-07-09. https://web.archive.org/web/20150709002310/http://www.hindustantimes.com/haryana/haryana-to-set-up-museum-at-rakhigarhi/article1-1347007.aspx। আহৰণ কৰা হৈছে: 2015-08-09. 
  27. Ratnagar, Shereen (2006). Trading Encounters: From the Euphrates to the Indus in the Bronze Age (2nd সম্পাদনা). প্ৰকাশক India: Oxford University Press. ISBN 9780195666038. http://books.google.ca/books?id=Q5tpQgAACAAJ. 
  28. Lockard, Craig (2010). Societies, Networks, and Transitions, Volume 1: To 1500 (2nd সম্পাদনা). প্ৰকাশক India: Cengage Learning. পৃষ্ঠা. 40. ISBN 1439085358. http://books.google.com/books/about/Societies_Networks_and_Transitions.html?id=u4VOYN0dmqMC. 
  29. Witzel, Michael (February 2000). "The Languages of Harappa". Electronic Journal of Vedic Studies. http://www.people.fas.harvard.edu/~witzel/IndusLang.pdf. 
  30. Masson 1842.
  31. 31.0 31.1 Davreau, Robert (1976). "Indus Valley". In Reader's Digest. World's Last Mysteries. 
  32. Cunningham, A., 1875. Archaeological Survey of India, Report for the Year 1872–73, 5: 105–8 and pl. 32-3. Calcutta: Archaeological Survey of India.
  33. Singh, Upinder (2008). A History of Ancient and Early medieval India : from the Stone Age to the 12th century. প্ৰকাশক New Delhi: Pearson Education. পৃষ্ঠা. 137. ISBN 9788131711200. http://books.google.co.in/books?id=H3lUIIYxWkEC&dq=Upinder+Singh&q=malvan#v=snippet&q=malvan&f=false. 
  34. Sabharwal, Vijay (11 July 2010). "Indus Valley site ravaged by floods". The Times of India. http://timesofindia.indiatimes.com/india/Indus-Valley-site-ravaged-by-floods/articleshow/6153199.cms. 
  35. Kenoyer, Jonathan Mark (1991). "The Indus Valley tradition of Pakistan and Western India". Journal of World Prehistory খণ্ড 5 (4): 1–64. doi:10.1007/BF00978474. 
  36. Shaffer 1992, I:441–464, II:425–446.
  37. Chandler, Graham (September–October 1999). "Traders of the Plain". Saudi Aramco World: 34–42. Archived from the original on 2007-02-18. https://web.archive.org/web/20070218235318/http://www.saudiaramcoworld.com/issue/199905/traders.of.the.plain.htm। আহৰণ কৰা হৈছে: 2015-08-12. 
  38. "The Largest Bronze Age Urban Civilization". harappa.com. http://www.harappa.com/har/indus-saraswati-geography.html। আহৰণ কৰা হৈছে: 29 April 2013. 
  39. Dales, George F. (1962). "Harappan Outposts on the Makran Coast". Antiquity খণ্ড 36 (142): 86. 
  40. Rao, Shikaripura Ranganatha (1973). Lothal and the Indus civilization. প্ৰকাশক London: Asia Publishing House. ISBN 0-210-22278-6. 
  41. Kenoyer 1998, পৃষ্ঠা 96
  42. Dani, Ahmad Hassan (1970–1971). "Excavations in the Gomal Valley". Ancient Pakistan (5): 1–177. 
  43. Joshi, J. P.; Bala, M. (1982). "Manda: A Harappan site in Jammu and Kashmir". In Possehl, Gregory L. (ed.). Harappan Civilization: A recent perspective. প্ৰকাশক New Delhi: Oxford University Press. পৃষ্ঠা. 185–95. 
  44. A. Ghosh, ed. "Excavations at Alamgirpur". Indian Archaeology, A Review (1958–1959). প্ৰকাশক Delhi: Archaeol. Surv. India. পৃষ্ঠা. 51–52. 
  45. Ray, Himanshu Prabha (2003). The Archaeology of Seafaring in Ancient South Asia. Cambridge University Press. পৃষ্ঠা. 95. ISBN 0-521-01109-4. 
  46. Dales, George F. (1979). "The Balakot Project: summary of four years excavations in Pakistan". In Maurizio Taddei (ed.). South Asian Archaeology 1977. প্ৰকাশক Naples: Seminario di Studi Asiatici Series Minor 6. Instituto Universitario Orientate. পৃষ্ঠা. 241–274. 
  47. Bisht, R. S. (1989). "A new model of the Harappan town planning as revealed at Dholavira in Kutch: a surface study of its plan and architecture". In Chatterjee, Bhaskar (ed.). History and Archaeology. প্ৰকাশক New Delhi: Ramanand Vidya Bhawan. পৃষ্ঠা. 379–408. ISBN 81-85205-46-9. 
  48. 48.0 48.1 Possehl, Gregory L. (1990). "Revolution in the Urban Revolution: The Emergence of Indus Urbanization". Annual Reviews of Anthropology খণ্ড 19 (19): 261–282 (Map on page 263). doi:10.1146/annurev.an.19.100190.001401. http://arjournals.annualreviews.org/toc/anthro/19/1. 
  49. Mughal, M. R. 1982. "Recent archaeological research in the Cholistan desert". In Possehl, Gregory L. (ed.). Harappan Civilization. প্ৰকাশক Delhi: Oxford & IBH & A.I.1.S.. পৃষ্ঠা. 85–95. 
  50. Shaffer, Jim G.; Lichtenstein, Diane A. (1989). "Ethnicity and Change in the Indus Valley Cultural Tradition". Old Problems and New Perspectives in the Archaeology of South Asia. Wisconsin Archaeological Reports 2. পৃষ্ঠা. 117–126. 
  51. Gupta 1995, পৃষ্ঠা 183
  52. e.g. Misra, Virendra Nath (1992). Indus Civilization, a special Number of the Eastern Anthropologist. পৃষ্ঠা. 1–19. 
  53. Peter T. Daniels. The World's Writing Systems. Oxford University. পৃষ্ঠা. 372. 
  54. Parpola, Asko (1994). Deciphering the Indus Script. Cambridge University Press. ISBN 0-521-43079-8. 
  55. "Indus re-enters India after two centuries, feeds Little Rann, Nal Sarovar". India Today. 7 November 2011. http://indiatoday.intoday.in/story/indus-river-re-enters-india/1/158976.html। আহৰণ কৰা হৈছে: 7 November 2011. 
  56. It has been noted that the courtyard pattern and techniques of flooring of Harappan houses has similarities to the way house-building is still done in some villages of the region. Lal 2002, পৃষ্ঠা 93–95
  57. Morris, A.E.J. (1994). History of Urban Form: Before the Industrial Revolutions (Third সম্পাদনা). প্ৰকাশক New York, NY: Routledge. পৃষ্ঠা. 31. ISBN 978-0-582-30154-2. https://books.google.com/books?id=whBEAgAAQBAJ&pg=PA31#v=onepage&q&f=false। আহৰণ কৰা হৈছে: 20 May 2015. 
  58. Feuerstein, Georg; Kak, Subhash; Frawley, David (2001). In Search of the Cradle of Civilization:New Light on Ancient India. Quest Books. পৃষ্ঠা. 73. ISBN 0-8356-0741-0. 
  59. Sergent, Bernard (1997) (French ভাষাত). Genèse de l'Inde. প্ৰকাশক Paris: Payot. পৃষ্ঠা. 113. ISBN 2-228-89116-9. 
  60. Coppa, A.; et al. (6 April 2006). "Early Neolithic tradition of dentistry: Flint tips were surprisingly effective for drilling tooth enamel in a prehistoric population". Nature খণ্ড 440 (7085): 755–6. doi:10.1038/440755a. PMID 16598247. http://www.nature.com/nature/journal/v440/n7085/pdf/440755a.pdf. 
  61. Bisht, R. S. (1982). "Excavations at Banawali: 1974–77". In Possehl, Gregory L. (ed.). Harappan Civilization: A Contemporary Perspective. প্ৰকাশক New Delhi: Oxford and IBH Publishing Co.. পৃষ্ঠা. 113–124. 
  62. Keay, John, India, a History. New York: Grove Press, 2000.
  63. Kenoyer, Jonathan Mark (1997). "Trade and Technology of the Indus Valley: New Insights from Harappa, Pakistan". World Archaeology খণ্ড 29 (2: "High–Definition Archaeology: Threads Through the Past"): 262–280. doi:10.1080/00438243.1997.9980377. 
  64. 64.0 64.1 Lal 2002, পৃষ্ঠা 82
  65. Marshall, Sir John. Mohenjo-Daro and the Indus Civilisation, 3 vols, London: Arthur Probsthain, 1931
  66. Lal 2002, পৃষ্ঠা 89
  67. Hasenpflug, Rainer, The Inscriptions of the Indus civilization Norderstedt, Germany, 2006.
  68. Parpola 2005, পৃষ্ঠা 2–3
  69. "Surprising Discoveries From the Indus Civilization", National Geographic, Traci Watson, 29 April 2013, http://news.nationalgeographic.com/news/2013/13/130425-indus-civilization-discoveries-harappa-archaeology-science/
  70. Doniger, Wendy (30 September 2010). The Hindus: an alternative history. Oxford University Press. পৃষ্ঠা. 67. ISBN 978-0-1-9959334-7. http://books.google.com/books?id=nNsXZkdHvXUC&pg=PA67. 
  71. Neyland, R. S. (1992). "The seagoing vessels on Dilmun seals". In Keith, D.H.; Carrell, T.L. (eds.). Underwater archaeology proceedings of the Society for Historical Archaeology Conference at Kingston, Jamaica 1992. প্ৰকাশক Tucson, AZ: Society for Historical Archaeology. পৃষ্ঠা. 68–74. 
  72. Jarrige, J.-F. (1986). "Excavations at Mehrgarh-Nausharo". Pakistan Archaeology খণ্ড 10 (22): 63–131. 
  73. Wells, B. An Introduction to Indus Writing. Early Sites Research Society (West) Monograph Series, 2, Independence MO 1999
  74. Farmer, Steve; Sproat, Richard; Witzel, Michael. The Collapse of the Indus-Script Thesis: The Myth of a Literate Harappan Civilization. http://www.safarmer.com/fsw2.pdf. 
  75. Rao, Rajesh P. N.; Yadav, Nisha; Vahia, Mayank N.; Joglekar, Hrishikesh; Adhikari, R.; Mahadevan, Iravatham (May 2009). "Entropic Evidence for Linguistic Structure in the Indus Script". Science খণ্ড 324 (5931): 1165. doi:10.1126/science.1170391. PMID 19389998. 
  76. Indus Script Encodes Language, Reveals New Study of Ancient Symbols Newswise, Retrieved on 5 June 2009.
  77. keay.
  78. Wright 2009, পৃষ্ঠা. 281–282.
  79. Ratnagar, Shereen (April 2004). "Archaeology at the Heart of a Political Confrontation The Case of Ayodhya". Current Anthropology (University of Chicago Press) খণ্ড 45 (2). http://www.jstor.org/stable/10.1086/381044. 
  80. 80.0 80.1 Marshall 1931, পৃষ্ঠা. 48–78.
  81. Possehl 2002, পৃষ্ঠা. 141–156.
  82. Possehl 2002, পৃষ্ঠা. 141–144.
  83. Sullivan 1964.
  84. Hiltebeitel 2011, পৃষ্ঠা. 399–432.
  85. Zimmer, Heinrich (1969). Campbell, Joseph. ed. Philosophies of India. প্ৰকাশক NY: Princeton University Press. পৃষ্ঠা. 60, 208–209. ISBN 0-691-01758-1. 
  86. Thomas McEvilley (2002) The Shape of Ancient Thought: Comparative Studies in Greek and Indian Philosophies. Allworth Communications, Inc. 816 pages; ISBN 1-58115-203-5
  87. Edwin Bryant (2001). The Quest for the Origins of Vedic Culture. পৃষ্ঠা. 159–60. 
  88. "Indus Collapse: The End or the Beginning of an Asian Culture?". Science Magazine খণ্ড 320: 1282–3. 6 June 2008. 
  89. Knipe, David. Hinduism. San Francisco: Harper, 1991
  90. phys.org/news/2014-02-decline-bronze-age-megacities-linked.html
  91. Tripathi, Jayant K.; Tripathi, K.; Bock, Barbara; Rajamani, V. & Eisenhauer, A. (25 October 2004). "Is River Ghaggar, Saraswati? Geochemical Constraints". Current Science খণ্ড 87 (8). http://www.ias.ac.in/currsci/oct252004/1141.pdf. 

সহায়ক গ্ৰন্থ

[সম্পাদনা কৰক]