অৰ্থনীতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অৰ্থনীতি (ইংৰাজী: Economics) হৈছে সমাজ বিজ্ঞানৰ এটা বিভাগ। ই এখন দেশ অথবা এটা অঞ্চলৰ দ্ৰব্য আৰু সেৱাউৎপাদন, যোগান, বিনিময়, বিতৰণ আৰু ভোগৰ বিষয়ে আলোচনা কৰে। মানুহৰ জীৱন ধাৰণাৰ বাবে বিভিন্ন সম্পদৰ প্ৰয়োজন। সম্পদ সীমিত কিন্তু অভাৱ অসীম। এই সীমাহীন অভাৱ পুৰণৰ বাবে মানুহে যি প্ৰচেষ্টা চলায় সেই প্ৰচেষ্টা প্ৰয়োগৰ ক্ষমতা সীমাবদ্ধ। সীমিত সম্পদৰ সুব্যৱহাৰৰ দ্বাৰা সৰ্বোত্বম অভাব পুৰণ অৰ্থনীতিৰ মুল বিষয়।

অৰ্থনীতি শব্দটো ইংৰাজী 'Economics' শব্দৰ প্ৰতিশব্দ। প্ৰকৃততে 'Economics' শব্দটো গ্ৰিক শব্দ 'Oikos' অৰ্থাৎ পৰিয়াল আৰু 'Nomos' অৰ্থাৎ পৰিচালনা কৰা শব্দদুটাৰ মিলনৰ পৰা উদ্ভৱ হোৱা 'Oekonomos'-অৰ পৰা উদ্ভুত যাৰ অৰ্থ ঘৰ এখন পৰিচালনা কৰা। অৰ্থাৎ সীমিত আয়ৰে ঘৰ এখন পৰিচালিত কৰা ধাৰণাটোৰ পৰাই 'অৰ্থনীতি' বা অৰ্থবিজ্ঞানৰ উৎপত্তি[1]

সূচী

অৰ্থনীতিৰ সংজ্ঞা[সম্পাদনা কৰক]

অৰ্থনীতিৰ এটা নিৰ্দিষ্ট সংজ্ঞা দিয়া টান।ভিন্ন অৰ্থবিজ্ঞানিয়ে নিজস্ব দৃষ্টিভঙ্গীৰে নিজস্ব সংজ্ঞা আগবঢ়াইছে। এই সমুহৰ ভিতৰত আডাম স্মিথ(Adam Smith),আলফ্ৰেড মাৰ্ছাল(Alfred Marshall), লিঅ'নেল ৰবিনছ(Lionel Robbins), পল ছেমুৱেলছন(Pol Samuelson) আদিয়ে আগবঢ়োৱা সংজ্ঞা উল্লেখযোগ্য।

  1. আডাম স্মিথৰ সংজ্ঞা: স্মিথে 1776 চনত প্ৰকাশিত তেওঁৰ 'An Inquiry into the Nature and Causes of Wealth of Nations' নামৰ কিতাপ খনত অৰ্থনীতিক সম্পদৰ বিজ্ঞান(Science of Wealth) বুলি কৈছে।[2]স্মিথৰ এই সংজ্ঞাক ডেভিড ৰিকাৰ্ডো, জন ষ্টুৱাৰ্ট মিল আদি সংস্থাপিত অৰ্থবিজ্ঞানী সকলে সমৰ্থন কৰে।এই সংজ্ঞাত সম্পদৰ ওপৰত গুৰুত্ব প্ৰদান কৰা বাবে 'সম্পদ ভিত্তিক সংজ্ঞা' বুলিও জনা যায়।
  2. আলফ্ৰেড মাৰ্ছালৰ সংজ্ঞা:অৰ্থনীতিবিদ আলফ্ৰেড মাৰ্ছালে ১৮৯০ চনত প্ৰকাশপোৱা তেওঁৰ '’Principles of Economics' নামৰ পুথিত লিখিছে যে,অৰ্থনীতিয়ে মানৱ জাতিৰ জীৱনৰ সাধাৰণ কাৰ্য্য অধ্যয়ন কৰে(---'Economics is the study of mankind in the ordinary business of life, it examines that part of individual and social actions which is most closely connected with the attainment and with the use of the material requisites of well being. Thus it is on the one side a study of wealth and on the other and more important side, a part of the study of man)[3] মানুহৰ কল্যানৰ ওপৰত গুৰুত্ব দিয়া হৈছিল বাবে ,এই সংজ্ঞাক 'কল্যাণ ভিত্তিক সংজ্ঞা' বুলিও কোৱা হয়।
  3. লিঅ’’'নেল ৰবিন্‌ছৰ সংজ্ঞা:১৯৩২ চনত প্ৰকাশিত ৰবিনছৰ 'Nature and Significance of Economic Science' নামৰ গ্ৰন্থ খনত পুৰ্বৰ অৰ্থনীতিৰ সংজ্ঞা সমুহক সমালোচনা কৰে আৰু এটা নতুন সংজ্ঞা আগবঢ়ায়।তেওঁৰ মতে 'যি বিজ্ঞানে বিভিন্ন লক্ষ্য (অভাৱ পুৰণৰ) আৰু বিকল্প ব্যৱহাৰ যুক্ত অপ্ৰচুৰ আহিলা সমুহৰ মাজৰ সম্পৰ্কৰূপে মানুহৰ আচৰণ অধ্যয়ন কৰে, সেই বিজ্ঞানেই অৰ্থবিজ্ঞান।[4]
  4. পল চেমুৱেলছনৰ সংজ্ঞা:দ্বিতীয় মহাযুদ্ধৰ সময়ৰ পৰা অৰ্থনৈতিক বিকাশে(Economic growth) প্ৰতেক দেশতেই কিছুমান নতুন নতুন সমস্যাৰ সৃষ্টি কৰিলে।তেতিয়াৰ পৰাই অৰ্থনৈতিক বিকাশ, উন্নয়ন, পৰিকল্পনা, দাৰিদ্ৰ আৰু নিবনুৱা সমস্যা আদি বিষয়বোৰ অৰ্থবিজ্ঞানৰ অন্তৰ্ভুক্ত হবলৈ ধৰিলে।নবেল বটা বিজয়ী অধ্যাপক পল চেমুৱেলছনে সেই সময়তে অৰ্থনৈতিক বিকাশৰ ওপৰত গুৰুত্ব দি অৰ্থনীতিৰ সংজ্ঞা আগবঢ়ালে।তেওঁৰ মতে, ' মানুহে ব্যক্তিগত বা সামুহিকভাৱে মুদ্ৰাৰ ব্যৱহাৰ যোগে বা মুদ্ৰাৰ ব্যৱহাৰ নকৰাকৈ বিকল্প ব্যৱহাৰ থকা অপ্ৰচুৰ উৎপাদনক্ষম সম্পদসমুহ কেনেকৈ সময়ভেদে বিভিন্ন পণ্য সামগ্ৰীৰ উৎপাদনত ব্যৱহাৰ কৰিবলৈ স্থিৰ কৰে আৰু উৎপাদিত সামগ্ৰীসমুহ বৰ্তমান আৰু ভৱিষ্যত ভোগত কেনেকৈ বিভিন্ন ব্যক্তি আৰু গোষ্ঠীৰ মাজত বিতৰণ কৰে তাৰেই অধ্যয়ন হ’'ল অৰ্থবিজ্ঞান'[5]

অৰ্থনীতিৰ মুল বিভাগ সমুহ[সম্পাদনা কৰক]

অৰ্থনৈতিক তত্ত্ব বা সমস্যাবিলাক সাধাৰণতে দুটা পদ্ধতিৰে আলোচনা কৰিব পাৰি।সেইয়া হ’'ল-

  1. ব্যষ্টিবাদী অৰ্থনীতি(Micro Economics);
  2. সমষ্টিবাদী অৰ্থনীতি(Macro Economics);

ব্যষ্টিবাদী অৰ্থনীতি(Micro Economics)[সম্পাদনা কৰক]

ইংৰাজী Micro শব্দৰ অৰ্থ অতি ক্ষুদ্ৰ বা ক্ষুদ্ৰগোট।গতিকে ব্যষ্টিবাদী অৰ্থনীতি বুলিলে কোনোদেশৰ জাতীয় অৰ্থনীতিৰ এক অতি ক্ষুদ্ৰ অংশৰ অধ্যয়নক বুজায়।অৰ্থাৎ, ব্যষ্টিবাদী অৰ্থনীতিত কোনো নিদিৰ্ষ্ট ব্যক্তিয়ে কেনেকৈ সৰ্বাধিক লাভ উপাৰ্জন কৰিলে, কোনো নিৰ্দিষ্ট ব্যৱসায় প্ৰতিষ্ঠানে কেনেকৈ সৰ্বাধিক লাভ অৰ্জন কৰিলে, কোনো নিৰ্দষ্ট পৰিয়ালে কেনেকৈ আয় আৰু ব্যয়ৰ সমতা স্থাপন কৰিলে, ইত্যাদি ব্যষ্টিবাদী অৰ্থনীতিৰ আলোচ্য বিষয়।ই এক নিৰ্দিষ্ট গোটৰহে অধ্যয়ন, সমস্ত জাতীয় অৰ্থনীতিৰ নহয়।ব্যষ্টিবাদী আৰ্থনীতিত সমস্ত জাতীয় অৰ্থনীতিক ক্ষুদ্ৰ ক্ষুদ্ৰ আংশত ভাগ কৰি, প্ৰতিটো ভাগ বিজ্ঞান সন্মত ভাৱে, সুক্ষ্ম বিশ্লেষণ কৰা হয়।

বজাৰ[সম্পাদনা কৰক]

সাধাৰণতে যি ঠাইত বস্তু বেচাকিনা কৰে সেই ঠাইখনকেই বজাৰ বোলে।কিন্তু অৰ্থনীতিত বজাৰ বুলিলে কোনো ঠাইক নুবুজাই।অৰ্থনীতিত 'বজাৰ' মানে এক আৰ্থিক অনুষ্ঠান, যি প্ৰতক্ষ্য বা পৰোক্ষ ভাবে ক্ৰেতা আৰু বিক্ৰেতাক পৰস্পৰৰ সংস্পৰ্শলৈ আনি ক্ৰয়-বিক্ৰয় সম্ভব কৰিতোলে। Stonier আৰু Hagueৰ মতে, বজাৰৰ আটাইতকৈ দৰকাৰী বৈশিষ্ট্য হ'ল সকলো ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত এটা সম্পৰ্ক স্থাপন হব লাগিব যাতে তেওঁলোকৰ মাজত যোগাযোগ স্থাপন হ'ব পাৰে।[6]"সম্ভাব্য ক্ৰেতা আৰু বিক্ৰেতাক ওছৰচপাই অনা কাৰ্য্যত বিশেষীকৰণ অৰ্জন কৰা ব্যক্তি এজন নিজেই বজাৰ হৈ পৰাটো লাভজনক হব পাৰে।বাতৰি কাকত এখনৰ কেৱল বিজ্ঞাপনৰ শিতানটোও এখন বজাৰ হব পাৰে।"[7]

এখন ফলমূলৰ বজাৰ
এখন পশুৰ বজাৰ

অৰ্থনীতিত বজাৰ সদায় বস্তুৰ নাম অনুসৰিহে হয়, ঠাইৰ নাম অনুসৰি নহয়।উদাহৰণ স্বৰূপে :- চাহৰ বজাৰ, সোনৰ বজাৰ, শ্ৰমৰ বজাৰ, অংশপত্ৰৰ বজাৰ ইত্যাদি।আলোচনাৰ সুবিধাৰ বাবে বজাৰক কেবাটাও ভাগত ভগোৱা হয়।তলত কিছু আলোচনা কৰা হল।

আয়তন অনুসৰি বজাৰক স্থানীয় বা আঞ্চলিক বজাৰ,দেশীয় বা আন্ত:ৰাজ্যিক বজাৰ আৰু আন্ত:জাতীক বা বিশ্ববজাৰত ভাগ কৰা হয়।

প্ৰতিযোগিতাৰ ভিত্তিত বজাৰক তলত দিয়া ধৰণেৰে ভাগ কৰা হয়।

  1. একচেটিয়া বজাৰ(Monopoly)
  2. পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰ(Perfect Competition )
  3. বিশুদ্ধ প্ৰতিযোগিতাৰ বজাৰ(Pure Competition)
  4. দ্বি-বিক্ৰেতাৰ বজাৰ(Duopoly)
  5. স্বল্প বিক্ৰেতাৰ বজাৰ(Oligopoly)
  6. একক ক্ৰেতাৰ বজাৰ(Monopsony)
  7. দ্বি-পাক্ষিক একচেটিয়া বজাৰ(Bilateral monopoly)আৰু
  8. অপুৰ্ণ প্ৰতিযোগিতাৰ বজাৰ বা একাধিকাৰপ্ৰতিযোগি বজাৰ(Monopolistic competition / imperfect competition)
উৎপাদন আৰু উৎপাদন ব্যয়[সম্পাদনা কৰক]

উৎপাদনৰ অৰ্থ[সম্পাদনা কৰক]

অৰ্থবিজ্ঞানত উৎপাদন বুলি কলে কোনো বস্তু বা সামগ্ৰীৰ সৃষ্টি কৰাটো নুবুজাই। অৰ্থবিজ্ঞানত উৎপাদন মানে কোনো বস্তু বা দ্ৰব্যৰ উপযোগিতা বৃদ্ধি কৰাটোহে বুজাই।প্ৰকৃতি প্ৰদত্ত সম্পদ সমুহক অৰ্থনৈতিক কাৰ্য্যৰ জৰিয়তে উপযোগিতা প্ৰদান কৰাটোৱেই হল উৎপাদন।উপযোগিতা বৃদ্ধি চাৰি প্ৰকাৰে কৰিব পাৰি।কোনো বস্তুৰ আকৃতি, প্ৰকৃতি, স্থান আৰু সময়ৰ পৰিৱৰ্তন ঘটাই উপযোগিতাৰ বৃদ্ধি ঘটোৱা হয়।

উৎপাদনৰ উপাদান সমুহ[সম্পাদনা কৰক]

এটা বস্তু উৎপাদন কৰিবলৈ বা আন ধৰণে কলে বস্তু এটাৰ উপযোগিতা বৃদ্ধি কৰিবলৈ চাৰিবিধ উপাদানৰ প্ৰয়োজন হয়। সেই সমুহ হৈছে:

  1. ভুমি
  2. শ্ৰম
  3. মূলধন
  4. সংগঠন

এইবোৰক অৰ্থবিজ্ঞানতউৎপাদনৰ উপাদান বোলা হয়।এই উপাদান বোৰৰ বাবেই উৎপাদন কৰোতে খৰচ বা ব্যয় হয়।এই ব্যয়ক উৎপাদন ব্যয় বোলা হয়।

উৎপাদন ব্যয়ৰ অৰ্থ[সম্পাদনা কৰক]

উৎপাদনৰ উপাদান সমুহ ব্যৱহাৰ কৰি উৎপাদন কাৰ্য্য সংঘটিত কৰা হয়। এই উপাদান সমুহ বিনামূল্যে পোৱা নাযায়।কাৰণ এইবোৰ মুক্ত সামগ্ৰী নহয়।এইবোৰ আৰ্থিক সামগ্ৰীহে।সেইবাবে উৎপাদনকাৰীয়ে উপাদানবোৰ স২গ্ৰহ কৰোতে ব্যয় বহন কৰিব লগা হয়। এই ব্যয়কে উৎপাদন ব্যয় বোলে।উৎপাদন ব্যয়ক প্ৰধানকৈ তিনি ভাগত ভগোৱা হয়:

  1. অনিহিত ব্যয় আৰু
  2. প্ৰচ্ছন্ন ব্যয়।

এই দুয়োবিধ ব্যয় লগ লগালে মুঠ উৎপাদন ব্যয় পোৱা যায়।ভুমি, শ্ৰম, মূলধন আৰু সংগঠনৰ সংগ্ৰহ কৰিবৰ বাবে যি ব্যয় হয়, তাক অনিহিত ব্যয় বোলে।আনহাতে কেতিয়াবা উৎপাদনকাৰীয়ে উপাদান সমুহ নিজাববীয়াকৈ নিজেই যোগান ধৰে। উৎপাদনকাৰীয়ে নিজে যোগান ধৰা উপাদানৰ যি মূল্য হ'ব সেইটোকেই অৰ্থবিজ্ঞানত প্ৰচ্ছন্ন ব্যয় বোলে।

বিশেষীকৰণ[সম্পাদনা কৰক]

বিশেষীকৰণে কোনো এটা বিশেষ সীমাবন্ধক্ষেত্ৰত কৰ্মপ্ৰচেষ্টা আবদ্ধ ৰখা কাৰ্য্যকেই বুজায়।বিশেযীকৰণ কেৱল ব্যক্তিভিত্তিক নহৈ স্থানভিত্তিকো হব পাৰে।ব্যক্তি ভিত্তিক বিশেষীকৰণক অৰ্থবিজ্ঞানত '''শ্ৰম বিভাজন''' আৰু স্থানভিত্তিক বিশেষীকৰণক আঞ্চলিক বিশেষীকৰণ বা '''স্থানীয়কৰণ''' বোলা হয়।

চাহিদা আৰু যোগান[সম্পাদনা কৰক]

কোনো বস্তু বা সেৱা কাৰ্য্য পাবৰ বাবে কৰা আৰ্থিক সামৰ্থৰে পৰিপুষ্ট হাবিয়াসকে অৰ্থবিজ্ঞানত '''চাহিদা''' বোলে।আৰ্থাৎ মানুহে বা ভোক্তাই '''চাহিদা''' কৰাৰ অৰ্থ হ'ল কোনো বস্তু পাবলৈ তেওঁৰ ইচ্ছা থকাৰ লগতে বস্তুটোৰ বিনিময়ত মূল্য দিব পৰাৰ ক্ষমতাও আছে।আনহাতে যোগান শব্দৰ অৰ্থ হৈছে, এক নিদিষ্ট দামত উৎপাদনকাৰীয়ে যি পৰিমানৰ সামগ্ৰী বিক্ৰিৰ বাবে প্ৰস্তুত হয়, তাকে ''যোগান''' বোলে।

সমষ্টিবাদী অৰ্থনীতি(Macro Economics)[সম্পাদনা কৰক]

সমষ্টিবাদী অৰ্থনীতিত কোনো নিৰ্দিষ্ট গোটৰ পৰিবৰ্তে জাতীয় অৰ্থনীতিৰ আটাইবোৰ গোটকে সমষ্টিভুক্ত কৰি অধ্যয়ন কৰা হয়।ই সমগ্ৰ অৰ্থনীতিৰে এটা অধ্যয়ন।ইয়াৰ পৰিসৰ আৰু বিষয় বস্তু ব্যষ্টিবাদী অৰ্থনীতিতকৈ যথেষ্ট বহল আৰু প্ৰশস্ত।

অৰ্থনৈতিক বিকাশ[সম্পাদনা কৰক]

যদিও সাধাৰণতে 'অৰ্থনৈতিক বৃদ্ধি' আৰু 'অৰ্থনৈতিক বিকাশ' একেই অৰ্থত ব্যৱহাৰ কৰা দেখা যায়, কিন্তু এই দুই ধাৰণাৰ মাজত কিছুমান মৌলিক পাৰ্থক্য আছে।কিছুমান অৰ্থনীতিবিদ যেনে Schumpeter আৰু Ursula Hicksৰ অনুসৰি অৰ্থনৈতিক বিকাশৰ সমস্যাটো হৈছে অনুন্নত দেশ সমুহৰ লগত জড়িত আৰু অৰ্থনৈতিক সমৃদ্ধিটো উন্নত দেশ সমুহৰ ক্ষেত্ৰত সম্পৰ্কিত।Human Development Report হিচাপে প্ৰকাশিত হোৱা ৰাষ্ট্ৰসংঘৰ বিকাশ আঁচনি অনুযায়ী, 'অৰ্থনৈতিক সমৃদ্ধি(Economic growth) হৈছে 'মানব সম্পদ বিকাশ'(Human development) অৰ্জনৰ মাধ্যম আৰু সেই বাবে সমৃদ্ধিৰ উদ্দেশ্যয়েই হৈছে মানৱজীৱনৰ মান উন্নত কৰা।[8]

বানিজ্য চক্ৰ[সম্পাদনা কৰক]


মুদ্ৰাস্ফীতি আৰু মুদ্ৰানীতি[সম্পাদনা কৰক]


মুদ্ৰা নিয়ন্ত্ৰন আৰু ফিচকেল নীতি[সম্পাদনা কৰক]



কোনো কোনো আধুনিক অৰ্থবিজ্ঞানীয়ে অৰ্থনীতিক
  1. বৰ্ণনাত্মক অৰ্থবিজ্ঞান(Descriptive Economics),
  2. তাত্ত্বিক বা বিশ্লেষণাত্মক(Economic Theory or Economic Analysis) আৰু
  3. প্ৰায়োগিক অৰ্থনীতি(Applied Economics)এই তিনিটা ভাগত ভগাইছে।

অধ্যয়নৰ সুবিধাৰ বাবে অৰ্থনীতি বা অৰ্থবিজ্ঞানক সাধাৰণতে পাঁচটা ভাগত ভগোৱা হয়:

  1. উৎপাদন
  2. ভোগ
  3. বিনিময়
  4. বিতৰণ
  5. ৰাজস্ব বিজ্ঞান বা চৰকাৰী বিত্তবিজ্ঞান

অৰ্থবিজ্ঞানৰ এনে বিভাজনে বিষয়টো অধ্যয়ন সহজ কৰি তোলে।কিন্তু এনেধৰণৰ ভাগ মাত্ৰ আলোচনাৰ সুবিধাৰ বাবেহে কৰা হয়।এই ভাগ এশ শতাংশ স্থিৰ নহয়।প্ৰকৃততে আতাইকেইটা বিভাগ পৰস্পৰে পৰস্পৰৰ লগত সম্পৰ্ক থকা।


আডাম স্মীথ,The Wealth of Nations গ্ৰন্থৰ লেখক (1776)

অৰ্থনীতিৰ অন্যান্য ক্ষেত্ৰ, পাৰ্থক্য আৰু শ্ৰেনীবিভাগ[সম্পাদনা কৰক]

ব্যষ্টিবাদী অৰ্থনীতিৰ উন্নয়নৰ বাবে বৰ্তমান 'আচৰণ ভিত্তক অৰ্থনীতি' আৰু 'পৰীক্ষামুলক অৰ্থনীতি' নামে দুটা শাখা অন্তৰ্ভুক্ত কৰা হৈছে।ইয়াৰ বাহিৰেও সমাজ বিজ্ঞানৰ অন্যন্য শাখা সমুহকো অন্তৰ্ভুক্ত কৰা হৈছে।উদাহৰণ স্বৰূপে, অৰ্থনৈতিক ভূগোল, অৰ্থনৈতিক ইতিহাস, সাধাৰণ পচন্দ, সাংস্কৃতিক অৰ্থনীতি আৰু প্ৰতিস্থানিক অৰ্থনীতি। অৰ্থনীতিক নিতিবাচক আৰু আচৰণবাচক এই দুই ভাগটো ভগোৱা হয়।নিতিবাচক অৰ্থনীতিয়ে অৰ্থনৈতিক আচৰণ বাখ্যা কৰে আৰু নীতিবাচক বাচক অৰ্থনীতিয়ে পচন্দ আৰু মূল্য নিৰ্ধাৰণ আদি বিষয়ক প্ৰাধান্য দিয়ে।'Journal of Economic Literature' ত প্ৰকাশিত 'JEL classification codes' প্ৰবন্ধত অৰ্থনীতিৰ শ্ৰেণীবিভাগ আৰু প্ৰবন্ধ ভিত্তিক অনুসন্ধান সম্পৰ্কে আলোচনা কৰা হৈছে আৰু 'The New Palgrave: A Dictionary of Economics' গ্ৰন্থত অৰ্থনীতিৰ বিভিন্ন শ্ৰেণীবিভাগ আৰু উপশ্ৰেণীবিভাগ যে বিদ্যমান সেই কথা উল্লেখ কৰা হৈছে।



অৰ্থব্যৱস্থা সমূহ[সম্পাদনা কৰক]

  1. পুজিঁবাদী
  2. সমাজবাদী
  3. মিশ্ৰ অৰ্থনীতি

পুজিঁবাদী[সম্পাদনা কৰক]

পুঁজিবাদ হৈছে এনে এটা অৰ্থনৈতিক ব্যৱস্থা যি সামন্তবাদৰ পতন হোৱাৰ পিছৰ পৰাই পশ্চিমীয়া বিশ্বত যথেষ্ট গুৰুত্ব লাভ কৰিছে। এই ব্যৱস্থাত উৎপাদনৰ উপাদান সমুহ ব্যক্তিগত বা বেচৰকাৰী মালিকীস্বত্বৰ অধীনত থাকে। কাৰ্লমাৰ্ক্সৰ মতে, "Capitalism is an economic system where the means of production are privately owned."ধনতন্ত্ৰ বা পুঁজিবাদ শব্দটো বিভিন্ন অৰ্থনীতিবিদে বিভিন্ন অৰ্থত ব্যৱহাৰ কৰে। মূলত, যি অৰ্থব্যৱস্থাউৎপাদনৰ উপাদান সমুহ(Means of Production)ব্যক্তিগত মালিকিস্বত্বৰ অধিনত থাকে তাকে পুঁজিবাদ বা পুঁজিবাদি অৰ্থব্যৱস্থা বোলে। কাৰ্লমাৰ্ক্সৰ মতে,"Capitalism is an economic system where the means of production are privately owned."পুঁজিবাদে মুক্ত বজাৰ অৰ্থনীতিৰ ওপৰত ভিত্তি কৰে। ই এক পৰম্পৰাগত অৰ্থনৈতিক মডেল। ১৮ শতিকাৰ অৰ্থনীতিবিদ সকলে পুৰ্বৰ সামন্তবাদীয় আৰু বাণিজ্যবাদীয় অৰ্থনীতিৰ পৰিৱৰ্তে মুক্ত পুঁজিবাদী তত্ত্বৰ বিকাশ কৰিছিল। ইয়াৰ মুল পৃষ্ঠপোষক আছিল 'আডাম স্মিথ'(Adam Smith)। তেওঁৰ মতে উৎকৃষ্ট সামাজিক লাভৰ বাবে সকলো ব্যক্তিকে মুক্তভাৱে নিজৰ কৰ্ম কৰিবলৈ দিব লাগে। সেই সময়ৰ অৰ্থনীতিবিদসকলৰ মতে চৰকাৰে অৰ্থনৈতিক জগতৰ কামকাজত নিজৰ ভুমিকা সীমাবদ্ধ কৰি ৰাখিব লাগে। তেওঁলোকৰ মতে যিকোনো চৰকাৰী হস্তক্ষেপে মুক্ত বজাৰ ব্যৱস্থা সফল হোৱাত বাধা দিয়ে।

পুঁজিবাদৰ বিৱৰ্ত্তন[সম্পাদনা কৰক]

১৮শতিকাৰ দ্বিতীয় দশকত পুঁজিবাদৰ জন্ম। বৰ্তমান ইয়াৰ বহুতো পৰিৱৰ্তন ঘটিছে। প্ৰথম বিশ্বযুদ্ধৰ আৰম্ভনিৰ সময়লৈকে 'পুঁজিবাদ' আছিল চৰকাৰী নিয়ন্ত্ৰনৰ পৰা সম্পুৰ্ণ মুক্ত। বজাৰ সম্পৰ্কে সকলো সিদ্ধান্ত পুঁজিপতি সকলে লৈছিল। চৰকাৰে তেওঁলোকৰ কামত হস্তক্ষেপ কৰা নাছিল। ইয়াক কোৱা হৈছিল "Leissez Fair"। অৰ্থাৎ তেওঁলোকক অকলে থাকিবলৈ দিয়া (Let them alone)। ১৯২৯-৩৩ চনৰ বিশ্বজুৰি হোৱা অৰ্থনৈতিক মন্দাৱস্থাৰ পৰা দ্বিতীয় মহাযুদ্ধ(১৯৩৯-৪৫চন)ৰ পিছত পুঁজিবাদৰ বহু পৰিৱৰ্তন ঘটে। বৰ্তমান পুঁজিবাদ মুক্তপুঁজিবাদ নহৈ নিয়ন্ত্ৰীত পুঁজিবাদ'। ইয়াক কল্যাণকামী পুঁজিবাদো বোলে।

পুঁজিবাদৰ বৈশিষ্ট্য[সম্পাদনা কৰক]

পুঁজিবাদৰ কেবাটাও বৈশিষ্ট্য আছে।

  1. ব্যক্তিগত সম্পত্তি(Private property):- পুঁজিবাদী ব্যৱস্থাত সম্পদৰ গৰাকী ব্যক্তি। ব্যক্তিৰ ধন-সম্পত্তি উপাৰ্জন,ভোগ আৰু হস্তান্তৰ কৰাৰ অধিকাৰ থাকে।মালিকৰ মৃত্যুৰ পাছত সম্পত্তিৰ গৰাকী তেওঁৰ উত্তৰাধিকাৰী সকল। পুঁজিবাদত ৰাষ্ট্ৰৰ নিয়ম অনুসৰি এনে অধিকাৰ ৰক্ষা কৰা হয়।
  2. উদ্যোগৰ স্বাধীনতা(Freedom of Enterprise):-পুঁজিবাদৰ আন এক বৈশিষ্ট্য হ'ল উদ্যোগৰ স্বাধীনতা। পুঁজিবাদী দেশ পৰিকল্পনাৰ পৰিপন্থী। গতিকে এই ব্যৱস্থাত মুক্ত উদ্যোগ নীতিৰ প্ৰচলন থাকে। ব্যক্তিগত উদ্যোগ বিলাক সদায় চৰকাৰী হস্তক্ষেপৰ পৰা মুক্ত।
  3. ভোক্তাৰ সাৰ্বভৌমত্ব(Consumers' sovereignty):- পুঁজিবাদত গ্ৰাহকেই মূল। এই ব্যৱস্থাত যেনেকৈ উৎপাদনকাৰী সকলে লাভৰ চিন্তাৰে পৰিচালিত হৈ উৎপাদন কাৰ্য্য চলাই, ঠিক সেইদৰে গ্ৰাহক সকলেও নিজৰ ইচ্ছা , পছন্দ বা ৰুচি মতে দ্ৰব্য ক্ৰয় কৰে। এনে অৱস্থাত সেয়ে দ্ৰব্যৰ উৎপাদন,উৎপাদনৰ পৰিমান,গুণাগুণ, ইত্যাদি ভোক্তাৰ নিৰ্দেশ অনুসৰিহে স্থিৰ হয়।
  4. নিয়ন্ত্ৰনহীন মুল্যব্যৱস্থা(Free price Mechanism):-পুজিবাদৰ আন এক বৈশিষ্ট্য হ'ল মুক্ত দৰ নীতি। এই ব্যৱস্থাত দ্ৰব্যৰ দৰ কেৱল 'চাহিদা' আৰু 'যোগান' -এই দুই শক্তিৰ দ্বাৰাহে নিৰ্ণয় হয়। ভোক্তাচাহিদা আৰু উৎপাদনকাৰীৰ যোগান এই দুই শক্তিৰ প্ৰভাৱত স্বয়ংক্ৰিয় ভাবে দ্ৰব্যৰ দৰ নিৰ্দ্ধাৰিত হয়। আন কোনো শক্তিয়ে ইয়াত প্ৰভাব পেলাব নোৱাৰে।

সমাজবাদী[সম্পাদনা কৰক]

সমাজবাদ(socialism): সমাজবাদী অৰ্থব্যৱস্থা বা কেন্দ্ৰীয় পৰিকল্পিত অৰ্থনীতিত চৰকাৰ বা কেন্দ্ৰীয় কৰ্তৃপক্ষই অৰ্থনীতিৰ আতাইবোৰ গুৰুত্বপুৰ্ণ কামকাজ পৰিচালনা কৰে।অৰ্থাৎ এই ব্যৱস্থা পুঁজিবাদী অৰ্থনীতিৰ সম্পুৰ্ণ বিপৰিত।কাৰ্লমাৰ্ক্সে সমাজবাদৰ বৈজ্ঞানিক ব্যাখ্যা আগবঢ়াইছে।মাৰ্ক্সৰ ১৮৬৭চনত প্ৰকাশিত গ্ৰন্থ DAS CAPITALয়েই বৈজ্ঞানিক সমাজবাদৰ ভিত্তি।[9]

সমাজবাদৰ বৈশিষ্ট্য[সম্পাদনা কৰক]

  1. ব্যক্তিগত সম্পত্তিৰ বিলুপ্তিকৰণ:উৎপাদনৰ উপাদান সমুহৰ মালিকীস্বত্ব ব্যক্তিৰ পৰিৱৰ্তে সমাজ বা ৰাষ্ট্ৰৰ হাতত থাকে।সমাজবাদত ব্যক্তিগত সম্পত্তিৰ স্থান নাই;সকলো সম্পত্তিৰ গৰাকী চৰকাৰ বা ৰাষ্ট্ৰহে।
  2. অৰ্থনৈতিক পৰিকল্পনা: পুঁজিবদৰ মুক্ত অৰ্থব্যৱস্থাৰ বিপৰীতে,সমাজবাদত থাকে কেন্দ্ৰীয় পৰিকল্পনা।
  3. বিশেষ উদ্দেশ্য আৰু লক্ষ্য: পৰিকল্পিত অৰ্থনীতিৰ নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য থাকে;যেনে:-ৰাষ্ট্ৰীয় আয়ৰ উচ্চতৰ হাৰ বৃদ্ধি, স্বাৱলম্বিতা লাভ কৰা আৰু লাভ কৰিব পৰা নিৰ্দ্ধাৰিত লক্ষ্য।
  4. অৰ্থনৈতিক শ্ৰেণীহীন সমাজ:সমাজবাদী অৰ্থনীতিত কোনো শ্ৰেণী সংঘাট নাথাকে।সমাজবাদী সমাজ শ্ৰেণীহীন সমাজ।

মিশ্ৰ অৰ্থনীতি[সম্পাদনা কৰক]

উৎপাদন,বিতৰণ আদি কাৰ্য্যৰ ক্ষেত্ৰত ব্যক্তিক পূৰ্ণস্বাধীনতা প্ৰদান আৰু ব্যক্তিস্বাধীনতাৰ সম্পূৰ্ণ অৱলুপ্তিকৰণ কোনোটোৱেই গ্ৰহণযোগ্য নহয় বুলি বিবেচিত হোৱাৰ পিছত দ্বীতিয় মহাযুদ্ধৰ পৰৱৰ্তী কালত এক নতুন চিন্তাধাৰাৰ উদ্ৰেক হল আৰু তাৰ ফলস্বৰূপে 'মিশ্ৰ অৰ্থনীতি' নামৰ এক ধাৰণাৰ জন্ম হল।'মিশ্ৰ অৰ্থনীতি'ত 'ৰাজহুৱা খণ্ড' আৰু'ব্যক্তিগত খণ্ড' দুয়োটা খণ্ডই একেলগে কাম কৰে।মিশ্ৰ অৰ্থনীতিত কিছুমান গুৰুত্বপুৰ্ণ শিল্প বা প্ৰতিস্থান চৰকাৰে নিয়ন্ত্ৰণ কৰে আৰু তুলনামুলকভাবে কম গুৰুত্বপুৰ্ণ কামকাজবোৰ ব্যক্তিয়ে পৰিচালনা কৰে।অৰ্থাৎ 'মিশ্ৰ অৰ্থনীতি'ত অৰ্থনৈতিক কামকাজ বোৰ চৰকাৰী আৰু বেচৰকাৰী উভয় খণ্ডতে সম্পাদিত হয়।

মিশ্ৰ অৰ্থনীতিৰ বৈশিষ্ট্য[সম্পাদনা কৰক]

  1. মিশ্ৰ অৰ্থনৈতিক ব্যৱস্থাত দেশৰ অৰ্থনীতিক তিনিটা খণ্ডত ভাগ কৰা হয়:-
    1. 'চৰকাৰী খণ্ড(Public Sector)'
    2. 'বেচৰকাৰী খণ্ড(Private Sector)'
    3. 'যুটিয়া খণ্ড(Joint Sector)'
  2. মিশ্ৰ অৰ্থনীতিত সমাজবাদী অৰ্থব্যৱস্থাৰ দৰে অৰ্থনৈতিক উন্নয়নৰ বাবে পৰিকল্পনাৰ সহায় লোৱা হয়।অৱশ্যে সমাজবাদৰ দৰে ইয়াত পৰিকল্পনা সৰ্বাত্মক নহয়।অৰ্থনীতিৰ কিছুমান বিশেষ গুৰুত্বপুৰ্ণ খণ্ডহে পৰিকল্পনাৰ অধিনলৈ অনা হয়।
  3. এই অৰ্থব্যৱস্থাত পুঁজিবাদৰ দৰে সম্পত্তিৰ ওপৰত ব্যক্তিগত মালিকীস্বত্ব থাকে।উৎপাদনৰ উপাদান সমুহ ব্যক্তি বা ব্যক্তিগত অনুষ্ঠানৰ অধীনত থাকে।
  4. পুঁজিবাদী অৰ্থব্যৱস্থাৰ দৰে ইয়াত ব্যক্তিগত খণ্ডৰ মূল লক্ষ্য ব্যক্তিগত লাভ অৰ্জন।কিন্তু ব্যক্তিগত লাভ অৰ্জন আৰু সামুহিক কল্যান সাধন- এই দুই লক্ষ্যৰ যাতে কোনো বিৰোধ নঘটে তালৈ সততে লক্ষ্য ৰখা হয়।

ভাৰতৰ অৰ্থনীতি[সম্পাদনা কৰক]



তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Harper, Douglas (November 2001). "Online Etymology Dictionary – Economy". http://www.etymonline.com/index.php?term=economy। আহৰণ কৰা হৈছে: October 27, 2007. 
  2. "An Inquiry into the Nature and Causes of Wealth of Nations by Adam Smith.
  3. "Principles of Economics" by Marshall.
  4. 'Nature and Significance of Economic Science' by Robbins.
  5. P.A Samuelson - "Economic Growth"
  6. Stonier & Hague- "A Taxt Book of Economic Theory" page-10
  7. W.Arthur Lewis :"The Theory of Economic Growth"
  8. ভৱানন্দ ডেকা আৰু ড০ ৰবীন্দ্ৰ কুমাৰ চৌধুৰী (২০০৫-২০০৬). অৰ্থনৈতিক সমৃদ্ধি আৰু বিকাশ - উচ্চতৰ মাধ্যমিক অৰ্থ বিজ্ঞান. প্ৰকাশক গুৱাহাটি: ৰূপালীম প্ৰকাশন. পৃষ্ঠা. ২০৯. 
  9. DAS CAPITAL

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

  • Aristotle, Politics, Book I-IIX, translated by Benjamin Jowett, Classics.mit.edu
  • Barnes, Peter, Capitalism 3.0, A Guide to Reclaiming the Commons, San Francisco 2006, Whatiseconomy.com
  • Dill, Alexander, Reclaiming the Hidden Assets, Towards a Global Freeware Index, Global Freeware Research Paper 01-07, 2007, Whatiseconomy.com
  • Fehr Ernst, Schmidt, Klaus M., The Economics Of Fairness, Reciprocity and Altruism - experimental Evidence and new Theories, 2005, Discussion PAPER 2005-20, Munich Economics, Whatiseconomy.com
  • Marx, Karl, Engels, Friedrich, 1848, The Communist Manifesto, Marxists.org
  • Stiglitz, Joseph E., Global public goods and global finance: does global governance ensure that the global public interest is served? In: Advancing Public Goods, Jean-Philippe Touffut, (ed.), Paris 2006, pp. 149/164, GSB.columbia.edu
  • Where is the Wealth of Nations? Measuring Capital for the 21st Century. Wealth of Nations Report 2006, Ian Johnson and Francois Bourguignon, World Bank, Washington 2006, Whatiseconomy.com
  • অৰ্থবিজ্ঞান: ভৱানন্দ ডেকা আৰু ড০ ৰবীন্দ্ৰ কুমাৰ চৌধুৰী

অধিক পঢ়ক[সম্পাদনা কৰক]

  • Friedman, Milton, Capitalism and Freedom, 1962.
  • Galbraith, John Kenneth, The Affluent Society, 1958.
  • Keynes, John Maynard, The General Theory of Employment, Interest and Money, 1936.
  • Smith, Adam, An Inquiry into the Nature and Causes of the Wealth of Nations, 1776.
  • Alfred Marshall, "Principles of Economics",1890.
  • Lionel Robbins,An Essay on the Nature and Significance of Economic Science", 1935.
  • P.A Samuelson and W.A.Nordhaus, "Economics"(18th Edition)

বাহ্যিক সংযোগ[সম্পাদনা কৰক]