সমললৈ যাওক

প্ৰাচীন ইজিপ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্ফিংছ আৰু গিজাৰ পিৰামিডসমূহ প্ৰাচীন ইজিপ্টৰ সভ্যতাৰ অন্যতম নিদৰ্শন।


প্ৰাচীন ইজিপ্ট (ইংৰাজী: Ancient Egypt) পৃথিৱীৰ ৬টা প্ৰাচীনতম তথা স্বাধীনভাৱে গঢ় লৈ উঠা সভ্যতাৰ অন্যতম। এই সভ্যতা আফ্ৰিকাৰ উত্তৰ-পূৰ্বাঞ্চলত নীল নদীক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিল। ৩১৫০ খ্ৰী:পূ:তে প্ৰাচীন ইজিপ্টিয় সভ্যতাৰ উন্মেষ ঘটিছিল।[1] প্ৰথমজন ফাৰাওৰ অধীনত উজনি আৰু নামনি ইজিপ্টক একগোট কৰা হৈছিল।[2] ঐতিহাসিক দিশৰ পৰা ইজিপ্টিয় সভ্যতাৰ গোটেই কালছোৱা মূলতঃ তিনিটা ভাগত ভগাব পাৰি: ব্ৰঞ্জ যুগৰ আৰম্ভণিৰ পুৰণি ৰাজ্য, মাজভাগৰ মধ্যৱৰ্তীকালীন ৰাজ্য আৰু শেষভাগৰ নতুন ৰাজ্য।

নতুন ৰাজ্যৰ কালছোৱাত ইজিপ্টে ক্ষমতাৰ শীৰ্ষত আৰোহণ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ধীৰে ধীৰে প্ৰাচীন ইজিপ্টিয় সভ্যতাৰ পতন আৰম্ভ হয়। মধ্যৱৰ্তী আৰু শেষৰ সময়ছোৱাত প্ৰাচীন ইজিপ্ট হিচকক, লিবিয়ান, নিউবিয়ান, এচিৰিয়ান, বেবিলনিয়ান, পাৰ্চীয়ান, মেচিড’নিয়ান আদিৰ বৈদেশিক আগ্ৰাসনৰ বলি হয়। আলেকজেণ্ডাৰৰ মৃত্যুৰ পিছত তেওঁৰ এজন সেনাপতি টলেমি চ’টাৰে নিজকে ইজিপ্টৰ নতুন শাসনকৰ্তা হিচাপে প্ৰতিষ্ঠা কৰে। টলেমি ৰাজবংশই ৩০ খ্ৰী:পূ:লৈকে ইজিপ্ট শাসন কৰে। ইয়াৰ পিছতেই ক্লিঅ’পেট্ৰাৰ অধীনত ৰোমানসকলে ইজিপ্ট জয় কৰে আৰু ই ৰোমান সাম্ৰাজ্যৰ ভিতৰুৱা হয়।[3]

ৰাজকীয় তথা ক্ষমতাৰ চিহ্ন পৰিধান কৰা ফাৰাওৰ চিত্ৰ

ইজিপ্টিয় সভ্যতাৰ সফলতাৰ আঁৰত কৃষিকাৰ্যৰ বাবে নীল নদী উপত্যকাৰ পৰিস্থিতিৰ সৈতে তেওঁলোকৰ খাপ খাব পৰা গুণকে কৃতিত্ব দিয়া হয়। সাৰুৱা উপত্যকাটোৰ পূৰ্বানুমান কৰিব পৰা বান আৰু সুনিয়ন্ত্ৰিত জলসিঞ্চন ব্যৱস্থাৰ বাবে বাসিন্দাসকলে অতিৰিক্ত শস্য উৎপাদন কৰিব পাৰিছিল আৰু সেইবাবেই দেশত অধিক জনসংখ্যা, সামাজিক উন্নয়ন আৰু সাংস্কৃতিক কাৰ্যকলাপ সম্ভৱপৰ হৈছিল। [4][5]শাসনকৰ্তাসকলে অতিৰিক্ত সম্পদসমূহ উপত্যকাটোৰ লগতে চাৰিওফালৰ মৰু অঞ্চলত খনিজ সম্পদৰ সন্ধান, স্বাধীন লেখন পদ্ধতিৰ বিকাশ, সামূহিক আন্তঃগাঁঠনি, কৃষি, বাণিজ্য, সৈন্যবাহিনী আদিত বিনিয়োগ কৰিছিল। আধ্যৱন্ত লোক বা ধৰ্মীয় নেতাসকলে ফাৰাওৰ নেতৃত্বত এনেধৰণৰ কাম-কাজসমূহৰ পৃষ্ঠপোষকতা কৰিছিল।[6][7] প্ৰাচীন ইজিপ্টবাসীসকলৰ উল্লেখনীয় অৱদানসমূহৰ ভিতৰত খনিজ সম্পদৰ আহৰণ কৌশল, মন্দিৰ তথা পিৰামিডসমূহৰ নিৰ্মাণ কৌশল, প্ৰা্যোগিক তথা কাৰ্যকৰী ভেষজ পদ্ধতি, জলসিঞ্চন আৰু কৃষি ব্যৱস্থা, নৌকা,[8] কাঁচ, সাহিত্য আৰু গাণিতিক পদ্ধতিসমূহেই প্ৰধান।[9] বৰ্তমান সময়তো সমগ্ৰ বিশ্বতে প্ৰাচীন ইজিপ্টৰ শিল্পকলা আৰু স্থপতিবিদ্যাৰ আদৰ কৰা হয়।[10]


বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা

[সম্পাদনা কৰক]

চিকিৎসা বিজ্ঞান[11][12], গণিত[13] আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত ইজিপ্টে এক নতুন মাত্ৰা লাভ কৰিছিল। তেওঁলোকে জলজ উদ্ভিদৰ পৰা পেপিৰাছ (কাগজ) নিৰ্মাণ কৰিছিল। তেওঁলোকে চিহ্ন লিপি আৰু নিজা দশমিক ব্যৱস্থাৰো ব্যৱহাৰ কৰিছিল। তেওঁলোকে উন্নতমানৰ চিৰামিক[14] আৰু কাঁচ[15][16] তৈয়াৰ কৰিব জানিছিল।

প্ৰাচীন ইজিপ্টৰ কাঁচৰ পাত্ৰ
চিকিৎসাৰ সঁজুলি
প্ৰাচীন ইজিপ্টৰ জাহাজ

ইজিপ্টৰ লোকসকলে সমুদ্ৰ ক্ষেত্ৰত পৰিভ্ৰমণ কৰিবলৈ জাহাজ নিৰ্মাণ কৰিছিল।[8][17]

শিল্পকলা

[সম্পাদনা কৰক]
ভাস্কৰ থুটমছৰ দ্বাৰা নিৰ্মিত নেফাৰটিটিৰ আৱক্ষ মূৰ্তি

প্ৰাচীন ইজিপ্টত শিল্পকলাৰ চৰ্চা আৰু আদৰ আছিল। পুৰণি ৰাজ্যৰ কালছোৱাতে বিভিন্ন কলাৰ বিকাশ ঘটিছিল আৰু শিল্পীসকলে বৈদেশিক প্ৰভাৱৰ পৰা বচাই ৰাখি ইয়াৰ চৰ্চা কৰিছিল।[18] ছবি আৰু আখৰসমূহ সানমিহলি কৰি মন্দিৰৰ দেৱাল, সমাধি, প্ৰতিমূৰ্তি আদিত অংকিত কৰা হৈছিল।[19][20]

মূৰ্তিসমূহ নিৰ্মাণৰ বাবে শিলৰ ব্যৱহাৰ কৰা হৈছিল যদিও সস্তীয়া আৰু সহজে খোদাই কৰিব পৰা মাধ্যম হিচাপে কাঠৰো ব্যৱহাৰ হৈছিল। ৰংসমূহ লো, তাম আদিৰ আকৰ, এঙাৰ, চূনশিল আদিৰ পৰা আহৰণ কৰা হৈছিল।[21] ফাৰাওসকলে যুদ্ধজয়, ৰাজকীয় ঘোষণা, ধাৰ্মিক ঘটনা আদি লিপিৱদ্ধ কৰিবলৈ ফলকৰ ব্যৱহাৰ কৰিছিল। .[22]

ইজিপ্টবাসীসকলে মৃতদেহসমূহ বিশেষ প্ৰক্ৰিয়াৰে (মামী) সংৰক্ষণ কৰিছিল। তেওঁলোকে মৃত্যুৰ পিছতো এক জীৱন থকা বুলি বিশ্বাস কৰিছিল আৰু সমাধিত মৃতকৰ সৈতে জীৱনকালত প্ৰয়োজন হোৱা সামগ্ৰীসমূহ পিৰামিডসমূহত সংৰক্ষণ কৰি ৰাখিছিল।[22][23] মৃতকৰ আত্মীয়সকলে মৃতকক আহাৰ যচাৰ নিয়ম আছিল।

মামী এটাৰ কাষত মামিকৰণৰ সৈতে জড়িত দেৱতা
  1. ↑ "Chronology". Digital Egypt for Universities, University College London. Archived from the original on 16 March 2008. http://www.digitalegypt.ucl.ac.uk/chronology/index.html। আহৰণ কৰা হৈছে: 25 March 2008.
  2. ↑ Dodson (2004) p. 46
  3. ↑ Clayton (1994) p. 217
  4. ↑ James (2005) p. 8
  5. ↑ Manuelian (1998) pp. 6–7
  6. ↑ James (2005) p. 8
  7. ↑ Manuelian (1998) pp. 6–7
  8. 1 2 Ward, Cheryl. "World's Oldest Planked Boats Archived 2012-11-19 at the Wayback Machine", inArchaeology (Volume 54, Number 3, May/June 2001). Archaeological Institute of America.
  9. ↑ Clayton (1994) p. 153
  10. ↑ James (2005) p. 84
  11. ↑ Filer (1995) p. 94
  12. ↑ Filer (1995) p. 39
  13. ↑ Clarke (1990) p. 222
  14. ↑ Nicholson (2000) p. 177
  15. ↑ Nicholson (2000) p. 195
  16. ↑ Nicholson (2000) p. 215
  17. ↑ "Egypt's Ancient Fleet: Lost for Thousands of Years, Discovered in a Desolate Cave". Discover Magazine. http://discovermagazine.com/2011/jun/02-egypts-lost-fleet-its-been-found.
  18. ↑ Robins (1997) p. 29
  19. ↑ Robins (1997) p. 21
  20. ↑ Robins (2001) p. 12
  21. ↑ Nicholson (2000) p. 105
  22. 1 2 James (2005) p. 122
  23. ↑ "Mummies and Mummification: Old Kingdom". Digital Egypt for Universities, University College London. http://www.digitalegypt.ucl.ac.uk/mummy/ok.html। আহৰণ কৰা হৈছে: 9 March 2008.

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]