স্ফিংছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
স্ফিংছ
Great Sphinx of Giza May 2015.JPG
ইজিপ্তৰ এক উল্লেখযোগ্য পিৰামিড
অৱস্থিতি ইজিপ্ত
Length ২৪০ ফুট (৭৩ মিটাৰ)
Width ৬৬ ফুট (২০ মিটাৰ)

স্ফিংছক এতিয়ালৈকে মানৱ নিৰ্মিত অতিশয় বিশাল আৰু বৰ্তি থকা আটাইতকৈ পুৰণি এবিধ শিল্পকলা বুলি বিশ্বাস কৰা হয়। ৪৫০০ বছৰ পুৰণি শিল্পকলাটো ইজিপ্তৰ এক উল্লেখযোগ্য পিৰামিড গিজাৰ কাষত অৱস্থিত। এটুকুৰা চূণৰ পাথৰত মহান স্ফিংছৰ নক্সা কটা হৈছে আৰু পৃথিৱীৰ ভিতৰতে ই এবিধ বিশাল প্ৰতিমা। দীঘে ২৪০ ফুট (৭৩ মিটাৰ) আৰু ৬৬ ফুট (২০ মিটাৰ) উচ্চতাৰে বিশ্বৰ সকলোতকৈ ডাঙৰ স্মৃতিসৌধবোৰৰ ভিতৰতে এবিধ হৈ বৰ্তি আছে। মহান স্ফিংছক এতিয়ালৈকে মানৱ নিৰ্মিত অতিশয় বিশাল আৰু বৰ্তি থকা আটাইতকৈ পুৰণি এবিধ শিলৰ শিল্পকলা বুলি বিশ্বাস কৰা হয়। এই শিল্পকলা ইজিপ্তৰ পুৰণা সাম্ৰাজ্যৰ সময়ত ৰজা কাফৰেৰ বাবে নিৰ্মাণ কৰা হৈছিল বুলি বিশ্বাস কৰা হয়। পৌৰাণিক কথা মতে স্ফিংছ হৈছে এটা সিংহৰ শৰীৰ আৰু এজন মানুহৰ শিৰৰ সৈতে এক সৃষ্টি আৰু প্ৰাচীন কালৰ পৰা এতিয়ালৈকে ই ইজিপ্তৰ এক চিহ্ন।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

{{https://www.britannica.com/topic/Pyramids-of-Giza}}