সমললৈ যাওক

মামী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ব্ৰিটিছ সংগ্ৰহালয়ত সংৰক্ষিত এটা মামী

মামী (ইংৰাজী: Mummy) হ'ল প্ৰাচীন ইজিপ্টৰ লোকসকলে বিশেষ পদ্ধতিৰে অক্ষত অৱস্থাত সংৰক্ষিত কৰি ৰখা মানুহ (বা আন জীৱৰ) মৃতদেহ। আজিৰপৰা ৫০০০ বছৰ আগেয়েই মিছৰীয় লোকসকলে নানা ৰাসায়নিক পদাৰ্থ মিহলাই মৃতদেহ সমূহ সংৰক্ষণ কৰি ৰখা কৌশলৰ বিষয়ে জানিছিল। সাধাৰণতে প্ৰাচীন ইজিপ্টৰ (এতিয়াৰ ইজিপ্তৰ) ৰাজপৰিয়ালৰ সদস্য বা তেনে কোনো সম্ভ্ৰান্ত পৰিয়ালৰ লোকসকলৰ মৃতদেহসমূহ মামী হিচাপে সংৰক্ষণ কৰি ৰখা হৈছিল।[1] মিছৰবাসীসকলে বিশ্বাস কৰিছিল যে মৃত্যুৰ পাছত মৃতদেহৰ কোনো অনিষ্ট নহ'লে তেওঁ জীৱিত অৱস্থাত থকাৰ দৰে স্বৰ্গত বাস কৰিবলৈ পায়।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Dunn, Jimmy (22 August 2011). "An Overview of Mummification in Ancient Egypt". http://www.touregypt.net/featurestories/mummification.htm আহৰণ কৰা হৈছে: 9 November 2013.
  2. শান্তনু কৌশিক বৰুৱা, সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, দ্বিতীয় খণ্ড