যোগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Yogi sitting in a garden

যোগ (/ˈjɡə/; Sanskrit: योग, উচ্ছাৰণ শুনক) বা যোগবিদ্যা বা যোগাসন বা যোগাভ্যাস হৈছে এবিধ দৈহিক, মানসিক আৰু আধ্যাত্মিক দিশক সাঙুৰি লোৱা ভাৰতীয় পৰম্পৰাগতমূলৰ ৰীতি। হিন্দু, বৌদ্ধ[1][2][3]) আৰু জৈন ধৰ্মৰ মাজত বিভিন্ন তৰহৰ যোগবিদ্যাৰ অনেক ঠাল-ঠেঙুলি, ৰীতি-নীতি তথা উদ্দেশ্য প্ৰচলিত আছে।[4][5][6][5] ইয়াৰ ভিতৰত সবাতোকৈ উল্লেখযোগ্য হল হঠ যোগ আৰু ৰাজ যোগ

যোগৰ বিষয়ে উল্লেখ থকা সবাতোকৈ পূৰনি গ্ৰন্থসমূহৰ পৰা যোগবিদ্যাৰ সময়ক্ৰমৰ বিষয়ে স্পষ্টভাবে জনা নাজায়। কিছুমান গ্ৰন্থ যেনে হিন্দুসকলৰ উপনিষধ[7] বা বৌদ্ধধৰ্মৰ[8] পালী ভাষাত লিখা ধৰ্মশাস্ত্ৰ কিছুমানত যোগৰ বিষয়ে প্ৰথম উল্লেখ পোৱা যায়। পতজ্ঞলিৰ যোগসুত্ৰসমুহ খৃষ্টজন্মৰ প্ৰায় পাঁচশ বচৰৰ ভিতৰতেই লিখা হৈছিল[9][10] যদিও বিংশ শতিকাতহে ই প্ৰসাৰতা লাভ কৰিবলৈ সক্ষম হৈছিল। খৃষ্টিয় ১১ শতিকাত হঠ যোগৰ পুথিসমুহ আবিৰ্ভাব হৈছিল টান্ত্ৰিক পন্থাৰ পৰা।[11][12]

স্বামী বিবেকানন্দৰ সফলতাৰ পাচত, উনৈশশ শতিকাৰ শেষভাগত আৰু বিংশশ শতিকাৰ প্ৰাৰম্ভনিৰে পৰা বিভিন্ন সময়ত ভাৰতবৰ্ষৰ যোগাচাৰ্য্যসকলে পচ্ছিমীয়া দেশসমুহত যোগবিদ্যাৰ প্ৰচাৰ কৰে।[12] ১৯৮০ ৰ দশকত পাচ্ছাত্যৰ দেশসমুহত শৰীৰচৰ্চাৰ অংগ হিচাপে জনপ্ৰিয় হয়। অবশ্যে ভাৰতীয় পৰম্পৰাত যোগ কেবল এক শৰীৰচৰ্চাৰ অংগ মাত্ৰ জ্ঞান কৰা নহয়, ইয়াৰ এক আধ্যাত্মিক আৰু ধ্যানৰ প্ৰাণ থকা বুলি বিবেচনা কৰা হয়।[13] তদুপৰি সাংখ্য দৰ্শনৰ লগত বহু মিল থকা যোগ হল হিন্দুধৰ্মৰ ছয়টা মূল ধাৰাৰ এটা, যাৰ নিজৰেই এক সুকীয়া মিমাংসা প্ৰণালী (epistemology) আৰু তত্ত (metaphysics) আছে।[14]

কৰ্কতৰোগ, স্কিযোফ্ৰেনীয়া, হাপানী, হৃদৰোগ আদিৰ ক্ষেত্ৰত যোগৰ সুফলতাৰ বিষয়ে বহুতো পৰীক্ষা নিৰিক্ষা কৰা হৈছে। এনে পৰিক্ষাসমুহৰ ফলাফল এতিয়াও স্পষ্টভাবে নিৰ্ণয় কৰিব পৰা হোৱা নাই।[15][16] অানহাতে কৰ্কতৰোগৰ ক্ষেত্ৰত কিছুমান পৰীক্ষাৰ পৰা জনা গৈছে যে যোগাভ্যাস কৰাৰ ফলৰ কৰ্কতৰোগ হোৱাৰ প্ৰবনতা কমি যোৱা আৰু কৰ্কতৰোগীৰ মনস্তাত্বিকভাৱে ৰোগ নিৰাময় কৰাৰ সম্ভাবনা বৃদ্ধি হোৱাৰ সম্ভাবনা আছে।

টোকা[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Chogyam Trungpa (2001) The Lion's Roar: An Introduction to Tantra.
  2. Edmonton Patric 2007,pali and its sinificance p. 332
  3. Lama Yeshe (1998).
  4. Denise Lardner Carmody, John Carmody (1996), Serene Compassion.
  5. 5.0 5.1 Stuart Ray Sarbacker, Samādhi: The Numinous and Cessative in Indo-Tibetan Yoga.
  6. Tattvarthasutra [6.1], see Manu Doshi (2007) Translation of Tattvarthasutra, Ahmedabad: Shrut Ratnakar p. 102
  7. Mark Singleton (2010), Yoga Body: The Origins of Modern Posture Practice, Oxford University Press, ISBN 978-0195395341, pages 25-34
  8. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Werner_.281977.29_p._119-20 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  9. Whicher, pp. 1-4, chronology on pp. 41-42
  10. W.
  11. James Mallinson, "Sāktism and Hathayoga," 28 June 2012.
  12. 12.0 12.1 Burley, Mikel (2000).
  13. Marek Jantos (2012), in Oxford Textbook of Spirituality in Healthcare (Editors: Mark Cobb et al.), Oxford University Press, ISBN 978-0199571390, pages 362-363
  14. Mikel Burley (2012), Classical Samkhya and Yoga: An Indian Metaphysics of Experience, Routledge, ISBN 978-0415648875, See Introduction section;
  15. Smith, Kelly B.; Pukall, Caroline F. (May 2009). "An evidence-based review of yoga as a complementary intervention for patients with cancer". Psycho-Oncology খণ্ড 18 (5): 465–475. doi:10.1002/pon.1411. PMID 18821529. 
  16. Vancampfort, D.; Vansteeland, K.; Scheewe, T.; Probst, M.; Knapen, J.; De Herdt, A.; De Hert, M. (July 2012). "Yoga in schizophrenia: a systematic review of randomised controlled trials". Acta Psychiatrica Scandinavica খণ্ড 126 (1): 12–20. doi:10.1111/j.1600-0447.2012.01865.x.