সমললৈ যাওক

যোগ (গণিত)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্তম্ভাকৃতিৰ যোগ: ৫+১২=১৭

যোগ (ইংৰাজী: Addition) (যাক প্ৰায়েই ক্ৰছ চিহ্ন "+" দ্বাৰা সূচিত কৰা হয়) হ'ল দুটা বা ততোধিক সংখ্যা লগ লগাই এটা কৰা প্ৰক্ৰিয়াৰ গাণিতিক প্ৰক্ৰিয়া। পাটিগণিতৰ চাৰিটা মৌলিক প্ৰক্ৰিয়াৰ ভিতৰত যোগ প্ৰক্তিয়া অন্যতম, আন মৌলিক প্ৰক্ৰিয়া তিনিটা হৈছে বিয়োগ, পূৰণ আৰু হৰণ। উদাহৰণ স্বৰূপে, ২ আৰু ৩ যোগ কৰিলে ৫ হয়। অৰ্থাৎ ২টা বস্তু আৰু ৩টা বস্তু মিলি মুঠ ৫টা বস্তু হয়।

যোগ চিহ্নৰ ব্যৱহাৰ

[সম্পাদনা কৰক]

যোগ চিহ্ন দুই বা ততোধিক সংখ্যা যোগ কৰাত ব্যৱহৃত হয়; যেনে: ২+১=৩। এয়াত ২ এক সংখ্যা আৰু যোগ চিহ্নৰ (+) সৈতে আন এটা সংখ্যা ১ যোগ কৰা হৈছে আৰু সমান চিহ্নৰ (=) দ্বাৰা তাৰ যোগফল ৩ লিখা হৈছে।

যোগ নেওতা

[সম্পাদনা কৰক]

অসমীয়া ভাষাৰ যোগ নেওতা সমূহ বিদ্যায়তনিক ভাৱে পঢ়াৰ বা মুখস্থ কৰাৰ এক বিশেষ পদ্ধতি আছে । যেনে ১ + ১ = ২ শাৰীটো অসমীয়ত 'একে একে দুই' বুলি পঢ়া হয় বা মুখস্থ কৰা হয় । তলত অসমীয়া যোগ নেওতা লিখাৰ ধৰণটো দেখুওৱা হ'ল। যোগৰ নেওতা

অসমীয়া যোগ নেওতা যোগ নেওতা

যোগ নেওতা

অসমীয়া যোগ নেওতা


ধৰ্ম

  • অৰ্থাৎ ০ হল যোগ প্ৰক্ৰিয়াৰ Identity element।

ব্ৰহ্মগুপ্তই তেওঁৰ ব্ৰহ্মস্ফুটসিদ্ধান্ত গ্ৰন্থত প্ৰথমে এই সূত্ৰটো লিপিবদ্ধ কৰিছিল।