মেখেলা
অৱয়ব
অসমীয়া মহিলাৰ জাতীয় পোছাক হ’ল মেখেলা চাদৰ। তাৰে অধোবস্ত্ৰ ৰূপ মেখেলা পৰিধান কৰা হয়। মেখেলা শব্দৰ মূল সংস্কৃত 'মেখলা'। অধোবস্ত্ৰ আৰু কঁকালত মেৰিউৱা মেখলাৰ ধাৰণাটো বৈদিক যুগৰে। এসময়ত অধোবস্ত্ৰ ৰূপে 'মেখলা' স্ত্ৰী-পুৰুষ নিৰ্বিশেষে পৰিধান কৰিছিল। অজন্তা-ইলোৰাৰ চিত্ৰত বুকুত মেঠনি মৰা গাভৰুৰ চিত্ৰ আজিও দৃশ্যমান। অসমীয়া তিৰোতায়ো এসময়ত মেঠনি মাৰিছিল। কামাখ্যাৰ ভাস্কৰ্যত বুকুত মেঠনি মৰা নাৰীৰ জীৱন্ত ৰূপ দেখা যায়। অসমীয়া তিৰোতাই পৰিধান কৰা বিভিন্ন মেখেলাবোৰ হ’ল (ফুলৰ চানেকি, বোৱা পদ্ধতি আৰু উপকৰণৰ আধাৰত দিয়া নাম):
- কিংখাপ বা কিংসাপৰ মেখেলা
- কাৰ্চিপৰ বনকৰা মেখেলা
- গুণাকটা মেখেলা
- গাঁৰি দিয়া মেখেলা
- গোমচেং মেখেলা
- তিতাকৰীয়া মেখেলা
- নৰা মেখেলা
- বনকৰা মেখেলা
- বুটাবচা মেখেলা
- মেজাংকৰি মেখেলা
- মুগা মেখেলা আদি ।
তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- অসমীয়া সংস্কৃতিৰ কণিকা – সম্পাদনা- ড॰ পৰমানন্দ ৰাজবংশী, ড॰ নাৰায়ন দাস (পৃষ্ঠা- ২৮৮)