এৰী ৰেচম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
এৰী ৰেচমৰ পৰা প্ৰস্তুত কৰা এৰী চাদৰ।

এৰী ৰেচম (ইংৰাজীEri silk) উত্তৰ-পূৱ ভাৰত আৰু চীন তথা জাপানৰ কিছু অঞ্চলত পোৱা ছামিয়া চিন্থিয়া ৰিচিনি নামৰ এবিধ পলুৰ পৰা আহৰণ কৰা হয়। এৰী নামটো অসমীয়া 'এৰা' শব্দটোৰ পৰা আহৰণ কৰা হৈছে; এৰা হৈছে এবিধ গুল্মজাতীয় উদ্ভিদ (castor plant), ইয়াৰ পাত এৰী পলুৰ প্ৰধান খাদ্য। ইংৰাজীত ইয়াৰ খাদ্য-উদ্ভিদজোপাৰ নামেৰে এৰীক 'এইলান্থাছ চিল্ক মথ' বুলিও কোৱা হয়। ভাৰতত এৰী ৰেচমক এণ্ডী অথবা ইৰাণ্ডী বুলিও জনা যায়। এই কাঠ-বগা ৰেচম বিধক অহিংসা ৰেচম বা শান্তিৰ সূতা বুলিও কোৱা হয়। বমবেক্স মেৰীক বাদ দি এৰীয়েই হৈছে সম্পূৰ্ণৰূপে পোঁহনীয়া কৰা একমাত্ৰ ৰেচম পলু।

কামৰূপ জিলাৰ অন্তৰ্গত শুৱালকুছি অসমৰ প্ৰধান ৰেচম কেন্দ্ৰ। ইয়াত তৈয়াৰ হোৱা মুগা, এৰী আৰু পাটৰ কাপোৰ বিখ্যাত। এইবোৰ কাপোৰেৰে তৈয়াৰ কৰা মেখেলা চাদৰ আৰু গামোচাৰ অসমৰ বাদেও ভাৰতৰ আন ঠাইতো চাহিদা আছে। শুৱালকুছিত অসংখ্য হাতেবোৱা কাপোৰৰ উদ্যোগ থকা বাবে ইয়াক "অসমৰ মানচেষ্টাৰ" (Manchester of Assam) বুলি কোৱা হয়।[1][2] শুৱালকুছিৰ ৯৯ শতাংশ বাসিন্দাই প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাট-মুগাৰ সৈতে জড়িত হৈ আছে[3]৷ ২০১০ চনৰ পৰিসংখ্যা অনুসৰি অসমত উৎপাদন হোৱা ৮৮ শতাংশ পাট-মুগা বস্ত্ৰ কেৱল শুৱালকুছিতেই উৎপাদন হৈছিল[3]৷ ১৯৩৯ চনত শুৱালকুছিত তিনিশখন তাঁতশাল আছিল যদিও এতিয়া সেই সংখ্যা বাঢ়ি ২৫,৫৩৮ খন হৈছেগৈ[3]

আগেয়ে অসমৰ শুৱালকুছিত পাট-মুগাৰ শিল্প কেন্দ্ৰীভূত হৈ আছিল যদিও বৰ্তমান অন্যান্য ঠাইলৈকো এই শিল্পই বিস্তাৰ লাভ কৰিছে৷

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Sualkuchi - the silk village of Assam". Assam Government. http://kamrup.gov.in/sualkuchi.htm। আহৰণ কৰা হৈছে: December 29, 2012. 
  2. "Sualkuchi". Assaminfo.com. http://www.assaminfo.com/tourist-places/32/sualkuchi.htm। আহৰণ কৰা হৈছে: অক্টোবৰ ১৭, ২০১২. 
  3. 3.0 3.1 3.2 "ছাঁতে শুকুৱা মুঠিতে লুকুৱা...". দ্য চানডে ইণ্ডিয়ান. মাৰ্চ ৪, ২০১২. http://www.thesundayindian.com/as/story/%E0%A6%9B%E0%A6%BE%E0%A6%81%E0%A6%A4%E0%A7%87-%E0%A6%B6%E0%A7%81%E0%A6%95%E0%A7%81%E0%A7%B1%E0%A6%BE-%E0%A6%AE%E0%A7%81%E0%A6%A0%E0%A6%BF%E0%A6%A4%E0%A7%87-%E0%A6%B2%E0%A7%81%E0%A6%95%E0%A7%81%E0%A7%B1%E0%A6%BE/25/1272/। আহৰণ কৰা হৈছে: ডিচেম্বৰ ২৮, ২০১২.