কেচেৰু গছ
অৱয়ব
কেচেৰু গছ | |
---|---|
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Heteropanax |
প্ৰজাতি: | H. fragrans |
দ্বৈৰাশিক নামকৰণ | |
Heteropanax fragrans (Roxb.) Seem. | |
সমাৰ্থক | |
|
কেচেৰু (বৈজ্ঞানিক নাম: Heteropanax fragrans) Araliaceae পৰিয়ালৰ এবিধ চিৰসেউজ উদ্ভিদ। বৃক্ষজাতীয় এই উদ্ভিদজোপাৰ পাত এৰী পলুৱে খাদ্য হিচাপে গ্ৰহণ কৰে। মিজো ভাষাত ইয়াক চাংখেন নামেৰে জনা যায়। এই গছবিধ চীন, ভূটান, ভাৰত, ইণ্ডোনেছিয়া, ম্যানমাৰ, নেপাল, থাইলেণ্ড আৰু ভিয়েটনামত পোৱা যায়।[1][2]
বিৱৰণ
[সম্পাদনা কৰক]কেচেৰু এবিধ চিৰসেউজ গছ। পূৰ্ণাংগ একোজোপা গছ ৩০ মিটাৰ পৰ্যন্ত ওখ হ'ব পাৰে।[3] একোডাল ঠাৰিত তিনিৰ পৰা পাঁচখিলা সামান্য খাঁজকটা পাত সংযুক্ত হৈ থাকে। পাতবোৰ নিমজ। ফুলসমূহ সুগন্ধি আৰু এইসমূহ ৩১-৪০ চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ ঠানিত ফুলে। অক্টোবৰৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত গছত ফুল ফুলে।[2]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ R. K. Brummitt. "world geographical scheme for recording plant distribution, edition-2". International Working Group on Taxonomic Databases For Plant Sciences (TDWG) by the Hunt Institute for Botanical Documentation Carnegie Mellon University, Pittsburgh. http://grassworld.myspecies.info/sites/grassworld.myspecies.info/files/tdwg_geo2.pdf। আহৰণ কৰা হৈছে: 10 September 2022.
- ↑ 2.0 2.1 "Heteropanax fragrans". efloras.org. http://www.efloras.org/florataxon.aspx?flora_id=2&taxon_id=200015226। আহৰণ কৰা হৈছে: 10 September 2022.
- ↑ "কেচেৰু". xobdo.org. http://www.xobdo.org/dic/%E0%A6%95%E0%A7%87%E0%A6%9A%E0%A7%87%E0%A7%B0%E0%A7%81। আহৰণ কৰা হৈছে: 11 September 2022.