ধুনাচি নৃত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Dhunachiৰ পৰা পুনঃনিৰ্দেশিত)
ধুনাচি নৃত্য

বাৰাণসীৰ গঙ্গা নদীৰ পাৰত ধুনাচি আৰতি
শৈলী লোকনৃত্য
উৎপত্তিমূল পশ্চিম বংগ, ভাৰত

ধুনাচি নৃত্য বা ধুনুচি নৃত্য (ইংৰাজী: Dhunachi) ঘাইকৈ পূব আৰু উত্তৰ ভাৰতত প্ৰচলিত একপ্ৰকাৰৰ পৰম্পৰাগত নৃত্য। ই ঘাইকৈ পশ্চিম বংগ, উত্তৰ প্ৰদেশৰ বাৰাণসীত প্ৰচলিত যদিও ওড়িশা, ত্ৰিপুৰা আৰু নামনি অসমৰ কিছু অংশতো ধুনাচি নৃত্য কৰা হয়। ভাৰতৰ মাংলগিক অনুষ্ঠানত পৰম্পৰাগতভাৱে ধূনা জ্বলোৱা হয়। ধূনা হৈছে এবিধ গছৰ সুগন্ধি আঠা। এই আঠা শুকুৱাই লৈ জ্বলা আঙঠা বা নাৰিকলৰ জাবৰীত জুই জ্বলাই ধূনা গুড়ি ছটিয়াই দিয়া হয়। সাধাৰণতে ধূনাদানীত ধূনা জ্বলোৱা হয়। পাৰম্পৰিক ধূনাদানী মাটিৰে তৈয়াৰ কৰা হৈছিল যদিও ধাতু যেনে ৰূপ, কাঁহ বা পিতলৰ সহায়টো ধূনাদানী প্ৰস্তুত কৰা হয়। এই ধূনাদানীলৈ কৰা নৃত্যয়ে হৈছে ধুনাচি নৃত্য বা ধুনুচি নৃত্য। পাৰম্পৰিকভাবে দেৱ-দেৱতাৰ মূৰ্তিৰ সন্মুখত, মন্দিৰত আৰু অন্যান্য পৱিত্ৰ স্থানত এই নৃত্য কৰা হয়। বহু ঠাইত ইয়াক ধূনাৰ আৰতি বুলিও কোৱা হয়। সাধাৰণতে চাকিৰে কৰা আৰতিৰ পিছত এই নৃত্য কৰা হয়। পশ্চিম বংগৰ দুৰ্গা পূজাত আৰু বাৰাণসীত গঙ্গা নদীৰ পাৰত কৰা ধুনাচি নৃত্য পৃথিৱী বিখ্যাত।[1]

নৃত্য[সম্পাদনা কৰক]

দুৰ্গা পূজাৰ সময়ত কলকাতাত মহিলাসকলৰ ধুনাচি নৃত্য

নৱৰাত্ৰিৰ সময়ত বংগত উলহ মালহেৰে দুৰ্গা পূজা অনুষ্ঠিত কৰা হয়। দুৰ্গা পূজাৰ বিভিন্ন ৰীতি-নীতিৰ ভিতৰত ধুনাচি নৃত্য অন্যতম। এই পুৰণি অনুষ্ঠানটো উৎসৱৰ বাবে এক অনিবাৰ্য নিয়মৰ ৰাজ্যৰ সাংস্কৃতিক পৰিচয়ৰ এক অন্তৰ্নিহিত অংশ হৈ পৰিছে। এই নৃত্য কৰোঁতে ধূনাদানী হাতত ধৰি ৰখা হয়। ইয়াত আঙঠা বা জ্বলন্ত নাৰিকলৰ বাকলি দি ধূনাৰ গুড়ি ছটিয়াই দিয়া হয়। কিছুমান লোকে জ্বলা কয়লাৰ এটা স্তৰ ৰাখি তাৰ ওপৰত নাৰিকলৰ বাকলি জ্বলায়। সুগন্ধি ধোঁৱাৰ বাবে ধূনাৰ উপৰিঞ্চি ধূপ আৰু কৰ্পুৰ ব্যৱহাৰ কৰা হয়।[2]

দুৰ্গা পূজাৰ সময়ত ঢাক নামৰ এবিধ বিশেষ আকৃতিৰ ঢোলৰ তালত ধুনাচি নৃত্য কৰা হয়। ঢাকৰ লগতে পাৰম্পৰিক কাঁহী আকৃতিৰ তাল বাদ্য বজোৱা হয়। নৃত্যৰ বাবে পৰম্পৰাগত সাজ যেনে পুৰুষে ধুতি আৰু কুৰ্তা,পাঞ্জাবী আৰু মহিলা সকলে ৰঙা পাৰি থকা বগা শাৰী পিন্ধে। বহুতো পূজা সংগঠনে সৰ্বশ্ৰেষ্ঠ নৃত্যৰ বাবে প্ৰতিযোগিতাৰ আয়োজন কৰে। এই প্ৰতিযোগিতাসমূহত কিছুমান নৃত্যশিল্পীয়ে তিনিটা ধূনাদানীৰে সৈতে - দুই হাতত দুটা আৰু তৃতীয়টো দাঁতেৰে মুখত ধৰি নৃত্য কৰে। ইয়াৰ লগতে বিভিন্ন ভংগীমা আৰু নিজা কৌশলৰ সহায়ত তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰে। দেৱী দুৰ্গাক ধন্যবাদ জনাবলৈ ধুনচি নৃত্য কৰা হয়। পৰম্পৰাগতভাৱে এইটো পুৰুষ প্ৰধান নৃত্য আছিল। কিন্তু এতিয়া মহিলাসকলেও ক্ৰমান্বয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে।[2]

পিতলৰ ধূনাদানী

দুৰ্গা পূজাৰ লগতে পূব ভাৰতৰ শাক্ত পন্থী সকলে কালি পূজা, মনসা পূজা, জগদ্ধাত্ৰী পূজা ইত্যাদিতো দেৱীৰ মূৰ্তিৰ সন্মুখত ধুনাচি নৃত্য কৰে। বাৰাণসীত গঙ্গা নদীৰ পাৰত কৰা গংগা দেৱীলৈ উদ্দেশ্যি ধুনাচি নৃত্য কৰা হয়।[2]

ধূনাৰ অন্যান্য ব্যৱহাৰ[সম্পাদনা কৰক]

ধূনাৰ ধোৱায়ে বায়ু শুদ্ধ কৰা বুলি গণ্য কৰা হয়। সেয়েহে ইয়াক ঈশ্বৰক আগবঢ়োৱা হয়। কিন্তু ইয়াক দৈনন্দিন জীৱনতো ব্যৱহাৰ কৰা হয়। সাধাৰণতে সন্ধিয়া চাকি বন্তি জ্বলোৱা সময়ত ধূনা জ্বলোৱা বহু পৰিয়ালৰ দৈনন্দিনৰ নিয়ম। ইয়াক মহ প্ৰতিৰোধক হিচাপে ব্যৱহাৰ কৰা হয়।[2]

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]