দাইল-ভাত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দাইল-ভাত

দাইল-ভাত আৰু অন্যান্য ব্যঞ্জনেৰে সজোৱা এখন অসমীয়া থাল।
অন্য নাম দালি-ভাত
প্ৰকাৰ মুখ্য আহাৰ
উৎপত্তিৰ স্থান ভাৰতীয় উপমহাদেশ
অঞ্চল ভাৰতীয় উপমহাদেশ
সম্পৰ্কিত ৰাষ্ট্ৰীয় ব্যঞ্জন ভাৰত, বাংলাদেশ, নেপাল, শ্ৰী লংকা, আফগানিস্তান, ত্ৰিনিদাদ আৰু টোবাগো, গায়ানা, চুৰিনাম, জামাইকা, মৰিচাছ, ফিজি
মুখ্য উপাদান ভাত, শাক-পাচলি, দাইল, পিটিকা, আচাৰ আদি

দাইল-ভাত হৈছে ভাৰত তথা ভাৰতীয় উপমহাদেশৰ এক পৰম্পৰাগত আহাৰ। ইয়াত ভাপত সিজোৱা চাউলৰ লগত ৰন্ধা মচুৰ দাইল বা অন্যান্য দাইল যেনে মগু দাইল, ৰহৰ দাইল, বুটৰ দাইল, মাটি দাইল আদি পৰিৱেশন কৰা হয়। ভাৰতীয় উপমহাদেশৰ ই এক মুখ্য খাদ্য। কেইবাটাও ইন্দো-আৰ্য ভাষাত ভাত বা চাৱলৰ অৰ্থ হৈছে "সিজোৱা চাউল।"

উপকৰণ সমূহ[সম্পাদনা কৰক]

দাইল-ভাতৰ বাবে প্ৰধান উপকৰণ হৈছে ভাত আৰু দাইল। ইয়াৰোপৰি ৰুচি অনুসৰি অন্যান্য সংগী খাদ্য যেনে: ভাঁজি, তৰকাৰী, মাছ, মাংস, পিটিকা, ইত্যাদি ভাত-দাইলৰ সৈতে খাবৰ বাবে ব্যৱহাৰ কৰা হয়।

ভাত[সম্পাদনা কৰক]

ভাত হৈছে সিজোৱা চাউল। ভাত ৰান্ধিবৰ বাবে বিভিন্ন জাতৰ ধান উপলব্ধ। ধান খেতিৰ বাবে বিখ্যাত অঞ্চল সমূহত ভাত মানুহৰ প্ৰধান খাদ্য। সৰহ পানীত উতলাই বা কম পানীত ভাপৰ সহায়ত চাউল সিজাই ভাত তৈয়াৰ কৰা হয়। ভাত ৰান্ধিবৰ বাবে প্ৰধানকৈ চাউল আৰু পানীৰ প্ৰয়োজন। নতুন চাউলৰ ভাত ৰান্ধিবলৈ কম পানীৰ প্ৰয়োজন।[1] চাউলবোৰ প্ৰথমে ভালকৈ ধুই, পাত্ৰত চাউল আৰু পানীৰ অনুপাত ৰক্ষা কৰি জুইত সিজিবলৈ দিয়া হয়। সাধাৰণতে বটুৱা, চচ্ ইত্যাদিত কম পৰিমাণে চাউল সিজালে, চাউলবোৰ সম্পূৰ্ণৰূপে সিজাৰ পূৰ্বে পানী কঢ়া হয়।[2]

দাইল[সম্পাদনা কৰক]

ভজা পিয়াঁজৰে তেলমৰা দাইল

দাইল হৈছে সংগী খাদ্য। মাহ জাতীয় শস্যৰ পৰা দাইল তৈয়াৰ কৰা হয়।[3] ভাতৰ দৰে প্ৰথমে ভিজাই ৰখা মাহ জাতীয় শস্যক সিজাই লৈ পিছত পনিয়া কৈ তেল মৰা হয়। তেল মাৰিবৰ বাবে প্ৰধানকৈ গৰম কেৰাহীত সৰিয়হৰ তেল উতলিবলৈ দি নহৰু,পিয়াজ, হালধি আদি সংযোগ কৰি সিজোৱা দাইল সংযোগ কৰি পুনৰ উতলিবলৈ দিয়া হয়। ৰুচি অনুসৰি ইয়াত নিমখ সংযোগ কৰিব লাগে। বিভিন্ন মাহ জাতীয় শস্যৰ ভিতৰত মচুৰ মাহ, মগু মাহ, মটৰ মাহ, বুট মাহ, মাটি মাহ, ৰহৰ মাহ আদি দাইল ৰান্ধিবলৈ একক ভাৱে বা মিশ্ৰিত ভাৱে ব্যৱহাৰ কৰা হয়।[4][5] ৰন্ধা (সিজোৱা) দাইলত ৯% প্ৰ'টিন, ৭৯% পানী, ২০% কাৰ্বহাইড্ৰেট (৮% আঁহ অন্তৰ্ভুক্ত), আৰু ১% চৰ্বি থাকে। [7] ই বি ভিটামিনৰ এক সমৃদ্ধ সমল (দৈনিক প্ৰয়োজনীয় খাদ্য মূল্যৰ ২০% বা অধিক) যোগান ধৰে। ইয়াৰোপৰি ফলেট (৪৫%) আৰু মেঙ্গানিজ (২৫%), মজলীয়া পৰিমাণৰ থিয়ামিন (১১%) আৰু কেইবাটাও খনিজ পদাৰ্থ, যেনে আইৰণ (১৯%) আৰু ফছফৰাছ (১৮%) আদিৰে সমৃদ্ধ। [6] ভাৰতীয় উপমহাদেশত চাউল, ৰুটি আৰু নানৰ সৈতে দাইল খোৱা হয়। দাইল ৰন্ধাৰ ধৰণ আৰু উপস্থাপন শৈলী অঞ্চল অনুসৰি পৃথক। দক্ষিণ ভাৰতত, দাইলক "পাৰুপ্পু" বুলি কোৱা হয়। প্ৰাথমিকভাৱে সাম্বাৰ নামৰ ব্যঞ্জনবিধ তৈয়াৰ কৰিবলৈ দাইল ব্যৱহাৰ কৰা হয়। ইয়াক চাৰু আৰু চাউলৰ সৈতে মিহলি কৰা পাৰুপ্পু তৈয়াৰ কৰিবলৈও ব্যৱহাৰ কৰা হয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "흰쌀밥". প্ৰকাশক Pyongyang: Korean Association of CooksChosŏn Ryori. Archived from the original on 2017-02-17. https://web.archive.org/web/20170217142613/http://cooks.org.kp/cooking_view.php?tID=1&cID=3&dID=160। আহৰণ কৰা হৈছে: 2017-02-16. 
  2. Alexander, Saffron (8 February 2017). "How to cook perfect rice". The Telegraph. https://www.telegraph.co.uk/food-and-drink/news/cook-perfect-rice/. 
  3. Davidson, Alan; Jaine, Tom (2014). "Dal" (en ভাষাত). The Oxford Companion to Food. Oxford University Press. পৃষ্ঠা. 246. ISBN 9780199677337. https://books.google.com/books?id=RL6LAwAAQBAJ&pg=PA246. 
  4. Yotam Ottolenghi. "Pulse points: Yotam Ottolenghi's dried bean and pea recipes". The Guardian. https://www.theguardian.com/lifeandstyle/2014/jun/13/yotam-ottolenghi-dried-bean-and-pea-recipes. 
  5. "Sample recipe for Chilka Urad dhal, split unhulled urad". http://www.chefandherkitchen.com/2012/10/chilka-moong-dhal-split-green-lentils.html. 
  6. "Lentils, mature seeds, cooked, boiled, without salt per 100 g". Nutritiondata.com by Conde Nast; from USDA National Nutrient Database, Standard Reference 21. 2014. http://nutritiondata.self.com/facts/legumes-and-legume-products/4338/2। আহৰণ কৰা হৈছে: 29 September 2015.