সমললৈ যাওক

শ্ৰীলংকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(শ্ৰী লংকাৰ পৰা পুনঃনিৰ্দেশিত)


গণতান্ত্ৰিক সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰী শ্ৰীলঙ্কা
ශ්‍රී ලංකා ප්‍රජාතාන්ත්‍රික සමාජවාදී ජනරජය
இலங்கை ஜனநாயக சோசலிசக் குடியரசு
Flag of শ্ৰীলংকা
Flag
Coat of arms of শ্ৰীলংকা
Coat of arms
Anthem: "শ্ৰী লংকা মাতা"
Location of শ্ৰীলংকা
ৰাজধানীশ্ৰী জয়বৰ্ধনপুৰ[1]
Largest cityকলম্বো
Official languagesসিংহলী, তামিল
Governmentগণতান্ত্ৰিক সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰ
স্বাধীনতা 
• মুক্তি
ফেব্ৰুৱাৰী ৪ ১৯৪৮
২২ মে’ ১৯৭২
• Water (%)
৪.৪
Population
• ২০০৫ estimate
২০,৭৪৩,০০০ (৫২তম)
• ২০০১ census
১৮,৭৩২,২৫৫
GDP (PPP)২০০৫ estimate
• Total
$৮৬.৭২ বিলিয়ন (৬১তম)
• Per capita
$৪৬০০ (১১১তম)
Gini (১৯৯৯-০০)৩৩.২
Error: Invalid Gini value
HDI (২০০৪)বৃদ্ধি০.৭৫৫
Error: Invalid HDI value (৯৩তম)
Currencyশ্ৰীলংকা ৰুপী (LKR)
Time zoneUTC+৫:৩০
Calling code+৯৪
Internet TLD.lk

শ্ৰীলংকা (/srˈlɑːŋkə, -ˈlæŋkə/ or /ʃr-/ ( শুনক);[2][3]) (সিংহল: ශ්‍රී ලංකාව, শ্ৰী লাংকাবা, তামিল: இலங்கை, ইলাংকাই) দক্ষিণ এছিয়াৰ এখন দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ চৰকাৰী নাম গণতান্ত্ৰিক সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰী শ্ৰীলংকা১৯৭২ চনৰ আগেয়ে এই দ্বীপ ছিলন নামেও পৰিচিত আছিল। ইয়াৰ ৰাজধানীৰ নাম শ্ৰী জয়াবৰ্ধনপুৰ কোট। ইয়াৰ প্ৰধান চহৰ কলম্বোভাৰতৰ দক্ষিণ উপকূলৰ পৰা ৩১ কিলোমিটাৰ দুৰত্বত অৱস্থিত। ২ কোটি জনসংখ্যাৰ এই দেশত ১৪% ৰ অধিক লোকৰ দৈনিক আয় ১.২৫ আমেৰিকান ডলাৰৰ তলত। প্ৰাচীনকালৰ পৰাই শ্ৰীলংকা বৌদ্ধ ধৰ্মাম্বলীসকলৰ তীৰ্থস্থান হিচাপে পৰিচিত। সিংহলি সম্প্ৰদায় এই দেশৰ সংখ্যাগৰিষ্ঠ জনগোষ্ঠী। উত্তৰ-পূব দিশৰ স্বতন্ত্ৰ সাংস্কৃতিক ঐতিহ্যক লৈ তামিল সম্প্ৰদায় হৈছে দেশৰ সৰ্ববৃহৎ সংখ্যালঘু সম্প্ৰদায়। অন্যান্য সম্প্ৰদায়ৰ মাজত মূৰ, বাৰ্ঘেৰ, কাফিৰ, মালায় উল্লেখযোগ্য[4]। শ্ৰীলংকাতচাহ, কফি, নাৰিকল, ৰবৰ উৎপাদন আৰু ৰপ্তানীৰ বাবে বিখ্যাত। নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্য সম্বলিত সমুদ্ৰতীৰ, ভূদৃশ্য তদুপৰী সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যই শ্ৰীলংকাক পৃথিৱীৰ পৰ্যটকসকলৰ বাবে অত্যন্ত আকৰ্ষণীয় কৰি তুলিছে।

প্ৰাচীনকালৰ পৰাই শ্ৰীলংকা অনেক নামেৰে পৰিচিত। প্ৰাচীন গ্ৰীক ভূগোলবিদসকলে ইয়াক তপ্ৰোবান আৰু আৰবৰ চেৰেনদীব নামেৰে মাতিছিল। ১৫০৫ খ্ৰীষ্টাব্দত পৰ্তুগিজসকলে এই দ্বীপত অহা পাছত ইয়াৰ নাম চেইলাও ৰাখে যাৰ ইংৰাজী শব্দ হ’ল Ceylon। ১৯৪৮ চন পৰ্যন্ত ব্ৰিটিছসকলৰ অধীনত থকা অৱস্থাত এই নামেৰেই পৰিচিত আছিল। ১৯৪৮ চনত এই নামেৰেই স্বাধীনতা লাভ কৰে আৰু পাছত ১৯৭২ চনত দাপ্তৰিক নাম পৰিৱৰ্তন কৰে মুক্ত, সাৰ্বভৌম আৰু স্বাধীন প্ৰজাতন্ত্ৰী শ্ৰীলংকা ৰখা হয়। শ্ৰীলংকা নামটি সংস্কৃত শব্দ "শ্ৰী" আৰু "লংকা" ৰ পৰা আহিছে। শ্ৰী শব্দৰ অৰ্থ পবিত্ৰ আৰু লংকাৰ অৰ্থ হ’ল দ্বীপ।

ভূগোল আৰু জলবায়ু

[সম্পাদনা কৰক]

ভাৰত উপমহাদেশৰ দক্ষিণে ভাৰত মহাসাগৰত শ্ৰীলংকা অৱস্থিত। পক্ নামৰ এক অগভীৰ আৰু ঠেক প্ৰণালীয়ে এই দ্বীপক ভাৰত উপমহাদেশৰ পৰা পৃঠক কৰিছে। দ্বীপটো ৫°৫৫'ৰ পৰা ৯°৫০' উত্তৰ অক্ষাংশ আৰু ৭৯°৪২' ৰ পৰা ৮১°২১' পূব দ্ৰাঘিমাংশৰ ভিতৰত অৱস্থিত। ইয়াৰ মুঠ আয়তন ৬৫,৬১০ বৰ্গকিঃমিঃ। দ্বীপটোৰ প্ৰায় তিনিওফালে বহল উপকূল অঞ্চলে আগুৰি থকা দক্ষিণ-মধ্য ভাগত এটা মালভূমি আছে। মালভূমিটোত প্ৰায় ২,১৩৪ মিঃ আৰু ২,৪৩৮ মিঃ উচ্চতাযুক্ত শৃংগৰ কেইবাশাৰী ওখ পৰ্বত আছে। আদাম শৃংগ আৰু পিদুৰাটালাগালা এই অঞ্চলৰ উল্লেখযোগ্য শৃংগ। পিদুৰাটালাগালা শৃংগৰ উচ্চতা ২,৫২৮ মিঃ আৰু ই শ্ৰীলংকাৰ উচ্চতম শৃংগ[5]

শ্ৰীলংকাৰ জলবায়ু ক্ৰান্তীয় মৌচুমী। উপকূলীয় সমতল আৰু নিম্নভূমি অংশত এই জলবায়ু উষ্ণ আৰু উচ্চ অংশত ই নাতিশীতোষ্ণ। উপকূল অঞ্চলত সামুদ্ৰিক বায়ুৱে জলবায়ু কিছু পৰিমাণে শীতল কৰি ৰাখে। মে' মাহত ইয়াত সৰ্বাধিক গৰম আনহাতে জানুৱাৰী মাহেই শ্ৰীলংকাৰ আটাইতকৈ শীতল মাহ, যদিও বেছি শীত অনুভৱ নহয়। দ্বীপটোৰ দক্ষিণ-পশ্চিমত বৰষুণৰ পৰিমাণ বেছি। ইয়াৰ নিম্নভূমি অঞ্চলত বৃষ্টিপাতৰ গড় ৭৫ ইঞ্চি আৰু পাৰ্বত্য অঞ্চলত ১০০ ইঞ্চিতকৈ অধিক।[6]

শ্ৰীলংকাৰ প্ৰধান ব্যৱসায় হৈছে কৃষি আৰু শ্ৰমিক শ্ৰেণীৰ আধাতকৈ বেছি সংখ্যক লোক কৃষি কৰ্মৰ লগত জড়িত। কৃষি কৰ্মত নিয়োজিত হোৱা শ্ৰমিকৰ ৩/২ ভাগ লোক চাহ, ৰবৰ আৰু নাৰিকলৰ খেতি কৰে। দ্বীপৰাষ্ট্ৰ খনত ৫,৮১,৮২১ একৰ মাটিত চাহ খেতি কৰা হয় আৰু ইয়াৰ বাৰ্ষিক উৎপাদনৰ পৰিমাণ প্ৰায় ৪৫৫ নিযুত পাউণ্ড। শ্ৰীলংকাৰ চাহ যথেষ্ট পৰিমাণে বিদেশলৈ ৰপ্তানি কৰা হয়। ৰবৰ খেতি কৰা হয় প্ৰায় ৬,৬৮,২১৩ একৰ মাটিত আৰু উৎপাদনৰ পৰিমাণ প্ৰায় ৯৮,০০০ টন। চাহ আৰু ৰবৰৰ উপৰিও যথেষ্ট সংখ্যক কৃষকে সৰু সৰু অঞ্চলবোৰত ধান, ফলমূল, শাক-পাচলি, এলাচি, ককো, চিত্ৰনলা, ধঁপাত আৰু নাৰিকলৰ খেতি কৰে।[7]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Official Website of Sri Lanka tourist Board - Facts at a glance[সংযোগবিহীন উৎস]
  2. ""Sri Lanka" in several reference works". Dictionary.com. http://dictionary.reference.com/browse/Sri+Lanka। আহৰণ কৰা হৈছে: 15 July 2014. 
  3. "Carnegie Mellon University Pronouncing Dictionary". Carnegie Mellon University. http://www.speech.cs.cmu.edu/cgi-bin/cmudict?stress=-s&in=SRI-LANKA। আহৰণ কৰা হৈছে: 15 July 2014. 
  4. "Vedda". Encyclopædia Britannica. http://www.britannica.com/EBchecked/topic/624466/Vedda। আহৰণ কৰা হৈছে: 15 July 2014. 
  5. ভূ-দৰ্শন; দিলীপ কুমাৰ গোহাঁই, হৰেন্দ্ৰনাথ বৰা (২০০২). শ্ৰীলংকা. প্ৰকাশক গুৱাহাটী: কামাখ্যা বুক ষ্টল. 
  6. ভূ-দৰ্শন; দিলীপ কুমাৰ গোহাঁই, হৰেন্দ্ৰনাথ বৰা (২০০২). শ্ৰীলংকা. প্ৰকাশক গুৱাহাটী: কামাখ্যা বুক ষ্টল. 
  7. ভূ-দৰ্শন; দিলীপ কুমাৰ গোহাঁই, হৰেন্দ্ৰনাথ বৰা (২০০২). শ্ৰীলংকা. প্ৰকাশক গুৱাহাটী: কামাখ্যা বুক ষ্টল. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

স্থানাংক: 7°N 81°E / 7°N 81°E / 7; 81