শ্ৰী লংকা মাতা
ইংৰাজী শীৰ্ষক: Mother Sri Lanka | |
---|---|
শ্ৰী লংকা মাতা | |
![]() | |
গীতিকাৰ | , ১৯৪০ |
সুৰকাৰ | ,
|
গ্ৰহণৰ তাৰিখ | ১৯৫১ |
শ্ৰী লংকা মাতা (সিংহলা ভাষাত: ශ්රී ලංකා ජාතික ගීය, তামিল ভাষাত: சிறீ லங்கா தாயே) শ্ৰী লংকাৰ ৰাষ্ট্ৰীয় সংগীত। এই গীতৰ শব্দৰ সৈতে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু আনন্দ সমাৰাকুনক জড়িত কৰা হয়। ১৯৫১ চনত এই গীতে শ্ৰী লংকাৰ ৰাষ্ট্ৰীয় সংগীতৰ স্বীকৃতি লাভ কৰে। গীতটিৰ তামিল অনুবাদ কৰিছিল এম নল্লাথম্বীয়ে।
ইতিহাস[সম্পাদনা কৰক]
১৯৪০ চনত আনন্দ সমাৰাকুনে সিংহল ভাষাত নমো নমো মাতা শীৰ্ষক গীত এটি লিখিছিল। ২২ নৱেম্বৰ ১৯৫১ত ছাৰ এডৱিন বিজেয়েৰত্নেৰ অধ্যক্ষতাত এখন সমিতিয়ে এই গীতক আনুষ্ঠানিকভাৱে শ্ৰী লংকাৰ ৰাষ্ট্ৰীয় সংগীত ঘোষণা কৰিলে। তামিল অনুবাদ কৰিছিল এম নল্লাথম্বীয়ে।[1] ১৯৫০ৰ বিবাদৰ পাছত প্ৰথম শাৰী নমো নমো মাতা, অপা শ্ৰী লংকাৰ সলনি ১৯৬১ত শ্ৰীলংকা মাতা, অপা শ্ৰীলংকা কৰা হ'ল।
১৯৭৮ত ই সাংবিধানিক মৰ্যাদা লাভ কৰিলে।[2]
শ্ৰী লংকা মাতা[সম্পাদনা কৰক]
সিংহলা ভাষাত | অসমীয়া লিপিত (সিংহালা শব্দ) | তামিল অনুবাদ |
---|---|---|
|
|
|
অসমীয়া অনুবাদ[সম্পাদনা কৰক]
- আই লংকা আমি তোক প্ৰণাম কৰো!
- হে মা, তোৰ সমৃদ্ধি বিপুল,
- দয়া আৰু মমতাত তই অতুন,
- অনাজ আৰু সুস্বাদু ফলেৰে পূৰ্ণ,
- উজ্জ্বল ৰঙৰ সুগন্ধিত ফুলৰে ফুলা,
- জীৱন আৰু সকলো ভাল বস্তুৰ দাত্ৰী,
- আনন্দ আৰু বিজয়ৰ আমাৰ ভূমি,
- আমাৰ আভাৰী প্ৰশংসা স্বীকাৰ কৰ,
- শ্ৰী লংকা! আমি তোৰ প্ৰশংসা কৰো।
- আমাক জ্ঞান আৰু সত্যৰ দান দিয়া জনী,
- তই আমাৰ সামৰ্থ্য আৰু আন্তৰিক বিশ্বাস,
- আমাৰ দিব্য জ্যোতি আৰু সংবেদনশীল জীৱ,
- জীৱন আৰু মুক্তিৰ শ্বাস।
- আমাক বন্ধন মুক্ত প্ৰেৰণা, প্ৰদান কৰ,
- নবীন বুদ্ধি আৰু শক্তিত,
- ৰোগ, ঘৃণা, কলহ সকলো শেষ হৈ গ'ল,
- মৰমত সাবত খাই থকা, এক শক্তিশালী ৰাষ্ট্ৰ,
- আমি সকলো এক হও, আগ বাঢ়ো।
- হে মা আমাক পূৰ্ণ স্বাধীনতাৰ দিশে লৈ যা।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ D. B. S. Jeyaraj. "The language controversy over Sri Lankan National Anthem". dbsjeyaraj.com. http://dbsjeyaraj.com/dbsj/archives/1871। আহৰণ কৰা হৈছে: 17 दिसम्बर 2010.
- ↑ "THE CONSTITUTION OF THE DEMOCRATIC SOCIALIST REPUBLIC OF SRI LANKA - Section 7 The National Anthem". LawNet, Government of Sri Lanka. http://www.lawnet.lk/sec_process.php?chapterid=1981Y1V1C§ionno=7&title=THE%20CONSTITUTION%20OF%20THE%20DEMOCRATIC%20SOCIALIST%20REPUBLIC%20OF%20SRI%20LANKA&path=6.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত National Anthem of Sri Lanka সম্পৰ্কীয় মিডিয়া ফাইল আছে। |