লেৱাটানা নৃত্য
| লেৱাটানা নৃত্য | |
|---|---|
লেৱাটানা নৃত্য | |
| আৰম্ভ | শস্য চপোৱাৰ পিছত |
| অন্তৰ | বাৰ্ষিক |
| ঠাই | অসম, ভাৰত |
| অংশগ্ৰহণকাৰী | হাজংসকল |
লেৱাটানা (ইংৰাজী: Lewatana dance) অসমৰ মংগোলীয় মূলৰ[1] বাসিন্দা হাজংসকলৰ অন্যতম জাতীয় উৎসৱ৷ কৃষিজীৱী হাজংসকলে কৃষিকাৰ্য সামৰণি পৰাৰ পিছত পুষণৈ, চ’ৰমাগা আদি নানা উৎসৱ পালন কৰে৷ কৃষিকাৰ্যৰ সামৰণি সময় মানে হাজং ডেকাসকলৰ অৱসৰ বিনোদনৰ সময়৷ এই সময়তে হাজং ডেকাসকলে ঘৰে ঘৰে চ’ৰমাগা অনুষ্ঠিত কৰি, ইয়াতে লেৱাটানা নৃত্য পৰিৱেশন কৰে৷ লেৱাটানাৰ অৰ্থ হ’ল, লেৱা মানে লতা আৰু টানা মানে টনা৷ যৌৱনৰ প্ৰতীক হিচাপে পালিত এই উৎসৱত ঘাইকৈ প্ৰেমমূলক গীত গাই হাজং ডেকা-গাভৰুৱে এই নৃত্য পৰিৱেশন কৰে৷ হাজংসকলৰ লেৱাটানা নৃত্যৰ লগত অসমৰ বিহুৰ গীত-নাচৰ যথেষ্ট সাদৃশ্য থকা দেখা যায়৷
লেৱাটানা নামৰ উৎস
[সম্পাদনা কৰক]লেৱাটানা নামটোৰ আঁৰত এক আখ্যান পোৱা যায়৷ সেইটো হ’ল, অতীতত এই নৃত্য কৰি কৰি ঘৰে ঘৰে গুপ্তভাবে ছোৱালী চাই ফুৰা নিয়ম আছিল৷ যিজনী ছোৱালী যিজন ডেকাৰ পছন্দ হয়, পিছত সেই ছোৱালী খুজি গৃহস্থলৈ বিয়াৰ প্ৰস্তাৱ পঠিওৱা হয়[2] আৰু ডেকা-গাভৰুৱে নতুন সংসাৰ আৰম্ভ কৰে৷ লেৱাটানা গীতবোৰত ইয়াৰ প্ৰমাণ পোৱা যায়৷ আন এক জনশ্ৰুতিমতে হাজংসকলে পাহাৰৰ নামনি হাবি-বন কাটি পৰিস্কাৰ কৰি বসতি স্থাপন কৰিছিল৷ লতাৰে আৱৰা হাবি কাটি ঠাই পৰিস্কাৰ কৰোঁতে ডেকা-গাভৰুসকলৰ মাজত লতাৰেই পৰস্পৰক স্পৰ্শানুভূতি আনি দিয়ে আৰু মনত প্ৰেম-পিৰীতি জাগ্ৰত হয়৷ এইদৰেই মনৰ ভাৱ প্ৰকাশ কৰোঁতে গোৱা গীতবোৰেই ’লেৱাটানা’ গীত[3]
সাজ-পাৰ
[সম্পাদনা কৰক]লেৱাটানা নৃত্যত যুৱক-যুৱতী উভয়ে অংশগ্ৰহণ কৰে৷ হাজং নাৰী বোৱা-কটাত পাকৈত৷ তেওঁলোকে নিজহাতে তৈয়াৰ কৰা নানা ৰং-বিৰঙৰ কাৰু-কাৰ্য্যখচিত ৰঙা পাতিন আৰু ফুলাম আগন প্ৰস্তুত কৰি নৃত্যৰ বাবে বহুদিন আগৰ পৰাই সাজু হয়৷ এই নৃত্যত গাভৰুসকলে বুকু ঢকা একোখন ফুলাম আগন ইংৰাজী 'V' আখৰটোৰ দৰে পিন্ধি বুকুৰপৰা ভৰিপতাত লগাকৈ একোখন ৰঙাপাতিন বা পাটানি পিন্ধে আৰু হাতত ৰঙীণ ৰুমাল লয়৷ পাতানি হাজংসকলৰ জাতীয় ঐতিহ্যবহনকাৰী সাজ৷ যুৱকসকলে এখন গামোচা মূৰত শিৰস্ত্ৰাণৰূপে মেৰিয়াই লয় আৰু আন এখন গামোচা আঁঠুমূৰীয়াকৈ ধুতিৰ দৰে পিন্ধি লয়৷[2] যুৱতীসকলে সোণ-ৰূপ বা আজিকালি পোৱা বিভিন্ন আ-অলংকাৰ হাত, কাণ আৰু ডিঙিত পিন্ধে৷
পৰিৱেশন ৰীতি
[সম্পাদনা কৰক]লেৱাটানা নৃত্যত চিংৰা(ডেকা) আৰু চিংৰি(গাভৰুৱে) দুফালে দুটা শাৰীত ৰৈ নৃত্য পৰিৱেশন কৰে৷ পুৰণি অসমৰ বিহুৰ দৰে দুটা শাৰীত নৃত্য কৰা ডেকা-গাভৰুৱে পৰস্পৰে গীতৰ মাজেৰে প্ৰেম নিবেদন কৰি আনন্দ কৰে৷ আজিকালি লেৱাটানা নৃত্য বিভিন্ন সভা সমিতি আৰু আন আন উৎসৱতো পৰিৱেশন কৰা দেখা যায়৷
লেৱাটানা নৃত্যৰ গীত
[সম্পাদনা কৰক]হাজংসকলৰ শৰৎ কালীন নৃত্য-গীতৰ উছৱ চৰখেলা বা চৰমাগা। দ্বীপাৱলী আঁউসীৰ পৰা কমেও এসপ্তাহ জুৰি ডেকাসকলে নৃত্য-গীত গাই ঘৰে ঘৰে মাগি ফুৰে। এই উৎসৱৰ লেৱাটানা নৃত্যৰ গীত হাজং জনসমাজত প্ৰিয়। এই গীতৰ মূল উপজীব্য প্ৰধানকৈ ডেকা-গাভৰু প্ৰণয়সূচক ভাৱ। এই গীতবোৰ হ'লঃ
গাভৰুঃ লিংলিঙা লিংলিঙা গাছনি মাউ বাহা লাগিছে দাদা মগে পাৰি দি খাং কি ৰাম ঐ ৰাম দাদা মগে পাৰি দি খাং। ডেকাঃ ধৰিবাক'ডালা নাই হুজাবাক'লেৱা নাই লেৱাছাৰা পাৰিবা নাপায় কি ৰাম ঐ ৰাম লেৱাছাৰা পাৰিবা নাপায়.....।
বাদ্য-যন্ত্ৰ
[সম্পাদনা কৰক]লেৱাটানা নৃত্যত কিছুমান বিশেষ বাদ্য বজোৱা হয়৷ সেইবোৰ হ’ল, চাৰাণ্ডী, বাঁহী, দোতাৰা, ঢোল আৰু তাল৷ লেৱাটানা নৃত্যৰ গীতবোৰ চুটি চুটি আৰু একতাল বিশিষ্ট সুৰৰ৷ প্ৰথমে মধ্যম তালত গীত গাই শেষত খৰতালত শেষ হয়[2] আৰু গীতৰ তালে তালে খৰগতিত নৃত্য কৰি সামৰা হয়৷