চাইকেল চালনা আৰু নাৰীবাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাৰীৰ ভোটাধিকাৰৰ সপক্ষে প্ৰস্তুত কৰা এটি ডাকটিকট, নিউজিলেণ্ডৰ

বহুকেইটা ক্ষেত্ৰতে বাইচাইকেলে নাৰীৰ জীৱনধাৰাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে৷ [1][2][3]১৮৯০ৰ দশকত আমেৰিকান আৰু ইউৰোপিয়ান সমাজক প্ৰভাৱান্বিত কৰি যোৱা বাইচাইকেলৰ উন্মাদনাৰ সময়তে নাৰীৰ সামাজিক ভূমিকাইও গুৰুত্বপূৰ্ণ প্ৰসংগ হিচাপে ঠাই পাইছে৷ [4] এইখিনি সময়তে এই বাইচাইকেলবোৰে মহিলাক চলন-ফুৰণৰ বাবে যথেষ্ট সুবিধা প্ৰদান কৰিছিল৷[3][5] নাৰীবাদী এন্নি লণ্ডনডেৰীয়ে পৃথিৱীৰ-চৌপাশে চাইকেল ভ্ৰমণ কৰা প্ৰথমগৰাকী মহিলা হিচাপে সেইসময়ত নাম আৰ্জিছিল৷ [6][7][8] আমেৰিকান চাইকেল কোম্পানীয়ে আগবঢ়োৱা মূল্য আৰু বিভিন্ন পৰিশোধ পৰিকল্পনাৰ বাবে চাইকেলখন বেছিভাগ লোকৰ বাবে সেইসময়ত সুলভ হৈ উঠিছিল।[3] অৱশ্যে, বাইচাইকেলে উচ্চ আৰু মধ্য বিত্তীয় শ্বেতাংগ মহিলাৰ সমাজখনতহে প্ৰভাৱ পেলাইছিল৷[3] এই পৰিৱৰ্তনৰ ফলস্বৰূপে এই মহিলাসকলে কেৱল পৰিচৰ্যাকাৰী, পত্নী, অথবা ঘৰৰ ভিতৰতে সোমাই থকা মাতৃৰ ব্যক্তিগত ভূমিকাৰ পৰা খন্তেক আঁতৰ হৈ সমাজৰ অন্যান্য কৰ্মত অংশগ্ৰহণ কৰাৰ সুবিধা পাইছিল আৰু এই সামাজিক সংযোগৰ সূত্ৰেই তেওঁলোকক ৰাজহুৱা স্থানতো নতুন ৰূপত দেখা গৈছিল৷ [3][9]

চাইকেল উন্মাদনাৰ আগৰছোৱা[সম্পাদনা কৰক]

১৮৯০ৰ দশকৰ আগতে, বাইচাইকেলে সাধাৰণতে এবিধ বেলেগধৰণৰ বাহন বুলি গণ্য কৰা হৈছিল আৰু ই জনপ্ৰিয় হৈ উঠা নাছিল৷ ১৮৬০ৰ দশকত আৰু ১৮৮০ৰ দশকৰ মধ্যছোৱাৰ মাজত দৃশ্যমান হোৱা বাইচাইকেলখন আছিল ওখ চকাসম্পন্ন৷ ইয়াক ব্যৱহাৰ কৰা যিমান জটিল, এইখন চলোৱাত নৈপুণ্য অৰ্জন কৰাটোও সিমানেই বিপদজনক৷ সাধাৰণ চাইকেলখন ব্যৱহাৰ কৰিছিল পুৰুষসকলে৷ আনহাতে মহিলাসকলে দুই-আসনযুক্ত, টেণ্ডেম আৰু ত্ৰি-চাইকেল ব্যৱহাৰ কৰিছিল৷১৮৬০ৰ দশকৰ আৰম্ভণিতে সংগযুক্ত চালনা জনপ্ৰিয় হৈ উঠিছিল আৰু পুৰুষ-মহিলাৰ মাজত সমান লোকপ্ৰিয়তা অৰ্জন কৰিছিল৷ এই বাহনবোৰে পুৰুষ আৰু মহিলাৰ মাজত সমন্বিত সামাজিকীকৰণৰ কেতবোৰ নতুন ৰীতিৰ বিকাশ ঘটাবলৈ প্ৰৰোচিত কৰিছিল৷ অৱশ্যে, ১৮৮০ৰ দশকৰ মাজলৈকে, চাইকেলৰ চালনাত মহিলাসকল প্ৰায়েই পুৰুষৰ ওপৰত নিৰ্ভৰশীল হৈ আছিল৷ এই ব্যৱস্থাটোৰ জৰিয়তে প্ৰকাৰান্তৰে পুৰুষেই যে মহিলাসকলক নিৰাপদে ৰাখিব জানে আৰু তেওঁলোকৰ ওপৰত যে এক কতৃত্বশীলতা ন্যস্ত হৈ আছে-তাৰেই এটা বাৰ্তা সমাজলৈ গৈছিল৷ সেয়েহে সংগপূৰ্ণ চালনাই পুৰুষ আৰু মহিলাৰ মাজত সামাজিক ব্যৱধানৰ হ্ৰাস ঘটাই এক বিপ্লৱৰ সূচনা কৰিলেও মহিলাৰ স্থান সেইসময়ত নিম্নয়েই হৈ (নিচাত্মিকাবোধ) আছিল আৰু ইয়াৰ লগে লগে ভবা হৈছিল যে, কেৱল পুৰুষেই বাইচাইকেলখন চলাব পৰাকৈ ক্ষমতাশালী৷ [3][10]

সাজ-সজ্জা[সম্পাদনা কৰক]

নতুন নাৰী আৰু তেওঁৰ বাইচাইকেল, এনেধৰণৰ কেইবাটাও প্ৰকাৰ সেইসময়ত উপলব্ধ (১৮৯৫)[11]

১৮৮৫ আৰু ১৮৯৫ চনৰ ভিতৰৰ উদ্ভাৱক আৰু অভিযন্তাসকলে পূৰ্বৰ নিৰাপদ বাইচাইকেলৰ প্ৰজন্মটোৰ বিকাশ ঘটাবলৈ সক্ষম হৈছিল৷ [3] এইবোৰ বিকাশৰ জৰিয়তে, এক নতুনধৰণৰ সুৰক্ষিত বাইচাইকেল মহিলাৰ বাবে ডিজাইন কৰা হৈছিল, যাৰ জৰিয়তে তেওঁলোকৰ সাজ-সজ্জাই চাইকেল চালনাত অসুবিধা জন্মোৱাৰ শংকা কমি গৈছিল৷ অৱশ্যে, দীঘলীয়া স্কাৰ্টৰ দৰে কেতবোৰ পৰিধানে চাইকেল-চালনাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি নকৰাকৈ থকা নাছিল৷ সেইবাবে বাইচাইকেল চলাবলৈ সুবিধাজনক হোৱাকৈ কেতবোৰ সাজ-পোছাকো মহিলাৰ বাবে প্ৰস্তুত কৰা হৈছিল৷ তাৰে ভিতৰত বিভক্ত স্কাৰ্ট, চুটি ড্ৰষ্ট্ৰিঙৰ সৈতে স্কাৰ্ট, ব্লুমাৰলৈ পৰিৱৰ্তিত হোৱা স্কাৰ্ট আদি উল্লেখ কৰিব পাৰি৷ এই সকলোবোৰ বাইচাইকেল পৰিধানৰ ভিতৰত, ব্লুমাৰ সাজযোৰ এতিয়াও জনপ্ৰিয়৷ ইয়াত সম্পূৰ্ণ ট্ৰাউজাৰ আছিল, গোৰোহাৰ ওপৰত গোট খাইছিল, ওপৰত দেখনীয়াৰ জেকেটৰ সৈতে কম দৈৰ্ঘ্যৰ স্কাৰ্ট পিন্ধা হৈছিল।[10]

১৮৯০ৰ দশকত বাইচাইকেলৰ সৈতে মহিলা
২০০৯ চনৰ জাপানৰ ফুকুশ্বিমা চহৰত পানীয় বিতৰণ কৰিবলৈ বাইচাইকেলৰ ব্যৱহাৰ

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Willard, Frances Elizabeth (1895). A Wheel Within a Wheel: How I Learned to Ride the Bicycle with Some Reflection By the Way. Fleming H. Revell Company. https://archive.org/details/wheelwithinwheel00williala/page/10। আহৰণ কৰা হৈছে: March 23, 2019. 
  2. Stanton, Elizabeth Cady. "Elizabeth Cady Stanton Papers: Speeches and Writings- 1902 Articles; Undated; "Shall Women Ride the Bicycle?" undated". Library of CongressLibrary of Congress. https://www.loc.gov/resource/mss41210.mss41210-002_00609_00616/?sp=6। আহৰণ কৰা হৈছে: 23 March 2019. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 3.6 Harmond, Richard (1971). "Progress and Flight: An Interpretation of the American Cycle Craze of the 1890s". Journal of Social History খণ্ড 5 (2): 235–257. doi:10.1353/jsh/5.2.235. 
  4. Rubinstein, David (1977). "Cycling in the 1890s". Victorian Studies খণ্ড 21 (1): 47–71. 
  5. Hallenbeck, Sarah (2010). "Riding Out of Bounds: Women Bicyclists' Embodied Medical Authority". Rhetoric Review খণ্ড 29 (4): 327–345. doi:10.1080/07350198.2010.510054. 
  6. Blickenstaff, Brian (23 September 2016). "Annie Londonderry: the Self-Promoting Feminist Who Biked Around the World" (en ভাষাত). Vice. https://www.vice.com/en_uk/article/nzx7ab/annie-londonderry-the-self-promoting-feminist-who-biked-around-the-world. 
  7. "10 Things you Didn't Know about Annie Londonderry". Total Women's Cycling. Archived from the original on 18 April 2023. https://web.archive.org/web/20230418041231/https://totalwomenscycling.com/lifestyle/10-things-didnt-know-annie-londonderry. 
  8. "First woman to cycle the globe begins journey". Jewish Women's Archive. 25 June 1894. http://jwa.org/thisweek/jun/25/1894/annie-cohen-kopchovsky। আহৰণ কৰা হৈছে: September 21, 2016. 
  9. Petty, Ross D. (2010). "Bicycling in Minneapolis in the Early 20th Century". Minnesota History খণ্ড 62 (3): 66–101. 
  10. 10.0 10.1 Christie-Robin, J.; Ozada, B. T.; Lòpex-Gydosh, D. (2012). "From Bustles to Bloomers: Exploring the Bicycle's Influence on American Women's Fashion, 1880-1914". The Journal of American Culture খণ্ড 35 (4). সাঁচ:ProQuest. 
  11. Opper, Frederick Burr (1895-06-19). "The "new woman" and her bicycle - there will be several varieties of her" (en ভাষাত). www.loc.gov. https://www.loc.gov/pictures/item/2012648801/। আহৰণ কৰা হৈছে: 12 January 2022.