চন্দ্ৰপ্ৰভা শইকীয়ানী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চন্দ্ৰপ্ৰভা শইকীয়ানী

চন্দ্ৰপ্ৰভা শইকীয়ানীৰ অৱদানক সুঁৱৰি ভাৰত চৰকাৰৰ স্মৃতিচাৰক ডাকটিকট
জন্ম চন্দ্ৰপ্ৰিয়া
১৬ মাৰ্চ, ১৯০১
দৈশিঙৰী গাঁও, বজালী, বৰপেটা জিলা
মৃত্যু ১৬ মাৰ্চ, ১৯৭২
গুৱাহাটী
পেচা শিক্ষয়িত্ৰী, ঔপন্যাসিকা
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
বংশদ্ভূত অসমীয়া
নাগৰিকত্ব ভাৰতীয়
মাতৃশিক্ষায়তন নগাঁও মিছন স্কুল
সময় ১৯১৮-১৯৭২
উল্লেখনীয় কৰ্মৰাজি ভাৰতৰ স্বাধীনতা আন্দোলন
উল্লেখযোগ্য বঁটা পদ্মশ্ৰী বঁটা
দাম্পত্যসংগী দণ্ডিনাথ কলিতা
সন্তান তৰুণ শইকীয়া

প্ৰভাবিত হয়

চন্দ্ৰপ্ৰভা শইকীয়ানী (ইংৰাজী: Chandraprabha Saikiani; ১৬ মাৰ্চ, ১৯০১ – ১৬ মাৰ্চ, ১৯৭২) এগৰাকী স্বাধীনতা সংগ্ৰামী, সমাজসেৱী আৰু সাহিত্যসেৱী। অসমৰ নাৰীবাদী আন্দোলনৰ পথ প্ৰদৰ্শক[1][2] বুলি গণ্য কৰা চন্দ্ৰপ্ৰভা শইকীয়ানী আছিল মহিলাসকলৰ কল্যাণৰ বাবে কাম কৰা বেচৰকাৰী সংস্থা সদৌ অসম প্ৰদেশিক মহিলা সমিতিৰ প্ৰতিষ্ঠাপকসকলৰ অন্যতম[3][4]। ১৯৭২ চনত চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটা পদ্মশ্ৰী লাভ কৰিছিল।[5][6] ইয়াৰ তিনিটা দশকৰ পিছত ২০০২ চনত ভাৰত চৰকাৰে সামাজিক সংগঠকৰ শৃংখলাত শইকীয়ানীৰ অৱদান সুঁৱৰি এটি স্মৃতিচাৰক ডাকটিকট প্ৰকাশ কৰে।[7]

১৯৩২ চনৰ আইন অমান্য আন্দোলন আৰু ১৯২০-২১ চনৰ অসহযোগ আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। বিধানসভাৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি স্বাধীন ভাৰতৰ ৰাজনীতিত আগভাগ লোৱা প্ৰথমগৰাকী অসমীয়া মহিলা হিচাপে তেখেত পৰিগণিত হৈছিল। তেখেতৰ ভনীয়েক ৰজনীপ্ৰভা আছিল অসমৰ প্ৰথমগৰাকী মহিলা এম বি বি এছ।[5]

জন্ম[সম্পাদনা কৰক]

তেতিয়াৰ বৰপেটা জিলাৰ বজালী অঞ্চলৰ, বৰ্তমান বজালী জিলাৰ দৈশিঙৰী গাঁৱত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম হৈছিল। পিতৃৰ নাম ৰাতিৰাম মজুমদাৰ আৰু মাতৃৰ নাম আছিল গংগাপ্ৰিয়া মজুমদাৰ। ৰাতিৰাম মজুমদাৰ গাওঁবুঢ়া আছিল৷ জন্মৰ পাছত তেওঁৰ নাম আছিল চন্দ্ৰপ্ৰিয়া।[8] ৰামেশ্বৰী আছিল চন্দ্ৰপ্ৰিয়াৰ ভনীয়েক।[9] দুয়ো ভনীৰ নাম পিছলৈ চন্দ্ৰপ্ৰভা আৰু ৰজনীপ্ৰভা হৈছিল৷

শিক্ষা আৰু সংগ্ৰাম[সম্পাদনা কৰক]

মাক গঙ্গাপ্ৰিয়া মজুমদাৰে দুই সন্তানক শিক্ষিত কৰিবলৈ নিজৰ গাঁৱত পঢ়াশালি নথকাত ওচৰৰে ভালুকী গাঁৱৰ মাহীয়েকৰ ঘৰত থাকি প্ৰাথমিক বিদ্যালয়ত পঢ়া-শুনা কৰিবলৈ দিছিল। এই স্কুলৰ পৰাই ১৯০৭ চনত ১১ বছৰ বয়সত প্ৰাথমিক স্তৰৰ শেষ পৰীক্ষা দি পাছ কৰিছিল৷ সেই সময়ত, স্কুল পৰিদৰ্শকে ছমাহৰ মূৰে মূৰে স্কুললৈ আহি শিক্ষাৰ্থীসকলৰ পৰীক্ষা লৈ প্ৰমোচন দিছিল৷ প্ৰধান শিক্ষক কৃষ্ণকান্ত দত্তই চন্দ্ৰপ্ৰিয়াক তেওঁৰ মেধাৰ বাবে ৰূপৰ পদকেৰে সন্মানিত কৰিছিল। উচ্চ শিক্ষাৰ হাবিয়াস থকাৰ পাছতো, তাৰ কোনো উপায় নাপাই মাক-দেউতাকৰ অনুমতিত দৈশিঙৰী গাঁৱৰ কাষৰে অকয়া গাঁৱত চন্দ্ৰপ্ৰভাই সেইকণ শিক্ষাকে সাৰথি কৰি এখনি বালিকা বিদ্যালয় গঢ়ি তোলে৷ কিন্তু ১৯১৪ চনত তেতিয়াৰ স্কুল পৰিদৰ্শক নীলকান্ত বৰুৱাৰ চকুত কথাটো পৰাত তেওঁ চন্দ্ৰপ্ৰভাক নগাঁৱৰ মিশ্যন স্কুলত পঢ়াৰ পৰামৰ্শ দিয়ে আৰু দুয়ো ভনী ১৯১৫ চনত নগাঁৱত শিক্ষাজীৱন আৰম্ভ কৰে৷[10] আন এক তথ্যমতে, চন্দ্ৰপ্ৰভাই ইয়াৰ পাছত মজলীয়া বিদ্যালয়ৰ পঢ়াৰ বাবে কঁঠালগুৰি এম.ভি. স্কুলত নাম লিখাইছিল। বহু দূৰ বাট কুৰি বাই স্কুললৈ আহিবলগীয়া হৈছিল। দুই ভনীয়েকে এম.ভি. পাছ কৰে। সেই সময়তে স্কুলৰ উপ-পৰিদৰ্শক নীলকান্ত বৰুৱাই চন্দ্ৰপ্ৰিয়া আৰু ৰামেশ্বৰীৰ পঢ়াৰ প্ৰতি থকা ধাউতি দেখি বৃত্তি দিয়াই নগাঁৱৰ মিছন স্কুলত পঢ়াৰ সুবিধা কৰি দিয়ে।[9] নগাঁও মিছন স্কুলত চন্দ্ৰপ্ৰিয়া আৰু ৰামেশ্বৰীৰ নাম সলনি কৰি ক্ৰমে চন্দ্ৰপ্ৰভা আৰু ৰজনীপ্ৰভা কৰা হয়।[9]

আৰু নগাঁৱৰ মিশ্যন স্কুলত শিক্ষা আৰম্ভ কৰিয়েই চন্দ্ৰপ্ৰভাই তেওঁৰ বিপ্লবী জীৱনৰ আৰম্ভণি কৰিছিল বুলিব পাৰি৷ মিশ্যন স্কুলত এটা ঘটনা ঘটিছিল৷ স্কুলত দুয়ো বাই-ভনীক হিন্দু ধৰ্মাৱলম্বী হোৱা বাবে ছাত্ৰীনিবাসৰ এটা সৰু কোঠাত থাকিবলৈ দিছিল৷ প্ৰথমাৱস্থাত বিশেষ একো ভবা নাছিল যদিও পিছত আন এগৰাকী হিন্দু ধৰ্মাৱলম্বী ছোৱালী স্কুলত ভৰ্তি হোৱাত থকা ঠাইৰ অভাৱ দেখুৱাই তেওঁক নিবাসৰ গুদাম ঘৰত থাকিবলৈ দিছিল৷ খ্ৰীষ্টান ধৰ্ম লোৱাহেঁতেন তেওঁলোক আটায়ে আনৰ লগত একেলগে ভাল কোঠাত থাকিবলৈ পালেহেঁতেন বুলি কথাটো জানিবলৈ পাই স্কুলৰ সকলো ছোৱালীকে একগোট কৰি এই অন্যায়ৰ বিৰুদ্ধে মাত মাতিলে আৰু নিবাসৰ দায়িত্বত থকা মিছ লঙক তেওঁৰ এই পক্ষপাতমূলক ব্যৱস্থা উঠাই ল’বলৈ কৰিলে৷ ই আছিল চন্দ্ৰপ্ৰভাৰ প্ৰথম বিদ্ৰোহ আৰু তাৰ সফলতা৷[11]

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯১৮ চনত পঢ়া সাং[12] কৰি চন্দ্ৰপ্ৰভাই নগাঁৱৰ এখন প্ৰাথমিক বিদ্যালয়তে প্ৰথমে কাম কৰে। ইয়াৰ পাছত তেজপুৰৰ এখন মজলীয়া স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী নিযুক্ত হয়।[9]

এইখিনি সময়তে তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালা, অমিয় কুমাৰ দাস আদি স্বাধীনতা সংগ্ৰামীক লগ পায়৷ স্বেচ্ছাসেৱক বাহিনীৰ অধিনায়ক জ্যোতিপ্ৰসাদ আগৰৱালাই চন্দ্ৰপ্ৰভাক স্বেচ্ছাসেৱিকাসকলৰ ’কুচকাৱাজ’ শিকোৱাৰ দায়িত্ব দিছিল৷ [13] তেতিয়াৰ পৰাই চন্দ্ৰপ্ৰভাই বিভিন্ন সামাজিক কামত মনোযোগ দিবলৈ আৰম্ভ কৰে। ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগ দিয়াৰ লগতে এখেতে নাৰী জাগৰণৰ বাবে কাম কৰিছিল। পৰ্দাপ্ৰথা, পতিতাবৃত্তি আৰু দেৱদাসীপ্ৰথা নিবৃত্তিও এই নাৰী কল্যাণৰ কামসমূহৰ অন্তৰ্গত আছিল।[14] তেওঁ অসমত মহিলা সমিতি পাতি মহিলাৰ সামাজিক মৰ্যাদা আৰু সন্মানৰ বাবে সংগঠিত ৰূপত কাম কৰিবলৈ আৰম্ভ কৰিছিল।[9] অসম মহিলা সমিতিৰ সম্পাদিকা হিচাপে সাত বছৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল।[15] কেৱল স্ত্ৰী-শিক্ষাৰ আৰু নাৰীৰ সংস্থাপনৰ বাবে কাম নকৰি, তেওঁলোকে শিশু-কল্যাণ আৰু শাৰীৰিক ভাৱে অক্ষম লোকৰ হকেও কাম কৰিছিল। কুটিৰ শিল্প স্থাপন, মাদক দ্ৰব্য নিবাৰণ, নাৰ্ছাৰী স্কুল আৰু পুথিভঁৰাল স্থাপন, বোৱাকটা কেন্দ্ৰ, চিলাই আৰু উল গোঁথাৰ প্ৰশিক্ষণ কেন্দ্ৰ, কাৰ্পেট বোৱা আৰু মৰাপাটৰ সামগ্ৰী তৈয়াৰ কৰাৰ প্ৰশিক্ষণ কেন্দ্ৰ আদি স্থাপন কৰি তেওঁলোকে সমাজৰ উন্নতিৰ হকে যথেষ্ট কাম কৰিছিল।[14]

১৯২০ চনত তেজপুৰত বহা অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ কানিৰ বিৰুদ্ধে অগ্নিগৰ্ভা ভাষণ দিছিল। ১৯২৫ চনত ৰজনীকান্ত বৰদলৈৰ সভাপতিত্বত বহা নগাঁও অধিৱেশনত মহিলাসকলক স্বাধীনতা যুঁজৰ সেনানী হ'বলৈ আহ্বান জনাইছিল। ইয়াৰ ফলশ্ৰুতি ৰূপে অসম মহিলা সমিতি গঠন হয় আৰু চন্দ্ৰপ্ৰভাই এই সমিতিৰ সম্পাদিকাৰ কাৰ্যভাৰ গ্ৰহণ কৰে। একেৰাহে সাত বছৰ তেওঁ এই পদবীত অছিল।[5]

ভাৰতৰ স্বাধীনতা আন্দোলনত যোগ দি চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে ১৯২৩ চনত আৰু ১৯৪৩ চনত দুবাৰ কাৰাবাস খাটিছিল। কিছুকাল কৃষক সভাৰো সভানেত্ৰী আছিল।[15][5] ১৯৫৭ চনত তেওঁ বজালী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰূপে অৱতীৰ্ণ হৈ পৰাজিত হয়। ১৯৬৯ চনৰপৰা স্বাস্থ্য পৰি অহাত এখেতে সামাজিক কাৰ্যৰপৰা অব্যাহতি লয়।[15]ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অক্লান্ত সংগ্ৰামী চন্দ্ৰপ্ৰভাই ১৯২৩মচনত এবাৰ আৰু ১৯৪৩ চনত দুবাৰ কাৰাবাস খাটিছিল৷ তেও কিছুকাল কৃষক সভাৰো সভাপতি পদ অলংকৃত কৰিছিল৷ ১৯৪৫ চনত মহাত্মা গান্ধী আৰু ১৯৬৩ চনত বিনোৱা ভাৱে অসমলৈ আহোঁতে চন্দ্ৰপ্ৰভাই তেওঁলোকৰ ভ্ৰমণত সংগ দিছিল।[16]

সাহিত্যকৃতি[সম্পাদনা কৰক]

চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে তেওঁৰ জীৱনকালত তিনিখন উপন্যাস লিখিছিল যদিও 'পিতৃভিঠা' নামৰ উপন্যাসখনেহে প্ৰকাশৰ মুখ দেখিছিল৷ বাকী 'শেষ আশ্ৰয়' আৰু 'অপৰাজিতা অসম্পূৰ্ণ ৰূপত উদ্ধাৰ হয়৷ ' ইয়াৰ ভিতৰত 'পিতৃভিঠা' উপন্যাসখন নাৰীবাদী উপন্যাস ৰূপে বহুচৰ্চিত। উপন্যাসৰ উপৰি তেখেতে গল্প, নাটক আৰু কবিতাও লিখিছিল। 'মোৰ কবিতা' তেখেতৰ কবিতা পুথি। অসম প্ৰাদেশিক মহিলা সমিতিৰ অস্পৃশ্যতা নিবাৰণ বিভাগে প্ৰকাশ কৰা 'মুক্ত মানব' কবিতা সংকলনতো তেওঁৰ কিছু কবিতা আছে। 'অভিযান' আৰু 'অভিযাত্ৰী' আলোচনীৰ তেওঁ সম্পাদিকা আছিল আৰু গান্ধীজীয়ে অস্পৃশ্যতা নিবাৰণৰ ওপৰত দিয়া সকলো ভাষণ, কিতাপ, প্ৰবন্ধ অনুবাদ কৰি দুয়োখন আলোচনীতে প্ৰকাশ কৰিছিল। [5]

প্ৰেম আৰু বিবাহ[সম্পাদনা কৰক]

তেজপুৰত থকা কালতে চন্দ্ৰপ্ৰভাই সাহিত্যিক দণ্ডিনাথ কলিতাক লগ পায়৷ দুয়ো দুয়োৰে প্ৰতি আকৰ্ষিত হয় আৰু প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে৷ কিন্তু ৰক্ষণশীল সমাজৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ এই প্ৰেমক স্বীকৃতি নিদিলে৷ ফলত, গন্ধৰ্ব প্ৰথা মতে চন্দ্ৰপ্ৰভা সাহিত্যিক দণ্ডিনাথ কলিতাৰ লগত বিয়া হয়। কিন্তু সমাজে এই বিয়াকো স্বীকৃতি দিয়া নাছিল। দণ্ডিনাথ কলিতা সমাজৰ ওচৰত হাৰ মানি আঁতৰি গ’ল, কিন্তু তেওঁলোকৰ মিলনত এটি পুত্ৰ সন্তান জন্ম হ’ল চন্দ্ৰপ্ৰভাৰ গৰ্ভত৷ সাহসিকতাৰে তেওঁ বিবাহ বহিৰ্ভূত সন্তানক জন্ম দিলে আৰু অকলেই ল’ৰাটিক ডাঙৰ কৰাৰ সংকল্প লৈ পুনৰ পিতৃভিঠা বজালীলৈ উভতি আহিল৷ [9][17]

মৃত্যু আৰু সন্মান প্ৰদান[সম্পাদনা কৰক]

১৯৬৯ চনৰ পৰা স্বাস্থ্যৰ অৱনতি ঘটাত শইকীয়ানী সামাজিক কাম-কাজৰ পৰা অব্যাহতি লয়।[5] ১৯৭২ চনৰ ১৬ মাৰ্চ তাৰিখে কৰ্কট ৰোগত গুৱাহাটীতে তেওঁ মৃত্যুক আঁকোৱালি লয়।[9] মৃত্যুৰ কেইমাহমান আগতে ভাৰত চৰকাৰে তেওঁক, ১৯৭২ চনত পদ্মশ্ৰী সন্মান প্ৰদান কৰে।[18]২০০২ চনত ডাক বিভাগৰ অধীনত যেতিয়া সমাজ সংস্কাৰক সকলৰ নামেৰে স্মাৰক ডাক টিকট জাৰী কৰা হৈছিল, তেতিয়া তেখেতৰ নামতো এটা ডাক টিকট জাৰী কৰি তেওঁক সন্মানিত কৰা হৈছিল।[19] উত্তৰ-পূব ভাৰতত মহিলাশিক্ষাৰ প্ৰচাৰৰ বাবে ২০০৯ চনত গুৱাহাটীৰ চৰকাৰী ছাত্ৰী পলিটেকনিক [20] তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছিল। তাৰ বাহিৰেও তেজপুৰ বিশ্ববিদ্যালয়ে তেওঁৰ নামত চন্দ্ৰপ্ৰভা শইকীয়ানী মহিলা অধ্যয়ন কেন্দ্ৰ স্থাপন কৰিছল।[21]

তেখেতৰ নামত চাৰিখন জীৱনী নথিভুক্ত কৰা হৈছে:

পুষ্পলতা দাসৰ দ্বাৰা অগ্নিস্নাতা চন্দ্ৰপ্ৰভা (১৯৯৮)[22]

অচ্যুত কুমাৰ শৰ্মাৰ দ্বাৰা চন্দ্ৰপ্ৰভা শইকীয়ানী (২০০১)

হিৰণ্ময়ী দেৱীৰ দ্বাৰা মুক্তিসংগ্ৰামী চন্দ্ৰপ্ৰভা (২০০২)

অঞ্জলি শৰ্মাৰ দ্বাৰা চন্দ্ৰপ্ৰভা (২০১১)[23]

অভিযাত্ৰী,[24] প্ৰখ্যাত অসমীয়া ঔপন্যাসিক আৰু হোমেন বৰগোহাঞিৰ পত্নী নিৰুপমা বৰগোঁহাঞিৰ এখন উপন্যাস[25] হৈছে শইকীয়ানীৰ জীৱনৰ এক কাল্পনিক বিৱৰণ [26] আৰু উপন্যাসখনে ১৯৯৬ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে।[27] পিছলৈ প্ৰদীপ্ত বৰগোহাইয়ে ‘অভিযাত্ৰীঃ ৱান লাইফ মেনি ৰিভাৰ্ছ’ নাম দি উপন্যাসখন ইংৰাজীলৈ অনুবাদ কৰে। [28] [29]

তথ্য উৎস[সম্পাদনা কৰক]

  1. Rina Sonowal Kouli (2015). "Chandraprabha Saikiani : The Path-Breaking Lady of Assam". Press Information Bureau, Government of India. http://pib.nic.in/feature/feyr2002/fmar2002/f200320021.html। আহৰণ কৰা হৈছে: 4 June 2015. 
  2. Mitra Phukan (7 March 2015). "Remembering Chandraprabha Saikiani". Thumb print magazine. Archived from the original on 8 March 2015. https://web.archive.org/web/20150308104233/http://www.thethumbprintmag.com/remembering-chandraprabha-saikiani/। আহৰণ কৰা হৈছে: 5 June 2015. 
  3. "Background and Formation of Assam Pradeshik Mahila Samity". Shod Ganga. 2015. http://shodhganga.inflibnet.ac.in:8080/jspui/bitstream/10603/29275/9/09_chapter%202.pdf। আহৰণ কৰা হৈছে: 4 June 2015. [সংযোগবিহীন উৎস]
  4. পৰিশিষ্ট ৯, পৰিচয়জ্ঞাপক তালিকা, শৰাইঘাট অভিধান, প্ৰথম প্ৰকাশ: দ্বিতীয় মুদ্ৰণ (নৱেম্বৰ, ২০১১), শৰাইঘাট প্ৰকাশন, পৃ: ১২১৪
  5. 5.0 5.1 5.2 5.3 5.4 5.5 শিৱনাথ বৰ্মন (২০০৯). চন্দ্ৰপ্ৰভা শইকীয়ানী. প্ৰকাশক ডিব্ৰুগড়: বনলতা. পৃষ্ঠা. ৭১. 
  6. "Padma Shri". Padma Shri. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 11 November 2014. 
  7. "Indian Postage Stamps". Department of Posts, Government of India. 2015. Archived from the original on 16 March 2015. https://web.archive.org/web/20150316052637/http://postagestamps.gov.in/Stamps2002.aspx। আহৰণ কৰা হৈছে: 4 June 2015. 
  8. অগ্নিস্নাতা চন্দ্ৰপ্ৰভা, পুষ্পলতা দাস, পৃ:নং; ৪ নেছনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়া, ১৯৯৮
  9. 9.0 9.1 9.2 9.3 9.4 9.5 9.6 যামিনী দেৱী, বজালীৰ গৌৰৱ পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী, স্মৃতিগ্ৰন্থ: পাঠশালা ছোৱালী হাইস্কুল, (২০১২), পৃ: ৫১-৫৩
  10. অগ্নিস্নাতা চন্দ্ৰপ্ৰভা, পুষ্পলতা দাস, পৃ:নং; ৪ নেছনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়া, ১৯৯৮
  11. অগ্নিস্নাতা চন্দ্ৰপ্ৰভা, পুষ্পলতা দাস, পৃ:নং; ৪ নেছনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়া, ১৯৯৮
  12. অগ্নিস্নাতা চন্দ্ৰপ্ৰভা, পুষ্পলতা দাস, পৃ:নং; ৫ নেছনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়া, ১৯৯৮
  13. অগ্নিস্নাতা চন্দ্ৰপ্ৰভা, পুষ্পলতা দাস, পৃ:নং; ৫ নেছনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়া, ১৯৯৮
  14. 14.0 14.1 পুষ্পলতা দাস. অগ্নিস্নাতা চন্দ্ৰপ্ৰভা. নেশনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া. 
  15. 15.0 15.1 15.2 শিৱনাথ বৰ্মন, অসমীয়া জীৱনী অভিধান, (১৯৯২), ছ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা:লি:, পৃষ্ঠা: ৮৯-৯০
  16. জীৱনী অভিধান, শিৱনাথ বৰ্মন, পৃ:নং; ৭৩, প্ৰকাশক: অনন্ত হাজৰিকা, বনলতা, ২০১৮
  17. অগ্নিস্নাতা চন্দ্ৰপ্ৰভা, পুষ্পলতা দাস, পৃ:নং; ৭ নেছনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়া, ১৯৯৮
  18. "Padma Shri" (PDF). Padma Shri. 2015. Archived from the original (PDF) on 15 October 2015. Retrieved 11 November 2014.
  19. "Indian Postage Stamps". Department of Posts, Government of India. 2015. Archived from the original on 16 March 2015. Retrieved 4 June 2015.
  20. "Padmashree Chandraprava Saikiani Girls Polytechnic". Padmashree Chandraprava Saikiani Girls Polytechnic. 2015. http://www.icbse.com/colleges/padmashree-chandraprava-saikiani-girls-polytechnic/7176/1। আহৰণ কৰা হৈছে: 4 June 2015. 
  21. "Chandraprabha Saikiani Center for Women's Studies". Tezpur University. 2015. http://www.tezu.ernet.in/wsc/। আহৰণ কৰা হৈছে: 5 June 2015. 
  22. Pushpalata Das (1998). Agnisnata Chandraprabha. Digital Library of India. http://www.dli.gov.in/cgi-bin/metainfo.cgi?&title1=Agnisnata%20Chandraprava&author1=Unknown&subject1=GENERALITIES&year=1998%20&language1=hindi&pages=70&barcode=99999990186117&author2=NULL&identifier1=NULL&publisher1=National%20Book%20Trust&contributor1=NULL&vendor1=NONE&scanningcentre1=cdac,noida&slocation1=NONE&sourcelib1=NBT&scannerno1=0&digitalrepublisher1=Digital%20Library%20of%20India&digitalpublicationdate1=2005-01-04&numberedpages1=0&unnumberedpages1=0&rights1=National%20Book%20Trust&copyrightowner1=NULL&copyrightexpirydate1=0000-00-00&format1=NULL%20&url=/data2/upload/0040/423. [সংযোগবিহীন উৎস]
  23. Anjali Sarma (2011). Chandraprabha. Banalata. http://nelitreview.tumblr.com/post/20403817933/new-prints. 
  24. Nirupama Bargohain (Author), Pradipto Bargohain (Translator) (2000). Abhiyatri: One Life Many Rivers. Sahitya Akademi. পৃষ্ঠা. 168. ISBN 978-8126006885. 
  25. "Homen Borgoahain". Assam Topics. 2015. Archived from the original on 5 March 2016. https://web.archive.org/web/20160305164121/http://assamtopix.blogspot.in/2014/07/homen-borgoahain.html। আহৰণ কৰা হৈছে: 5 June 2015. 
  26. চন্দ্ৰপ্ৰভা চাইকিয়ানি (১৯০১-১৯৭১) 2015. Retrieved 5 June 2015
  27. "AKademi Awards". Sahitya Akademi. 2015. http://sahitya-akademi.gov.in/sahitya-akademi/awards/akademi%20samman_suchi.jsp। আহৰণ কৰা হৈছে: 5 June 2015. 
  28. "Chandraprabha Saikiani", StreeShakti, http://www.streeshakti.com/bookC.aspx?author=4/ [সংযোগবিহীন উৎস]
  29. "চন্দ্ৰপ্ৰভা শইকীয়ানী(১৯০১-১৯৭১) 2015. Retrieved 5 June 2015". http://www.streeshakti.com/bookC.aspx?author=4. 
  1. 'অগ্নিস্নাতা চন্দ্ৰপ্ৰভা', পুষ্পলতা দাস; প্ৰকাশক: নেশনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া।