সমললৈ যাওক

দণ্ডিনাথ কলিতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দণ্ডিনাথ কলিতা
জন্ম ৩০ জুন, ১৮৯০
কেতেকীবাৰী, তেজপুৰ
মৃত্যু ১৫ মে', ১৯৫৫
নিজা বাসভৱন, তেজপুৰ
পেচা লেখক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
দাম্পত্যসংগী কমলেশ্বৰী কলিতা

দণ্ডিনাথ কলিতা (ইংৰাজী: Dandinath Kalita) এজন অসমীয়া কবি, গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ তথা ব্যঙ্গ সাহিত্যিক। পঁচিশখনৰো অধিক গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে তেখেতে এলানি পাঠ্যপুথিও ৰচনা কৰি অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই গৈছে। 'সাধনা' উপন্যাসৰ বাবে তেখেতে ১৯২৮ চনত অসম সাহিত্য সভাৰ উপন্যাস প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছিল।[1]

১৮৯০ চনৰ ৩০ জুনত শোণিতপুৰ জিলাতেজপুৰৰ ওচৰৰ কেতেকীবাৰী গাঁৱত দণ্ডিনাথ কলিতাৰ জন্ম হয়[1]। তেখেতৰ পিতাকৰ নাম আছিল মংগলৰাম আৰু মাকৰ নাম জানকীবালা। তেওঁলোকৰ আদি পুৰুষ আছিল উজনি অসমৰ। মানৰ আক্ৰমণৰ সময়ত তাৰ পৰা আহি কেতেকীবাৰীতে স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। তেওঁলোকৰ বংশৰ উপাধি পোনতে 'শইকীয়া'হে আছিল বুলি জনা যায়। পিছলৈ 'কলিতা' উপাধি গ্ৰহণ কৰে। দণ্ডিনাথ কলিতাৰ পিতৃদত্ত নাম দণ্ডিৰাম কলিতাহে আছিল।[1]

দণ্ডিনাথ কলিতাই কাঁহদল প্ৰাথমিক বিদ্যালয়ত শিক্ষাজীৱন আৰম্ভ কৰে। ১৯০২ চনত তেখেতে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰে। ইয়াৰ পৰাই ১৯১১ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত তেখেতে গুৱাহাটীকটন মহাবিদ্যালয়ত পঢ়িবলৈ লয়। কিন্তু পৰীক্ষাৰ সময়ত হাতৰ আঙুলিৰ গাঁঠিৰ পাবত বিষ হোৱা বাবে তেখেতে বি.এ. পৰীক্ষা দিব নোৱাৰিলে আৰু শিক্ষা অসম্পূৰ্ণ হৈ ৰয়। পিছত ঢাকাৰ পৰা এবছৰীয়া প্ৰশিক্ষণ গ্ৰহণ কৰি এল.টি. উত্তীৰ্ণ হয়।[1]

সাহিত্যিক অৱদান

[সম্পাদনা কৰক]

উপন্যাস

  1. ফুল (১৯০৮)
  2. সাধনা (১৯২৮)
  3. গণ-বিপ্লৱ (১৯৪০)
  4. হত্যাকাৰী কোন (১৯৪৭)
  5. অদৃষ্ট (১৯৪৮)
  6. আৱিষ্কাৰ (১৯৫১)

কবিতা পুথি

  1. ৰহঘৰা (১৯১৬)
  2. ৰগৰ (১৯২২)
  3. বহুৰূপী (১৯২৬)
  4. অসম সন্ধ্যা (১৯৪৯)
  5. বীণাৰ ঝংকাৰ (১৯৫১)

গল্প সংকলন

  1. সাতসৰী (১৯২৩)

ব্যঙ্গ কাহিনী

  1. আত্মানন্দৰ আত্মকাহিনী

সাধু

  1. সংস্কৃত নাটকৰ সাধু (দুটা খণ্ডত)
  2. সতী-কাহিনী
  3. অকণিৰ ৰামায়ণ

নাটক

  1. সতীৰ তেজ (১৯৩১)
  2. পৰাচিত (১৯৪৬)
  3. কীচক বধ (১৯৫০)
  4. মুক্তিৰ অভিযান (১৯৪১)
  5. অগ্নিপৰীক্ষা (১৯৪৬)
  6. পোহনীয়া কুকুৰ (১৯৪৬)
  7. নগৰৰ বিহুতলী (১৯৪৬)

জীৱনী গ্ৰন্থ

  1. কৰ্মবীৰ চন্দ্ৰনাথ (১৯২৪)
  2. গোহাঞিবৰুৱা (১৯৪৬)

পাঠ্যপুথি

  1. প্ৰদীপ
  2. সাহিত্য মুক্তাৱলী
  3. সংস্কৃত ব্যাকৰণাদৰ্শ
  4. Anglo Sanskrit Word Book

১৯৫৫ চনৰ ১৫ মে'ত তেজপুৰৰ লম্বোদৰ বৰা পথৰ নিজা বাসভৱনত দণ্ডিনাথ কলিতাৰ মৃত্যু হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 সমীন কলিতা (২০০১). শতাধিক অসমীয়া সাহিত্যিক. প্ৰকাশক গুৱাহাটী: ষ্টুডেণ্টচ্‌ ষ্ট'ৰচ্‌. পৃষ্ঠা. ১০৫-১০৮. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]