তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেইটামান শ্ৰেণীকক্ষ
মূলমন্ত্ৰ তমসো মা জ্যোৰ্তিগময়
স্থাপিত ১৮৬৮
অধ্যক্ষ পূণ্যধৰ লাহন
স্থান তেজপুৰ, অসম, ভাৰত
পূৰ্বৰ নাম তেজপুৰ গভট হাইস্কুল
ৱেবছাইট http://www.tezgovthsschool.webs.com/
তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়

ইতিহাস[সম্পাদনা কৰক]

তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপিত হৈছিল ১৮৬৮ চনত। সেই সময়ত বিদ্যালয়খনি “তেজপুৰ গভট হাইস্কুল” নামেৰে পৰিচিত আছিল। কিন্তু ইতিহাসৰ পাত লুটিয়াই চালে এই বিদ্যালয়খন ইয়াৰ আৰু আগেয়ে স্থাপিত কৰা হৈছিল বুলি জানিব পাৰি। ১৮২৬ চনতে ব্ৰিটিছ অধীকৃত অসমত ১১ খন বিদ্যালয় স্থাপন কৰিবলৈ বংগ চৰকাৰৰ পৰা অনুমোদন লাভ কৰিছিল আৰু এই সূত্ৰে অবিভক্ত দৰং জিলাতো কেইবাখনো বিদ্যালয় স্থাপন কৰা হৈছিল। ১৮৩৬ চনত আয়ুক্ত মিঃ জেনকিন্সে এখন দেশীয় বিদ্যালয় তেজপুৰত স্থাপন কৰিছিল বুলি জনা যায়। সদৰ দেৱাৰী ১৮৫৩ আদালতৰ জজ (judge) মিঃ ক্ৰজে মোফাট মিলছৰ ১৮৫৩ চনৰ প্ৰতিবেদন মতে সেই বছৰত বিদ্যালয় খনত ৩ জন শিক্ষক আৰু ৭১ জন ছাত্ৰ আছিল। সম্ভৱতঃ ১৮৩৬ চনত মিঃ জেনকিন্সে প্ৰতিষ্ঠা কৰা দেশীয় বিদ্যালয়খনৰেই বৰ্তমান ৰূপ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়।
তেজপুৰ পৌৰ চহৰৰ পোণপ্ৰথম জৰীপ মানচিত্ৰত এই বিদ্যালয়ৰ দাগ নং ৭৮৮ আছিল। বিদ্যালয়ত ঊনবিংশ শতিকাৰ শেষৰ পৰাই বোৰ্ডিং বা হোষ্টেল আৰম্ভ হৈছিল। ১৯১৭ চনত শিক্ষাধিকাৰ মিঃ কানিংহামে লিখি থৈ যোৱা টোকাৰ পৰা জনা যায় যে সেই সময়ত ছাত্ৰাবাসত থকা এজন ছাত্ৰৰ মাহেকত ৯ টকা ৮ অনা আৰু ৯ পাই খৰছ হৈছিল।

কৃৰ্তিত্ব[সম্পাদনা কৰক]

সেই সময়ত বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাক এন্ট্ৰেন্স পৰীক্ষা বোলা হৈছিল। ১৮৭২ চনত এন্ট্ৰেন্স পৰীক্ষা দি উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থী জন আছিল তেজপুৰৰে ৰায়বাহাদুৰ স্বৰ্গীয় বেথাৰাম শৰ্মা। ১৮৮১-১৮৮২ চনত সু-সাহিত্যিক লম্বোদৰ বৰাদেৱে এন্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ বৃত্তি লাভ কৰিছিল। এই বিদ্যালয়ৰ পৰাই প্ৰয়াত ৰজনী কুমাৰ, আনন্দ কুমাৰ আগৰৱালা, কৃষ্ণপ্ৰসাদ আগৰৱালা, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, চন্দ্ৰনাথ শৰ্মা, ডাঃ হেম বৰুৱা, প্ৰফুল্ল চন্দ্ৰ নাথ শৰ্মা, অমিয় কুমাৰ দাস, ত্যাগবীৰ হেম বৰুৱা, প্ৰফুল্ল সেনগুপ্ত, তীৰ্থনাথ ফুকন আদি বৰেণ্য ব্যক্তিয়ে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল।
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, নটসূৰ্য ফণী শৰ্মা, ডক্টৰ ভূপেন হাজৰিকা, অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰা সীতানাথ চৌধুৰী, মঞ্চকোঁৱৰ চন্দ্ৰধৰ গোস্বামী, বিজয় ভাগৱতী, শিৱপ্ৰসাদ ভট্টাচাৰ্য, মহীকান্ত দাস, প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামীকে ধৰি বহুতো গুণী-জ্ঞানী ব্যক্তিয়ে এই বিদ্যালয়তে জীৱনৰ আদিপাঠ গ্ৰহন কৰিছিল।

প্ৰধান শিক্ষক/অধ্যক্ষ[সম্পাদনা কৰক]

বিদ্যালয়খনৰ প্ৰথমজন অসমীয়া শিক্ষক আছিল কেশব চন্দ্ৰ ফুকন। ১৯০০-১৯০২ চনলৈ প্ৰধান শিক্ষক আছিল ৰামমোহন মিত্ৰ। ১৯০৬ চনত প্ৰধান শিক্ষক আছিল প্ৰসন্ন মুখাৰ্জী। ১৯৬১ চনত উচ্চতৰ মাধ্যমিক স্তৰলৈ উন্নীত কৰাৰ পিছত এই বিদ্যালয়ৰ প্ৰথমগৰাকী অধ্যক্ষ হয় ৰজনীকান্ত দাস
বৰ্তমান বিদ্যালয়ৰ অধ্যক্ষৰ পদ অলংকৃত কৰিছে নৰেন হাজৰিকাই আৰু উপাধ্যক্ষ (ভাৰপ্ৰাপ্ত) আসনত আছে আব্দুল হুচেইন।

বিদ্যালয়ৰ মুখপাত্ৰ[সম্পাদনা কৰক]

বিদ্যালয়ৰ ছাত্ৰসকলৰ সুপ্ত প্ৰতিভা আৰু মানসিক উত্কৰ্ষ সাধনৰ উত্কৃষ্ট থলী হৈছে বিদ্যালয়ৰ মুখপাত্ৰ “সঁফুৰা”। ১৯৪৭ চনত ছাত্ৰবন্ধু নামেৰে প্ৰথম প্ৰকাশ হৈছিল। ১৯৫০-৫১ চনত নতুন নামকৰণ “সঁফুৰা” কৰা হয়। সঁফুৰাৰ প্ৰথমজন সম্পাদক আছিল নলিনী কুমাৰ শৰ্মা।

সমল[সম্পাদনা কৰক]

  • "নিয়মিয়া বাৰ্তা’’ বাতৰি কাকত ৩০ জুন ২০১১
  • বিদ্যালয় মুখপত্ৰ "সঁফুৰা"