ৰজনী বসুমতাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰজনী বসুমতাৰী
জন্ম ৰঙাপাৰা, শোণিতপুৰ জিলা, অসম[1]
শিক্ষা সন্দিকৈ কলেজ, গুৱাহাটী
পেচা পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ

ৰজনী বসুমতাৰী এগৰাকী চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, অভিনেত্ৰী আৰু চিত্ৰনাট্যকাৰ। প্ৰথমতে বিদ্যুৎ চক্ৰৱৰ্তী, মুজাফৰ আলীৰ দৰে পৰিচালকৰ অধীনত তেওঁ কাম কৰিছিল। তেওঁ গুৱাহাটী দূৰদৰ্শনৰ বাবেও কেইবাখনো ধাৰাবাহিকৰ কাহিনী লিখিছে।

কৰ্মজীৱন[সম্পাদনা কৰক]

শিক্ষা সাং কৰি ৰজনী বসুমতাৰী দিল্লীলৈ ৰাওনা হৈছিল। শেহতীয়াকৈ এখন হিন্দী ছবিত কাৰ্যবাহী প্ৰযোজক হিচাপেও তেওঁ কাম কৰি আছে। ৰাষ্ট্ৰীয় টেলিভিশ্যন চেনেলটো বিভিন্ন ধৰণৰ কাম কৰিছে ৰজনী বসুমতাৰীয়ে। ন’কিয়া, ব্ৰিটিছ উচ্চায়ুক্তৰ বাবে বিভিন্ন ধৰণৰ তথ্যচিত্ৰ প্ৰস্তুত কৰিছে পৰিচালকগৰাকীয়ে। [2]

ৰজনী বসুমতাৰীয়ে ২০০৭ চনত ৭টাকৈ ৰাজ্যিক বঁটা লাভ কৰা অসমীয়া চিনেমা অনুৰাগৰ চিত্ৰনাট্য প্ৰস্তুত কৰাৰ লগতে প্ৰযোজনা কৰিছিল। ২০০৫-০৬ চনত ৰজনী বসুমতাৰীয়ে চলচ্চিত্ৰ নিৰ্মাতা মুজাফৰ আলীৰ সৈতে ‘ভাৰত লাল: লাল বাহাদুৰ শাস্ত্ৰী’ নামৰ চুটি ছবিখনত সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল। বৰ্তমান মুজাফৰ আলীৰ ‘ৰুমী’ নামৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চিনেমাখনতো তেওঁ কাম কৰিছে। মুক্তিৰ অপেক্ষাত থকা ‘ষ্ট’ৰী আফ মাই লাইফ’ নামৰ হিন্দী ছবিখনৰ কাৰ্যবাহী প্ৰযোজক হিচাপেও জড়িত হৈ আছে।

বঁটা[সম্পাদনা কৰক]

২০০৭ চনত ৰজনী বসুমতাৰীয়ে আমেৰিকাৰ ব্ৰডকাষ্টিং নেটৱৰ্কৰ পৰা বেষ্ট প্ৰডিউচাৰ এৱাৰ্ড লাভ কৰিছিল।[3][2]

চলচ্চিত্ৰপঞ্জী[সম্পাদনা কৰক]

  • অনুৰাগ (২০০৪)
  • শ্বাটলকক বয়জ্ (২০১১)
  • ৰাগ - দ্য ৰিদম অৱ লাভ (২০১৪)
  • মেৰী কম (২০১৪)
  • দ্য শৌকিনছ্ (২০১৪)
  • থ্ৰী স্মকিং বেৰেলছ্ (২০১৮)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Rajni Basumatary - Overview". nettv4u.com. 10 May 2020. https://nettv4u.com/celebrity/hindi/director/rajni-basumatary। আহৰণ কৰা হৈছে: 10 May 2020. 
  2. 2.0 2.1 "RAJNI BASUMATARY's new film will fill the vacumn in Assamese cinema". 2013-11-26. http://www.thethumbprintmag.com/content.php?cat=Culture+and+Society&content=Rhythm+of+love। আহৰণ কৰা হৈছে: 6 মাৰ্চ 2014. 
  3. "About Rajni". Archived from the original on 2014-03-16. https://web.archive.org/web/20140316195013/http://raagthefilm.com/cast.php। আহৰণ কৰা হৈছে: 6 মাৰ্চ 2014. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]