সমললৈ যাওক

চেতনা দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চেতনা দাস
জন্ম ০৪ নৱেম্বৰ, ১৯৫৪[1]
শ্বিলং, মেঘালয়, (তেতিয়াৰ অসম)
 ভাৰত[1]
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
পেচা অভিনেত্ৰী
ধৰ্ম হিন্দু
বঁটা, সন্মান, পুৰস্কাৰ আদি সংগীত নাটক একাডেমী বঁটা, শিল্পী বঁটা (২০২৫)[2]

চেতনা দাস (ইংৰাজী: Chetana Das, জন্ম: ৪ নৱেম্বৰ, ১৯৫৪) হৈছে অসমৰ এগৰাকী অভিনেত্ৰী।[3] ১৯৭০ আৰু ১৯৮০ দশকত তেওঁ অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী আছিল।[1][4] তেওঁ পূৰ্বৰ অসমৰ (বৰ্তমানৰ মেঘালয়) শ্বিলঙত জন্মগ্ৰহণ কৰিছিল।[5]

চমু জীৱনী

[সম্পাদনা কৰক]

১৯৫৪ চনৰ ৪ নৱেম্বৰত চেতনা দাসৰ পূৰ্বৰ অসমৰ (বৰ্তমানৰ মেঘালয়) শ্বিলঙত জন্ম হয়। [1] পিতৃৰ নাম হৈছে স্বৰ্গীয় গিৰিন্দ্ৰ কুমাৰ তালুকদাৰ।[4] তেওঁ তেজপুৰদৰং কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।[1]

মঞ্চাভিনয়, গীত-নৃত্য

[সম্পাদনা কৰক]
  • তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতে শোণিত কুঁৱৰীত 'কুঁজী বুঢ়ী'ৰ চৰিত্ৰত অভিনয় কৰিছিল।
  • ১৯৬৫ চনত "তেজপুৰ মাল্টিপাৰ্প'জ গাৰ্লছ স্কুল"ৰ হৈ শ্ৰেষ্ঠা অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল।[4]
  • তেজপুৰবাণ থিয়েটাৰত ভোগজৰা' নাটত অভিনয়। চন্দ্ৰধৰ গোস্বামী, নটসূৰ্য ফণী শৰ্মা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আদি প্ৰসিদ্ধ ব্যক্তিৰ সৈতে 'চিৰাজ', 'চাণক্য', 'নাগৰাজ বাসুকী', 'মহীজীৱি' আদি নাটত একেলগে কাম কৰিছিল।
  • ১৯৭২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত নাট্য মহোৎসৱত দৰং মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰিছিল আৰু নাট্যকাৰ প্ৰফুল্ল বৰা ৰচিত সিহঁত নমৰে নাটখনৰ যোগে স্বৰ্ণপদক লাভ কৰিছিল।
  • ১৯৭৫ চনত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন আৰু আই.আই.ফাস্ক হলত মঞ্চস্থ হোৱা আৰু 'নাটঘৰ'ৰ দ্বাৰা নিবেদিত 'ফাটিমা বিবিৰ ঘৰ' নাটত অংশ লৈছিল।
  • তেজপুৰৰ সঙ্গীত নাটকম্ নাট্যগোষ্ঠীয়ে অসমৰ বিভিন্ন জিলাত মঞ্চস্থ কৰা নাট্যকাৰ প্ৰফুল্ল বৰাৰ উপপথ নাটত আইতাকৰ ভূমিকাত অভিনয় কৰিছিল।
  • ১৯৭৫ চনৰ ৩১ অক্টোবৰত সাংস্কৃতিক সঞ্চালকালয়ৰ নাট্য শাখাত এগৰাকী নাট্য শিল্পী ৰূপে যোগদান কৰিছিল।
  • দূৰদৰ্শনত সম্প্ৰচাৰিত লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা পৰিচালিত এখন নৃত্য-নাটিকাত অংশ লৈছিল।
  • ১৯৭৫ চনত কলকাতাৰ ৰবীন্দ্ৰ সদনত অনুষ্ঠিত অখিল ভাৰতীয় লোক-সঙ্গীত মহোত্সৱত অসমৰ অন্যান্য শিল্পীৰ সৈতে লোকগীত শাখাত অংশ লৈছিল।
  • ১৯৭৬ চনত দিল্লীৰ শ্ৰীৰাম চেণ্টাৰত মঞ্চায়িত, অতুল বৰদলৈ আৰু দুলাল ৰয় ৰচিত 'বৃক্ষৰ খোজ' নাটত মূল চৰিত্ৰ 'বাগী'ৰ ভাওত অভিনয় কৰিছিল। উল্লেখনীয় যে বিভিন্ন মঞ্চত এই নাটখন ৫০তকৈয়ে অধিকবাৰ অভিনীত হৈছিল।
  • একেটা বৰ্ষতে নতুন দিল্লীৰ কলামন্দিৰত অনুষ্ঠিত অখিল ভাৰতীয় নাট্য মহোৎসৱত শ্ৰেষ্ঠ নাটকৰ সন্মান লাভ কৰা 'চৰকাৰী ইন্সপেক্টৰ'ত অভিনয় কৰিছিল।
  • ১৯৮৬ চনত 'অপনা উৎসৱ'ত অংশ লৈছিল। একেটা বৰ্ষতে ৰেকিবুদ্দিন আহমেদৰ ওচৰত জিকিৰৰ আৰু নৃত্যশিল্পী নৰেন্দ্ৰ শৰ্মাৰ ওচৰত নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।
  • ১৯৭৯ চনত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ তদাৰকীত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে আয়োজন কৰা 'নাট্য কৰ্মশালা'ৰ আটাইকেইখন নাটকতে অংশ লৈছিল।
  • ১৯৯২ চনত দুলাল ৰয় পৰিচালিত আৰু নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় আৰু আই.আই.ফাস্ক হলত মঞ্চায়িত 'কেলিন্দা' নাটত 'চিজনিয়া'ৰ ভাওত অভিনয় কৰিছিল।
  • ১৯৯৫ চনত SAARC লোক-নৃত্য মহোৎসৱত এগৰাকী লোক-নৃত্য শিল্পী ৰূপে ভাগ লৈছিল।
  • ভুৱনেশ্বৰৰ সূৰ্ষ মন্দিৰত অনুষ্ঠিত কোণাৰ্ক লোক-নৃত্য মহোৎসৱত এগৰাকী লোক-নৃত্য শিল্পী ৰূপে ভাগ লৈছিল।
  • ১৯৯৫ চনত জাহ্নু বৰুৱাৰ নিৰ্দেশনাত সফলতাৰে " Film Appreciation course"ৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।[4]
  • শিল্পীগৰাকীয়ে অভিনয় কৰা কেইখনমান উল্লেখনীয় নাটক হ'ল-
ক্ৰমনাটনাট্যকাৰ আহাৰঅৰুণ শৰ্মা
জন্মমহেন্দ্ৰ বৰঠাকুৰ
শুনা জন্মেজয়আদ্য ৰঙাচাৰী
ভোটাই ডেকাসাৰদা বৰদলৈ
এটি চোলাৰ কাহিনীআলি হাইদৰ
লিলি অ’ লিলিহৰেন্দ্ৰ নাথ ভূঞা
আৰ্মছ এণ্ড দ্য মেনজি. বি. শ্বেও
অভাৰ ব্ৰীজপ্ৰৱীণ ফুকন
মহাৰজাসতীশ ভট্টাচাৰ্য্য
১০পৰশুৰামঅৰুণ শৰ্মা[4]

আকাশবাণীত প্ৰচাৰিত নাট

[সম্পাদনা কৰক]
নাটচৰিত্ৰনাট্যকাৰতথ্য
গোৱৰ্দ্ধন চৰিতমাইনাতৰুণ শইকীয়াবৰ্ষ - ১৯৭৬, নিৰ্দেশক - নীলু চক্ৰৱৰ্তী
কাঠফুলাবেদনাআব্দুল মালিকনিৰ্দেশক - ধীৰু ভূঞা
মাইনা সংবাদতৰুণ শইকীয়াএই নাটখন অল ইণ্ডিয়া ৰেডিঅ' ড্ৰামা প্ৰতিযোগিতাত শ্ৰেষ্ঠ নাট সমূহৰ মাজত নিৰ্বাচিত।[4]

নাটক নিৰ্দেশনা

[সম্পাদনা কৰক]

চেতনা দাসে কেইবাখনো নাটক নিৰ্দেশনা কৰিছে। ইয়াৰে কেইখনমান নাটক হৈছে:[4]

নাটনাট্যকাৰ
অজীণ পাটকীদিনেশ শৰ্মা
মাজনীজেউতি বৰা
পোহৰবসন্ত খনিকৰ
মহে গুণ গুণ কৰেলক্ষীণন্দন বৰা
প্ৰজাপতি নিবন্ধনচেতনা দাস

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
বৰ্ষচলচ্চিত্ৰৰ নামইংৰাজী নাম
১৯৭০বৰুৱাৰ সংসাৰBaruar Sansar
১৯৭৯দূৰণীৰ ৰঙDuronir rang
১৯৮০উপপথUpapath
১৯৮৫অগ্নিস্নানOrdeal
১৯৮৬পাপৰিpapari
১৯৮৮কোলাহলThe Turmoil
১৯৯২ফিৰিঙতিThe Spark
১৯৯৫আৱৰ্তনAbatran
১৯৯৬অদাহ্যIncombustible
১৯৯৮দিল চেDil se (Hindi)
২০০০হিয়া দিয়া নিয়াHiya diya niya
২০০১দাগDaag
২০০২কন্যাদানKoinadan
২০০৪ৰংমনRongmon
২০০৪কাদম্বৰীKadambori
২০০৫চুৰেণ চোৰৰ পুতেকSuren Suror putek
২০১৬দূৰদৰ্শন...এটি যন্ত্ৰDuradrashan Eti Janta
২০১৯ৰত্নাকৰRatnakar

তেওঁ অভিনয় কৰা আৰু কেইখন মান বোলছবি নাম হল: কালসন্ধ্যা (হিন্দী),কইনা মোৰ ধুনীয়া, মাঘত মামনি বিয়া, উজনি দুজনী গাভৰু, মন, চেনাই মোৰ ঢুলীয়া, ককা দেউতা ঘৰ জোৱাঁই , ৰুদ্ৰ আদি।

অন্যান্য কৃতিত্ব

[সম্পাদনা কৰক]
  • হিন্দী ধাৰাবাহিক "কামৰূপ কি কাহানী"ত অভিনয় কৰিছিল।
  • অসমীয়া সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ড॰ আম্বেদকাৰ বঁটা লাভ কৰে।
  • অসমীয়া চলচ্চিত্ৰ হিয়া দিয়া নিয়াত দেখুওৱা প্ৰদৰ্শনৰ বাবে মুনলাইট মিডিয়া স্পেছিয়েল জুৰি বঁটা লাভ কৰে।
  • ২০২৪ চনত অসম চৰকাৰে তেখেতক নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদান কৰে।
  • ২০২৬ চনত তেখেতক ভাৰত চৰকাৰে ২০২৫ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰে।


[4]

জড়িত থকা কেন্দ্ৰসমূহ

[সম্পাদনা কৰক]

চেতনা দাস কেইবাটাও সাংস্কৃতিক কেন্দ্ৰৰ লগত জড়িত হৈ আছে। তাৰে কেইটামান সাংস্কৃতিক কেন্দ্ৰৰ নাম হৈছে:

  • মিতালী কলা কেন্দ্ৰ
  • অক্যাতন
  • ভাৰতীয় গণ নাট্য সংঘ
  • সৌভিক
  • নাটশালা
  • প্ৰগতি
  • সমলয়
  • নিউ আৰ্ট প্লেয়াৰ্ছ
  • মঞ্চলোক
  • বৰপেটা ফুকন নাট্য মন্দিৰ
  • মিলন মন্দিৰ
  • শিৱসাগৰ নাট্য মন্দিৰ
  • কামৰূপীয়া সনাতন ধৰ্ম মণ্ডলী
  • শৃগাল
  • বাণ থিয়েটাৰ
  • মাজগাঁও শংকৰ মন্দিৰ[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 Tania Gogoi (30-Jan-2010). "Chetana Das – Indian Actress from Assam". SpiderWorks Technologies Pvt Ltd., Kochi, India. http://www.assamspider.com/resources/2415-Chetana-Das-Indian-Actress-from-Assam.aspx আহৰণ কৰা হৈছে: December 06, 2012.
  2. "ৰাজ্যৰ পাঁচগৰাকী বিশিষ্ট শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা". আকাশবাণী. June 11, 2026 11:26 AM. https://newsonair.gov.in/as/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A7%B0-%E0%A6%AA%E0%A6%BE%E0%A6%81%E0%A6%9A%E0%A6%97%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%80-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%9F/ আহৰণ কৰা হৈছে: 11 June 2026.
  3. "ৰস-সম্ৰাজ্ঞী চেতনা দাসৰ সৈতে এক অন্তৰংগ আলাপ". সাক্ষাৎকাৰ. ফটাঢোল. ১ ফেব্ৰুৱাৰী, ২০১৮. Archived from the original on 2024-05-25. https://web.archive.org/web/20240525094754/https://fotadhol.com/?p=2891 আহৰণ কৰা হৈছে: 25 মে' 2024.
  4. 1 2 3 4 5 6 7 8 9 "ৰূপালী পৰ্দাত চেতনা দাসৰ বষয়ে". www.webxindia.com. http://www.rupaliparda.com/english/who's-who/chetanadas.htm আহৰণ কৰা হৈছে: December 06, 2012.
  5. "IMDbত চেতনা দাসৰ বিষয়ে". IMDb.com, Inc.. http://www.imdb.com/name/nm2762787/ আহৰণ কৰা হৈছে: December 06, 2012.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]