ৰুদ্ৰ বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ৰুদ্ৰ বৰুৱা
প্ৰাথমিক তথ্য
জন্ম ২৬ নৱেম্বৰ, ১৯২৬
নগাঁও জিলাৰ পুৰণিগুদামৰ কাষৰ ভীমৰ গাঁও
মৃত্যু ১৯৮০ চনৰ ১৪ ফেব্ৰুৱাৰী
পেচা কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক, অভিনেতা
বাদ্যযন্ত্ৰ হাৰমনিয়াম

ৰুদ্ৰ বৰুৱা (ইংৰাজী: Rudra Baruah) (জন্ম: ১৯২৬ - মৃত্যু: ১৯৮০) আধুনিক অসমীয়া সংগীত জগতত এক উল্লেখনীয় নাম। তেখেতক অসমীয়া চলচ্চিত্ৰ আৰু অসমৰ সংগীতসমূহলৈ আগবঢ়োৱা অৱদানৰ বাবে লুইত কোঁৱৰ উপাধিৰেও জনা যায়। কলংপৰীয়া গীতিকাৰ তেখেতৰ অন্য এটা জনপ্ৰিয় উপাধি। তেখেত একেধাৰে এজন গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক আৰু অভিনেতা আছিল। অসমীয়া সংগীতৰ জগতত ঘাইকৈ বনকোঁৱৰ আনন্দিৰাম দাসৰ ’বনগীত’ সমূহৰ তেখেতে উন্নতি সাধন কৰিছিল।

শৈশৱ[সম্পাদনা কৰক]

ৰুদ্ৰ বৰুৱাৰ জন্ম ১৯২৬ চনত অসমনগাঁও জিলাপুৰণিগুদামৰ কাষৰ ভীমৰ গাঁৱত হৈছিল। তেখেতৰ দেউতাকৰ নাম আছিল বৰদাকান্ত বৰুৱা আৰু মাতৃৰ নাম আছিল হীৰালতা বৰুৱা ৷ ৰজাঘৰীয়া খিতাপ পোৱা কঁহাল বাখৰ বৰুৱাৰ পৰিয়ালৰ বংশধৰ হিচাপে তেওঁলোকৰ পৰিচয় আছিল ৷ ৰুদ্ৰ বৰুৱা সৰু হৈ থাকোঁতেই তেওঁৰ দেউতাকৰ মৃত্যু হৈছিল ৷ মাক, বায়েক আৰু এগৰাকী ভনীয়েকৰ সৈতে ৰুদ্ৰ বৰুৱাই সংগ্ৰামৰ মাজেৰে জীৱনৰ বাটত আগবাঢ়িব লগা হৈছিল ৷ ৰুদ্ৰ বৰুৱাই মিকিৰহাট প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল ৷ ১৯৪৫ চনত তেওঁ ৰাধাকান্ত বৰুৱা হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় ৷ তাৰপিছত কেইদিনমানৰ কাৰণে তেওঁ শিক্ষা স্থবিৰ হ'ল ৷ তেতিয়া দ্বিতীয় মহাসমৰৰ সময় ৷ ঘৰুৱা আৰ্থিক অনাটনৰ বাবে তেওঁ ৰাস্তাৰ মহৰীৰ কাম কৰিছিল ৷ অৱশ্যে পৰৱৰ্তী সময়ত তেওঁ একাংশ ব্যক্তিৰ সহায় লৈ নগাঁও কলেজত শিক্ষাগ্ৰহণ কৰিবলৈ আহে ৷ [1]

জন্মসূত্ৰেই ৰুদ্ৰ বৰুৱাই এক সাংস্কৃতিক বাতাৱৰণ পাইছিল ৷ শংকৰী সংস্কৃতিৰ দ্বাৰা সেই অঞ্চলটো প্ৰভাৱান্বিত হৈছিল ৷ ৰুদ্ৰ বৰুৱাৰ ঘৰৰ ওচৰতে থকা নামঘৰটোত তেওঁ বিভিন্ন ভাওনা,নাম-প্ৰসংগ আদি দেখি আহিছিল আৰু অসমীয়া লোক সংগীতৰ সুৰৰ প্ৰতি মোহ ওপজিছিল ৷ [1] ৰুক্মিণী হৰণ ভাওনাত ৰুক্মিনীৰ ভাও লৈ তেওঁ যেতিয়া বিলাপ জোৰে, গাঁৱৰ দৰ্শকবৃন্দৰ দুচকুৰে দুধাৰি লোটক বৈ আহে ৷ সময় পালেই তেওঁ নাতিদূৰৈত থকা লেটুগ্ৰাম সত্ৰলৈ গৈ গোঁসাই মহন্ত ভকতসকলৰ ওচৰত বহি গীত মাতৰ চৰ্চা কৰিছিল ৷ [2] মাকৰ লগতে বিভিন্ন মহিলাৰ মুখত শুনিবলৈ পোৱা আইনাম, ধাইনাম আদিয়ে তেওঁক অভিভূত কৰিছিল ৷ গ্ৰাম্য সৌন্দৰ্যৰ দ্বাৰা আলোড়িত হৈ ৰুদ্ৰ বৰুৱাই সেই সময়তে গীত লিখাৰ উদ্দেশ্যে কলম তুলি লৈছিল ৷ পথাৰত গৰু চৰাই নাচি-বাগি খেলি থাকোঁতেই এদিন ৰুদ্ৰ বৰুৱাই লিখিছিল [1]-

বোৱতী নৈৰ পাৰৰে মোৰ
সৰুকৈ গাওঁখনি
মাটিৰে সৰগ যেন
সবাতোকৈ শুৱনি

সংগীতচৰ্চা[সম্পাদনা কৰক]

নিজা গাঁৱত আৰম্ভ হোৱা ৰুদ্ৰ বৰুৱাৰ সাংগীতিক যাত্ৰাই এদিন নগাঁও চহৰলৈ গতি কৰিলে ৷ শিশু ৰুদ্ৰ বৰুৱা এসময়ত নগাঁৱৰ চহৰলৈ ওলাই যায় আৰু পূৰ্ণ উদ্যম আৰু উৎসাহেৰে সংগীতৰ বৰ্ণময় পৃথিৱীখনত সবল খোজ পেলায় ৷ নগাঁৱৰ বিভিন্ন ঠাইত গীত লিখি, সুৰাৰোপন কৰি, পৰিৱেশন কৰি ৰুদ্ৰ বৰুৱা জনপ্ৰিয় হৈ পৰিছিল ৷[1] [2]

উচ্চশিক্ষা আহৰণ আৰু জীৱিকাৰ সন্ধানত ৰুদ্ৰ বৰুৱাই শ্বিলঙলৈ গমন কৰে ৷ তাত তেওঁ ৰেচম বিভাগত চাকৰি কৰিবলৈ আৰম্ভ কৰে ৷ আত্মীয় মাণিক হাজৰিকা, পদ্মাৱতী হাজৰিকা, হেম হাজৰিকা আদিৰ সহযোগত ৰুদ্ৰ বৰুৱা এসময়ত শ্বিলঙত প্ৰতিষ্ঠিত হয় ৷ তেওঁ দিনত চাকৰি কৰে আৰু নিশা ছেইণ্ট এন্থনী কলেজত পঢ়ে ৷[3] এনেকৈয়ে তেওঁ ১৯৫১ চনত স্নাতক ডিগ্ৰী লাভ কৰে ৷ [1] এইবোৰৰ লগতে তেওঁৰ আছিল অন্য এটি হেঁপাহ ৷ অসমৰ লোকগীতক সমগ্ৰ ভাৰততে জনপ্ৰিয় কৰি তোলাৰ অকৃত্ৰিম আৰু আন্তৰিক হেপাঁহ ৷ শ্বিলঙত ৰুদ্ৰ বৰুৱাৰ প্ৰতিভাই পূৰ্ণতা পালে ৷ শ্বিলঙৰ অনাঁতাৰ কেন্দ্ৰৰ পৰা তেখেতৰ গীত প্ৰচাৰ হ'বলৈ ধৰিলে ৷ অনন্য প্ৰতিভাধৰগৰাকীৰ যাদুকৰী সাংগীতিক ধ্বনিয়ে সমগ্ৰ অসমবাসীক সন্মোহিত কৰিবলৈ বৰ বেছি সময় নালাগিল ৷.[2] প্ৰকৃততে শ্বিলঙলৈ যোৱাৰ পৰাই ৰুদ্ৰ বৰুৱাৰ জীৱনে নতুন মোৰ লাভ কৰিলে ৷ সেই সময়ত প্ৰাচীন কামৰূপী নাট্য সংঘ, শ্বিলং কলা পৰিষদ আদিৰ সৈতে জড়িত হৈ তেওঁ নিজৰ সংগীত-চৰ্চা আগুৱাই নিয়ে ৷[1]

শ্বিলঙত থকা সময়তে ৰুদ্ৰ বৰুৱাৰ দ্বাৰা সুৰাৰোপিত হৈছিল এটি চিৰযুগমীয়া গীত ৷ গীতটি আছিল কলৰে পাততে কাউৰী পৰে৷ গীতটি লিখিছিল কেশৱ মহন্তই ৷ গীতটোৰ সুৰকাৰ বিচাৰি কেশৱ মহন্ত আৰু তেওঁৰ পত্নী নিকুঞ্জলতা মহন্ত শ্বিলঙৰ ৰুদ্ৰ বৰুৱাৰ গৃহত উপস্থিত হৈছিলগৈ ৷ নগাঁৱৰে এটা কিশোৰক ৰুদ্ৰ বৰুৱাৰ তত্ত্বাৱধানত ৰখাটোও তেওঁলোকৰ সেই শ্বিলঙ ভ্ৰমণৰ অইন এটা উদ্দেশ্য আছিল ৷ সেই কিশোৰজন আছিল খগেন মহন্ত ৷

ৰুদ্ৰ বৰুৱাই তেওঁলোকৰ অনুৰোধ ৰাখিলে আৰু সেই গীতটোৰ সুৰ সংযোজন কৰিলে ৷ শিশু কণ্ঠশিল্পী খগেন মহন্তকো শিকাই-বুজাই গানটো গোৱাবলৈ চেষ্টা কৰিলে ৷ ৰুদ্ৰ বৰুৱাৰ দ্বাৰা সংগীত-শিক্ষা গ্ৰহণ কৰি খগেন মহন্তই কটন কলেজত অনুষ্ঠিত হোৱা সদৌ অসম সংগীত সন্মিলনী(All Assam Music conference)ত সেই গীতটো পৰিৱেশন কৰে আৰু শ্ৰোতাৰ দ্বাৰা বিপুল সমাদৰ লাভ কৰে ৷পাছত তেওঁ গীতটো কলিকতালৈ গৈ বাণীবদ্ধ কৰে ৷ মুক্তিলাভৰ পাছতেই গীতটিয়ে সমগ্ৰ অসমতে জনপ্ৰিয়তা অৰ্জন কৰে ৷ গীতটো আজিৰ তাৰিখতো সমানেই জনপ্ৰিয় ৷[3]

ৰুদ্ৰ বৰুৱাইও এই গীতটো খুউব সুন্দৰকৈ গাইছিল ৷ পিছে তেওঁ ৰাজহুৱা ঠাইত গীতটি পৰিৱেশন কৰাৰ পৰা বিৰত আছিল ৷ কাৰণ তেওঁ ভাবিছিল, তেওঁৰ ছাত্ৰই বাণীবদ্ধ কৰা গীতটোত তেওঁ গৈ পুনৰ কণ্ঠদান কৰিলে নাইবা ৰাজহুৱা ঠাইত প্ৰদৰ্শন কৰিলে কোনোবাই হয়তো দুয়োটা কণ্ঠকে তুলনাৰ দৃষ্টিৰে চাব আৰু সেই তুলনাই তৰুণ শিল্পীজনক ক্ষতিগ্ৰস্ত কৰিব ৷ [3]

পৰৱৰ্তী সময়[সম্পাদনা কৰক]

পাছৰ সময়খিনি তেখেতে গুৱাহাটীত বসবাস কৰিছিল।[4] তেখেতৰ এগৰাকী পত্নী আৰু তিনিজন পুত্ৰ সন্তান আছিল। তেখেতৰ মৃত্যু হৈছিল ১৯৮০ চনৰ ১৪ ফেব্ৰুৱাৰীত। তেওঁ অসম চৰকাৰৰ অধীনত থকা জনসংযোগ বিভাগত (বৰ্তমানৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়) কাম কৰিছিল আৰু সত্তৰৰ দশকত সংস্কৃতি আৰু চলচ্চিত্ৰ শাখা প্ৰতিষ্ঠা কৰিছিল।[5]

সংগীতৰ পৃথিৱীত ৰুদ্ৰ বৰুৱা[সম্পাদনা কৰক]

ৰুদ্ৰ বৰুৱাৰ গীতত অসমৰ সাতামপুৰুষীয়া বিহু গীত, বনঘোষা, আইনাম, বিয়ানাম, বৰগীত, থলুৱা গীতসমূহৰ সুৰৰ স্বতঃস্ফুৰ্ত প্ৰভাৱ পতিছিল। গ্ৰামোফোন ৰেকৰ্ডত বাণীবদ্ধ জ্ঞানদা কাকতী আৰু জ্যোতিমৰ্য় কাকতীৰ দ্বৈত কণ্ঠত ’লুইতৰ পাৰত দুটি ফুল বনৰীয়া’, ’চ’তৰ চাপৰিত চাকৈয়ে চিঞৰে চকোৱা চৰতে নাই’ ৰুদ্ৰ বৰুৱাৰ ৰচনা আৰু সুৰৰ অতি মনপৰশা দুটি বনগীত। তেওঁৰ ভালেকেইটা গীতত গায়ক খগেন মহন্তৰ কণ্ঠদান কৰিছে। মুক্তিনাথ বৰদলৈৰ ৰচনাৰে দিপালী বৰঠাকুৰৰ কণ্ঠত ’জোনধন জোনালীতে’, কেশৱ মহন্তৰ ’বৰষুণৰ বতৰত’ গীত দুটাও অতি জনপ্ৰিয়।

অৰ্চনা মহন্ত, মৃদুলা দাস, অপূৰ্ব দাস, অণিমা ভট্টাচাৰ্য, নীলিমা খাতুন, মহানন্দ মজিন্দাৰ বৰুৱাৰ উপৰি মান্না দে’, সুমন কল্যাণপুৰ আদি শিল্পীয়েও তেওঁৰ গীতত কণ্ঠ নিগৰাইছিল। তেওঁৰ গীতবোৰ হাৰমনিয়াম আৰু তবলাযোৰেৰে পৰিবেশন কৰিছিল। তেখেতৰ গীতবোৰ ’ৰুদ্ৰ বৰুৱাৰ গীত’ ৰূপে জনা যায়।

চলচ্চিত্ৰপঞ্জী[সম্পাদনা কৰক]

উল্লেখযোগ্য গীতসমূহ[সম্পাদনা কৰক]

  • পকা ধানৰ মাজে মাজে[7]
  • কলৰে পাততে কাউৰী পৰে
  • কাষত কলচী হালি জালি কোন মেনকা আহে
  • হাল বাওঁ ম‍ই হালোৱা
  • অ’ তুলতুল অ’ বুলবুল অ’ সেউটি তৰা
  • তাঁতৰ দোৰেপতি চলায় ঘনেপতি
  • অ’ হেৰা জেতুকী বাই
  • বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা (কথা আৰু সুৰ), কণ্ঠ:- দিপালী বৰঠাকুৰ
  • অ’ মইনা চেনাই তোৰ ওঁঠৰ হাঁহি হৰিলে কোনে (বিহুগীত)
  • লুইতৰ পাৰত দুটি ফুল বনৰীয়া (বনগীত)
  • চ’তৰ চাপৰিত চাকৈয়ে চিঞৰে চকোৱা চৰতে নাই (বনগীত)
  • জোনধন জোনালীতে, কণ্ঠ:- দিপালী বৰঠাকুৰ
  • বৰষুণৰ বতৰত, কণ্ঠ:- দিপালী বৰঠাকুৰ

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 পৰাশৰ,অনুভৱ (২০১৫). কুৰি গৰাকী মহান অসমীয়া শিল্পী. ৰেখা প্ৰকাশন. পৃষ্ঠা. ৪৫-৪৯. 
  2. 2.0 2.1 2.2 পুৰণিগুদামৰ সংক্ষিপ্ত বুৰঞ্জী,ধৰণীধৰ মজিন্দাৰ,প্ৰথম প্ৰকাশ, ১ মাৰ্চ ২০০০
  3. 3.0 3.1 3.2 Barua,Dr. Navanil. "The genesis of a super song". Enajori. https://www.enajori.com/?p=555। আহৰণ কৰা হৈছে: 31 May 2019. 
  4. Manjit Kumar Sarma. "Remembering Rudra Barua". Bipuljyoti Saikia. Archived from the original on 2008-02-03. http://web.archive.org/web/20080203085811/http://www.geocities.com/bipuljyoti/music/rudra_barua.html। আহৰণ কৰা হৈছে: 20 November 2007. 
  5. "Official Website of Directorate of Information & Public Relations". Directorate of Information & Public Relations, Govt of Assam. http://janasanyogassam.nic.in/pubrel1.htm। আহৰণ কৰা হৈছে: 20 November 2007. 
  6. "Assamese Cinema". Indian Cinema Database. Archived from the original on 21 October 2007. http://web.archive.org/web/20071021090642/http://ccat.sas.upenn.edu/indiancinema/?browse=language&start=Assamese। আহৰণ কৰা হৈছে: 20 November 2007. 
  7. http://enajori.com/musical-minds/

৫.পুৰণিগুদামৰ সংক্ষিপ্ত বুৰঞ্জী,ধৰণীধৰ মজিন্দাৰ,প্ৰথম প্ৰকাশ,১ মাৰ্চ ২০০০