কল্লোল (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
কল্লোল
পৰিচালক অতুল বৰদলৈ
লেখক অতুল বৰদলৈ
অভিনয়ত চন্দ্ৰ নাৰায়ণ বৰুৱা
বিষ্ণু খাৰঘৰীয়া
বীণা শইকীয়া
সংগীত পৰিচালক ৰুদ্ৰ বৰুৱা
চিত্ৰগ্ৰহণকাৰী নলীন দুৱৰা
ষ্টুডিঅ’ গতি চিত্ৰ
মুক্তি ১৯৭৮
দৈৰ্ঘ্য ৯৪ মিনিট
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

কল্লোল (ইংৰাজী: Kallol) অতুল বৰদলৈ পৰিচালিত এখন ক'লা-বগা অসমীয়া ছবি। সঙ্গীত পৰিচালনা ৰুদ্ৰ বৰুৱাৰ। ছবিখনে ১৯৭৯ত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা লাভ কৰিছিল।[1] ইয়োৰপৰি ছবিখন ১৯৭৮-৭৯ৰ ভাৰতীয় পেনোৰামালৈও নিৰ্বাচিত হৈছিল৷ [2]

কাহিনী[সম্পাদনা কৰক]

কল্লোল এখন বিদ্ৰোহাত্মক, প্ৰতীকধৰ্মী চলচ্চিত্ৰ, য’ত সামন্তবাদী সমাজ এখনৰ শ্ৰেণীদ্বন্দ্বৰ বিষয়ে চিত্ৰায়িত কৰা হৈছে। ইয়াত সামন্তপ্ৰভু হ’ল এজন জমিদাৰ, যাৰ নাম অনঙ্গপ্ৰসাদ চৌধুৰী (বৰুৱা)।স্থানীয় মাছমৰীয়াবোৰ হ’ল সামন্তদাস। সিহঁতে মাছ মাৰে, গুৰুভাগটো পায় জমিদাৰে। জমিদাৰ চৌধুৰী ক্ৰোধান্বিত হয়, যেতিয়া মাছমৰীয়াবোৰে এটা বৃহৎ আকাৰৰ মাছ ধৰাত ব্যৰ্থ হয়। অথচ জমিদাৰক উপেক্ষা কৰি চলা বিদ্ৰোহী যুৱক মণিয়ে সেই মাছটো ধৰিবলৈ সক্ষম হয়। অৱশেষত জমিদাৰৰ বিৰুদ্ধে মাছমৰীয়াবোৰে বিদ্ৰোহ কৰে আৰু সেই বিদ্ৰোহৰ নেতৃত্ব দিয়ে মণিয়ে।[1]

অভিনয়[সম্পাদনা কৰক]

  • চন্দ্ৰ নাৰায়ণ বৰুৱা (অনঙ্গপ্ৰসাদ চৌধুৰী)
  • বিষ্ণু খাৰঘৰীয়া
  • লাচিত ফুকন
  • বীণা শইকীয়া
  • মহিধৰ গোঁহাই, ৰণেন সাহা, ভৰত ৰাজখোৱা, প্ৰতিমা মহন্ত, মহিউদ্দিন আহমেদ[1][3]

গীত[সম্পাদনা কৰক]

ছবিখনৰ সঙ্গীত পৰিচালনা আৰু গীত ৰচনা কৰিছিল ৰুদ্ৰ বৰুৱাই। কণ্ঠদান নমিতা ভট্টাচাৰ্যৰ।[4]

ক্ৰমিক নং গীতৰ শীৰ্ষক গীতিকাৰ কণ্ঠ
দোলাৰে ভিতৰত বহিব নোৱাৰি কাঁইট পৰা আছে তাত, হীৰা-মুকুতাৰে সজালে পৰালে দেহা যে নপৰে শাঁত ৰুদ্ৰ বৰুৱা নমিতা ভট্টাচাৰ্য

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

কল্লোল ছবিখনে ১৯৭৯ৰ ২৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ 'ৰজত কমল' বঁটা লাভ কৰিছিল।[5]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "Kallol". https://indiancine.ma/TBO/info। আহৰণ কৰা হৈছে: 6 February 2020. 
  2. http://dff.nic.in/images/Documents/143_IPCatalogue1978-79.pdf
  3. "Kallol (1978), IMDB". https://www.imdb.com/title/tt0156667/। আহৰণ কৰা হৈছে: 6 February 2020. 
  4. Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 240. 
  5. "Assames Movie List". http://www.boxofficeassam.com/movie/aparajeyo-oporajeyo/। আহৰণ কৰা হৈছে: 5 February 2020.