নমিতা ভট্টাচাৰ্য
নমিতা ভট্টাচাৰ্য Namita Bhattacharya | |
---|---|
জন্ম | মাখিবাহা গাঁও, টিহু, নলবাৰী, অসম |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | গায়িকা |
দাম্পত্যসঙ্গী | সুভাষ গোস্বামী |
পিতৃ-মাতৃ |
|
সন্তান | পুত্ৰ ১ আৰু কন্যা ১ |
বঁটা, সন্মান, পুৰস্কাৰ আদি |
|
নমিতা ভট্টাচাৰ্য (ইংৰাজী: Namita Bhattacharya) হৈছে অসম, ভাৰতৰ এগৰাকী কণ্ঠশিল্পী৷ সত্তৰ-আশীৰ দশকত অসমীয়া সংগীত জগতখনৰ প্ৰত্যক্ষ সান্নিধ্যলৈ অহা গায়িকাগৰাকীৰ ১৯৭৫ চনত মুক্তিলাভ কৰা অসমীয়া চলচ্চিত্ৰ তৰামাইত পোনপ্ৰথমবাৰৰ বাবে নেপথ্য কণ্ঠশিল্পী হিচাপে অভিষেক ঘটে৷ ইয়াৰ পূৰ্বে তেখেতে আকাশবাণীত গীত পৰিৱেশন কৰিছিল৷ আলি ঢাকি পৰ শালিকী, লাজ লাজ লাজ, সুধিছা তোমালৈ কিমান মৰম, আলফুলীয়া কপৌফুল আদি তেখেতৰ কেইটামান সৰ্বজনসমাদৃত গীত৷ অসমৰ লগতে ভাৰতৰ কেইবাখনো ঠাইৰ লগতে ইউৰোপতো গীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ লাভ কৰা নমিতা ভট্টাচাৰ্যই ২০২১ বৰ্ষৰ অসম চৰকাৰে প্ৰদান কৰা 'শিল্পী বঁটা' লাভ কৰে৷ আধুনিক গীতৰ লগতে তেখেতে পৰম্পৰাগত গীত-মাত, ভজন আৰু গজলো পৰিৱেশন কৰে ৷ [1]
অসমৰ আন এগৰাকী জনপ্ৰিয় পুৰুষ কণ্ঠশিল্পী দ্বীপেন বৰুৱাৰ সৈতে বহুকেইখন অসমীয়া চলচ্চিত্ৰৰ দ্বৈত কণ্ঠৰ গীতত নমিতা ভট্টাচাৰ্যই কণ্ঠদান কৰি বিশেষ খ্যাতি তথা সমাদৰ লাভ কৰে ৷ তেখেতে বিশখনতকৈও অধিক অসমীয়া চলচ্চিত্ৰত গীত পৰিৱেশন কৰিছে৷
প্ৰাৰম্ভিক জীৱন আৰু সাংগীতিক শিক্ষা
[সম্পাদনা কৰক]নমিতা ভট্টাচাৰ্যৰ জন্ম হৈছিল নলবাৰী জিলাৰ টিহুৰ সমীপৱৰ্তী মাখিবাহা গাঁৱত ৷ তেখেতৰ পিতৃ তাৰানাথ ভট্টাচাৰ্য আৰু মাতৃ নীলিমা ভট্টাচাৰ্য৷ পিতৃৰ চাকৰিক্ষেত্ৰ গুৱাহাটী হোৱা হেতুকে তেখেতসকলে গুৱাহাটীৰে শিলপুখুৰীত স্থায়ীভাৱে থাকিবলৈ লয়৷ নমিতা ভট্টাচাৰ্যই শৈশৱ আৰু কৈশোৰৰ দিন প্ৰায় শিলপুখুৰীতেই অতিবাহিত কৰিছিল৷ তেখেতে তাৰিণীচৰণ বিদ্যালয়ত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে আৰু পিছলৈ সন্দিকৈ মহাবিদ্যালয়ত উচ্চশিক্ষাৰ হেতু নামভৰ্তি কৰে৷ সৰুৰেপৰাই তেখেতে সংগীতৰ চৰ্চা কৰি আহিছিল৷ পিতৃ-মাতৃৰ উৎসাহৰ বলতে তেখেতে ভূপেন দাসৰ ওচৰতে শাস্ত্ৰীয় সংগীত (কণ্ঠ) শিকে৷ ইয়াৰ পিছত সংগীতজ্ঞ হীৰেন আৰু শিৱেন বেনাৰ্জীৰ ওচৰত তেখেতে শাস্ত্ৰীয় সংগীতৰ (কণ্ঠ) শিক্ষা লয় ৷[1]
সাংগীতিক জীৱন
[সম্পাদনা কৰক]অধ্যয়নৰ কালছোৱাত নমিতা ভট্টাচাৰ্যই গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত আন্ত:মহাবিদ্যালয় যুৱ মহোৎসৱত অসমীয়া আধুনিক গীত, ভজন আৰু গজল পৰিৱেশন কৰি সোণৰ পদক[1] অৰ্জন কৰিছিল ৷
ৰেডিঅ'ত
[সম্পাদনা কৰক]১৯৭৩ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যুৱবাণী অনুষ্ঠানত নমিতা ভট্টাচাৰ্যই গীত পৰিৱেশন কৰিছিল ৷ পৰৱৰ্তী সময়ত তেখেত আকাশবাণীৰ নিয়মীয়া কণ্ঠশিল্পী হিচাপে চিহ্নিত হয় ৷ ৰেডিঅ'যোগে শ্ৰুতিগোচৰ হোৱা তেখেতৰ গীতসমূহে শ্ৰোতাৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰে ৷ উল্লেখ্য যে, তেখেত আকাশবাণীৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত 'বি-হাই' [1]গ্ৰেডপ্ৰাপ্ত কণ্ঠশিল্পী৷
অসমীয়া চলচ্চিত্ৰত
[সম্পাদনা কৰক]সন্দিকৈ মহাবিদ্যালয়ত পঢ়ি থকাৰ সময়ত নমিতা ভট্টাচাৰ্যই সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল৷ তেখেতৰ গীত শুনি অসমৰ বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা আকৃষ্ট হয় ৷ ৰমেন বৰুৱাই ১৯৭৫ চনত মুক্তিলাভ কৰা অসমীয়া কথাছবি 'তৰামাই'ৰ গীতত কণ্ঠদান কৰিবলৈ নমিতা ভট্টাচাৰ্যক আমন্ত্ৰণ জনায় ৷ ১৯৭৫ চনতে নমিতা ভট্টাচাৰ্যই কলিকতালৈ গৈ ছবিখনৰ গীতসমূহ বাণীবদ্ধ কৰে ৷ ছবিখনৰ গীতসমূহ জনপ্ৰিয় হয় ৷ 'তৰামাই'ৰ পৰিচালক আছিল দ্বিবন বৰুৱা ৷ আনহাতে ছবিখনৰ পুৰুষ কণ্ঠৰ গীতসমূহত কণ্ঠ নিগৰাইছিল দ্বীপেন বৰুৱাই ৷ উল্লেখ্য যে, প্ৰায় বিশখন অসমীয়া কথাছবিত গীত পৰিৱেশন কৰা নমিতা ভট্টাচাৰ্যই দ্বীপেন বৰুৱাৰ লগত সাংগীতিক যুটি বান্ধি শ্ৰোতা ৰাইজৰ মাজত সমাদৰ লাভ কৰিছিল৷ সত্তৰ-আশীৰ দশকৰ অসমীয়া চলচ্চিত্ৰৰ প্ৰায়বোৰ দ্বৈত কণ্ঠৰ গীততেই এই দুগৰাকী শিল্পীয়ে কণ্ঠদান কৰে ৷[1]
দূৰদৰ্শন আৰু সাংস্কৃতিক অনুষ্ঠানত
[সম্পাদনা কৰক]ৰেডিঅ' আৰু চলচ্চিত্ৰৰ উপৰি নমিতা ভট্টাচাৰ্যই দূৰদৰ্শনৰ যোগেদিও ভালেমান সাংগীতিক অনুষ্ঠান পৰিৱেশন কৰে৷ অসমৰ ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত তেখেতে প্ৰায়েই গীত পৰিৱেশন কৰিছিল৷ অসমৰ লগতে পঞ্জাব, আহমেদাবাদ, কলকাতাতো তেখেতে অনুষ্ঠান পৰিৱেশন কৰে ৷ ২০০৬ চনত প্ৰৱাসী অসমীয়া সমাজৰ নিমন্ত্ৰণক্ৰমে তেখেতে ইউৰোপৰ কেইখনমান আগশাৰীৰ মহানগৰীতো গীত পৰিৱেশন কৰিবলৈ যায়৷
কণ্ঠদান কৰা চলচ্চিত্ৰ
[সম্পাদনা কৰক]- তৰামাই (১৯৭৫)
- সোণমা (১৯৭৭)
- কল্লোল (১৯৭৮)
- মৰম (১৯৭৮)
- মৰমী (১৯৭৮)
- আশ্ৰয় (১৯৭৯)
- মানসী (১৯৭১)
- মন আৰু মৰম (১৯৮০)
- ৰাজা (১৯৮২)
- সাদৰী (১৯৮২)
- ৰজা হৰিশ্চন্দ্ৰ (১৯৮০)
- ঘৰ-সংসাৰ (১৯৮৩)[2]
- সোণ মইনা (১৯৮৫)
- অজলা ককাই (১৯৮৯)
- গুণ গুণ গানে গানে (২০০২)
- স্নেহবন্ধন (২০০৬)
- সুৰুযৰ প্ৰভাতী কিৰণ[1]
কেইটিমান জনপ্ৰিয় গীত
[সম্পাদনা কৰক]- আলি ঢাকি পৰ শালিকী
- লাজ লাজ লাজ
- সুধিছা তোমালৈ কিমাননো মৰম
- আলফুলীয়া কপৌফুল
- সৌ মেঘৰ ছাঁ দেখিলে
- ৰুণুজুনু ৰুণুজুনু ঘুংগুৰু বজায়
- তগৰ ফুলে, নাহৰ ফুলে, ফুলে কপৌফুল
- বহুতকে বহু দিলোঁ
- নাহৰৰে কলি দেখিছানে নাই
- নাই হোৱা শেষ-নাই শেষ হোৱা
- কিনো মৰমৰ জৰী
- যায় অ' যায় এনেকৈয়ে যায়
- মন আজি উৰি গুচি যায়
- কি ৰং দিলা হ'লোঁ উতলা
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]নমিতা ভট্টাচাৰ্যই সুভাষ গোস্বামীৰ লগত যুগ্ম জীৱন আৰম্ভ কৰে৷ তেখেতসকল এজন পুত্ৰ আৰু এগৰাকী কন্যাৰ মাক-দেউতাক৷[1]
বঁটা-সন্মান
[সম্পাদনা কৰক]- অসম চৰকাৰে প্ৰদান কৰা শিল্পী বঁটা (২০২১)
- বৰাক-ব্ৰহ্মপুত্ৰ সমন্বয় বঁটা
- সংগীত-ৰত্ন বঁটা[1]
লগতে চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 ভাগৱতী, কমল কুমাৰ (২৪-১০-২০২১). "জনপ্ৰিয় কণ্ঠশিল্পী নমিতা ভট্টাচাৰ্য". দৈনিক অসম. দৈনিক অসম (গুৱাহাটী): পৃষ্ঠা দেওবৰীয়া পৰিপূৰিকা-৪. https://dainikasam.assamtribune.com/full-page-pdf/epaper/pdf/2021/10/24/dainik-asam/2976। আহৰণ কৰা হৈছে: 24 October 2021.
- ↑ Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh.