মন আৰু মৰম
মন আৰু মৰম | |
---|---|
পৰিচালক | দ্বিবন বৰুৱা |
অভিনয়ত | নিপন গোস্বামী অঞ্জু বৰুৱা |
সংগীত পৰিচালক | দ্বিবন বৰুৱা |
মুক্তি |
১৯৮০ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
মন আৰু মৰম (ইংৰাজী: Man Aru Maram) ১৯৮০ চনত মুক্তি পোৱা দ্বিবন বৰুৱা পৰিচালিত এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। মূল ভূমিকাত অভিনয় কৰিছে নিপন গোস্বামী আৰু অঞ্জু বৰুৱাই।[1]
কাহিনীৰ সাৰাংশ
[সম্পাদনা কৰক]মণিকাই বিপুলৰ কোম্পানীত কেৰাণীৰ কাম কৰে, যি কথা বিপুলে প্ৰথমে জনা নাছিল। ঘটনাক্ৰমে দুয়োৰো চিনাকী হয় আৰু সেই চিনাকীয়ে প্ৰেমৰ ৰূপ লয়। বিপুলৰ মাকে আন এটা চহকী পৰিয়ালৰ জীয়ৰী বনুক বোৱাৰী কৰি আনিব বিচাৰে। বনুৱে বিপুলক বন্ধু হিচাপে ভাল পায়, কিন্তু তাইৰ প্ৰেম এখন কলেজৰ শিক্ষক প্ৰণয়ৰ সৈতেহে। বনুৰ দেউতাকে সিহঁতৰ সম্পৰ্কত আপত্তি নকৰে।[1]
ইফালে সামান্য আপত্তি দৰ্শালেও মণিকাক বোৱাৰী কৰি আনিবলৈ বিপুলৰ মাক সন্মত হয় যদিও কেণা লগালে মেনেজাৰ দত্তই। দত্তৰ বহুদিনৰ পৰা মণিকাৰ ওপৰত লোলুপ দৃষ্টি আছিল। কিন্তু সি তাৰ কামনা চৰিতাৰ্থ কৰিব নোৱাৰাৰ বাবে তাইৰ বিষয়ে ভাবী শাহুৱেকৰ ওচৰত মিছা বদনাম কিছুমান কৰিলে। বিপুলৰ মাকৰ মনত তাইৰ প্ৰতি বেয়া ভাব উপজিল আৰু হবলগীয়া বিয়াখনত বাধা হৈ থিয় দিলে। কিন্তু বিপুলে জোৰকৈ বিয়া পাতিব বিচৰাত মাক অসুস্থ হৈ পৰিল। এইবাৰ মণিকাই এজনী নাৰ্চৰ ভূমিকা লৈ অশেষ যত্ন আৰু পৰিচৰ্যাৰে মাকক সুস্থ কৰি তুলিলে। মণিকাৰ পৰিচৰ্যাত সন্তুষ্ট হৈ বিপুলৰ মাকে দুয়োৰো বিয়াখন পাতি দিবলৈ অৱশেষত স্ব-ইচ্ছাই সন্মতি জনালে।[1]
অভিনয় শিল্পী
[সম্পাদনা কৰক]- নিপন গোস্বামী (বিপুল)
- অঞ্জু বৰুৱা (মণিকা)
- দ্বিবন বৰুৱা (প্ৰণয়)
- মৃদুলা বৰুৱা (বনু)
- নিৰদা ভূঞা
- অনুপমা ভট্টাচাৰ্য
- অখিল ডেকা
- কুমাৰ ধৰ্মকান্ত শইকীয়া
- ধীৰেণ শৰ্মা
- পদ্ম বৰা
- ইন্দ্ৰ শইকীয়া
- সাৰদা বৰদলৈ (বিশেষ ভূমিকাত)
- মুক্তিকাম ফুকন (শিশুশিল্পী, মণিকাৰ ভায়েক)
- দিগন্ত(শিশুশিল্পী)
- হেমন্ত(শিশুশিল্পী)
- আইমণি(শিশুশিল্পী)
- ৰাজু(শিশুশিল্পী)[1]
সংগীত
[সম্পাদনা কৰক]দ্বিবন বৰুৱাই পৰিচালনা কৰাও উপৰিও ছবিৰ সঙ্গীত পৰিচালনাও কৰিছে। মুঠ গীতৰ সংখ্যা ৫টা। গীত লিখিছে অজিৎ বৰুৱা আৰু হীৰেন ভট্টাচাৰ্যই। সুৰ ৰচনা ব্ৰজেন বৰুৱা আৰু দ্বিবন বৰুৱাৰ। গাইছে দ্বীপেন বৰুৱা আৰু নমিতা ভট্টাচাৰ্যই।[1][2]
গীতৰ শীৰ্ষ | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গীতিকাৰ | কন্ঠশিল্পী | দৈৰ্ঘ্য | ||||||
1. | "সোণালী মেঘৰ ৰথে দিন মোৰ লৈ যায়, নামি আহে এই সন্ধিয়া" | অজিৎ বৰুৱা | দ্বীপেন বৰুৱা | |||||||
2. | "আকাশৰ পাৰ ভাঙি আহে জোনাকৰ ঢল, ৰূপালী পৰশ লাগি জ্বলি উঠে নিশাৰ কাজল" | অজিৎ বৰুৱা | দ্বীপেন বৰুৱা, নমিতা ভট্টাচাৰ্য | |||||||
3. | "দুদিনৰ কাৰণে মিছাতে সজালো সোণৰে দেহাটি ভাই, হেৰালে মাণিক পৰিব পানীত কান্দিলে চাবলৈ নাই" | হীৰেন ভট্টাচাৰ্য | দ্বীপেন বৰুৱা | |||||||
4. | "মচি থৈ যদি আজিৰ ৰঙীন হাঁহি, কান্দি ৰয় মোৰ আশাৰ মৰহা পাহি" | অজিৎ বৰুৱা | ||||||||
5. | "সোণ মোৰ টোপনী যায় ও সোণ মোৰ ঘুমটি যায়, ইকৰাৰে নাও সাজি খাগৰিৰ বঠা লৈ সোণে মোৰ জোনৰ দেশলৈ যায়" | হীৰেন ভট্টাচাৰ্য | নমিতা ভট্টাচাৰ্য |
তথ্য উৎস
[সম্পাদনা কৰক]
|